ভাৰতীয় টকাৰ পতন: অৰ্থনৈতিক সংকট আৰু চৰকাৰৰ ভূমিকা
লেখক- - ইন্দ্ৰজিৎ কলিতা
ভাৰতীয় মুদ্ৰা, টকা (INR), শেহতীয়াকৈ আমেৰিকান ডলাৰৰ (USD) বিপৰীতে ক্ৰমাগতভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে (1 USD = 90.58 INR)। চলিত বৰ্ষত টকাটোৱে এছিয়াত আটাইতকৈ বেয়া প্ৰদৰ্শন কৰা মুদ্ৰা হিচাপে পৰিগণিত হৈছে। চৰকাৰৰ ফালৰ পৰা দেশৰ অৰ্থনীতি ‘আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা মুখ্য অৰ্থনীতি’ (Fastest Growing Major Economy.) বুলি দাবী কৰা স্বত্ত্বেও, মুদ্ৰাৰ এই দুৰ্বলতাই দেশৰ অৰ্থনীতিৰ গভীৰ গাঁথনিগত সমস্যা আৰু ব্যৱস্থাপনাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
মুদ্ৰাৰ পতন কেৱল এক সংখ্যা নহয়; ই দেশৰ অৰ্থনীতিৰ স্বাস্থ্য আৰু ইয়াৰ ৰাজনৈতিক স্থিৰতাকো প্ৰতিফলিত কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়েও কোনো এখন দেশৰ মুদ্ৰা তললৈ গৈ থাকিলে ইয়াক এক Unfavorable/risky investment বুলি বিবেচনা কৰে। মুদ্ৰা হৈছে এক প্ৰকাৰৰ পণ্য (comodity), যাৰ মূল্য ইয়াৰ চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ কৰে। টকাৰ পতন তেতিয়া ঘটে যেতিয়া ডলাৰৰ চাহিদা ঘৰুৱা মুদ্ৰাৰ (টকা) চাহিদাৰ তুলনাত দ্ৰুতগতিত বৃদ্ধি পায়। সাধাৰণতে যেতিয়া দেশৰ আমদানিৰ মূল্য ৰপ্তানিতকৈ বহু বেছি হয় (ভাৰতৰ বাণিজ্য ঘাটিৰ (Trade Deficit) শেহতীয়া তথ্য $৪১.৭ বিলিয়নৰ ওচৰা-উচৰি), তেতিয়া আমদানিৰ বাবে অধিক ডলাৰৰ প্ৰয়োজন হয়, যাৰ ফলত টকাৰ মূল্য তললৈ নামে। ভাৰত এখন ৰপ্তানি-প্ৰধান (Export) অৰ্থনীতি নহয়, ই আমদানি (Import) নিৰ্ভৰশীল দেশ। আমাক Crude Oil (৮৫%তকৈ অধিক), ইলেক্ট্ৰনিক সামগ্ৰী, অত্যাৱশ্যকীয় সাৰ, আৰু আনকি ঔষধৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ বাবে ডলাৰত মূল্য ভৰিব লাগে। আমদানি ব্যয়বহুল হোৱাৰ ফলত দেশৰ ভিতৰত পেট্ৰ’লিয়াম, ৰন্ধন গেছ (LPG), আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বাঢ়ে, যাৰ ফলত মুদ্ৰাস্ফীতি (Inflation) বৃদ্ধি পায়। লগতে ই পৰোক্ষভাৱে পৰিবহণত ব্যয় বৃদ্ধি কৰে। ট্ৰাক, টেম্পো আৰু অন্যান্য বাণিজ্যিক বাহনসমূহ ডিজেলৰ ওপৰত চলে। আলু, পিঁয়াজ, চাউল বা আন যিকোনো সামগ্ৰী খেতিপথাৰ বা গুদামৰ পৰা বজাৰলৈ আনিবলৈ এই বাহনসমূহ অপৰিহাৰ্য। ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত পৰিবহন সংস্থা বা ট্ৰাক চালকসকলে তেওঁলোকৰ ভাৰা বৃদ্ধি কৰে। ফলস্বৰূপে, একোটা বস্তু বজাৰলৈ আহোঁতে ইয়াৰ ব্যয় বাঢ়ি যায়। উদাহৰণস্বৰূপে, যদি এজন কৃষকে তেওঁৰ আলু বজাৰলৈ আনিবলৈ আগতকৈ ₹৫০০ বেছি খৰচ কৰে, তেন্তে তেওঁ সেইখিনি ক্ষতিপূৰণ কৰিবলৈ আলুৰ বিক্ৰী মূল্য বঢ়াই দিব। এইদৰে, সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বাঢ়ি যায়, যাৰ ফলত মুদ্ৰাস্ফীতি (Inflation) হয়। ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী সৰ্বাধিক ক্ষতিগ্ৰস্ত হয়, যিহেতু তেওঁলোকৰ মজুৰি (Wages) স্থবিৰ হৈ থাকে, কিন্তু অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ তেওঁলোকক অধিক টকাৰ প্ৰয়োজন হয় আৰু তেওঁলোকৰ প্ৰকৃত ক্ৰয় ক্ষমতা (Purchasing Power) হ্ৰাস পায়। আনহাতে টকাৰ মূল্য হ্ৰাস হোৱাৰ ফলত অৰ্থনীতিত এটা বৈষম্যপূৰ্ণ লাভালাভ (Differentiated Advantage) সৃষ্টি হয়, য’ত ধনীক শ্ৰেণী আৰু কিছুমান বিশেষ উদ্যোগ সৰ্বাধিক লাভান্বিত হয়। যিবোৰ ভাৰতীয় কোম্পানীৰ/ধনীক শ্ৰেণী বিদেশত সম্পত্তি (Overseas Assets) আছে (বহু ৰাজনৈতিক নেতাৰ আছে), তেওঁলোকৰ টকাৰ হিচাপত মূলধন (Capitalization) বা মূল্য বৃদ্ধি পায়।
আন্তৰ্জাতিক ঋণৰ বোজা বৃদ্ধিও মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাৰ আন এটা কাৰণ। যেতিয়া ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰে বিশ্ব বেংক (World Bank), আন্তৰ্জাতিক মুদ্ৰা নিধি (IMF), বা অন্যান্য আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থাৰ পৰা বৈদেশিক ঋণ (External Debt) লয়, তেতিয়া সেই ঋণবোৰ সাধাৰণতে ডলাৰত (USD) লোৱা হয়। টকাৰ মূল্য ডলাৰৰ বিপৰীতে হ্ৰাস হ’লে এই বৈদেশিক ঋণ পৰিশোধৰ ব্যয় (Debt Servicing Cost) স্বয়ংক্ৰিয়ভাৱে বাঢ়ি যায়। উদাহৰণস্বৰূপে, ধৰি লওক ভাৰতে $১ বিলিয়ন ঋণ লৈছিল। ঋণ লোৱাৰ সময়ত যদি বিনিময় হাৰ আছিল $1 = ₹80, তেন্তে চৰকাৰৰ টকাৰ হিচাপত মুঠ ঋণৰ পৰিমাণ আছিল: $1 বিলিয়ন x 80 = ₹8000 কোটি। টকাৰ মূল্য কমি যদি $1 = ₹90 হয়, তেন্তে সেই একেই $1 বিলিয়ন ঋণ পৰিশোধ কৰিবলৈ এতিয়া প্ৰয়োজন হ’ব: $1 বিলিয়ন x 90 = ₹9000 কোটি। টকাৰ পতনৰ বাবে চৰকাৰক মাত্ৰ এবছৰৰ ভিতৰতে ₹1000 কোটি (₹9000 কোটি – ₹8000 কোটি) অতিৰিক্ত টকা ব্যয় কৰিবলগীয়া হয়। এই অতিৰিক্ত ব্যয় হৈছে কেৱল মুদ্ৰা বিনিময়ৰ ফলত হোৱা ক্ষতি, মূল ঋণ বা সুদৰ ব্যয় নহয়। যেতিয়া টকাৰ এই পতন ক্ৰমাগতভাৱে চলি থাকে, তেতিয়া চৰকাৰৰ ওপৰত সুদৰ বোজা আৰু টকা দুৰ্বল হোৱাৰ বাবে বৰ্ধিত ঋণৰ মূল্য এই দুটা বোজাৰ সৃষ্টি হয়। এই দুয়োটা বোজাই মিলি দেশৰ অৰ্থনীতিত এক “Debt Trap” ৰ সৃষ্টি কৰিব পাৰে। চৰকাৰে সংগ্ৰহ কৰা ৰাজহৰ এটা বৃহৎ অংশ (Revenue) এতিয়া কেৱল এই বৰ্ধিত ঋণৰ বোজা পৰিশোধ কৰাত খৰচ হয়। ইয়াৰ ফলত আন্তঃগাঁথনি উন্নয়ন, স্বাস্থ্যসেৱা বা শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত চৰকাৰে বিনিয়োগ কৰিবলৈ কম ধন পায়। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰসমূহে জনপ্ৰিয়তা লাভৰ বাবে আগবঢ়োৱা বৃহৎ পৰিমাণৰ বিনামূলীয়া আঁচনিসমূহো অৰ্থনৈতিক চাপৰ এক গুৰুত্বপূৰ্ণ কাৰণ। উদাহৰণস্বৰূপে, নিৰ্বাচনমুখী ৰাজ্যসমূহত কৃষকৰ ঋণ ৰেহাই (Farm Loan Waivers), বিনামূলীয়া বিদ্যুৎ, বা মহিলাসকলক প্ৰদান কৰা নগদ ধনৰ সাহায্য আঁচনিসমূহ (যেনে ‘লাখপতি বাইদেউ’ৰ দৰে আঁচনি) চৰকাৰী কোষাগাৰৰ ওপৰত অতিৰিক্ত বোজা সৃষ্টি কৰে। এই আঁচনিসমূহৰ বাবে বৃহৎ পৰিমাণৰ ধন ঋণ ল’বলগীয়া হয়, যাৰ ফলত ৰাজকোষৰ ঘাটি বৃদ্ধি পায়। আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলে এনেধৰণৰ বিত্তীয় নীতিসমূহক দেশৰ অৰ্থনিতিৰ বাবে হানিকাৰক বুলি বিবেচনা কৰে। তেওঁলোকে ভাবে যে এনে অনিয়ন্ত্রিত খৰচে মুদ্ৰাস্ফীতি বৃদ্ধি কৰিব আৰু দেশৰ ঋণৰ বোজা বঢ়াব, যাৰ ফলত দেশৰ অৰ্থনীতিৰ প্ৰতি থকা তেওঁলোকৰ আস্থা (Trust) হ্ৰাস পায় আৰু তেওঁলোকে নিজৰ পুঁজি উলিয়াই নিবলৈ বাধ্য হয়, ফলস্বৰূপে টকাৰ মূল্য তললৈ নামে।
এইটো মনত ৰখা ভাল যে চৰকাৰে লোৱা এই ঋণ আৰু সুদৰ বোজা চৰকাৰৰ নহয়, ই আমাৰ প্ৰতিজন নাগৰিকৰ ওপৰত পৰা বোজা। দৰাচলতে, এই বৈদেশিক ঋণ আৰু সুদ পৰিশোধ কৰিবলৈ প্ৰয়োজনীয় ধন আমি, জনসাধাৰণে, বিভিন্ন কৰ (Tax)ৰ জৰিয়তে পৰিশোধ কৰিব লাগে। যিকোনো বস্তু ক্ৰয় কৰাৰ সময়ত বা service গ্ৰহণ কৰাৰ সময়ত আমি যি GST বা আন কৰসমূহ ভৰোঁ, সেই কৰেই শেষত চৰকাৰী কোষাগাৰলৈ যায়। দৈনন্দিন ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰা এজন দৰিদ্ৰ নাগৰিকেও এইদৰে কৰ যোগান ধৰে। লগতে দৰমহা বা আন উৎসৰ পৰা উপাৰ্জন কৰা লোকসকলে দিয়া আয়কৰ (Income Tax)ৰ জৰিয়তেও চৰকাৰে ৰাজহ সংগ্ৰহ কৰে।
চৰকাৰ হৈছে দেশৰ মুদ্ৰাৰ Custodian (অভিভাৱক)। গতিকে টকাৰ মূল্য নিয়ন্ত্ৰণত ৰখা আৰু ইয়াৰ পতনৰ ফলত সাধাৰণ জনতা ক্ষতিগ্ৰস্ত নোহোৱাটো নিশ্চিত কৰাটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব। আমদানি-নিৰ্ভৰশীলতা হ্ৰাস কৰা, উৎপাদনৰ ভেটি শক্তিশালী কৰা, আৰু পুঁজিৰ প্ৰবাহ (Capital Inflow) ৰ ওপৰত বিনিয়োগকাৰীৰ আস্থা পুনৰুদ্ধাৰ কৰাৰ বাবে গুৰুত্বপূৰ্ণ আৰু কঠোৰ গাঁথনিগত পদক্ষেপ লোৱাত চৰকাৰ চাগে ব্যৰ্থ হৈছে!
