ভূপেন দা (জ্যোতিষ কুমাৰ দেৱ)
প্রভাতী পখীয়ে আহি পুৱাতে বিনায়।
সকলো আছে, মাথোঁ ভূপেনদা নাই।
বৰ লুইতৰ বুকুৰ ঢল,
পর্বতৰে টিং আৰু সমতল,
সাগৰৰ উত্তাল তৰঙ্গ,
নামঘৰৰ বন্তি উজ্জ্বল,
দিয়ে আশ্বাস কিৰিতিক সোৱঁৰাই,
আছে ভূপেনদা কেনিও যোৱা নাই!
মধ্য গগনৰ দীপ্ত সূর্যই চকু ফুৰালে।
জন অৰণ্যত ভূপেনদা ক’তে হেৰালে!
জাতি উপজাতিৰ কণ্ঠত গান,
অৱহেলিতৰ হিয়াৰ স্বাভিমান,
জিলিকি উঠা কৃষ্টি সুৰভি,
জগৎ সভাত অসমৰ ছবি,
উদ্দাত্ত ঘোষণা কৰে সৌৱা ৰিঙিয়াই,
আছে ভূপেনদা কলৈকে যোৱা নাই!
সন্ধ্যা দীপৰ শান্ত শিখা এন্ধাৰত চায়।
কত নো ভূপেনদা আছে লুকাই!
খৰিকাজাইৰ নীৰৱ সৌৰভ,
মণিকূটৰ নম্র গৌৰৱ,
আৰাধনাৰ স্নিগ্ধ ধূপ,
ভক্ত হৃদয়ত অঁকা ৰূপ,
আৰতিৰ সুৰত গগন বিয়পায়,
আছে ভূপেনদা কলৈকে যোৱা নাই!