লিমাৰিক

লেখক- ৰাজীৱ শৰ্মা

(১)

 

কেৰকণে বোলে বাপ ঠিক হ’ল ধান্দা 

জীৱনটো চলি যাম তুলি মই চান্দা

 

আজীৱন হ’ম সভ্য

স্বভাৱত ভৱ্য গব্য

 

কদাপিও নেৰো এই বৰলাৰ ঝান্দা।

 

(২)

 

ৰাজনীতি কিযে মজা লেং মৰা খেল

বাঘে ছাগে একেলগে পাতি থাকে মেল

 

গোন্ধালেও পচা পচা

কদাপি নকয় সঁচা

 

চেণ্ট বুলি ছটিয়াই মাথো চেঙাতেল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments