শিল্প, শিল্পী, শিল্পীসত্বাৰ ধাৰণা আৰু কোৱাণ্টাম ফিজিক্স, এক অদ্ভুত দৃষ্টিভংগী : শিল্প আৰু বিজ্ঞানৰ সন্ধিক্ষেত্ৰ
লেখক- - নৱ কোঁৱৰ

শিল্প আৰু বিজ্ঞানক প্ৰায়ে দুটা বিপৰীত মেৰু হিচাপে গণ্য কৰা হয়—এটা অনুভূতিৰ, আনটো যুক্তিৰ। এই দুয়োটা মানৱ সৃজনশীল শাখা সাধাৰণতে পৃথক পথেৰে গতি কৰা বুলি ধৰা হয়। শিল্প হ’ল অনুভূতি, কল্পনা আৰু অস্পষ্টতাৰ জগত; আনহাতে বিজ্ঞান হ’ল যুক্তি, পৰীক্ষণ আৰু নিৰ্ভুল বুলি বিৱেচনা কৰা এক জগত। কিন্তু যেতিয়া কোৱাণ্টাম ফিজিক্সৰ গভীৰলৈ প্ৰৱেশ কৰা যায়, তেতিয়া দেখা যে বিজ্ঞানৰ এই শাখাটো শিল্পৰ দৰে অস্পষ্ট, অনিশ্চিত আৰু কল্পনাপ্ৰসূত। এই লেখাত শিল্প, শিল্পী আৰু শিল্পীসত্বাৰ ধাৰণাক কোৱাণ্টাম ফিজিক্সৰ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হৈছে। এয়ে প্ৰয়াসটো কেৱল এক বৌদ্ধিক প্ৰয়াস নহয়; এক দাৰ্শনিক অনুসন্ধান, য’ত শিল্পীৰ সৃজনশীল প্ৰক্ৰিয়া আৰু কোৱাণ্টাম বাস্তৱতাৰ মাজত এক অদৃশ্য সংযোগ হয়তো বিচাৰি পোৱা যাব।
কোৱাণ্টাম ফিজিক্স এক অস্পষ্ট বাস্তৱ
কোৱাণ্টাম ফিজিক্সে আমাৰ পাৰম্পৰিক বোধগম্য বাস্তৱতাৰ ধাৰণাক না না ধৰণে প্ৰশ্ন কৰে। হাইজেনবাৰ্গৰ অনিশ্চয়তা নীতি (Uncertainty Principle) মতে, আমি একে সময়তে কোনো কণাৰ অৱস্থান আৰু ভৰবেগ সঠিকভাৱে জানিব নোৱাৰোঁ। এই অনিশ্চয়তা কেৱল পৰিমাপৰ সীমাবদ্ধতা নহয়—এইটো বাস্তৱতাৰ মৌলিক ধৰ্ম।
আৰু তাৰ ওপৰত, কোৱাণ্টাম অধ্যাৰোপণ (Superposition) আৰু কোৱাণ্টাম জড়িত সম্পৰ্ক (Entanglement)ৰ ধাৰণাই আমাক এনে এক বিশ্বলৈ লৈ যায়, য’ত কণাবোৰ একাধিক অৱস্থাত একে সময়তে থাকিব পাৰে আৰু দূৰত্বৰ বাধা নোহোৱাকৈ এক কণাৰ অৱস্থা আন এক কণাৰ অৱস্থাৰ সৈতে জড়িত হৈ থাকে।
এই অস্পষ্টতা, অনিশ্চয়তা আৰু বহুমুখী সম্ভাৱনাৰ জগতখন শিল্পীৰ মানসিক জগতৰ সৈতে কিমান মিলে! এজন শিল্পীয়ে যেতিয়া কেনভাছত বা কাগজত হাত বুলায়, তেতিয়া তেওঁৰ মনতো একাধিক সম্ভাৱনা অধ্যাৰোপিত হৈ থাকে। ই এনে এক অৱস্থা য’ত শেষ ফলাফল কোনোপধ্যে নিৰ্ধাৰিত নহয়, থিক যেনে কোৱাণ্টাম কণাৰ অৱস্থা।
শিল্পী: পৰ্যবেক্ষক নে সৃষ্টিকৰ্তা ?
কোৱাণ্টাম মেকানিক্সৰ কোপেনহেগেন ব্যাখ্যা মতে, কোনো কণাৰ অৱস্থা যেতিয়া পৰ্যবেক্ষণ কৰা হয় তেতিয়াহে তাক “নিৰ্ধাৰণ” কৰিব পৰা যায় । অৰ্থাৎ, পৰ্যবেক্ষকে বাস্তৱ অৱস্থাক প্ৰভাৱিত কৰে। এই ধাৰণাটো শিল্পৰ ক্ষেত্ৰতো প্ৰযোজ্য।
কিন্তু শিল্পী কেৱল এজন পৰ্যবেক্ষক নহয়—তেওঁ এজন সৃষ্টিকৰ্তা। যেতিয়া শিল্পীয়ে কোনো শিল্পকৃতি সৃষ্টি কৰে, তেতিয়া তেওঁ কেৱল বাহ্যিক বাস্তৱ অৱস্থাক প্ৰতিফলিত নকৰে, বৰঞ্চ তেওঁৰ অভ্যন্তৰীণ বাস্তৱক বাহিৰলৈ আনে। আনহাতে যেতিয়া দৰ্শকে সেই শিল্পকৃতি দৰ্শন কৰে, তেতিয়া তেওঁৰ নিজৰ অভিজ্ঞতা, সংস্কৃতি আৰু মনোভাবে সেই শিল্পকৃতিক নতুনকৈ “পৰ্যবেক্ষণ” কৰে, আৰু তাৰ অৰ্থ নিৰ্ধাৰণ কৰে।
এই প্ৰক্ৰিয়াটো কোৱাণ্টাম পৰ্যবেক্ষণৰ দৰেই— য’ত পৰ্যবেক্ষকে বাস্তৱতাক সৃষ্টি কৰে। শিল্পী আৰু দৰ্শক—দুয়োজনেই শিল্পৰ বাস্তৱতা সৃষ্টিত অংশগ্ৰহণ কৰে।
শিল্পীসত্বা হ’ল কোৱাণ্টাম অধ্যাৰোপণৰ দৰে এক অৱস্থা
শিল্পীসত্বা (Artistic Consciousness) হ’ল এক বিশেষ মানসিক অৱস্থা— য’ত শিল্পী যুক্তি আৰু অনুভূতি, বাস্তৱ আৰু কল্পনা, নিয়ন্ত্ৰণ আৰু মুক্তি একেলগে সাঙোৰ খাই থাকে। এই অৱস্থাটো কোৱাণ্টাম অধ্যাৰোপণৰ দৰে—য’ত শিল্পী একাধিক সম্ভাৱনাৰ মাজত বৰ্তি থাকে আৰু কোনো এক নিৰ্দিষ্ট পথ বাছি লোৱাৰ আগলৈকে সকলো সম্ভাৱনাই সমানে বৈধ।
এই অৱস্থাত শিল্পীৰ মন এক কোৱাণ্টাম কম্পিউটাৰৰ দৰে কাম কৰে—একাধিক ফলাফল একে সময়তে গণনা কৰে আৰু শেষত এক নিৰ্দিষ্ট ফলাফল “নিৰ্দ্ধাৰিত” হয়। এই “নিৰ্দ্ধাৰণ” হ’ল শিল্পকৃতিৰ জন্মলগ্ন।
শিল্প আৰু কোৱাণ্টাম জড়িত এক অদৃশ্য সংযোগ
কোৱাণ্টাম জড়িত (Entanglement) হৈ পৰা পৰিঘটনা হ’ল এনে এক ঘটনা য’ত দুটা কণাৰ মাজত এক অদৃশ্য সংযোগ থাকে, যিমানেই দূৰত্ব নাথাকক কিয়, এটাৰ অৱস্থা সলনি হ’লে আনটোৰ অৱস্থাও তৎক্ষণাৎ সলনি হয়।
এই ধাৰণাটো শিল্পী আৰু তেওঁৰ শিল্পকৃতিৰ মাজৰ সম্পৰ্কৰ সৈতে তুলনা কৰিব পাৰি। শিল্পীয়ে সৃষ্টি কৰা শিল্পকৃতিটো তেওঁৰ পৰা আঁতৰি গ’লেও, তেওঁৰ সৈতে এক অদৃশ্য সংযোগ বজাই ৰাখে। আকৌ, শিল্পকৃতি আৰু দৰ্শকৰ মাজতো এনে এক আত্মিয়তাৰ সৃষ্টি হয়; য’ত শিল্পকৃতিয়ে দৰ্শকৰ ভিতৰৰ কিছুমান অনুভূতি জগাই তোলে আৰু দৰ্শকৰ প্ৰতিক্ৰিয়াই শিল্পকৃতিৰ অৰ্থক পুনৰ সংজ্ঞায়িত কৰে।
শিল্পৰ বহু-বাস্তৱ ধাৰণা হ’ল মাল্টিভাৰ্চ দৃষ্টিকোণ
কোৱাণ্টাম মেকানিক্সৰ “Many-Worlds Interpretation” (MWI) মতে, প্ৰতিটো সম্ভাৱ্য ফলাফলে একোখন সমান্তৰাল বিশ্ব সৃষ্টি কৰে। শিল্পীয়ে যেতিয়া এখন ছবি আঁকে, তেতিয়া তেওঁৰ মনত অসংখ্য সম্ভাৱ্য ছবিৰ ধাৰণা ভাঁহি থাকে—কিন্তু শিল্পীয়ে তাৰ মাজৰ কেৱল এখনহে সৃষ্টি কৰে। বাকীবোৰ সম্ভাৱনা ক’লৈ গ’ল?
কোৱাণ্টাম MWIৰ ভাষাত ক’ব পাৰি— সেইবোৰ সমান্তৰাল শিল্প-বিশ্বত অস্তিত্ব বজাই ৰাখিছে। প্ৰতিজন শিল্পীৰ প্ৰতিটো সৃজনশীল সিদ্ধান্তই একোটা নতুন বাস্তৱতাৰ জন্ম দিয়ে আৰু দৰ্শকৰ প্ৰতিক্ৰিয়াই সেই বাস্তৱতাক অধিক গভীৰ কৰে।
এনে পৰ্যবেক্ষণৰ পৰা ক’ব পৰা যায় যে শিল্প আৰু কোৱাণ্টাম ফিজিক্স—দুয়োটাই বাস্তৱ ক্ষেত্ৰৰ অনুসন্ধান৷ শিল্প আৰু কোৱাণ্টাম ফিজিক্স—দুয়োটাই বাস্তৱ ক্ষেত্ৰৰ প্ৰকৃতি সম্পৰ্কে প্ৰশ্নৰ অৱতাৰণা কৰে; দুয়োটা বহুমুখী যদিও অনিশ্চয় আৰু পৰস্পৰ নিৰ্ভৰশীল৷ শিল্পী আৰু কোৱাণ্টাম পদাৰ্থবিদ দুয়োজনেই বাস্তৱ ক্ষেত্ৰৰ গভীৰতাৰ সম্পৰ্কে অনুসন্ধান কৰে, কিন্তু সেই অনুসন্ধানৰ ভাষা ভিন্ন।
শিল্পীয়ে বৰ্ণ, ৰেখা আৰু আৱেগৰ সহায়ত বাস্তৱ ক্ষেত্ৰক অনুভৱ কৰে; কোৱাণ্টাম পদাৰ্থবিদে গাণিতিক সমীকৰণ আৰু পৰীক্ষণৰ সহায়ত বাস্তৱ ক্ষেত্ৰৰ গঠন বুজিবলৈ চেষ্টা কৰে। কিন্তু দুয়োটা পথেই একেটা সত্যৰ দিশে আগবাঢ়ে আৰু সেই সত্য হৈছে— বাস্তৱ অৱস্থা এক নিৰ্দিষ্ট, স্থিৰ আৰু বস্তুনিষ্ঠ সত্তা নহয়; বৰঞ্চ ই এক গতিশীল, সম্পৰ্কসৃষ্টিকাৰী আৰু সৃজনশীল প্ৰক্ৰিয়া।
সেয়েহে, শিল্পীসত্বা কেৱল এক মানসিক অৱস্থা নহয়—এইটো এক কোৱাণ্টাম অৱস্থা। আৰু শিল্প হ’ল সেই অৱস্থাৰ পৰা উৎপন্ন এক বাস্তৱতা—যিটো দৰ্শকৰ পৰ্যবেক্ষণৰ দ্বাৰা পূৰ্ণতা লাভ কৰে।
শেষত Sir James Jeansৰ ভাষাৰে ক’ব পাৰি— “The universe begins to look more like a great thought than a great machine.”
