অগ্নি: মিৰাজুল ৰছিদ
জ্বলিব দিওঁ মাজে মাজে মোৰ হিয়া
নিজে নিজকে দিওঁ যান্ত্ৰণা
কিয় জানো হেঁপাহ জাগে কান্দোনৰ
বৈ আহে দুচকুৰে,
বৈ থাকে নিৰৱে চকুলো।
ভালপোৱাবোৰ হেৰুৱাও তেতিয়া
মৰমবোৰ লুকাই থওঁ গোপনে
হৈ পৰোঁ অকলশৰীয়া
পাহৰি যাওঁ জ্বলিব দিছিলোঁ নিজে নিজৰ হিয়া,
তেতিয়া
পুৰি শেষ হোৱা হৃদয়ে মোক কৈ যায়
চকুলোৰ নৈয়ে নোৱাৰে জীয়াব তোৰ পুৰি শেষ হোৱা হিয়া
হঠাৎ মই নিঠৰ হওঁ ।।
—————————-