অণুগল্প:: বিশ্বজ্যোতি মহন্ত
(১) বস্ত্ৰ
কথাটো মগনীয়া জাকৰ মাজত বনজুইৰ দৰে বিয়পি পৰিছিল৷ ৰাতিপুৱাৰে পৰা সিঁহতে পদপথটোৰ এই ঠাইখনত গোট খাইছেহি৷ নিৰ্দিষ্ট সময়ত বাইদেউ সকল আহিল৷ বিলাসী গাড়ী৷ সন্মুখত সংস্থাৰ বেনাৰখন৷ পিছে লগতে অহা আন এখন গাড়ীতহে সিঁহতৰ চকু৷ বিতৰণ কৰিবলৈ অনা সামগ্ৰী সমূহো নিশ্চয়কৈ নতুনেই হ’ব৷ গাড়ীৰ পৰা নামিয়েই বাইদেউ সকলে নিজৰ নিজৰ কাপোৰবোৰ যতনাই ল’লে৷ দুগৰাকী মানে লিপষ্টিক আৰু চুলি কেইডালো চালে৷ খেনোৰ মগনীয়াৰ সৈতে ’চেলফি’, আন কাৰোবাৰ হয়তো সামগ্ৰী বিতৰণ কৰাৰ হাঁহি মুখীয়া ফটো৷ আন দুগৰাকী মানে আঁতৰলৈ গৈ ফেচবুকত আপলোড দিছে, — ’দিষ্ট্ৰিবিউটিং ব্লেংকেটছ এণ্ড ৱাৰ্ম ক্লথচেজ এমং দা বেগাৰছ অফ…’৷ লাহে লাহে যেয়ে যি পাইছে তাকেই লৈ মগনীয়া সকল সন্তোষ মনেৰে উভতি গ’ল৷ গাড়ীখনৰ খিৰিকীৰে বাইদেউ এগৰাকীয়ে বুঢ়ী মানুহ এজনী ওচৰতে থিয় হৈ থকা দেখি সুধো নুসোধোকৈ সুধিলে
:– তুমি কম্বল এখন পাইছাই দেখোন৷ আৰু কি লাগে?
মানুহজনীয়ে লাজ লাজকৈ ক’লে
:– বাইদেউ, আপোনালোকে ছোৱালীৰ ’পেন’ আনিছিল নেকি? দুদিন হ’ল, মোৰ ঘাতমাউৰা নাতিনীজনী ’ডাঙৰ’ হৈছে৷☆
(২)– বাসস্থান
বানেখোৱা গাঁওখনৰ মানুহবোৰে থিতাপি লোৱা ঠাইখনত হুৱাদুৱা লাগিল৷ তাৰ পৰা তলৰ চহৰখন ধুনীয়াকৈ দেখা পায়৷ তাত এখন ষ্টাৰ হোটেল বনাব বোলে, ’এভেক্সন’ৰ নটিচ আহিছে৷ টিকলুৱে তাৰ মা’কে কোৱা শুনিছে সি পঢ়া স্কুলখনো ভঙা যাব৷ স্কুলৰ ’ফিল’খনৰ ইটোমূৰত থকা বৰগছজোপা কাটিব৷ “তেতিয়া তাত বহি ৰাতিপুৱাৰে পৰা কলকলাই থকা চৰাইজাক ক’লে’ যাব?” — সি মা’কক সুধিলে৷
:– সিঁহত চৰাই৷ আন এজোপা গছলে’ যাব আকৌ৷ আমি মানুহবোৰৰ দৰে সিঁহতক ‘নিজা জেগা’ নেলাগে নহয়৷ গোটেই পৃথিৱীখনতে সিঁহতে ঘৰ সাজিব পাৰে৷
:– বাহ! চৰাইবোৰৰ ইমান মজা৷ সিহঁতক কোনেও এভেক্সন নকৰে৷
টিকলুৱে চিঞৰ এটা মাৰি জঁপিয়াই উঠিল৷
:– আমাৰনো কি বেয়া দেখিলি? আমিও দেখোন চৰাইৰ দৰে ইঠাইৰ পৰা সিঠাইলে লৰি ফুৰিছোঁ৷ আন কিছুমানৰ দৰে দৰজা বন্ধ কৰি ঘৰতে সোমাই নেথাকো নহয়৷
পাহাৰৰ চূড়াটোৰ পৰা তলত থকা চহৰখনৰ আটাইতকৈ ওখ অট্টালিকাটোলৈ আঙুলিয়াই মাকে ক’লে৷ টিকলুৱে দেখিলে সেই সময়ত এপাৰ্টমেণ্টটোৰ ওপৰেদি এজাক চৰাই সিহঁতৰ ফাললৈ উৰি আহিছিল, হয়তো নিজৰ ঘৰলৈ বুলি৷☆
☆ ★ ☆