অন্বেষণ – (ভাস্কৰ গগৈ)

সংগ্ৰহ  : ভাস্কৰ গগৈ

অন্বেষণ (১)

 

 

 

 

 

 

 

 

 

 

সমিধান :

(১)নং ছৱিত দেখুওৱা লেখনিটো চি ভি ৰমণে নবেল বঁটা গ্ৰহণৰ দিনা চুইডেনৰ Royal Swedish Academy of Sciences ৰ প্ৰেক্ষাগৃহত দিয়া “The Colour of the sea” শীৰ্ষক বিখ্যাত বক্তৃতাটোৰ কিয়দাংশ৷

(২)নং ছৱিত SS Narkunda নামৰ জাহাজখন য’ত আৰোহন কৰি ইংলেণ্ডৰ পৰা ভাৰতলৈ আহি থাকোতে ভূমধ্য সাগৰৰ পানীৰ নীলা ৰং দেখি চি ভি ৰমণৰ মনত পানীৰ ৰং নীলা কিয় হয় বুলি প্ৰশ্নৰ উদ্ৰেক হৈছিল৷

(৩)নং ছৱিত “ৰমন কোৱাটৰ্জ বৰ্ণালীবীক্ষণ যন্ত্ৰ” যাৰ সহায়ত পোহৰৰ ৰশ্মিৰ তৰংগদৈৰ্ঘ্য নিৰুপন কৰা হয়৷ পোহৰৰ ৰশ্মি যেতিয়া কোনো মাধ্যমৰ মাজেৰে গতি কৰে তেতিয়া ই বিভিন্ন দিশত বিচ্ছুৰিত হৈ পৰে৷এই বিচ্ছুৰিত ৰশ্মিৰ একাংশৰ তৰংগদৈৰ্ঘ্য আপতিত ৰশ্মি(incident ray)ৰ তৰংগদৈৰ্ঘ্যৰ সৈতে একে থাকে৷আনহাতে বিচ্ছুৰিত ৰশ্মিৰ একাংশৰ আকৌ তৰংগদৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে৷তৰংগদৈৰ্ঘ্যত এই পৰিৱৰ্তন আহে বাবেই পোহৰৰ ৰশ্মিৰ কম্পনাংকতো পৰিৱৰ্তন আহে(তৰংগদৈৰ্ঘ্য কমিলে কম্পনাংক বাঢ়ে অথবা তৰংগদৈৰ্ঘ্য বাঢ়িলে কম্পনাংক কমে আৰু যি কাৰণে পোহৰৰ ৰশ্মিৰ তীব্ৰতাৰো বঢ়া-টুটা ঘটে)আৰু এই কম্পনাংকৰ পৰিৱৰ্তনৰ পৰিঘটনাটোকে কোৱা হয় “ৰমণ পৰিঘটনা”৷“ৰমণ পৰিঘটনা”ত পোহৰৰ ৰশ্মিসমূহৰ যে তৰংগদৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে চি ভি ৰমণে এই যন্ত্ৰৰ সহায়তেই ধৰা পেলাইছিল৷

(৪)নং ছৱিত কলকাতাৰ Indian Association for the Cultivation of Science(IACS)ৰ কাৰ্য্যালয় য’ত চি ভি ৰমণে পোনপ্ৰথমবাৰৰ বাবে “ৰমণ পৰিঘটনা”ৰ উদ্ভাৱণ কৰিছিল৷

(৫)নং ছৱিত পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা দেখুওৱা হৈছে য’ত প্ৰকৃতিদেৱীক প্ৰাচীন গ্ৰীক দেৱী ইছিছৰ(যাক আদৰ্শ মাতৃ, পত্নী তথা যাদু আৰু প্ৰকৃতি দেৱী ৰুপে পূজা হয়) ৰুপত দেখুওৱা হয়৷বঁটাটোত ইছিছৰ ওৰণি এজন ব্যক্তিয়ে(যিজনৰ দ্বাৰা প্ৰকৃততে বিজ্ঞানৰ সাধকসকলক বুজোৱা হৈছে)আঁতৰাই দিয়া দেখিবলৈ পাওঁ যাৰ দ্বাৰা বিজ্ঞানৰ সাধকসকলে তেওঁলোকৰ জ্ঞানৰ দ্বাৰা প্ৰকৃতিৰ ৰহস্যক কেনেদৰে উদ্ঘাটিত কৰি আহিছে তাকে নিৰ্দেশিত কৰিছে৷

(৬)নং ছৱিত পদাৰ্থ বিজ্ঞানৰ নবেল বঁটাৰ আৰ্হি প্ৰস্তুতকৰোঁতা এৰিক লিণ্ডবাৰ্গ(Erik Lindberg)৷

(৭)নং ছৱিত বিখ্যাত ৰোমান কবি ভাৰ্জিলৰ মহাকাব্য “এনেইদ”(Aeneid)ৰ ৬নং খণ্ডৰ ৬৬৩নং স্তৱকটি দেখুওৱা হৈছে৷এই স্তৱকটিৰে Inventas aut qui vitam juvat excoluere perartes(যাৰ ইংৰাজী ভাঙনিটো হৈছে “And they who bettered life on earth by their newly found mastery”) শাৰীটি পদাৰ্থ বিজ্ঞানৰ নবেল বঁটাত খোদিত কৰা আছে৷

 

অন্বেষণ (২):

 

 

 

 

 

 

 

 

 

 

সমিধান :

ছৱিত প্ৰথম ছৱিখন হৈছে বিখ্যাত “দাণ্ডী যাত্ৰা”ৰ গোটেই পথছোৱাৰ এক ভৌগৌলিক মানচিত্ৰ৷ছৱিখনত “ক” হৈছে গুজাৰাটৰ আহমেদাবাদ চহৰ য’ত মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা সবৰমতী আশ্ৰমৰ পৰা   “দাণ্ডী যাত্ৰা” আৰম্ভ হৈছিল আৰু “খ” হৈছে    গুজাৰাটৰ জালাপুৰ গাওঁৰ আৰৱ সাগৰৰ পাৰত অৱস্থিত বিখ্যাত দাণ্ডী নামৰ ঠাইখন য’ত দাণ্ডী যাত্ৰা শেষ হৈছিল৷ছৱিত সবৰমতী আশ্ৰম আৰু  দাণ্ডীৰ আৰৱ সাগৰৰ পাৰৰ  অংশটো দেখুওৱা হৈছে য’ত মহাত্মা গান্ধী আৰু সেই যাত্ৰাত ভাগ লোৱা স্বাধীনতা সংগ্ৰামী সকলে লোণ সংগ্ৰহ কৰিছিল৷

…..দাণ্ডীকেই কিয় যাত্ৰাৰ অন্তিম লক্ষ্য হিচাপে বাছি লৈছিল ? সেইসময়ত(১৯৩০) বৃট্ৰিছ চৰকাৰে লোণৰ ওপৰত কৰ আৰোপ কৰিছিল৷ লোণৰ দৰে নিত্য আৱশ্যকীয় বস্তুৰ ওপৰত কৰ লগোৱাৰ বাবে মহাত্মা গান্ধী ক্ষোভিত হৈ পৰিছিল আৰু ভাবিছিল যে এইদৰে থাকিলে এদিন  বৃট্ৰিছ চৰকাৰে খোৱা পানীৰ ওপৰতো কৰ আৰেোপ কৰিব৷বৃট্ৰিছ চৰকাৰে লোণৰ এই কৰৰ ওপৰত ইমানেই অনুশাসন প্ৰয়োগ কৰিছিল যে কোনোবাই যদি হাতত সাগৰৰ পৰা এমুঠি লোণো লৈ আহিছিল তেন্তে তেওঁক শাস্তি প্ৰদান কৰিছিল আৰু এই কাৰণেই  মহাত্মা গান্ধীয়ে বৃট্ৰিছ চৰকাৰৰ এই শোষণৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ দাণ্ডী নামৰ ঠাইখনি বাছি লৈছিল য’ত আৰৱ সাগৰৰ উপকূলত লোণৰ এক বৃহৎ খনি আছিল৷

এই যাত্ৰা ১৯৩০ ৰ ১২ মাৰ্চত আৰম্ভ হৈ ৫ এপ্ৰিলত অন্ত পৰিছিল৷গান্ধী আৰু স্বাধীনতা সংগ্ৰামীসকলে ২৫ দিনত প্ৰত্যেকদিনাই ২৪ কিঃমিঃ পথ খোজ কাঢ়ি প্ৰায় ৪০০ কিঃমিঃ দৈৰ্ঘ্যৰ পথ অতিক্ৰম কৰিছিল আৰু শেষত এই দাণ্ডীৰ পৰাই গান্ধী আৰু তেওঁৰ সতীৰ্থ স্বাধীনতা সংগ্ৰামীসকলে প্ৰত্যেকেই এমুঠি লোণ হাতত লৈ আৰম্ভ কৰিছিল বিখ্যাত সত্যাগ্ৰহ আন্দোলন৷

……ছৱিত দেখুওৱা ব্যক্তিজন হৈছে লীলাধৰ বৰুৱা৷১৯৩০ত বৰুৱাই কলিকতাৰ “City college” ত শিক্ষাগ্ৰহণ কৰি আছিল৷কিন্তু গান্ধীজীয়ে আৰম্ভ কৰিবলগীয়া দাণ্ডী যাত্ৰাৰ কথা শুনি তেওঁ শিক্ষা সাং নকৰাকে উক্ত যাত্ৰাত ভাগ লবলৈ সবৰমতী আশ্ৰম পাইছিলেগৈ৷

 

অন্বেষণ (৩):

 

 

 

 


সমিধান :

নৃত্যবিধৰ নাম হ’ল “ভাৰীগান” ৷এই নৃত্য মূলত পাতীৰাভাসকলৰ মাজত অতীজৰে পৰা প্ৰচলিত হৈ আহিছে৷এই নৃত্যত ৰামায়ণৰ বিভিন্ন কাহিনী সমূহ পৰিৱেশন কৰা হয়৷নাট্যবিধ প্ৰদৰ্শন কৰোতে শিল্পীসকলে মুখত ৰামায়ণৰ বিভিন্ন চৰিত্ৰসমূহৰ মুখা পিন্ধি লয়৷ভাৰীগানৰ দলটিৰ সমগ্ৰ সামগ্ৰী এঠাইৰপৰা আনঠাইলৈ ভাৰ বান্ধি কঢ়িয়াই ফুৰিবলগীয়া হোৱাৰ বাবেই এই নৃত্য গীতবিধে “ভাৰীগান” নাম পাইছে৷

 

অন্বেষণ (৪):

 

 

 

 

 

 

 

 

 

 

 

সমিধান :

প্ৰথম ছৱিত দেখুওৱা হৈছে বহুৱা নৃত্য ৷ এই নৃত্যবিধ  অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান৷ ডিব্ৰুগড় জিলাৰ বৃহৎ জামিৰা অঞ্চলৰ ধমল গাঁৱত বসবাস কৰা সোণোৱাল কছাৰীসকলৰ মাজত অতীজৰে পৰা বহুৱা নাচ প্ৰচলন হৈ আহিছে ৷প্ৰতি দুবছৰৰ অন্তত তেওঁলোকে এই নৃত্যৰ আয়োজন কৰে ৷

দ্বিতীয় ছবিত ডিব্ৰগড় জিলাৰ  জমিৰা ধমল গাঁৱৰ ভৌগৌলিক মানচিত্ৰ খন দেখুওৱা হৈছে ৷

তৃতীয় আৰু চতুৰ্থখন ছবিত ক্ৰমে সদাশিৱ আৰু  সদাশিৱৰেই অন্য এক ৰুপ বীৰভদ্ৰ আৰু দক্ষৰাজক দেখুওৱা হৈছে ৷

 

পৌৰাণিক উপাখ্যান মতে দক্ষ মহাৰাজৰ পুত্ৰী সতীয়ে দেউতাকৰ আদেশ অমান্য কৰি ভগৱানসদাশিৱক বিবাহ কৰাৰ বাবে দক্ষৰাজ খঙত অগ্নিশৰ্মা হৈ পৰে৷ ইয়াৰ পোতক তুলিবৰ বাবে দক্ষ মহাৰাজে এক মহাযজ্ঞৰ আয়োজন কৰে যত তেওঁ সদাশিৱ আৰু জীয়েক সতীৰ বাহিৰে জগতৰ সকলো অসুৰ, দেৱতাক নিমন্ত্ৰণ জনায়৷ কিন্তু দেউতাকে ভুলতে তেওঁলোকক যজ্ঞলৈ নিমন্ত্ৰণ জনাবলৈ পাহৰিলে বুলি ভাবি সতীয়ে সেই যজ্ঞলৈ যায়৷ যজ্ঞত সতীক দেখা পাই দক্ষ মহাৰাজে খঙত অগ্নিশৰ্মা হৈ তেওঁক সকলোৰে আগত ককৰ্থনা কৰে৷ দেউতাকৰ কৰ্কথনা শুনি সতী লাজে অপমানে ভাগি পৰে আৰু জুইত জাপ দি নিজৰ প্ৰাণ বিসৰ্জন দিয়ে৷ এই কথা শুনি ভগৱান সদাশিৱ অগ্নিশৰ্মা হৈ পৰে আৰু নিজৰ জঁটাৰ চুলি ছিঙি বীৰভদ্ৰ আৰু ৰুদ্ৰকালি নামৰ দুই অসুৰৰ সৃষ্টি কৰি দক্ষক বধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁৰ কথামতে বীৰভদ্ৰই যজ্ঞস্থলীলৈ গৈ ৰজা দক্ষৰ শিৰচ্ছেদ কৰে আৰু দক্ষৰ শিৰটো যজ্ঞৰ অগ্নিকুণ্ডত নিক্ষেপ কৰে৷ আনহাতে যজ্ঞ আধৰুৱা হৈ ৰোৱাত তাত উপস্থিত থকা দেৱতা সকল চিন্তিত হৈ পৰে আৰু দক্ষক পুণৰ জীৱন্ত কৰি যজ্ঞ সম্পূৰ্ণ কৰিবৰ বাবে উপায় বিচাৰি ব্ৰহ্মাৰ কাষ চাপে৷ ব্ৰহ্মাই তেওঁলোকৰ কথা শুনি সদাশিৱক যক্ষক পুণৰ জীৱনদান দিবৰ বাবে অনুৰোধ কৰে৷ ব্ৰহ্মাৰ অনুৰোধত সদাশিৱই দক্ষক পুণৰ জীৱনদান দিয়ে যদিও তেখেতৰ দেহত মানৱ শিৰৰ সলনি এটা ছাগলীৰ শিৰ উপস্থাপন কৰি দিয়ে আৰু এই কাহিনীটোকেই বহুৱা নৃত্যত প্ৰদৰ্শন কৰা হয় ৷

 

অন্বেষণ (৫):

 

 

 

 

 

 


সমিধান :

প্ৰথম ছৱিখনত ইশ্বেবৰা (এজন জাপানী সৈনিক)আৰু চাৰিংলাৰ কাহিনীৰে আৰম্ভ কৰা এইখন ১৯৬১ত সাহিত্য একাডেমী বঁটা বিজয়ী উপন্যাস “ইয়াৰুইঙ্গম”ৰ প্ৰথম পৃষ্ঠাটো…….দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নগাপাহাৰত চলা জাপানী আৰু সুভাষ চন্দ্ৰ বসুৰ “ইণ্ডিয়ান নেশ্যনেল আৰ্মি”ৰ সৈনিকৰ কুচকাবাজ আৰু এখিনি সহজ-সৰল নগালোকৰ ওপৰত পৰা যুদ্ধৰ প্ৰভাৱক ভিত্তি কৰি লিখা উপন্যাসখনৰ আন আন উল্লেখযোগ্য চৰিত্ৰসমূহ আছিল ক্ৰমে ৰিছাং, খুটিংলা, ভিদেচ্ছেলী,গাজেক(Ngazek),খাটিং,ফানিট ফেঙ্গ(Phanit Phang) ইত্যাদি৷
দ্বিতীয়খন ছবিত এটি নগাজুপুৰীৰ সন্মুখত এডাল ফেৰেঙ্গনি মেলা গছ দেখা গৈছে…. টাংখুল.নগালোকসকলে এইডালক তেওঁলোকৰ ভাষাত “ইয়াৰুইঙ্গম” বুলি কয়৷…কোনো টাংখুল.নগালোকে নিজৰ বিশেষ অৱস্থা বুজাবলৈ ঘৰৰ সন্মুখত এইডাল পোতে৷লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ মনত উপন্যাসখনৰ নাম কি ৰখা হব বুলি বিভিন্ন নামে ডোলা দি যোৱাৰ পিছত এই নামটো ৰাখিবলৈ থিৰাং কৰে৷এইবিষয়ে উপন্যাসখনৰ পাতনিত তেওঁ লিখিছে “নামকৰণ কৰোঁতে অনেক দ্বিধাবোধ অতিক্ৰম কৰিব লগা হৈছে ৷পেলনীয়া নামবোৰে এতিয়া আৰু মনক আমনি নকৰেহি ৷কিন্তু একোটা নাম মনৰ কুকিৰ পৰা আতৰাই পেলাবলৈ কিমান টান তাক কেৱল নাম বিচাৰোঁতা আৰু দিওঁতাই হে জানে ৷ন শিশুৰ নামকৰণ কৰাৰ দৰেই ন কিতাপৰ নামকৰণ কৰা টান ৷ ইয়াৰুইঙ্গম শব্দটো এটা টাংখুল শব্দ ৷ কোনো নগা ঘৰৰ সন্মুখত কেতিয়াবা একোডাল ফেৰেঙ্গনি মেলা গছ থিয় হৈ থকা দেখা যায়,সেইডালে গিৰিহঁতৰ বিশেষ অৱস্থাৰ কথা ঘোষণা কৰে ৷মোৰ উপন্যাসখনৰ দুৱাৰমুখতো এই শব্দটিক পুতিছো ;ই উপন্যাসখনৰ বিশেষ পৰিবেশৰ জাননী দিব ”…….আৰু এয়াই হৈছে উপ্যাসখনৰ নাম “ইয়াৰুইঙ্গম” পৰাৰ আঁৰৰ কাহিনী !
বি:দ্ৰ:উপন্যাসখনত কিন্তু লেখকে “ইয়াৰুইঙ্গম” শব্দৰ অৰ্থ উপন্যাসৰ নায়ক ৰিছাংৰ মুখেৰে “জনতাৰ শাসন”(people’s rule) বুলিহে কোৱাইছে ৷উপন্যাসখনত যেতিয়া ৰিছাংৰ প্ৰেয়সী খুটিংলাই তেওঁলোকৰ হবলগীয়া সন্তান ল’ৰা হ’লে কি নাম ৰাখিব বুলি ৰিছাংক প্ৰশ্ন কৰে তেতিয়া ৰিছাংয়ে “ইয়াৰুইঙ্গম” ৰাখিব বুলি কয়৷খুটিংলাই এই “ইয়াৰুইঙ্গম” মানে কি বুলি প্ৰশ্ন কৰাত ৰিছাংয়ে “ইয়াৰুইঙ্গম”ৰ অৰ্থ “জনতাৰ শাসন” বুলি খুটিংলাক জানিবলৈ দিয়ে৷

 

অন্বেষণ (৬):

 

 

 

 

 

 

 

.প্ৰথম ছৱিত দেখুওৱা  কিতাপখন হ’ল “ফেৰেংগাদাও” যিখন আছিল উপন্যাসিক মেদিনী চৌধুৰীয়ে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত যুগুতোৱা এখন জীৱনভিত্তিক উপন্যাস ৷কিতাপখন লিখিবৰ বাবে সমল গোটাবলৈ মেদিনী চৌধুৰীয়ে কলাগুৰুৰ একালৰ সতীৰ্থ কমৰেড সকলক লগ ধৰিবলগীয়া হৈছিল৷ এই কমৰেডসকলৰ মাজৰে এজন আছিল নলবাৰী জিলাৰ দীঘেলী অঞ্চলৰ ৰতি স্বৰ্গিয়াৰী৷লেখক মেদিনী চৌধুৰীয়ে কমৰেড স্বৰ্গিয়াৰীক তেওঁলোকৰ বিপ্লৱদিনৰ কথা সুধোতে স্বৰ্গিয়াৰীয়ে কৈ গৈছিল কেনেদৰে তেওঁলোকে বিপ্লৱৰ পাতনি মেলিছিল,কেনেদৰে বিষ্ণু ৰাভাই শ্ৰমৰ মৰ্য্যদা নোপোৱা দুখীয়া কৃষকসকলৰ জীৱনটোত পৰিৱৰ্তন আনিবলৈ দেহেকেহে লাগিছিল৷সেই কথাই কথাই স্বৰ্গিয়াৰীয়ে মেদিনী চৌধুৰীক জনাইছিল যে সেইসময়ৰ সংগ্ৰামী যুৱক-যুৱতীসকলে হেনো বিষ্ণু ৰাভাক মৰম আৰু শ্ৰদ্ধাৰে “ফেৰেংগাদাও আবৌ” বুলি মাতিছিল৷ফেৰেংগাদাও মানে ফেচুঁ চৰাইয়ে যেনেকৈ ওখ গছৰ ডালত বহি সুন্দৰ সুৰীয়া মাতেৰে পুৱা ধলফাট দিয়াৰ আগেতেই শুই থকা মানুহক দিনটোৰ বাবে সচেতন কৰি তুলে ঠিক তেনেকৈ বিষ্ণু ৰাভাইয়ো হেনো নিজৰ জ্ঞানৰ আলোকেৰে নৃপিড়ীত অথচ নিৰ্বিকাৰ কৃষকসমাজক নিজৰ শ্ৰমৰ মৰ্য্যদা আদায়ৰ বাবে জগাই তুলিছিল আৰু এইখিনি কৈ উঠাৰ পিছত স্বৰ্গিয়াৰীয়ে লেখক চৌধুৰীক হেনো এই “ফেৰেংগাদাও” নামেৰেই উপন্যাসখনক নামাংকিত কৰিবলৈ দিহা দিছিল৷

বাকী কেইখন ছৱিত ক্ৰমে এটি ফেঁচু চৰাই আৰু লেখক মেদিনী চৌধুৰীক দেখুওৱা হৈছে ৷

 

অন্বেষণ (৭):

 

 

 

 

 

 

 

 

সমিধান :

প্ৰথমখন ছৱি আছিল এলিচ প্লিজেন্স লিডেলৰ,দ্বিতীয়খন ছৱিত এলিচৰ সৈতে দুই ভগ্নী ল’ৰিনা আৰু এডিথ আৰু তৃতীয়খন ছৱিত ছাৰ্লছ লুডউইগ ড’ডছন(যি লিৱিছ কেৰল ছদ্মনাম লৈ “এলিচ ইন ৱাণ্ডাৰলেন্ড” নামৰ চেমনীয়া সাহিত্যৰ এখন মনোৰম উপন্যাস লিখিছিল)৷
ইংলেন্ডৰ আইছিছ নামৰ দ্বীপত ফল্লি দলংৰ পাৰৰ পৰা গ’ডষ্টৱ’ লৈ এদিন আৱেলি নৌকাবিহাৰ কৰি থাকোতে লিৱিছ কেৰলে এলিছ আৰু তেওঁৰ ভগ্নীদ্বয়ক এলিচ নামৰ সৰু ছোৱালী এজনী ঘটনাক্ৰমে শহাপহুৰ গাত এটাত পৰি কি কি অলৌকিক ঘটনাৰ সন্মুখীন হৈছিল তাৰ বিষয়ে কেইটামান সাধু কৈছিল৷ সাধুকেইটাত এলিচ ইমানেই মুগ্ধ হৈছিল যে পিছত ঘৰলৈ আহি তেওঁ লিৱিছ কেৰলক এই সাধুকেইটাক লৈ এখন সাধুকথাৰ পুথি লিখিবলৈ কৈছিল ৷ এলিচৰ অনুৰোধত কেৰলে এই সাধুকেইটাক আলম কৰি “এলিচ ইন ৱাণ্ডাৰলেন্ড” নামৰ এখন সাধুকথাৰ পুথি লিখি উলিয়াই আৰু কালক্ৰমত এইখন হৈ পৰে বিশ্বৰ চেমনীয়া সাহিত্যৰ এখন যুগান্তৰ সৃষ্টিকাৰী পুথি ৷

 

অন্বেষণ (৮):

 

 

 

 

 

 

 

 

 

 

 

সমিধান :

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই ছিৰাজত “আঘোণা”ৰুপে,প্ৰতিধ্বনিত “চিয়েম” ৰুপে আৰু ১৯২১ ত বাৰবছৰ বয়সত তেজপুৰৰ বাণৰংগঞ্চত জীৱনত প্ৰথমবাৰৰ বাবে কৰা “আলিবাবা” নামৰ নাটকখনত “মৰ্জিয়ানা”ৰ ৰুপত অভিনয় কৰিছিল৷
তেখেতে “মিচিং কনেং” নামৰ এখন উপন্যাস ৰচিছিল ৷
“হিয়াৰ পুং” তেখেতৰ এটা উল্লেখযোগ্য গল্প৷এই গল্পটিৰ এশাৰী বাক্য “আমাৰ অৱস্থা বেয়া হ’লে এবাৰ কপালক,এবাৰ ঈশ্বৰক দোষ দিওঁ৷দৰাচলতে কপালৰো দোষ নহয়,দেৱতাৰো দোষ নহয়,আচলতে ধনতন্ত্ৰবাদী সমাজ ব্যৱস্থাৰ দোষ” এসময়ত খুবেই জনপ্ৰিয় হৈছিল৷
ছৱিকেইখন হ’ল ক্ৰমান্বয়ে আন্দ্ৰেঁ মুৰইচ( Andre Murois),কবি পাৰ্শ্বি ৱিশ্বি চ্যেলী( Percy Bysshe Shelley),আন্দ্ৰেঁ মুৰইচয়ে পাৰ্শ্বি ৱিশ্বি চ্যেলীৰ জীৱনৰ ওপৰত লিখা জীৱনী “এৰিয়েল”, বিখ্যাত লেখক আৰভিং ষ্ট’ন(Irving Stone), বিখ্যাত চিত্ৰকৰ ভিনচেন্ট ভেন গ’গ( vincent van gogh) আৰু আৰভিং ষ্ট’নে ভিনচেন্ট ভেন গ’গৰ বিষয়ে লিখা জীৱনী “লুষ্ট ফ’ৰ লাইফ”(Lust for Life)৷
যেতিয়া বিশিষ্ট অসমীয়া লেখক তিলক দাসে বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” নামৰ জীৱনীখন লিখিবলৈ আৰম্ভ কৰিছিল তেতিয়া কলাগুৰুৱে তিলক দাসলৈ এখন চিঠি প্ৰেৰণ কৰিছিল য’ত তেওঁ লিখিছিল “…….মোৰ জীৱনৰ বিষয়ে লিখিবলৈ হ’লে, তুমি Andre Murois ৰ “Ariel” অথবা Irving Stone য়ে লিখা “Lust for Life” পঢ়িবা৷সেইঠাঁচত লিখিলে কিতাপৰ মূল্য তথা কদৰ বাঢ়িব” আৰু কিতাপখন লিখি শেষ হোৱাৰ পিছত তিলক দাসে এই চিঠিখনকে “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি”ৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছিল ৷
এইখিনিতে আৰু এটা কথা কৈ থও যে ১৯৬২ চনত “চীন-ভাৰত” যুদ্ধৰ সময়ত ভাৰত চৰকাৰে বিষ্ণু ৰাভাক গ্ৰেপ্তাৰ (কমিউনিষ্টক চীনদেশৰ দালাল বুলি কোৱাৰ অপৰাধত)কৰোতে সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই চৰকাৰৰ এই কাৰ্য্যৰ বিৰোধিতা কৰি “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” শীৰ্ষক এটি কবিতা লিখিছিল আৰু পিছলৈ এই কবিতাটিৰ পৰাই অনুপ্ৰাণিত হৈ তিলক দাসে তেখেতে লিখা বিষ্ণু ৰাভাদেৱৰ জীৱনীখনৰ নাম ৰাখিছিল “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি”৷
…..একেবাৰে তলৰ ফটোখন হ’ল “কাশী হিন্দু বিশ্ববিদ্যালয়”ৰ য’ত বিষ্ণু ৰাভাই প্ৰদৰ্শন কৰা শিৱৰ “তাণ্ডৱ নৃত্য”ত মুগ্ধ হৈ সেইসময়ৰ(১৯৩৯) সেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে বিষ্ণু ৰাভাক “কলাগুৰু” উপাধিটো প্ৰদান কৰিছিল৷

 

অন্বেষণ (৯):

 

 

 

 

প্ৰথম প্ৰশ্ন—-এওঁলোক কোনটো জনগোষ্ঠীৰ মানুহ ?
দ্বিতীয় প্ৰশ্ন—–এওঁলোকে নাকত পিন্ধা সামগ্ৰীপদৰ নাম কি ?
তৃতীয় প্ৰশ্ন—-এওঁলোকে মুখত এবিধ বিশেষ ধৰণৰ ফোঁট আঁকি লয়(যাক আমি ইংৰাজীত tatto বুলি কও) ৷ইয়াৰ নাম কি ?

সমিধান :

১. অৰুণাচলৰ আপাটানি জনগোষ্ঠীৰ লোক

২.তেঁওলোকৰ নাকত পিন্ধা সামগ্ৰীপদৰ নাম Yapin hullo

৩. মুখত অঁকা ফোঁট  বিধৰ নাম Tiipe

 

অন্বেষণ (১০):

 

 

 

 

 

 

সমিধান :

কবিতাটোৰ নাম হ’ল “টাৰান্টেলা” (ইয়াত টাৰান্টেলা মানে বিষাক্ত মকৰাবিধ নহয়, দক্ষিণ ইটালীৰ এবিধ মনোমোহা নৃত্যহে)৷ হিল্যেৰী বেলক আছিল কবি ৷ হিল্যেৰী বেলকৰ এটা সন্ধ্যা দক্ষিণ ইটালীৰ এখন গাওঁৰ হোটেলত এজনি সুন্দৰী যুবতীৰ লগত টাৰান্টেলা নৃত্য কৰাৰ স্মৃতিখিনি বন্দী কৰি থোৱাৰ প্ৰচেষ্টাতেই সৃষ্টি হৈছিল “টাৰান্টেলা” ৰ !….তাৰপিছত কবিতাটো পৰিলহি তেতিয়াৰ ডেকা কবি নৱকান্ত বৰুৱাৰ হাতত….. ডেকা মন ৰোমান্টিক কবিতাৰ দ্বাৰা অনুপ্ৰাণিত হবলৈ ক’ত’পৰ !…..বৰুৱাদেৱৰ কলমেদি ওলাই আহিল ’’ বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে, অৰুন্ধতী ?” (বৰুৱাদেৱৰ অসমীয়া কবিতাটিৰ নাম আছিল “এটা প্রেমৰ পদ্য”)

 

অন্বেষণ (১১):

 

 

 

 

 

 

 

সমিধান :

(১)অসম উপত্যাকা সাহিত্য বঁটা (২). উইলিয়ামচন মেগৰ চিহ্ণ (৩).1990 চনত ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল (৪). শোভা ব্ৰহ্মই এই বঁটাৰ আৰ্হি প্ৰস্তুত কৰিছিল (৫). কেপ্তেইন উইলিয়ামচন আৰু আৰ এম বি মেগৰ (“উইলিয়ামচন মেগৰৰ “দুই প্ৰতিষ্ঠাতা) (৬). উইলিয়ামচন মেগৰৰ মুখ্য কাৰ্য্যালয় (৭). উইলিয়ামচন মেগৰৰ মুখ্য কাৰ্য্যালয়টোৰ নাম “four mangoe lane” ৷ এই four mangoe lane  থকা পথটোত এটা সময়ত হেনো অসংখ্য শাৰীয়ে শাৰীয়ে আমগছ আছিল ৷ সেয়েহে এই পথটোৰ নাম পৰিছিল mango lane ৷কিন্তু পিছলৈ কলকাতা নগৰপালিকা সমিটিয়ে এই পথটোৰ নাম স্বাধীনতা যুজাৰু সুৰেন্দ্ৰ মোহন ঘোষৰ নামেৰে নামাংকিত কৰিবলৈ থিৰাং কৰে৷আনহাতে কেইবাদশক ধৰি এই mango lane ৰ সৈতে জড়িত হৈ থকাৰ ফলত উইলিয়ামছন মেগৰৰ কৰ্মচাৰীসকলৰ এই নামটোৰ লগত এক আত্মীয়তা গঢ়ি উঠে আৰু নামটো ইতিহাসৰ বুকুত হেৰাই যাবলৈ নিদি নিজৰ কাৰ্য্যালয়টোৰ নাম four mangoe lane বুলি ৰাখি পেলায় ৷কিন্তু আমগছ থকাৰ কাৰণেই কাৰ্য্যালয়টোৰ নাম “Four mango lane ” নাইবা “Four mangoes lane ”  নহৈ “four mangoe lane” মানে mango শব্দটোৰ শেষত “e” আখৰটো কিয় আহিলে সেইটো আজিকোপতি সাথৰেই হৈ থাকিল !

 

অন্বেষণ (১২):

 

 

 

 

 

সমিধান :

প্ৰথমখন ছৱি দেৱেন্দ্ৰ নাথ আচাৰ্য্যৰ,দ্বিতীয় খন ছৱিত তেখেতৰ সাহিত্য একাডেমী বঁটা বিজয়ী (১৯৮৪) উপন্যাস জঙ্গম ৷ জঙ্গম উপন্যাসখনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সৈন্যৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ এমুঠি ভাৰতীয় নাগৰিকে কিদৰে বাৰ্মাৰ মানকু নামৰ গাওঁখনৰ পৰা অসমৰ লিডুলৈ সুদীৰ্ঘ পথ খোজকাঢ়ি পলাই আহিছিল তাৰেই বৰ্ণনা আছে আৰু তৃতীয়খন ছৱিত সেই পথটো দেখুওৱা হৈছে৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!