অপাৰেচন চিক্ৰেট – প্ৰদীপ বৰা
ডিচেম্বৰ মাহৰ হাড় কপোৱা জাৰ! কেন্দ্ৰীয় কাৰাগাৰৰ ২০ নম্বৰ চেললৈ পাঁচটা হাজোতীয়ে এক প্ৰকাৰ চোঁচৰাই নিয়াদি লৈ গল ৰাকেশক৷ “ঐ ব’ল আমাৰ বছৰ তাত ব’ল৷ মাৰ্ডাৰ কেচ নে ৰেপ কেচ৷ ঐ কি কেচত জেইলত আহিলি বে!” এটা কাণতলীয়া চৰত থ’তম’ত খালে সি! চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলি উৰুৱাই চেলৰ পৰা ওলাই আহি এটা ওখ-পাখ ল’ৰাই তাক চৰটো শোধালে৷ হঠাৎ তাৰ খঙে মূৰৰ চুলিৰ আগ পাইছিল! ওলোটাই এটা প্ৰচণ্ড ঘোচা নাকতে দিও নেকি বুলিও ৰৈ গল ৰাকেশ! নাই, সি এই লাইনত নতুন! সি শুনিছিল পুৰণি কয়দীয়ে নতুনকৈ কোনোবা গ’লে মাৰ- পিত কৰে৷ জেইলৰ ভিতৰতো এখন বেলেগ পৃথিৱী আছে বুলি শুনি আহিছিল! সি বুজি উঠিল এইটো জেইলৰ ভিতৰৰ অপৰাধী বোৰৰ বছ৷ সিয়ো তাক মানি চলিব লাগিব তাৰমানে! উঠা বহা কৰিব লাগিব তাৰ ইচ্ছামতে! সি মনৰ ভিতৰতে কথাবোৰ পাগুলি থাকিল বহু সময়!
“ ঐ কি ভাবি আছ’? সি পুনৰ থ’তম’ত খালে! ঐ গাঞ্জা খাবি? “ এটাই ভাঙৰ ছিলিম এটা আগবঢ়াই দিলে তালৈ!
আকৌ এটা কাণতলীয়া চৰ তাৰ গালত! প্ৰচণ্ড খং উঠিছিল তাৰ! নাই এইবোৰ সহ্য কৰিবই লাগিব! সি এই জগতত নতুন সি একো আওভাও নাপায় এইবোৰৰ!
লাহে লাহে জেইলৰ ভিতৰৰ পৰিবেশৰ লগত সি নিজক খাপ খুৱাই ল’বলৈ শিকিলে৷ সি যিহেতু নতুনকৈ এই লাইনত আহিছে, কামবোৰ শিকিবই লাগিব! তাৰ ভিতৰত বেপৰোৱা মাত কথা, অলপ অসংযত শব্দবোৰ, মদ ভাং এইবোৰ পৰিবেশ সহজকৈ ল’ব পৰা হ’ল ৰাকেশে! সি বুজি উঠিল পৰিৱেশ আৰু পৰিস্থিতিয়ে মানুহক বহুত কথাই শিকাই যায়!
২০ নম্বৰ চেলৰ এই বছ এলা পেছা নহয়! ডিমাপুৰৰ পৰা নিয়ন্ত্ৰণ হয় এওঁৰ অপৰাধৰ জগতখন৷
সন্ধ্যা নিতৌ এইটো চেলত ভাঙ, চিগাৰেট আৰু মদৰ আড্ডা চলে৷ সিয়ো তাত চামিল হয়৷ সি চিগাৰেট হুপি হুপি সময়বোৰ পাৰ কৰে৷ কাৰাগাৰৰ কনিষ্টবল দুজনে যি লাগে যোগান ধৰে৷ দুগুণ তিনিগুণ দামত ৰাগীয়াল বস্তুবোৰ আন অপৰাধীবোৰক বিক্ৰী কৰে৷
লাহে লাহে বছৰ ঘনিষ্ঠ হৈ পৰিল ৰাকেশ৷ ৰাকেশৰ আচাৰ ব্যৱহাৰ, কথা বতৰাত খুউব কম সময়ৰ ভিতৰতে বছ যেন আকৃষ্ট হল তাৰ প্ৰতি! আচলতে মানুহক আকৰ্ষণ কৰিবপৰা গুণ এটা আছিলেই তাৰ সৰুৰেপৰাই সিয়ো জানে! তাতে সিহঁতবোৰে ইংৰাজী ক’ব আৰু লিখিব নাজানে! কিন্তু ৰাকেশ ইংৰাজী কোৱা আৰু লিখা দুটাতেই পাৰ্গত৷
এদিন ২০ নম্বৰ চেলত আড্ডা চলি আছে৷ ৰাকেশৰ পিঠিত হাত দি বছে কলে, “ ঐ বেটা৷ মাল কমাব আহিছ যদি মোৰ লগত কাম কৰ৷ মানুহ মাৰিব লাগিব৷ পাৰিবি? পুলিচ, উকীল কাক কেনেকৈ ফিটিং কৰিব লাগে সেয়া মই কৰিম! আগত যদি মাল লাগে লৈ ল’বি! মই তোৰ জামিন কৰাই দিম৷ আমাৰ এই কেইটাৰ জামিন দুই এদিনত হৈ যাব! মই অলপ দিন ইয়াতে থাকিম৷ মোৰ মোবাইল নম্বৰ লবি! লেন দেন মোবাইলত চলিব! লগতে কিছুমান ক’ড নাম্বাৰ! আমি মবাইলত কিছুমান বিশেষ ক’ডৰ সহায়েৰে কথা পাতিম! ডিমাপুৰৰ মোৰ এটা বছ আছে! তাক ইহঁতে তোক লগ কৰাই দিব৷ অকাটো আও তাৰ নাম৷ কি কি হাথিয়াৰ লাগে তাৰ পৰা লৈ ল’বি৷ আৰু পাঁচ পেটি মান মাল এডভান্স লৈ ল’বি৷ “
ৰাকেশৰ মনটো ভাল লাগি গ’ল৷ মানে সি লাইনত আহি গল৷ বাহ ইমান টকা এডভান্স! আৰু হাথিয়াৰ৷
সি মূৰ দুপিয়াই সঁহাৰি জনালে৷
“ যা ৰাতি হ’ল, এতিয়া শুই যা আৰু শুন ৰাতি ম’হ ওলাই আঁঠুৱাখন লগাবি”
সি নিজৰ চেললৈ গল৷ কথাবোৰ ভাবি আছে! বহু দেৰিলৈ টোপনি যোৱা নাই! মনত পৰিল তিনি বছৰীয়া কেঁচুৱাটোলৈ, মুনমীলৈ। মনত পৰিল ৰোগীয়া মাকলৈ! দুচকুৰে তপত দুধাৰী লোটক বৈ আহিল৷ এটা হুমুনিয়াহ ওলাই আহিল! নাই, মন বেয়া কৰিলে নহ’ব৷ মাল কমাবলৈ আহিছে যেতিয়া এইটো লাইনত বুকু ডাঠ কৰিব লাগিব৷ কেতিয়া টোপনিৰ বুকুত লালকাল গ’ল সি গমেই নাপালে! দিনবোৰ তাৰ বাবে লাহে লাহে সহজ হৈ আহিল! অপৰাধ জগতখনত তাৰো এটা সুকীয়া পৰিচয় হ’ল ৰাকেশ নামেৰে! আদৰ্শ আৰু নৈতিকতাক বুকুৰ ভিতৰত সমাধিস্থ কৰিলে সি!
বেটাৰী, বল্টু, নিগনি আৰু সিঙৰ কাইলৈ জামিন হব! সিহঁতৰ এইবোৰ নাম বছে দি লৈছে বহুত ক্ষেত্ৰত সুবিধা হেনো নামবোৰ এনে হ’লে! সি ইমান নুবুজে কথাবোৰ কিন্তু বছে কয়! ৰাকেশৰো এনে এটা নাম দিলে! মোবাইল নম্বৰবোৰ ভাগ বটোৱাৰা কৰিছে! গোটেই ব্লু পিণ্ট বনাইছে সিহঁতৰ বছে! জেইলৰ পৰা ওলাই গৈ ক’ত ক’ত থাকিব লাগিব, গাড়ী, মটৰ চাইকেল আদি নাগালেণ্ড বৰ্ডাৰত কাক কেনেকৈ ডেলিভাৰী দিব লাগিব! ৰাস্তাৰ চেক পইণ্ট আৰু পুলিচৰ ঝামেলা বছে নিজে লৈছে আৰু কেইদিনমান পাছত ৰাকেশৰ জামিন হৈ যাব বুলি বছে তাক ক’লে আৰু সি ওলাই যোৱাৰ পাছত নিগনি আৰু বল্টুহঁতে তাক লগ দিব! আটাইবোৰ কথা ওপৰৰ পৰা নিয়ন্ত্ৰণ কৰি আছে সিহঁতৰ বছে যেন সিহঁতবোৰ পুতলা নাচৰ একো একোটা পুতলা আৰু বছে এডাল সূতাৰে সিহঁতক নচুৱাই আছে!
আজি তাৰ জামিন হল! আদালত চৌহদৰ আদব কায়দাত সি হতবাক! এজন উকীল আহিল তাৰ ওচৰলৈ! কিছুমান কথা তাক শিকাই গল! কি কি কব লাগিব, কি কি নালাগিব! বিয়লি চাৰিবজাত তাৰ জামিনৰ অৰ্ডাৰ ওলাল! নিগনি বল্টুহঁতে এখন দামী গাড়ীত তাক উঠাই লৈ গল!
গাড়ীত সিহঁতে কৈ গ’ল এফালৰ পৰা সিহঁতৰ পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে! সি মাত্ৰ মন দি শুনি থাকিল! আজিৰ পৰা অপাৰেচন চালু কৰিব লাগিব! আজি এটা কেচ ৰাতি চাফা কৰিবই লাগিব! নিগনি গাড়ী চুৰিৰ মাষ্টাৰ মাইণ্ড! মাষ্টাৰ চাবিৰে পাঁচ-দহ মিনিটত কেচ সি হাতৰ মুঠিলৈ আনিব পাৰে! গাড়ীৰ ষ্টিয়েৰিংত হাত দিয়াৰ পাছত পথত কোনো শুই দিলেও তাৰ গাড়ী ৰোৱাৰ নাম নলয় মুঠতে সি এইক্ষেত্ৰত একপ্ৰকাৰ জিনিয়াচ সিহঁতৰ বছৰ ভাষাত!
ৰাকেশৰ অনুশোচনা হয়! গৰাকীৰ কিমান মৰমৰ এখন এখন গাড়ী সিহঁতে নিমিষতে লৈ গৈ নগালেণ্ডৰ অন্ধকাৰ জগতক গটাই দিয়ে৷ পুৱা গাড়ীখন নেদেখি কি অৱস্থাৰ সৃষ্টি হয় ঘৰখনত কথাবোৰ ভাবিলে তাৰ মনটোৰ কোনোবাখিনিত যেন হাহাকাৰ কৰি উঠে! নাই, এইখন জগতত বেছি দিন থাকিব নোৱাৰি! কিন্তু সি যে ইয়াৰ পৰা ওলাই যোৱাৰ কোনো ৰাস্তা নাই! ওলাই গ’লেই তাক shoot কৰি দিব।
ইতিমধ্যে সিহঁতৰ বছ জেইলৰ পৰা ওলাইছে! কামবোৰ আগৰদৰেই গতানুগতিক এডাল সৰলৰেখাত যেন চলি আছে! বছৰ লগত এদিন পুৱতিনিশাতে ডিমাপুৰলৈ বুলি ৰাওনা হ’ল সি! ডিমাপুৰত লগ পালে অকাটো আও নামৰ অন্ধকাৰ জগতৰ বছ অৰ্থাৎ তাৰ বছৰ ওপৰত থকাজনক!
আজি ৰাতি এটা ডাঙৰ ডিল হ’ব! ম্যানমাৰৰ পৰা অহা বৃহৎ পৰিমাণৰ সোণ অকাটোৰ টীমে সিহঁতক ডেলিভাৰী দিব! মালখিনি গুৱাহাটীত কলকতাৰ এটা পাৰ্টিক ডেলিভাৰী কৰিব লাগে৷
ইতিমধ্যে নিগনি, বল্টু, সিং আৰু ৰাকেশক এই কামৰ দায়িত্ব দিছে বছে৷ ৰাস্তাত কোনো প্ৰব্লেম নহয়, সকলো ইতিমধ্যে চিজিল কৰা আছে৷ বছৰ অভয় বাণী!
কথা মতেই কাম! ৰাতি ১২ মান বজাত দুই ট্ৰাংক সোণ বৰ্ডাৰত সিহঁতক অকাটোৰ মানুহে দি গল! ৰাষ্ট্ৰীয় ঘাই পথেৰে সিহঁতৰ গাড়ী তীব্ৰ গতিত আগবাঢ়িল! ক’তো তালাচীৰ সন্মুখীন হোৱা নাই। চালকৰ আসনত নিগনি! কাষত সিং! পাছৰ চিটত ৰাকেশ আৰু বল্টু৷
গাড়ী গৈ আছে! কিন্তু এয়া আগত কি! সেনা আৰক্ষীৰ বৃহৎ এটা দল আগত সাজু হৈ আছে৷ বাওঁফালৰ দৰ্জা খুলি হঠাৎ পথৰ কাষৰ দ খাৱৈত জাপ মাৰিলে ৰাকেশে৷ হঠাৎ তুমুল গুলীয়া গুলী চলিল দুয়ো পক্ষৰ মাজত! বহুসময় ধৰি চলিল দুয়োপক্ষৰ মুখামুখি ৰণ!
ইতিমধ্যে পূবে ঢল ফাট দিছে! এপাচিমান ৰঙচুৱা বেলিটো ওলাই আহিছে! গুলীত থকা সৰকা হোৱা তিনিটা মৃতদেহ গাড়ীৰ পৰা উলিয়াই পথৰ কাষত পেলাই ৰাখিছে! সেনা আৰক্ষীৰ শীৰ্ষ বিষয়া আহিছে ঘটনা স্থলীলৈ! পথৰ কাষত টি ভি সাংবাদিক আহিছে লাইভ কৰিবলৈ! ডি আই জি ৰ সাক্ষাৎকাৰ লবলৈ আগবাঢ়িছে সাংবাদিকৰ দল৷
“ সাংবাদিক বন্ধুসকল আপোনালোকে মোৰ ইণ্টাৰভিউ ল’ব নালাগে! আজি এই অভিযানৰ মূল মানুহ এইজনহে দেই মই নহয়! এইবুলি ডি আই জি ছাৰে ৰাকেশৰ পিঠিত চপৰিয়াই সকলোৰে সমুখত ঠিয় কৰালে ৰাকেশক, হয়, ৰাকেশ গগৈক! কিছুদিনৰ আগত গাড়ী চুৰি অপৰাধত দোষী সাব্যস্ত হোৱা ৰাকেশ আচলতে এজন চোৰাংচোৱা বিষয়া! ট্ৰেইনিঙ শেষ কৰাৰ পাছত এওঁক এনে এটা অভিযানৰ বাবে পঠিয়াই দিয়া হৈছিল৷এওঁ আমাৰ গৌৰৱ৷বাকীখিনি এওঁ নিজ মুখেৰেই কব৷
“ ৰাকেশৰ চকু চলচলিয়া হ’ল৷ কিবা এক অজান অনুভৱে যেন চুই গ’ল তাক! চকুৰ আগত ভাঁহি উঠিল কেইবাখনো মুখ…..মুনমী, মাক …… এগাল মান microphone তাৰ আগত৷
সি কৈ গ’ল যোৱা এটা বছৰৰ তাৰ অভিজ্ঞতা, শ্বাসৰূদ্ধকাৰী বৰ্ণনা! প্ৰথম এখন গাড়ী চুৰি কৰি ধৰা দিওঁ বুলি কেনেকৈ ধৰা দিছিল, জেইলৰ ভিতৰত কি চলে, একাংশ পুলিচৰ সৈতে অপৰাধীৰ গোপন মিতিৰালি, কেনেকৈ সহজে জামিন লাভ কৰে সকলো কৈ গ’ল৷
ইয়াৰ পাছত যোৱা এটা বছৰে তাৰ গোপন কেমেৰাৰ ৰেকৰ্ডিঙ, লাভ কৰা টকা আৰু অন্যান্য কিছু তথ্য ডি আই জি ৰ হাতত দিলে ৰাকেশে৷
হঠাৎ তাৰ ফোনটো বাজি উঠিল, মুনমীৰ ফোন!
“হেল্ল’ জান কোৱা ……সিফালৰ পৰা থোকাথুকিকৈ মুনমীৰ মাত…… “
” তোমাৰ নিউজ টি ভি ত দেখি আছোঁ! তোমাৰ কাম শেষ হল চাগে ন! অ’ শুনা বিছনাৰ পৰা উঠিব নোৱাৰা মায়ে টি ভি ত তোমাৰ মাতটো শুনি উঠি বহিল জানানে তুমি! তুমি সোনকালে ঘৰলৈ আহা……. “
দুচকুৰে আনন্দৰ অশ্ৰু ওলাই আহিল ৰাকেশৰ! এয়া কেৱল ৰাকেশৰ সফলতা নহয় অন্যায়ৰ বিৰূদ্ধে এখন যুঁজৰ সফলতা! শেষ উশাহ থকালৈকে সি যুঁজি যাব অন্যায়ৰ বিৰুদ্ধে!
****