অপেক্ষা (ইন্দ্ৰনীল গায়ন)

ইন্দ্ৰনীল গায়ন
 
মই বাট চাম
তুমি আহিবা
লগ পাম
কথা পাতিম
দুয়ো,
একান্ত ব্যক্তিগত
নাই নাই!!
আমিতো জানো ইজনে সিজনক
সময় যেন স্তব্ধ
তুমি অহাৰ বাটত!!
মই স্বাৰ্থপৰ হৈছো..
সময় বিচাৰিছো
তুমি কৈছা
এইয়া আমাৰ প্ৰথম আৰু শেষ লগ পোৱা..
বেয়া নাপাবা..
ক্ৰমশঃ
সময়
আকৌ আমি
লগ পাম
বাট চাম তুমি
অহালৈ।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!