অপ্ৰাসংগিক(মুনীন্দ্ৰ শৰ্মা)
১)
২০১৪-১৯৯৭ = ১৭…, ঔ মাই গড্। আমি মেট্ৰিক পাছ কৰা বছৰত জন্ম হোৱা ল’ৰাই অহাবাৰ HS দিব!
নৱম, দশম মিলি ৯০০ নম্বৰ। ৬ টা বিষয়। দুখনকৈ কাকত। অসমীয়াত তিনিখন। বাপ ৰে বাপ! আমি কম হিৰ’ নাছিলো দেই কিন্তু। ৩০ নম্বৰ থাকে অবজেক্টিভ খনত। তাত কিমান পাওঁ হিচাপ কৰো গোটেই বছৰ। ভোকেন্দ্ৰ বৰুৱা / গোলাপ / হোৱাট ইজ এ গ্ৰেট বুক / দ্য অপেন উইণ্ড’ / চাইন থিটা, কছ থিটা / সমানুপাতিক অংশ আৰু অংশীদাৰী ব্যৱসায় / শ্বেয়াৰ ষ্টক আৰু লভ্যাংশ / আন্তঃৰাষ্ট্ৰীয় সংস্থা / হাইড্ৰ’কাৰ্বন…….. উফ কিমান আছিল ঐ।
তাৰ বাহিৰেও আছিল জাংগল বুক / মহাভাৰত / জুনুন / শান্তি / আলিফ লাইলা / নাইট ৰাইদাৰ…..
টেনিচ বল, ক্ৰিকেট, কুইজ আৰু ভিচিআৰৰ সেই মিক্সাৰ লাইফ। কাৰ ডেক্সত কাৰ নাম তাৰ গৱেষণাবিলাক। বেৰত / বেঞ্চত কাটি-কুটি বেয়া কৰা বিশেষ্য বিলাক / নতুনকৈ শিকি ক’বলৈ আৰম্ভ কৰা শব্দ-সম্ভাৰ। পিছৰ বেঞ্চত বহি মনে মনে পঢ়া কিতাপবিলাক….. বুজি পোৱাই পাইছে।
ছাত্ৰ সন্থাৰ ধৰ্ণা। বানপানীৰ বাবে আশ্ৰয় শিবিৰ। শোক-সভাৰ পিছত ঘৰলৈ গৈ থাকোতে পাক মাৰি ভিডিঅ’ হলত ৰঘুবীৰ / চবসে বড়া খিলাড়ী…..
ফিলিং ভেৰি ওল্ড ইউ ন’।…..
২)
আপোনাৰো বাৰু তেনেকুৱা হয়নে? বহুদিনৰ মূৰত এটা চিনাকী গোন্ধ নাকত লাগি গ’ল আৰু আপোনাৰ মনটো উৰা মাৰি গ’ল অতীতৰ কোনোবা এটা বিশেষ দিনলৈ…..
এই ধৰক বাচত গৈ আছে, আগৰ চিটত বহা ভদ্ৰ মহিলা গৰাকীৰ শাৰীখনৰ আঁচলটো পৰি আছে, আপুনি তেখেতক কথাটো ক’বলৈ অকণ হাউলি গ’ল আৰু চিনাকী তেলৰ গোন্ধ এটাই আপোনাক মনত পেলাই দিলে আপোনাৰ খুৰীৰ ড্ৰেচিং টেবুলৰ সেই বিশেষ বটলটোলৈ! কি আছিল তেলটোৰ নাম? সেই যে সেউজীয়া ৰঙৰ চেপেটা বটল এটা! কেও কাৰ্পিণ। আস….. কেও কাৰ্পিণ…..।
অথবা আপুনি খূউব একান্ত মনে ভাবি ভাবি গৈ আছে— বিশ টকা এটা ক’ত খৰছ কৰিলে, হিচাপটো যে মিলা নাই……। দোকানত? নহয়। চাহ খাওঁতে মেনেজাৰে কিমান ঘূৰাই দিলে? ঠিকেইতো দিছিল। ক’ত বেছিকৈ গ’ল? ঠিক তেনেতে আপোনাৰ নিচেই কাষেৰে পাৰ হৈ যোৱা ছোৱালীজনীয়ে গাত সনা পাৰফিউমৰ এটা মিঠা সুবাস আপোনাৰ নাকত লাগি গ’ল আৰু মুহূৰ্ততে আপোনাৰ মনৰ পৰা বিশ টকাৰ হিচাপ উৰি গ’ল। আপুনি চকু মুদি মনত পেলাব খুজিলে ক’ত পাইছিল এই সুবাস? ক’ত? ক’ত? ……… বহু দিনৰ আগতে মামাৰ ঘৰত বিয়ালৈ টাউনৰ পৰা অহা মানুহ ঘৰৰ ছোৱালী জনীৰ গাত!! ইয়েচ!! তাতেই পাইছিল এই সুবাস। তাইয়ে আছিল নেকি বাৰু এইজনী? ……. না গুছি গ’ল। এটা মিচিকিয়া হাঁহি ওলাই গ’ল আপোনা-আপুনি আপোনাৰ মুখত।
তগৰ ফুলৰ সেই চিনাকী গোন্ধটো যে, মনত আছে? সেই যে পৰীক্ষাৰ পিছত ফুৰিবলৈ গৈ আবেলি তিনিআলিৰ ফালে যাওঁতে এঘৰ মানুহৰ বাটচ’ৰাত ফুলি আছিল। এটা চিঙি আনি যে আপুনি ৰাখি থৈছিল কিতাপৰ মাজত!! মনত পৰিছে গোন্ধটো? (এইবাৰ সুবিধা পালেই গৈ আহিব।)
মনত আছেনে নতুন কিতাপৰ গোন্ধটো? হাইস্কুলত যিদিনা কিতাপ দিয়ে, শুঙি চাই চকু মুদি যে দিছিল…….।
ফ্লেছ বেকৰ দৰে বহুত কথাই মনলৈ আহে এটা চিনাকী গোন্ধ বহু দিনৰ মূৰত পালে। মনে বাৰে বাৰে উভতি যায় সেই সময়খিনিলৈ। বুকুৰ ভিতৰত কেতিয়াবা যেন হাহাঁকাৰ লাগি যায়, সেই সময়খিনি ঘূৰাই পাবলৈ। এয়া মোৰ অনুভৱ। আপোনাৰো তেনেকুৱা হয় নেকি?