গামা পেহেলৱান (-ৰাজীৱ ৰঞ্জন)


কুস্তী খেলৰ বিষয়ে আমি কম বেছি পৰিমাণে সকলোৱে জানো। আজীৱন অবিজিত ভাৰতীয় কুস্তী খেলুৱৈজন কোন আছিল জানে নে? তেখেতৰ নাম আছিল গুলাম মহম্মদ, জন্ম অমৃতসৰ, অবিভক্ত পঞ্জাৱত, ১৮৮০ চনত। স্বাধীনতাৰ পাছত তেখেত পাকিস্তানলৈ গুচি যায় আৰু লাহোৰত ১৯৬৩ চনত তেখেতৰ মৃত্যু হয়। ৫০ বছৰৰো অধিক কালজোৰা খেলুৱৈ জীৱনত তেখেত এবাৰো পৰাজিত হোৱা নাছিল। ১০ বছৰ বয়সত প্ৰথমখন কুস্তী খেলত ভাগ লোৱা গামাক ইমান কম বয়সতে অনবদ্য প্ৰদৰ্শনৰ বাবে জয়পুৰৰ মহাৰাজাই অন্তিম পোন্ধৰজন পালোৱানৰ মাজৰ পৰা বিজয়ী ঘোষণা কৰে । ১৯১০ চনত গামা আৰু তেওঁৰ কণিষ্ঠ ভাতৃ ইমাম বক্স কুস্তী খেলিবলৈ ইংলেণ্ডলৈ যায়। কিন্তু গামাৰ উচ্চতা আছিল ৫ ফুট ৭ ইঞ্চি, আৰু সেয়ে তেখেতে প্ৰতিযোগিতাত সোমাব পৰা নাছিল। গতিকে তেখেতে বাজী ৰাখে যে যিকোনো তিনিজন পালোৱানক তেওঁ ত্ৰিছ মিনিটত হৰুৱাব বুলি। বহু সময় কোনো আগবাঢ়ি অহা নাছিল আৰু সেয়ে গামাই আকৌ বাজী লগালে, এইবাৰ নাম ধৰি: Stanislaus Zbyszko আৰু Frank Gotch-ক হয় তেওঁ হৰুৱাব, নহয় প্ৰতিযোগিতাৰ টকা তেওঁলোকক দি ঘৰলৈ উভতিব। বহু সময়ৰ পাছত আমেৰিকান পালোৱান Benjamin Roller-এ গামাৰ বাজী মানি খেলিবলৈ আহে। আৰু তেওঁক গামাই প্ৰথম বাৰ ১ মিনিট ৪০ ছেকেণ্ডত আৰু দ্বিতীয় বাৰ ৯ মিনিট ১০ ছেকেণ্ডত pinned down কৰে। তাৰ পাছ দিনা গামাই ১২ জন পালোৱানক হৰুৱায় আৰু মূল প্ৰতিযোগিতাত ভাগ ল’বৰ কাৰণে অনুমতি পায়। বিশ্ব চেম্পিয়ন Stanislaus Zbyszko-ৰ বিৰুদ্ধে গামাৰ খেলৰ তাৰিখ নিৰ্ধাৰণ হয় ১০ ছেপ্তেম্বৰ, ১৯১০ চন। জিকিলে নগদ ধনৰ লগতে পাব John Bull Belt. খেল আৰম্ভ হোৱাৰ এক মিনিটৰ ভিতৰতে গামাই Zbyszko-ক বগৰাই পেলায় আৰু খেলৰ বাকী ২ ঘণ্টা ৩৫ মিনিট Zbyszko তেনেকৈয়ে বাগৰি থাকে, যাতে গামাই পইণ্ট জিকিব নোৱাৰে। প্ৰায় তিনি ঘণ্টাৰ পাছত খেলখন ড্ৰ ঘোষিত হয়। Zbyszko-ৰ লগত গামাৰ দ্বিতীয় খন খেলৰ তাৰিখ নিৰ্ধাৰণ হয় ১৭ ছেপ্তেম্বৰৰ দিনা। সেইদিনা Zbyszko খেলিবলৈয়ে নাহিল, ফলত গামাক বিজয়ী ঘোষণা কৰা হয় আৰু John Bull Belt আৰু নগদ ধন লাভ কৰে। আৰু এই বেল্টডাল লাভ কৰাৰ ফলত গামা হৈ পৰে ৰুস্তম-এ-জমানা, বিশ্ব চেম্পিয়ন। বিশ্বৰ আগশাৰীৰ বহু পালোৱানক এই যাত্ৰাকালতে গামাই ধাৰাশায়ী কৰে। ১৫ মিনিটৰ এখন খেলত আমেৰিকান চেম্পিয়ন Benjamin Roller-ক গামাই ১৩ বাৰ বগৰায়। ফ্ৰান্সৰ Maurice Deriaz, ইউৰোপিয়ান চেম্পিয়ন Johan Lemm, চুইডেনৰ বিশ্ব চেম্পিয়ন Jesse Peterson আদি সকলোকে হৰুওৱা গামাৰ লগত পাছলৈ যুঁজ কৰিবলৈ কোনো নোহোৱা অৱস্থা হয় গৈ। জাপান আৰু আমেৰিকাৰ চেম্পিয়ন পালোৱান সকলে গামাৰ আমন্ত্ৰণ প্ৰত্যাখান কৰে।
ভাৰতলৈ উভতি অহাৰ পাছত ১৯২৭ চনলৈকে গামাৰ কোনো প্ৰতিদ্বন্দী নাছিল। ১৯২৮ চনত Stanislaus Zbyszko ভাৰতলৈ আহে আৰু পাটিয়ালাত গামাই তেখেতৰ লগত খেলিবলৈ সুবিধা পায়। আৰু ফলাফল আছিল গামা বিজয়ী, ৪২ ছেকেণ্ডত! ১৯২৯ চনত গামাই শেষ বাৰৰ বাবে কুস্তী খেলে, Jesse Petersen-ৰ লগত। পাছত, ১৯৪০ চনত হায়দৰাবাদৰ নিজামে গামাক আমন্ত্ৰণ জনায়, আৰু গামাই তেখেতৰ সকলোবোৰ পালোৱানক হৰুৱাই। শেষত নিজামে গামাক বলৰাম হীৰামন সিঙৰ লগত যুঁজিবলৈ পঠিয়ায়। তেতিয়ালৈকে হীৰামন সিঙক কোনোৱে হৰুৱাব পৰা নাছিল। বহু সময় যুঁজ কৰাৰ পাছত খেলখন ড্ৰ হয়। গামাৰ তুলনাত হীৰামন সিঙৰ বয়স যথেষ্ট কম আছিল আৰু সেয়ে হয়তো গামাই তেখেতক হৰুৱাব নোৱাৰিলে। ১৯৫২ চনলৈকে গামাই অৱসৰ লোৱা নাছিল যদিও কোনেও তেখেতৰ লগত কুস্তী খেলিবলৈ সাহস কৰাও নাছিল।
২২ বছৰ বয়সত বৰোদাৰ মহাৰাজে আয়োজন কৰা এখন কুস্তী খেলত ভাগ ল’বলৈ গামা পেহেলৱানো গৈছিল। পাছে তেখেতৰ লগত যুঁজ কৰিবলৈ কোনো আগবাঢ়ি নাহিল। ফলত নিজৰ শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে গামাই শিল এটা ডাঙি লৈ কিছুদূৰ কঢ়িয়াই নিয়ে। আঢ়ৈ ফুট ওখ শিলটোৰ ওজন আছিল ১২০০ কিলোগ্ৰাম! বৰোদাৰ ছায়াজীবাগত থকা বৰোদা সংগ্ৰহালয়ত সেই শিলটো আজিও আছে, আৰু তাত লিখা আছে যে ১৯০২ চনৰ ২৩ ডিচেম্বৰৰ দিনা গুলাম মহম্মদে সেইটো ডাঙিছিল। সেই শিলটো সংগ্ৰহালয়খনত ইফাল সিফাল কৰিবলৈ ২৫ জনৰ বেছি মানুহৰ প্ৰয়োজন হয়, আৰু ফলত তেওঁলোকে হাইড্ৰলিক মেছিনৰ সহায় ল’বলগীয়া হয়।
জন আব্ৰাহামৰ অভিনয়ৰে গামা পেহেলৱানৰ জীৱনীমূলক এখন চিনেমাৰ কাম ইতিমধ্যেই চলি আছে। হয়তো সোনকালেই এইজন অনবদ্য কুস্তী খেলুৱৈৰ কাহিনী আমি ৰূপালী পৰ্দাত দেখিবলৈ পাম।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!