অমৃতা প্ৰীতমঃ ভাৰতীয় সাহিত্য জগতৰ ক’লা গোলাপ-গীতিকা শইকীয়া


“চিগাৰেটৰ ধোঁৱাৰ দৰেই নিস্তৱদ্ধতাৰ মাজেৰে কিছুমান দুখ পাৰ হৈ গৈছিল, 

মই টুকুৰিয়াই পেলাই দিয়া ছাঁইৰ মাজৰ পৰা মাথোঁ কেইটামান কবিতাহে ওলাই আহিছিল। “

কবিতা, গল্প, উপন্যাস, আত্মজীৱনী আদি অলেখ সাহিত্যকৃতিৰে ভাৰতীয় সাহিত্য জগতক মহীয়ান কৰি থৈ যোৱা অমৃতা প্ৰীতমে নিজৰ লিখনিৰ সন্দৰ্ভত এবাৰ এনেদৰে কৈছিল। 

২০১৯ চনৰ ৩১ আগষ্টত ভাৰতীয় সাহিত্য জগতৰ মহীৰূহসদৃশ ঔপন্যাসিক, যশস্বী কবি আৰু আত্মজীৱনীকাৰ অমৃতা প্ৰীতমৰ জন্ম শতবাৰ্ষিকী হৈ গ’ল। ভাৰতীয় সাহিত্যৰ এগৰাকী মহান কাণ্ডাৰী অমৃতা প্ৰীতমৰ অৱদানক স্মৰণ কৰি গুগুলে যোৱা বছৰৰ এই ৩১ আগষ্টৰ দিনটোতে এক গুগুল ডোডুলৰ জৰিয়তে এই মহান সাহিত্যিকগৰাকীৰ এশ বছৰীয়া জন্মদিনক স্মৰণ কৰে। 

ভাৰতৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী বৃন্দা জাভেৰীয়ে অংকিত কৰা সেই ডোডুলিঙত অমৃতা প্ৰীতমক এথোপা কলা গোলাপৰ সন্মুখত বহি নিজৰ ডায়েৰী লিখি থকা অৱস্থাত দেখুওৱা হৈছে। অমৃতা প্ৰীতমৰ বিখ্যাত আত্মজীৱনী “কালা গুলাব”ৰ প্ৰতীকি ৰূপ এই ডোডুলিঙত ব্যৱহাৰ কৰা হৈছে। 

১৯১৯ চনৰ ৩১ আগষ্টত জন্ম হোৱা অমৃতা প্ৰীতম আছিল সম-সাময়িক ব্যৱস্থাৰ বিপক্ষে প্ৰতিবাদৰ এক জ্বলন্ত অগ্নিশিখা। প্ৰীতমক বিংশ শতিকাৰ পঞ্জাৱী সাহিত্য ক্ষেত্ৰত সবাতোকৈ অধিক প্ৰশস্তি লাভ কৰা ব্যক্তিত্ব হিচাবে অভিহিত কৰা হয়। ইয়াৰ লগতে পাকিস্তান অধিকৃত পঞ্জাৱী ভাষী লোকসকলৰ মাজতো অমৃতা প্ৰীতম বিশেষভাৱে জনপ্ৰিয়। 

ছয় দশকতকৈও অধিক সময় ধৰি অমৃতা প্ৰীতমে কৰা সাহিত্য চৰ্চাত কবিতা, উপন্যাস, জীৱনীমূলক গ্ৰন্থ, বহুলানি প্ৰবন্ধ, পঞ্জাৱী লোক সংগীতৰ সংগ্ৰহ, আৰু দুখন আত্মজীৱনীসহ এশৰো অধিক গ্ৰন্থৰ সমাহাৰেৰে ভাৰতীয় সাহিত্য জগতত এখন সুকীয়া আসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে অমৃতা প্ৰীতমৰ প্ৰায়বিলাক গ্ৰন্থৰে বিভিন্ন ভাৰতীয় ভাষা তথা বিদেশী ভাষালৈ অনুবাদ হৈছে যদিও প্ৰীতমৰ আত্মজীৱনীদুখনেই সৰ্বাধিক ভাষালৈ অনূদিত হৈছে। 

অমৃতা প্ৰীতমৰ লিখনিসমূহৰ ভিতৰত আটাইতকৈ বেছি চৰ্চিত হৈছিল “আজ আঁখাঁ ৱাৰীচ শ্বাহ নু” নামৰ শোকগীতৰ আধাৰত লিখা কবিতাটো। কবিতাটিত ১৮শ শতিকাৰ পঞ্জাৱৰ এগৰাকী কবি ৱাৰীচ শ্বাহৰ সোঁৱৰণত তথা ভাৰত-পাকিস্তানৰ বিভাজনৰ ফলত মানুহৰ ওপৰত চলা অবৰ্ণনীয় অত্যাচাৰৰ প্ৰতিবাদ স্বৰূপে লিখা হৈছিল। এই কবিতাটিৰেই অমৃতা প্ৰীতম অমৰ হৈ ৰোৱাৰ লগতে দেশ বিভাজনৰ সেই ভয়ংকৰ ঘটনাবোৰৰ সোঁৱৰণি হিচাবেও কবিতাটি এক স্মাৰক হৈ ৰ’ল। 

কবিতাঃ আঁখাঁ ৱাৰীচ শ্বাহ নু

“আজি মই তোমাক মাতিছোঁ ৱাৰীচ শ্বাহ, 

তোমাৰ কবৰৰ ভিতৰৰ পৰা মাত দিয়া। 

আৰু চোৱা, সেই প্ৰেমৰ কিতাপখনৰ কৰণাময়তাৰে ভৰা শেষৰ পৃষ্ঠাটো পুনৰ চোৱা

এসময়ত, পঞ্জাৱৰ এজনী ছোৱালীয়ে কান্দিছিল; 

তুমি হাঁহাকাৰ কৰি সেই কাহিনী লিখিছিলা। 

আজি, লাখ লাখ ছোৱালীয়ে কান্দি আছে তোমালৈ চাই ৱাৰীচ শ্বাহ

উঠা! হে দুখৰ, যন্ত্ৰণাৰ কাহিনীকাৰ, উঠা! তোমাৰ পঞ্জাৱক চোৱা, 

শস্যৰ পথাৰবোৰত মানুহৰ শৱদেহেৰে শাৰী পাতি আছে, 

আৰু চেনাৱ নদীৰ পানী তেজেৰে ভৰি গৈছে

কোনোবাই সেই পাঁচোখন নদীৰ পানীৰ সোঁতত বিহ মিহলাই দিছে। 

সেই বিষাক্ত পানীয়ে আমাৰ শস্যৰ পথাৰবোৰ সম্পূৰ্ণকৈ দূষিত কৰি তুলিছে। “

(ৰচনাকালঃ ১৯৪৭ চন)

দেশ বিভাজনৰ ফলত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত হিন্দু, মুছলিম, আৰু শিখ আদিকে ধৰি এক কোটিৰো অধিক মানুহে প্ৰাণ হেৰুৱাইছিল। লাহোৰৰ পৰা ভাৰতলৈ অহা পঞ্জাৱী শৰণাৰ্থীসকলৰ মাজত অমৃতা প্ৰীতমো আছিল। এইদৰে পলাই আহোঁতে সন্মুখীন হোৱা অৱৰ্ণনীয় কষ্টৰ সময়তে অমৃতা প্ৰীতমে এই কবিতাটি লিখিছিল বুলি জনা যায়। 

প্ৰকৃততে ৱাৰীচ শ্বাহ পঞ্জাৱী সাহিত্যৰ অমৰ প্ৰেম গাঁথা “হীৰ-ৰঞ্জা”ৰ ৰচক আছিল। হীৰ নামৰ যুৱতী গৰাকীৰ দুখত ব্যথিত হৈ ৱাৰীচ শ্বাহে লিখা সেই অমৰ প্ৰেম কাহিনীৰ ইংগিতধৰ্মী উল্লেখেৰে অমৃতা প্ৰীতমে ভাৰত-পাকিস্তানৰ বিভাজনৰো বহু আগতেই ইহলীলা সম্বৰণ কৰা ৱাৰীচ শ্বাহ (১৭২২-১৭৯৮)ক সম্বোধন কৰি দেশ বিভাজনৰ ফলত জীয়াতু ভোগা নাৰীসকলৰ দুখৰ বৰ্ণনা কৰিছে এই কবিতাটিত। 

চাবলৈ গ’লে ১৭৯৮ চনতে ইহলীলা সম্বৰণ কৰা ৱাৰীচ শ্বাহৰ লগত ১৯৪৭ ৰ দেশ বিভাজনৰ ঘটনাৰ হয়তো কোনো ধৰণৰ সামঞ্জস্য বিচাৰি পোৱা নাযাব। কিন্তু ৱাৰীচ শ্বাহৰ ৰচিত অমৰ প্ৰেম তথা বিয়োগাত্মক কাহিনী “হীৰ-ৰঞ্জা”ৰ হীৰ নামৰ নাৰী চৰিত্ৰটিৰ দুখৰ ইমান স্পৰ্শকাঁতৰ বৰ্ণনাৰে কাহিনীটোক অমৰ কৰি দিয়া ৱাৰীচ শ্বাহক সম্বোধন কৰি অমৃতা প্ৰীতমে দেশ বিভাজনৰ ফলত হোৱা ভয়ংকৰ পৰিস্থিতিৰ বৰ্ণনা কৰিবলৈ এক তুলনামূলক উপমাৰ দৰে ব্যৱহাৰ কৰিছে। উল্লেখযোগ্য যে ৱাৰীচ শ্বাহ আৰু অমৃতা প্ৰীতমৰ জন্মস্থান একেখনেই আছিল, পাকিস্তান অধিকৃত গুৰজনৱালা। 

প্ৰীতমৰ এই কবিতাটো ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে সাংঘাতিকভাৱে জনপ্ৰিয় হৈ পৰিছিল। পাকিস্তানৰ সাহিত্য জগতৰ এগৰাকী মহান কবি, শ্বায়েৰীকাৰ ফাইজ আহমেদ ফাইজে দেশৰ স্বাধীনতা সংগ্ৰামত ভাগ লোৱাৰ অপৰাধত কাৰাবাস খাটি থকা সময়তে প্ৰীতমৰ এই কবিতাটো পঢ়িবলৈ পাইছিল। কাৰাবাসৰ পৰা ওলাই আহি তেওঁ দেখিছিল যে ৰাস্তাই-ঘাটে মানুহে অমৃতা প্ৰীতমৰ এই কবিতাটো পঢ়ি পঢ়ি উচুপি উঠিছিল। 

ভাৰতৰ এগৰাকী প্ৰভাৱশালী সাহিত্যিক খুশৱন্ত সিঙে অমৃতা প্ৰীতমৰ এই কবিতাটো ইংৰাজীলৈ অনুবাদ কৰিছিল। পিচত প্ৰীতমৰ বিখ্যাত উপন্যাস “পিঞ্জাৰ”ৰো ইংৰাজীলৈ অনুবাদ খুশৱন্ত সিঙেই কৰিছিল। অথচ প্ৰীতমৰ সাহিত্যিক পাৰদৰ্শিতাতকৈ খুশৱন্ত সিঙ অমৃতা প্ৰীতমৰ ভুৱনভুলোৱা সৌন্দৰ্যৰহে প্ৰশংসক আছিল। অৱশ্যে এই কবিতাটোৰ প্ৰসংগত খুশৱন্ত সিঙে কৈছিল, –

“অমৃতা প্ৰীতমৰ অন্যান্য সাহিত্য সম্ভাৰৰ মাজতো এই কবিতাটোৰ বাবেই তেওঁ ভাৰত আৰু পাকিস্তানত অমৰ হৈ ৰ’ল। “

১৯৫৬ চনত অমৃতা প্ৰীতমে তেওঁৰ “চুনেহড়ে” (Sunehde) নামৰ কবিতা গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী পুৰস্কাৰেৰে সন্মানীত হয়। অনস্বীকাৰ্য যে সাহিত্য অকাডেমীৰ সন্মান লাভ কৰা তেওঁ প্ৰথমগৰাকী পঞ্জাৱী লেখিকা আছিল। 

পিছত ১৯৮২ চনত ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ পুৰস্কাৰ তেখেতৰ “কাগজ টে কেনভাচ”ৰ বাবে লাভ কৰে। তেখেতলৈ ১৯৬৯ চনত পদ্মশ্ৰী আৰু ২০০৪ চনত পদ্ম বিভূষণও আগবঢ়োৱা হয়। লগতে ২০০৪ চনত সাহিত্য অকাডেমীয়ে জীৱনভৰ সাহিত্য সেৱাৰ ক্ষেত্ৰখনৰ অমৰ সাহিত্যিক প্ৰতিভা হিচাবে আগবঢ়োৱা এক বিৰল সন্মান “সাহিত্য অকাডেমী ফেল’শ্বিপ”ও আগবঢ়ায়। 

পৰাধীন ভাৰতৰ তথা বৰ্তমানৰ পাকিস্তান অধিকৃত পঞ্জাৱৰ মাণ্ডী বাহাউদ্দিনৰ গুৰজনৱালাত ১৯১৯ চনৰ ৩১ আগষ্টত অমৃতা প্ৰীতমৰ জন্ম হৈছিল। নাম ৰখা হৈছিল অমৃতা কৌৰ। তেওঁৰ পিতৃ কৰ্টাৰ সিং হিটকাৰী এজন কবি, তথা ব্ৰজ ভাষাৰ গৱেষক আছিল। ইয়াৰোপৰি এখন সাহিত্যিক পত্ৰিকাৰ সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেনেকৈয়ে শৈশৱৰে পৰা অমৃতা সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত হয়। কৰ্টাৰ সিঙ শিখ ধৰ্মীয় ভাৱধাৰাৰ দীক্ষা দিয়াৰ লগতে প্ৰচাৰক হিচাবেও সেইসময়ত জনপ্ৰিয় আছিল। ঘৰখনৰ একমাত্ৰ সন্তান অমৃতাৰ মাতৃ ৰাজ বিবি এগৰাকী স্কুলৰ শিক্ষয়ত্ৰী আছিল। কিন্তু অমৃতাৰ এঘাৰ বছৰ বয়সত মাতৃ ৰাজ বিবিৰ অকালতে মৃত্যু হয়। তাৰপিছতেই অমৃতাক লগত লৈ পিতৃ কৰ্টাৰ সিঙে লাহোৰত গৈ থাকিবলৈ লয় আৰু ১৯৪৭ চনত ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ত ভাৰতলৈ গুচি আহে। 

শৈশৱ-কৈশোৰৰ সন্ধিক্ষণতে মাতৃক হেৰুৱাই অকলশৰীয়া হৈ পৰা অমৃতাই সেই কম বয়সৰে পৰাই লিখিবলৈ আৰম্ভ কৰে। অকলশৰে থকাৰ সময়ত কিশোৰী অমৃতাই প্ৰায়েই নিজৰ লগত কথা পাতি থাকিছিল। তেনেদৰেই নিজৰ লগত কথা পতাৰ সেই প্ৰক্ৰিয়া অমৃতা প্ৰীতমে আজীৱন কৰি গৈছিল। নিজৰ লগত কথা পাতাৰ সেই প্ৰক্ৰিয়াতেই মনৰ ভাৱবোৰক লিখিবলৈ কলমটো হাতত তুলি লৈছিল। তেনেকৈয়ে ষোল্ল বছৰ বয়সত ১৯৩৬ চনত অমৃতাৰ প্ৰথমখন কবিতাৰ সংকলন “অমৃত লেহৰৌঁ” প্ৰকাশ পায়। একেটা বছৰতে ইতিমধ্যে শৈশৱতে পিতৃ-মাতৃয়ে ঠিক কৰি থোৱা তথা সেই সময়ত এখন কাকতৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰিতম সিঙৰ লগত অমৃতাৰ বিবাহ হয়। বিবাহৰ পিছত অমৃতাই নিজৰ নাম অমৃতা প্ৰীতমলৈ সলনি কৰে। উল্লেখযোগ্য যে ১৯৩৬ চনৰ পৰা ১৯৪৩ চনলৈকে অমৃতা প্ৰীতমৰ আধা ডজনতকৈও অধিক কবিতা সংকলন প্ৰকাশিত হৈছিল। 

প্ৰথম অৱস্থাত অমৃতা প্ৰীতমৰ কবিতাত ৰোমাণ্টিকতাৰ ভাৱেই অধিককৈ দেখা পোৱা গৈছিল। কিন্তু লাহে লাহে তেওঁ প্ৰগতিশীল লিখক-লেখিকাসকলৰ আন্দোলনৰ অংশ হৈ পৰে আৰু ১৯৪৩ চনৰ শেষৰ ফালে বংগত হোৱা দূৰ্ভিক্ষৰ পৰিপ্ৰেক্ষিতত, যুদ্ধ বিধস্ত হৈ পৰা অৰ্থনীতিৰ সমালেোচনা কৰি ১৯৪৪ চনত লিখা তেওঁৰ কবিতা সংকলন “লৌক পীঢ়া” (People’s Anguish))প্ৰকাশ পায়। 

অমৃতা প্ৰীতমে সাম্প্ৰদায়িক সংঘৰ্ষৰ কদৰ্যতাক কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰিছিল। সেয়েহে ২০০২ চনত গুজৰাটত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত যথেষ্ট মনোকষ্ট পাইছিল। এখন বাতৰি কাকতত হোৱা এক সাক্ষাৎকাৰত অমৃতা প্ৰীতমে কৈছিল, –

“আমি মানুহে মানুহৰ লগত যুদ্ধ কিয় কৰোঁ? এই যে ধুনীয়া ফুলবোৰ ধুনীয়াকৈ ফুলি উঠে, সেই ফুলবোৰৰ পৰা আমি বাৰু একো শিকিব নোৱাৰোঁ নেকি? সকলোবোৰ ফুলেই অত্যন্ত ধুনীয়া, কিন্তু ধুনীয়াকৈ ফুলি থকা এপাহ ফুলে আনপাহ ফুলৰ প্ৰতি কেতিয়াও হিংসা অনুভৱ নকৰে।”

সাম্প্ৰদায়িক সংঘৰ্ষৰ ভয়াবহতাৰ স্মৃতিয়ে অমৃতা প্ৰীতমক জীৱনভৰ কষ্ট দি থাকিছিল। নিজৰ সেই ভয়ংকৰ অভিজ্ঞতাৰ বিৱৰণ তেওঁ এনেদৰে দিছিল, –

“লাহোৰৰ পৰা উৎখাত হৈ আহি কিছুদিনৰ বাবে আমি ডেৰাদুনত আছিলোঁ। তাৰ পিচত কাম আৰু থাকিবলৈ ঠাই অকন বিচাৰি দিল্লীলৈ আহিছিলোঁ। দেশ বিভাজনৰ সময়ত আমি অহা সেই ট্ৰেইনখনত কৰা যাত্ৰাটোত মোৰ এনে লাগিছিল যেন বতাহৰ তীব্ৰ ঢৌৱে আন্ধাৰ ৰাতিটোক ফালি চিৰাচিৰ কৰিছে আৰু বিভাজনে ঢালি দিয়া তেজ-ক্ৰন্দনৰ দুখবোৰক সেই বতাহে বিয়পাই গৈ আছে। লাহোৰৰ পৰা আহোঁতে মই কেৱল এখন ৰঙা শ্বল লৈ আহিছিলোঁ আৰু সেই শ্বলখন মই দুভাগ কৰি ফালি মোৰ দুয়োটি সন্তানক আৱৰি দিছিলোঁ।”

তেওঁৰ আত্মজীৱনীতো এইবিষয়ে উল্লেখ কৰি অমৃতা প্ৰীতমে কৈছিল, –

“মই ভাৱোঁ যে পৃথিৱীৰ সকলোবোৰ পৌৰাণিক কাহিনী আৰু ইতিহাসত উল্লিখিত সকলোবোৰ হিংসাত্মক ঘটনা-পৰিঘটনাৰ উৰ্ধত আছিল দেশ বিভাজনৰ সময়ত অবিভক্ত পঞ্জাৱৰ মানুহে সন্মুখীন হোৱা হিংস্ৰতাৰ। দেশৰ স্বাধীনতাৰ সেই বছৰটোতে তেজেৰে লুটুৰি-পুটুৰি হোৱা সেই ভয়াবহতাৰ কোনো তুলনামূলক বিৱৰণ মই দিবলৈ অক্ষম। নিজে প্ৰত্যক্ষ কৰাৰ লগতে সেই ভয়াবহতাৰ সন্মুখীন হোৱাসকলৰ কাহিনীবোৰ ইটোতকৈ সিটো অধিক হিংস্ৰতাৰে ভৰা আছিল। সেইবোৰ মনত পেলাই লিখিবলৈ মোৰ এই জীৱন সম্পূৰ্ণ নহয়।”

স্বাধীনতাৰ পিছৰ পৰা সামাজিক কাম-কাজবোৰত অমৃতা প্ৰীতমে অন্তঃকৰণেৰে সহযোগ কৰিছিল। সামাজিক কাৰ্যকৰ্তা গুৰু ৰাধা কিচনৰ প্ৰয়াসত দিল্লীত স্থাপন কৰা স্বাধীনতা-উত্তৰ কালৰ প্ৰথমটো পুথিভঁৰালৰ কাম-কাজত অমৃতা প্ৰীতম জড়িত হৈ পৰিছিল। উল্লেখযোগ্য যে সেই পুথিভঁৰালটো বলৰাজ চাহনী আৰু অৰুণা আশ্ৰফ আলীৰ দ্বাৰা উন্মোচন কৰোৱা হৈছিল। সেই পুথিভঁৰালটো তথা তাত থকা ষ্টাডী চেণ্টাৰটো বৰ্তমানেও দিল্লীৰ ক্লক টাৱাৰ অঞ্চলত আছে। 

সেইসময়ৰ পৰা ১৯৬১ চনলৈকে অমৃতা প্ৰীতমে আকাশবাণী দিল্লী কেন্দ্ৰৰ পঞ্জাৱী ভাষা শিতানত কৰ্মৰত হৈ আছিল। 

১৯৬০ চনত হোৱা বিবাহ বিচ্ছেদৰ পিছত অমৃতা প্ৰীতমৰ লিখনিবোৰত নাৰীবাদী ভাৱধাৰা অধিকভাৱে প্ৰতিফলিত হৈছিল। তেওঁৰ নিজৰ বিবাহিত জীৱনৰ তিতা-কেঁহা অভিজ্ঞতাৰ ফলতেই এই সময়ছোৱাত লিখিত প্ৰায়বোৰ গল্প আৰু কবিতাতেই বিবাহিত জীৱনত সুখী নোহোৱাৰ কথাবোৰ প্ৰতিফলিত হৈছিল। 

প্ৰীতমৰ আত্মজীৱনী “কলা গোলাপ“ (Black Rose) আৰু “ৰছিদী টিকেট” (Revenue Stamp)কে আদি কৰি পঞ্জাৱী আৰু ঊৰ্দূ ভাষাত লিখিত প্ৰায় সকলোবোৰ সাহিত্যকৰ্মৰে ইংৰাজী, ফ্ৰেন্স, ডেনিছ, জাপানীজ, মাণ্ডাৰীণ তথা বিশ্বৰ আন বহুবোৰ ভাষালৈ অনুবাদ কৰা হৈছে। 

১৯৬৫ চনত অমৃতা প্ৰীতমৰ লিখিত “ধৰতী চাগৰ টে চিপ্পিয়াঁ” গ্ৰন্থখনৰ “কাদম্বৰী” নামেৰে পোনপ্ৰথমবাৰৰ বাবে চিনেমা নিৰ্মিত হয়। তাৰপিছতে “উনাহ দি কাহানী” নিৰ্মিত হয় “ডাকু” নামেৰে ১৯৭৬ চনত, নিৰ্দেশনা কৰিছিল বাসু ভট্টাচাৰ্যই। 

পঞ্জাৱী ভাষাত অভূতপূৰ্ব দখল থকা অমৃতা প্ৰীতমে দেশ বিভাজনৰ পিছৰ পৰা হিন্দী ভাষাতো খুব উচ্চমানৰ ৰচনাৰাজী লিখিবলৈ লৈছিল। জীৱনৰ শেষৰ ফালে তেওঁ ৰাজনীশ অ’শ্ব’ৰ বিচাৰধাৰাত ব্ৰতী হয় আৰু অ’শ্ব’ৰ বিষয়ত লিখিত ভালেখিনি কিতাপ তথা “এক ঔঁমকাৰ সতনাম”ৰ পৰিচয়সূচক পৃষ্ঠাবোৰ লিখিবলৈ ধৰে। এই অ’শ্ব’ৰ বিচাৰধাৰাৰ প্ৰতি আকৃষ্ট হোৱাৰ লগে লগে বিভিন্ন আধাত্মিক বিষয় আৰু স্বপ্ন আদিৰ বিষয়তো অমৃতা প্ৰীতমে গভীৰভাৱে লিখিবলৈ লয়। তেনেকৈয়ে “কাল চেতনা” আৰু “অজ্ঞাত কা নিমন্ত্ৰণ”ৰ ৰচনা কৰিছিল। ইয়াৰ মাজতে ১৯৬৮ চনত তেওঁৰ আত্মজীৱনী “কালা গুলাব” প্ৰকাশ পায়। তেওঁৰ নিজৰ জীৱনৰেই আন কিছু অধ্যায়ক সামৰি আত্মজীৱনীমূলক আন এখন জনপ্ৰিয় গ্ৰন্থ “ৰছিদী টিকেট” ১৯৭৬ চনত প্ৰকাশ পায়। 

অমৃতা প্ৰীতম পঞ্জাৱী ভাষাৰ “ৰতন পুৰস্কাৰ”এৰেও সন্মানীত প্ৰথমগৰাকী সাহিত্যিক আছিল। ইয়াৰোপৰি ১৯৬৯ চনত পদ্মশ্ৰী আৰু ২০০৪ চনত পদ্মবিভূষণ লাভ কৰিছিল। লগতে দিল্লী বিশ্ববিদ্যালয়, জব্বলপুৰ বিশ্ববিদ্যালয় তথা বিশ্বভাৰতী বিশ্ববিদ্যালয়কে আদি কৰি ভাৰতৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা অমৃতা প্ৰীতমক সন্মানীয় “ডি লিট” ডিগ্ৰী আগবঢ়োৱা হৈছিল। 

ইয়াৰোপৰি ১৯৭৬ চনত বুলগেৰীয়া দেশৰ সৰ্বোচ্চ সন্মান “ৱাপ্তচাৰোভ পুৰস্কাৰ” লাভ কৰে। ১৯৮৭ চনত ফ্ৰান্সৰ দ্বাৰা আগবঢ়োৱা “ডিগ্ৰীজ অৱ অফিচাৰ ডেন্স”, “অৰ্ডাৰ ডে আৰ্টচ ইট ডে লেটাৰ্চ” লাভ কৰিছিল। 

উল্লেখযোগ্য যে ১৯৮৬-৯২ বৰ্ষৰ বাবে অমৃতা প্ৰীতমক ৰাজ্যসভালৈ মনোনীত কৰা হৈছিল। 

তেওঁৰ জীৱনৰ শেষৰ ফালে পাকিস্তানৰ পঞ্জাৱী একাডেমীৰ ফালৰ পৰা এক বিশেষ সন্মান আগবঢ়োৱা হৈছিল। এই সন্মানক লৈয়ে অমৃতা প্ৰীতমে লিখিছিল আন এটি অসামান্য কবিতা, “বড়ে দিনৌ বাদ মেৰে মাইকে কৌ মেৰী য়াদ আয়ী।” 

প্ৰীতমৰ প্ৰথমটো কালজয়ী কবিতা “আঁখাঁ নু…” ৰ দৰেই এই কবিতাটিয়েও সাহিত্য অনুৰাগীসকলক সদায়েই আকৰ্ষিত কৰি আহিছে। 

শৈশৱৰে পৰা চুফী কবি তথা “হীড়-ৰঞ্জা”ৰ ৰচক ৱাৰীচ শ্বাহৰ লিখনিৰ দ্বাৰা অণুপ্ৰাণিত হৈ অহা অমৃতা প্ৰীতমৰ প্ৰতি শ্ৰদ্ধা জনাই পাকিস্তানৰ কবি-সাহিত্যিকসকলে তেখেতলৈ ৱাৰীচ শ্বাহ, তেওঁৰ সম-সাময়িক চুফী অতীন্দ্ৰিয়বাদী কবি ক্ৰমে “বুল্লে শ্বাহ” আৰু “চুলটান বাহু”ৰ সমাধিক্ষেত্ৰৰ পৰা বিশেষ চাদৰ সংগ্ৰহ কৰি দি পঠিয়াইছিল। 

জীৱনৰ প্ৰায় ষাঠিটা দশকত অমৃতা প্ৰীতমে ২৮খন উপন্যাস, ১৮খন কবিতা সংকলন, পাঁচখন ছুটি গল্প সংকলন, আৰু বিভিন্ন ৰচনাৰাজী সমৃদ্ধ ১৬খন প্ৰবন্ধ গ্ৰন্থৰ ৰচনা কৰিছিল। 

এই অনবদ্য সাহিত্যৰাজীৰ লগতে এগৰাকী অত্যন্ত সাহসী নাৰী হিচাবে প্ৰসিদ্ধ অমৃতা প্ৰীতমৰ আজিৰ এই জন্মদিৱসৰ দিনটোত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!