অশান্তি (উজ্জ্বল ফুকন)

পদুমিয়ে বুজি পোৱা নাই মানুহটোৱে নিজৰ পেটটো চাই আছে নে ফুটা ওলাই যোৱা গেঞ্জিটো। পদুমিয়ে কিমান নতুন গেঞ্জি আনি দিলে কিন্তু কোনো লাভ নাই।বৰাৰ যেন এই পুৰণা গেঞ্জিটোৰ প্রতি কিবা মোহ আছে। বৰাৰ মতে এইটো তেওঁৰ লাকি গেঞ্জি।পদুমিৰ আশাবোৰৰ দৰে বৰাৰ পেটটো দিনে দিনে বাঢ়ি গৈছে।গেঞ্জিয়ে পেটৰ হেচাত চিঞঁৰি ফুটা উলিয়াই দিছে কিন্তু বৰাৰ কোনো খবৰ নাই।চৰকাৰী বিষয়া বুধিন বৰা। গগৈ চৰকাৰে উণ্নতি কৰিছে বুলি বৰাৰ পেটটো চায়েই বুজি পোৱা যায়।

— বুদ্ধি..হীন…বুদ্ধি..হীন..

হঠাৎ নিজৰ নামটো বেয়াকৈ শুনি বৰাৰ মূৰটো জ্বলি উঠিল।এইজনী জেতুকি বাই…মূৰটো চোবাবলৈ ওলালেহি ৰাতিপুৱাই। জেতুকি বায়ে জানি বুজিয়ে তাক তেনেকৈ মাতে নে সচাকৈ তাই হোজা.. বৰাই আজিও বুজি নাপালে।

–অ’ বুদ্ধি..হীন..  কথা এটা সোধো..

কথাৰ লগত জেতুকিৰ মুখৰ পৰা তামুলৰ পিক দুটোপাল উফৰি আহিল।বৰাই মূৰ তুলি কলে

–সোধা

–বোলো আমাৰ শান্তি নাই নেকি ঘৰত?
–আছে তো .. কত যাব তাই ?

বৰাৰ ডাঙৰ জীয়েকৰ নাম শান্তি।
— নহয় মানে যোৱাকালি কোনোবা মন্ত্ৰী এটাই আমাৰ সেই হাইষ্কুল খেল পথাৰত ভাষন দিছিলহি।সি চিঞঁৰি চিঞঁৰি কেইবাবাৰো কলে..অসমলৈ শান্তি ঘূৰি আহিছে, মই বোলো ..  ঘূৰি আহিবলৈ আমাৰ শান্তি বাহিৰলৈ গল কেতিয়া ?

পদুমিৰ এইবাৰ খঙটো টিঙচকৈ উঠি আহিল। জেতুকিয়ে যে এইবোৰ জনি বুজি সোধে তাই জানে ,

–অই বাই যা ইয়াৰপৰা ৰাতিপুৱাই মূৰ গৰম নকৰিবি।

পদুমিৰ হুতা মাত আৰু বৰাৰ ৰঙা হৈ অহা চকু কেইটা দেখি জেতুকি পিছলৈ নোচোৱাকৈ আগবাঢিল।বৰাই বাতৰি কাকতখনত চকু ফুৰাব ধৰিলে। হঠাৎ বহুত মানুহৰ চিঞঁৰ শুনি বৰাৰ চকু ঘৰৰ মূখৰ আলিবাতটোত পৰিল।হোৱাই নোহোৱাই প্রছেচন কৰাই আজিকালিৰ লৰামখাৰ কাম। কি লিখা আছিল বেনাৰবোৰত বৰাই পঢ়িব নোৱাৰিলে।লাহে লাহে প্রছেচনটো আহি ঘৰৰ মূখ পালেহি। বৰাই মন কৰিলে লৰাবোৰৰ খোজৰ গতি যেন কমি আহিছে।

— আমাক শান্তি লাগে

এটাই টেটুফালি চিঞঁৰিলে।পিছে পিছে গোটেই জাকটোৱে চিঞঁৰিলে

— আমাক শান্তি লাগে।

বৰাৰ যেন এইবাৰ খঙ গৈ মূৰত উঠিছিল।বৰাক জপনাৰ ওচৰলৈ ওলাই অহা দেখি গোটেই জাকটো ভিৰাই লৰ দিলে।একেবাৰে শেষত গৈ থকা পিলিঙা এটাই দৌৰি দৌৰি চিঞঁৰি গ’ল

— মোকো শান্তি লাগে।

পৰ্দাৰ পাছফালে লুকাই থকা শান্তিয়েও এইবাৰ হাঁহি ৰখাব নোৱাৰিলে।ভোৰভোৰাই সোমাই অহা বৰাক দেখি পদুমিয়ে মুখ মেলিলে-

— কিহে পাইছিল আপোনাক তাইৰ নাম শান্তি দিবলৈ ?এতিয়া তাইৰ কাৰনে সদায় অশান্তি ঘৰখনত।
বৰাই কি উত্তৰ দিব ভাবি নাপায় আকৌ কাকতখনত চকু ফুৰাবলৈ চেষ্টা কৰিলে।ৰাষ্টাৰ সিপাৰৰ ধোবা দোকান খনৰ পৰা এটা গান ভাহি আহিল

–মুণ্নি বদনাম হুই ডাৰ্লিং তেৰে লিয়ে।

খঙৰ মাজটো বৰাই ঢেকঢেকাই হাঁহি পদুমিক ক’লে,

— সৰুজনীৰ নাম কিন্তু  মুণ্নি মই দিয়া নাই।

মুণ্নিয়ে মাটিত লেপেটা কাঢ়ি বহি মাক দেউতাকক চাই আছে।হয়তো তাই মাকক শুধিব বিচাৰিছে তাই বা কিয় বদনাম হল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!