অসমীয়া পৰম্পৰাগত আঙুলি পিঠা–বৰ্ণালী পবিত্ৰ শৰ্মা

উপকৰণসমূহ: 

১/জহা চাউলৰ পিঠাগুৰি দুকাপ

২/পানী একাপ

৩/নিমখ আধা চাহ চামুচ

৪/ঘি দুচামুচ

৫/গাখীৰ এক লিটাৰ

৬/গুৰ সৰু এটুকুৰা (চেনীৰ পৰিবৰ্তে)

৭/ইলাচি এটা

৮/তেজপাত এখিলা

প্ৰণালীঃ

কেৰাহীত পানী একাপ দি উতলিবলৈ দি তাতে নিমখ আৰু ঘি এচামুচ দিলো। উতলি থকা পানীখিনিত পিঠাগুৰিখিনি দি ভালদৰে লৰাই ঢাকি দি গেছ অফ কৰি ঢাকোন লগাই দহ মিনিট ৰাখিলো। পিছত পিঠাগুৰিখিনি হেতাৰে ভালদৰে লৰাই অলপ ঠাণ্ডা কৰি পাত্ৰ এটাত বাকি আটা মথাৰ দৰে মথি ললো। মঠি লোৱা পিঠাখিনি হাতত অলপ ঘিউ সানি সৰু সৰু বল বনাই  দুই হাতেৰে মোহাৰি  আঙুলিৰ আকাৰ দিলো।গোটেইখিনি পিঠা আঙুলিৰ আকাৰ দি বনাই ললো।

কেৰাহী এখন গেচৰ ওপৰত ৰাখি তাতে গাখীৰ এক লিটাৰ দি উতলিবলৈ দিলো ।ইলাচি আৰু তেজপাত দি গাখীৰখিনি উতলি আধা হোৱালৈ মাজে মাজে লৰাই ঘিউ এচামুচ দি আকৌ গাখীৰখিনি লৰাই দিলো।এটুকুৰা সৰু গুৰ তাতে কুটি দি পগাই মিশ্ৰণটো লাহে লাহে ডাঠ হ’বলৈ ধৰাত  আঙুলিৰ আকাৰৰ পিঠাবোৰ উতলি থকা গাখীৰখিনিত ঢালি পাঁচ মিনিটমান সময় উতলিব দি সিজি যোৱাত নমাই ৰাখিলো। তেজপাত আৰু ইলাচি আতৰাই লৈ অলপ ঠাণ্ডা হোৱাৰ পিছত পৰিবেশন কৰিলো।


Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!