অসমীয়া সংখ্যাবাচক শব্দ সংস্কাৰৰ আৱশ্যকতা

লেখক- ড° চম্পক কুমাৰ শৰ্মা

ভাষা পৰিৱৰ্তনশীল। সময়ৰ ক্ৰমগতিৰ লগে লগে ই সলনি হোৱাটো চিৰন্তন ৰীতি। পৰম্পৰাবাদীসকলে হেজাৰ চেষ্টা কৰিও ভাষাৰ পৰিৱৰ্তন ৰোধ কৰিব নোৱাৰে। সেইবুলি পৰম্পৰাবাদীসকলৰ প্রচেষ্টাও অথলে নাযায়। তেওঁলোকৰ চেষ্টাতে ভাষাটোৰ স্বকীয়তা বর্তি থাকে। কিন্তু পৰিৱেশ-পৰস্থিতি, ন-ন আৱিষ্কাৰ-উদ্ভাৱন আৰু আধুনিক জীৱন প্ৰৱাহৰ গতি-প্রকৃতিৰ লগত খাপ খাবলৈ ভাষাৰ স্বভাৱজাত পৰিৱৰ্তনৰ আৱশ্যকতা আছে। কেতিয়াবা স্বভাৱজাত পৰিৱৰ্তন বিকাশমুখী নহ’বও পাৰে। তেতিয়াই সেই পৰিৱৰ্তনশীলতা আলোচ্য বিষয় হৈ উঠে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা সংখ্যাবাচক শব্দৰ ক্ষেত্ৰতো এনে এক আলোচনাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

             অসমীয়া ভাষাটো ঘাইকৈ সংস্কৃতমূলীয় ভাষা। সংখ্যাবাচক শব্দবোৰো সংস্কৃত ভাষাৰ পৰা অহা। এই শব্দবোৰক দুটা শ্রেণীত ভগোৱা হয়, ইয়াৰে এটাক ‘সংখ্যা শব্দ’ আৰু আনটোক ‘পূৰণ শব্দ’ বোলে। সংখ্যা শব্দ হ’ল- এক, দুই, তিনি, চাৰি, পাঁচ… আদি। পূৰণ শব্দ হ’ল- প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চম… আদি। ক্রমিকস্থান বুজাবলৈ পূৰণ শব্দ ব্যৱহাৰ কৰা হয়। পূৰণ শব্দবোৰ বা ক্রমিকস্থান নিৰূপক শব্দবোৰ এইদৰেও লিখা হয়- ১ম, ২য়, ৩য়, ৪র্থ, ৫ম… আদি। কম পৰিসৰৰ ভিতৰত বা চুটি ৰূপত লিখিব পাৰি বাবে ১ম, ২য়, ৩য়, ৪র্থ, ৫ম … আদিৰ ব্যৱহাৰ বেছি দেখা যায়। কিন্তু এইদৰে লিখাৰ ফলত ১১শ, ১২শ, ১৩শ, ১৪শ, ১৫শ, ১৬শ, ১৭শ, ১৮শ আৰু ১৯শক সৰহসংখ্যক লোকে এঘাৰশ, বাৰশ, তেৰশ, চৈধ্যশ, পোন্ধৰশ, যোল্লশ, সোতৰশ, ওঠৰশ আৰু ঊনৈশশ বুলি উচ্চাৰণ কৰে। যিবোৰৰ দৰাচলতে উচ্চাৰণ হ’ব লাগে একাদশ, দ্বাদশ, ত্রয়োদশ, চতুর্দশ, পঞ্চদশ, ষষ্ঠদশ (ষোড়শ), সপ্তদশ, অষ্টাদশ, আৰু ঊনবিংশহে। সাধাৰণ লোকৰ কথাতো বাদেই উচ্চ শিক্ষাৰে শিক্ষিত লোকেও এঘাৰশ , বাৰশ বুলি কোৱা শুনা যায়। টিভি আদি প্ৰচাৰ মাধ্যমসমূহত বাতৰি পঢ়োঁতা, সভা-সমিতিৰ বক্তা-ঘোষক আদিয়েও প্রায়ে এই ভুল কৰি আহিছে। বিদ্যালয় মহাবিদ্যালয়ৰ বহু শিক্ষকে, ”মাধৱ কন্দলি ১৪ শ শতিকাৰ কবি” , “শংকৰদেৱৰ জন্ম হৈছিল ১৫ শ শতিকাত” জাতীয় বাক্যবোৰ চৈধ্যশ, পোন্ধৰশ বুলি উচ্চাৰণ কৰে। চতুৰ্দশ, পঞ্চদশ নকৰে।

             ১৪শ বা চতুর্দশ শতিকাৰ ভিতৰত অন্তর্ভুক্ত এশটা বছৰ হ’ল-১৩০১, ১৩০২, ১৩০৩………… ১৩৯৭, ১৩৯৮, ১৩৯৯, ১৪০০ খ্রীষ্টাব্দ । অর্থাৎ ১৩০১ চনৰ পৰা ১৪০০ চনলৈ, এই এশটা চন ১৪ শ বা চতুর্দশ শতিকাৰ ভিতৰত পৰে। ১৪ শ (চতুর্দশ) শতিকাক ভুলকৈ চৈধ্যশ শতিকা বুলি উচ্চাৰণ কৰিলে ১৪০০০০ চনকে ধৰি ইয়াৰ আগৰ ৯৯ টা বছৰক বুজাব । গতিকে দেখা গ’ল যে ১৪শ শতিকাটোক চৈধ্যশ শতিকা বুলি মতাটো (উচ্চাৰণ কৰাটো) গুৰুতৰ বিসংগতিপূর্ণ কথা। এই বিসংগতি এৰাই চলাৰ বাবে ১৪ শ, ১৫ শ নিলিখি চতুর্দশ, পঞ্চদশ লিখাৰ নিয়ম গঢ়িব লাগিব। নহ’লে ১৪ শতিকা, ১৫ শতিকা লিখাৰ পন্থা গ্রহণ কৰিব লাগিব।

           সংস্কৃত ভাষাৰ জটিলতা এৰি বহু সময়ত সৰলভাৱে উচ্চাৰণ কৰাৰ নিয়ম গঢ়ি উঠিছে। যেনে ২০তম-ক বিংশতিতম নুবুলি ‘বিশতম’, ২১তম-ক একবিংশ নুবুলি ‘একৈশতম’, ৩৪তম-ক চতুস্ত্রিংশত্তম নুবুলি ‘চৌত্রিশতম’, ৭২তম-ক দ্বাসপ্ততিতম নুবুলি ‘বাসত্তৰতম’, ৯৩তম-ক ত্রিনৱতিতম নুবুলি ‘তিৰানব্বৈতম’ বোলাৰ নিয়ম। একেদৰে একাদশক ১১তম, দ্বাদশক ১২তম, ত্রয়োদশক ১৩তম বুলি লিখাৰ নিয়ম কৰিব নোৱাৰিনে ? পহিলা দহটা শব্দক লৈ একো সমস্যা নাই; এই বোৰ সঠিকভাৱেই ব্যৱহাৰ হয়। যেনে- ১ম (প্রথম), ২য় (দ্বিতীয়), ৩য় (তৃতীয়), ৪র্থ (চতুর্থ), ৫ম (পঞ্চম), ৬ষ্ঠ (ষষ্ঠ), ৭ম (সপ্তম), ৮ম (অষ্টম), ৯ম (নৱম), ১০ম (দশম)। সমস্যা হয় ১১শ, ১২শ, ১৩শ, ১৪শ, ১৫শ, ১৬শ, ১৭শ, ১৮শ আৰু ১৯শকলৈ। ২০ৰ পৰা পৰৱৰ্তী সকলো সংখ্যাৰ লগতেই ‘-তম’ যোগ হয়। যেনে- ২০তম, ২১তম, ১০০তম, ১২০তম ইত্যাদি। গতিকে ‘-তম’ সৰ্গটোৰ ব্যৱহাৰ ১১ৰ পৰা সকলো সংখ্যাৰ লগত কৰাৰ নিয়ম প্ৰৱৰ্তন হ’লে অসমীয়া ভাষাৰ বিভ্রান্তিকাৰী এক কাৰকৰ বিলুপ্তি ঘটিব।

           অসমীয়া পূৰণ শব্দৰ গৰিষ্ঠসংখ্যক শব্দই ‘-তম’ পৰসৰ্গযুক্ত শব্দ। উৎকৃষ্টতম, নিকৃষ্টতম, উচ্চতম, নিম্নতম, শ্রেষ্ঠতম, জ্যেষ্ঠতম, কনিষ্ঠতম, কনিষ্ঠতম, বিশিষ্টতম, সর্বোত্তম, উত্তম, মহত্তম, আদিতম, শেহতম, মধ্যতম, পহিলাতম, ক্ষুদ্রতম, বৃহত্তম, সুন্দৰতম, কুৎসিৎতম আদি অসংখ্য ‘-তম’ সৰ্গযুক্ত শব্দৰ লেখিয়াকৈ ১১তম, ১২তম, ১৩তম, ১৪তম, ১৫তম, ১৬তম, ১৭তম, ১৮তম, ১৯তম লিখাৰ নিয়ম প্ৰৱৰ্তন হ’লে আমাৰ ভাষাটো অধিক শক্তিশালী হৈ উঠিব। অন্ততঃ লিখাৰ ধৰণেই উচ্চাৰণ কৰিব পৰা যাব। বহু পণ্ডিতে ইতিপূর্বে আগবঢ়োৱা পৰামৰ্শ অনুসৰি ১ সংখ্যক, ২ সংখ্যক, ৩ সংখ্যক, ১১ সংখ্যক, ১৯ সংখ্যক আদিৰ ব্যৱহাৰো চলি থাকক। ইফালে ‘- তম’ৰ ব্যৱহাৰকো ভুল বুলি ধৰা নহওক। তেতিয়া ভাষাটোৰ আন এক জটিলতা দূৰ হ’ব বুলি আশা কৰিব পাৰি। বিশেষকৈ অনা-অসমীয়া মাধ্যমত পঢ়া ছাত্র-ছাত্রীখিনিৰ বাবেও অসমীয়া এটা মনোগ্রাহী ভাষাত পৰিণত হ’ব।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments