২০২৬ ৰ বানে আমাক কি শিকালে?

লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই

  দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ আগমনৰ লগে লগে প্ৰতিবছৰে অসম উপত্যকাত ধাৰাসাৰ বৃষ্টিৰ যি প্লাৱন আহে, তাক কেৱল এক প্ৰাকৃতিক দুৰ্যোগ বা অত্যাধিক বৰষুণৰ এক স্বাভাৱিক পৰিণতি বুলি ক’লেই হয়তো সমস্যাৰ এই স্বৰূপটোক চৰমভাৱে সৰলীকৰণ কৰা হ’ব । প্ৰতিটো বাৰিষাতে যেতিয়া সমগ্ৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বিস্তৃত অঞ্চল বাৰে বাৰে জলমগ্ন হয়, তেতিয়া প্ৰতিজন বান পীড়িত ব্যক্তিয়েই দুৰ্ভোগ ভোগে ৷ হাজাৰ হাজাৰ হেক্টৰ উৎপাদনশীল কৃষিভূমি, পৈতৃক মাটি-ভেটি, যাতায়াত আন্তঃগাঁথনি, শৈক্ষিক প্ৰতিষ্ঠান আৰু সামগ্ৰিক জীৱিকাৰ সকলো আধাৰ পলকতে নৈৰ বুকুত বিলীন হৈ যায় ৷ এইয়া জানো কেৱল এক ঋতুকালীন বিপৰ্যয়? নিশ্চয় নহয় ৷ বৰং দশকজুৰি চলি অহা এক জটিল আন্তঃগাঁথনিয়ে সৃষ্টি কৰা সংকটৰ ই বহিঃপ্ৰকাশহে মাথো । এই সংকটৰ কাৰণ কেৱল অত্যাধিক বৰষুণেই হ’ব নোৱাৰে ৷ ই হিমালয়ৰ ভূ-তাত্ত্বিক অস্থিৰতা (Tectonic Instability), আন্তঃসীমান্ত নদী অৱবাহিকাৰ গতিশীলতা (Transboundary River Dynamics), অবৈজ্ঞানিক কাৰ্যকলাপ, ব্যাপক বনাঞ্চল ধ্বংস, নদী ব্যৱস্থাপনা নীতিৰ পৰম্পৰাগত সীমাবদ্ধতা, জলবায়ু পৰিৱৰ্তন আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ অভাৱৰ দৰে বহু আন্তঃসংলগ্ন কাৰকৰ এক সামূহিক ফলশ্ৰুতি । বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব অগ্ৰগতিৰ যুগতো অসমে কিয় এই বাৰ্ষিক ধ্বংসচক্ৰৰ পৰা স্থায়ী মুক্তি লাভ কৰিব পৰা নাই, সেই  প্ৰশ্নৰ উত্তৰ কেৱল বৃষ্টিপাতৰ পৰিসংখ্যাই দিব নোৱাৰে । ইয়াৰ বাবে প্ৰয়োজন হ’ব বহুমাত্রিক দৃষ্টিভংগীৰে ফঁহিয়াই চোৱা এক গভীৰ বৈজ্ঞানিক পৰ্যালোচনাৰ ।

বিগত কেইটামান দশকৰ পৰিসংখ্যা আৰু চাক্ষুষ অভিজ্ঞতাৰ ভিত্তিত ক’ব পাৰি যে সাম্প্ৰতিক অসমৰ বানপানীৰ পৰম্পৰাগত প্ৰাকৃতিক বৈশিষ্ট্যৰ উল্লেখনীয়ভাৱে সাল-সলনি ঘটিছে । পূৰ্বতে দীৰ্ঘসময় ধৰি হোৱা মৌচুমী বৰষুণৰ ফলত নদীৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাই বান পৰিস্থিতিৰ সৃষ্টি হৈছিল । কিন্তু সাম্প্ৰতিক বছৰসমূহত অতি কম সময়ৰ ভিতৰতে হোৱা তীব্ৰ বৃষ্টিপাত আৰু উজনি অৱবাহিকাৰ পৰা আকস্মিকভাৱে নামি অহা প্ৰবল জলপ্ৰবাহে বানৰ তীব্ৰতা আৰু ধ্বংসৰ হাৰ বহুগুণে বৃদ্ধি কৰিছে । এই পৰিৱৰ্তিত বানৰ এক জ্বলন্ত উদাহৰণ হৈছে ২০২৬ চনৰ জুলাই মাহৰ অপ্ৰতিৰোধ্য আৰু আকস্মিক বান — যিয়ে উজনি অসমত সাম্প্ৰতিক দশকসমূহৰ ভিতৰত অন্যতম দুৰ্যোগ হিচাপে পৰিগণিত হৈছে ।

নাগালেণ্ডৰ পাহাৰীয়া অঞ্চলত হোৱা অতি প্ৰবল আৰু ধাৰাবাহিক বৃষ্টিপাতৰ ফলত দিখৌ আৰু দিচাং নদীৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ৷ বিশেষকৈ দিচাং নদীয়ে ১৯৯৮ চনৰ পৰা অক্ষুণ্ণ হৈ থকা ইয়াৰ সৰ্বোচ্চ ঐতিহাসিক জলস্তৰ অতিক্ৰম কৰি এক অনাকাংক্ষিত অভিলেখ সৃষ্টি কৰিছে । ইয়াৰ ফলত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত নজিৰবিহীন বান পৰিস্থিতিৰ উদ্ভৱ হৈছে । চেৰেকাপাৰ, ভাটি বঙাগাঁও, কোঁৱৰপুৰ, অৰ্জুনগুৰি আদি বিস্তীৰ্ণ গ্ৰাম্য অঞ্চলৰ লগতে নাজিৰা, আমগুৰি আৰু তৈলক্ষেত্ৰ অধ্যুষিত গেলেকী, চন্তক ও বিহুবৰৰ দৰে সীমান্তৱৰ্তী অঞ্চলসমূহ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে । আনকি ঐতিহাসিক শিৱসাগৰ চহৰৰ বৃহৎ অংশ, মূল বজাৰ এলেকাসমূহো ৩ৰ পৰা ৫ ফুট পানীৰ তলত বুৰ গৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ ২৩ জুলাইৰ তথ্য অনুসৰি, শিৱসাগৰ জিলাই সৰ্বাধিক প্ৰাণহানিৰ সাক্ষী হৈছে আৰু সমগ্ৰ ৰাজ্যতে মৃত্যুৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে ।

ASDMA ৰ তথ্য অনুসৰি, সমগ্ৰ ৰাজ্যখনত ৬.৫ লাখতকৈও অধিক লোক প্ৰত্যক্ষভাৱে আক্ৰান্ত হৈছে, যাৰ ভিতৰত কেৱল শিৱসাগৰ জিলাৰে প্ৰায় ৪০০ খন গাঁৱৰ ৩.৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে । একাধিক স্থানত মথাউৰি ভাঙি অপ্ৰতিৰোধ্য ৰূপত পানী বাহিৰ ওলাই  অহাৰ ফলত বহু ঠাইত স্থল আৰু ৰে’ল যোগাযোগ গুৰুতৰভাৱে ব্যাহত হৈছে ৷ বিশেষকৈ শিমলুগুৰি ৰে’লৱে ব্ৰীজৰ সমীপত ৰে’লপথ জলমগ্ন হোৱাত উজনি অসমৰ সৈতে মূল ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । সমান্তৰালভাৱে, প্ৰায় ২৪ হাজাৰ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে ৷ ফলত অনাগত দিনবোৰত কৃষিনিৰ্ভৰ গ্ৰাম্য অৰ্থনীতি গভীৰ সংকটৰ সন্মুখীন হ’ব । অসংখ্য পোহনীয়া জীৱ-জন্তুও আছে যি খাদ্য আৰু আশ্ৰয়ৰ অভাৱত অবৰ্ণনীয় দুৰ্ভোগ ভোগিছে ৷ লগতে খোৱাপানীৰ সংকট, ব্যাহত বিদ্যুৎ যোগান আৰু ব্যৱসায়-বাণিজ্যত হোৱা ব্যাপক লোকচানে এই দুৰ্যোগক আৰু এখোপ ওপৰলৈ লৈ গৈছে ৷ অসমৰ সামাজিক, অৰ্থনৈতিক আৰু আন্তঃগাঁথনিত ই নিশ্চয়কৈ গভীৰ আঘাত সানিব ৷

নদী অৱবাহিকাৰ সামগ্ৰিক আয়তন আৰু জল-প্ৰৱাহৰ অনুপাতে ব্ৰহ্মপুত্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি অনিয়ন্ত্ৰিত পলস কঢ়িয়াই অনা নদী প্ৰণালীসমূহৰ অন্যতম । বিশেষকৈ ১৯৫০ চনৰ ঐতিহাসিক ভূমিকম্পৰ পাছৰে পৰা এই সৰ্পিল নদীখনৰ স্বাভাৱিক ভৌগোলিক ভাৰসাম্য অৰ্থাৎ ‘অৱসাদন আৰু খহনীয়াৰ গতিশীল-সাম্যাৱস্থা’ (Aggradation-Degradation Dynamic Equilibrium)ত চিৰদিনৰ বাবে গভীৰ আঘাত লাগিল । সেই  ভূ-তাত্ত্বিক জোকাৰণিৰ ফলত হিমালয়ৰ তৰুণ পৰ্বতমালাৰ পৰা টনে টনে খহি পৰা ভূ-খণ্ড আৰু শিলে ব্ৰহ্মপুত্ৰ তথা ইয়াৰ উপনৈসমূহৰ বুকুবোৰ ক্ৰমান্বয়ে আৰু স্থায়ীভাৱে ওখহাই তুলিলে । নদীৰ এই ক্ৰমবৰ্ধমান অৱসাদনে ইয়াৰ জল-বহন ক্ষমতা বহুলভাৱে সংকুচিত কৰাৰ লগতে ইয়াৰ সুঁতিসমূহকো অনিয়ন্ত্ৰিতভাৱে অগভীৰ আৰু বহু-সুঁতিযুক্ত (Braided River Channel) এক জটিল নদী-প্ৰণালীলৈ ৰূপান্তৰিত কৰিলে । সাম্প্ৰতিক জলবায়ু পৰিৱৰ্তনে এই বিদ্যমান সংকটক আৰু এক নতুন আৰু অধিক সংহাৰী মাত্ৰা প্ৰদান কৰিছে । মৌচুমী বায়ুৰ চৰিত্ৰও সলনি হৈছে ৷ এতিয়া গোটেই বাৰিষা কালছোৱাত সমভাৱে বৰষুণ হোৱাৰ পৰিৱৰ্তে কম সময়ৰ ভিতৰতে পাহাৰীয়া অঞ্চলসমূহত  অত্যধিক কেন্দ্ৰীভূত বৃষ্টিপাত বা মেঘবিস্ফোৰণ হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যেই পলসেৰে অগভীৰ হৈ পৰা নদীৰ বুকুবোৰে এই আকস্মিক জলপ্ৰৱাহ বহন কৰিব নোৱাৰাত পানীৰ স্তৰে মুহূৰ্তৰ ভিতৰতে বিপদসীমা অতিক্ৰম কৰে । ফলত সমগ্ৰ ভৈয়াম অঞ্চলত বিনাশকাৰী আকস্মিক বান আৰু সমান্তৰালভাৱে গৰাখহনীয়াৰ সৃষ্টি হয় ৷ 

অসমৰ বান ব্যৱস্থাপনাৰ প্ৰতিষ্ঠানিক ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, ১৯৫৪ চনৰ ৰাষ্ট্ৰীয় বান নীতিৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে গ্ৰহণ কৰা প্ৰতিটো চৰকাৰী কাৰ্যসূচী কেৱল মথাউৰি কেন্দ্ৰিক এক সংকীৰ্ণ সৰলীকৃত দৃষ্টিভংগীৰে কৰা পুৰণিকলীয়া কিছুমান কাৰিকৰী কৌশলহে । নদীক কৃত্ৰিম প্ৰাচীৰেৰে বান্ধি ৰখাৰ এই ঔপনিৱেশিক যুগৰ কাৰিকৰী কৌশলে সাময়িক সুৰক্ষা দিলেও, দীৰ্ঘম্যাদত ই সমগ্ৰ উপত্যকাটোলৈ এক নতুন প্ৰত্যাহ্বানহে কঢ়িয়াই আনে । নদীৰ প্ৰাকৃতিক প্লাৱনভূমিক জল-নিষ্কাশনৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ পৰা বিছিন্ন কৰি গঢ়ি তোলা এই পথালি বান্ধবোৰে নদীৰ নিজস্ব গতিশীলতাক এক কৃত্ৰিম কাৰাগাৰত বন্দী কৰি পেলাইছে । ফলস্বৰূপে মথাউৰিৰ ওপৰত ক্ৰমান্বয়ে সঞ্চিত হোৱা হাইড্ৰ’লজিক চাপে নদীৰ জলপৃষ্ঠক কাষৰীয়া ভৈয়ামৰ জনবসতিপূৰ্ণ সমতল ভূমিতকৈ বহুখিনি ওপৰলৈ ওফন্দাই তুলিছে । এনে পৰিস্থিতিত কাৰিকৰী ত্ৰুটী অথবা প্ৰশাসনিক মেৰামতিৰ অভাৱত যেতিয়া কোনো মথাউৰিৰ পুৰণি বা দুৰ্বল অংশ ভাঙি যায়, তেতিয়া সেই জলৰাশি স্বাভাৱিক বান হৈ নবৈ এক অপ্ৰতিৰোধ্য আৰু সংহাৰী জল-বোমাৰ দৰে প্ৰচণ্ড বেগেৰে জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি আকস্মিকভাৱে সমগ্ৰ জনপদক মোহাৰি লৈ যায় । ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ বহুগুণে বৃদ্ধি পায় । সেয়েহে বৰ্তমানৰ এই ভয়ংকৰ বিপৰ্যয়ক কোনো প্ৰাকৃতিক পৰিঘটনা বুলি নকৈ ত্ৰুটিপূৰ্ণ অভিযান্ত্ৰিক দৰ্শন আৰু দুৰ্নীতিগ্ৰস্ত প্ৰতিষ্ঠানিক ব্যৱস্থাপনাৰ এক  মানৱসৃষ্ট পৰিণতি বোলাহে যুগুত হ’ব ৷

অসমৰ বান সমস্যাৰ আন এক অতি স্পৰ্শকাতৰ আৰু জটিল কিন্তু তুলনামূলকভাৱে কম আলোচিত বিষয় হৈছে আন্তঃৰাজ্যিক আৰু আন্তঃসীমান্ত জল-ব্যৱস্থাপনাৰ বিষয়টো । ভৌগোলিকভাৱে অসমৰ অৱস্থান এক অৱতল পাত্ৰৰ নিম্নভূমিৰ দৰে যাক আবৰি আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু চুবুৰীয়া ভূটানৰ দৰে উচ্চভূমিৰ অঞ্চলসমূহে । এই  অববাহিকাৰ ৰাজ্য আৰু দেশসমূহত অপৰিকল্পিতভাৱে গঢ়ি তোলা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বান্ধসমূহ সাম্প্ৰতিক কালত অসমৰ ভৈয়ামৰ বাবে এক পাৰিপাৰ্শ্বিক অভিশাপস্বৰূপ হৈ পৰিছে । এই বান্ধসমূহ যেনে — ৰঙানদী বা কুৰিছু (ভোটান)ৰ পৰা কোনো আগতীয়া সতৰ্কবাণী নোহোৱাকৈ বা অপৰিকল্পিতভাৱে যেতিয়া হঠাতে অতিৰিক্ত পানী এৰি দিয়া হয়, তেতিয়া অসমৰ আক্ৰান্ত অঞ্চলসমূহত কৃত্রিম আৰু অপ্ৰত্যাশিত বানপানীৰ সৃষ্টি হয় । এক সুসংহত আন্তঃৰাজ্যিক নদী অৱবাহিকা কৰ্তৃপক্ষ (Transboundary River Basin Authority) ৰ অভাৱ আৰু সমন্বিত জল-ব্যৱস্থাপনা নীতিৰ আসোঁৱাহৰ বাবেই অসমৰ এই বান পৰিস্থিতি দিনক দিনে অধিক জটিল হৈ পৰিছে ।

তদুপৰি আমাৰ প্ৰতিষ্ঠানিক সীমাবদ্ধতাবোৰতো আছেই ৷ আজিৰ তাৰিখত বিশ্বৰ বহু দেশে আধুনিক জল-বিজ্ঞান (Hydrology), দূৰসংবেদন (Remote Sensing), বাস্তৱ-সময়ৰ তথ্য বিশ্লেষণ (Real-time Monitoring) আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ সহায়ত বতৰৰ আগজাননীৰ এক অত্যন্ত নিখুঁত ব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম হৈছে । অথচ অসমত এই আধুনিক প্ৰযুক্তিসমূহৰ পূৰ্ণাংগ আৰু সমন্বিত প্ৰয়োগ এতিয়াও চৰকাৰী ফাইল বা সীমিত পৰীক্ষামূলক প্ৰচেষ্টাতেই সীমাৱদ্ধ হৈ আছে । ফলস্বৰূপে বানপানী অহাৰ আগতে পাবলগীয়া জৰুৰীকালীন সতৰ্কবাণী, সঠিক তথ্যৰ বিনিময় আৰু দুৰ্যোগৰ পূৰ্ব প্ৰস্তুতি যিমান খৰতকীয়া হ’ব লাগিছিল, সি আজিও হৈ উঠা নাই ।

ঠিক তেনেদৰে আমাৰ বান ব্যৱস্থাপনা দপ্তৰটোৰ কাৰ্যসূচীও মুখ্যতঃ দীৰ্ঘম্যাদী নদী পৰিকল্পনাৰ পৰিৱৰ্তে কেৱল বানপানী অহাৰ পিছত কৰা সাময়িক ক্ষতিপূৰণ আৰু নিয়ন্ত্ৰণমূলক কাম-কাজতে বেছিকৈ কেন্দ্ৰীভূত হৈ আছে । মথাউৰি মেৰামতি কৰা, জিঅ’-বেগ সংস্থাপন কৰা বা জৰুৰীকালীন নিৰাপত্তা দিয়াটো সাময়িকভাৱে প্ৰয়োজনীয় হ’লেও এইবোৰে কোনো কালেই মূল সমস্যাটোৰ স্থায়ী সমাধান দিব নোৱাৰে । বৰং নদীৰ গতিপথ  নিৰীক্ষণ, পলস জমাৰ পৰিমাণ আৰু ইয়াৰ বিশ্লেষণ, জলপ্ৰবাহৰ বৈজ্ঞানিক মডেলিং আৰু সমগ্ৰ অববাহিকাৰ সমন্বিত দীৰ্ঘম্যাদী পৰিকল্পনাইহে ইয়াৰ স্থায়ী সমাধান আনিব পাৰে ৷ কিন্তু দুৰ্ভাগ্যৰ কথা এয়াই যে এনে দীৰ্ঘম্যাদী আঁচনিবোৰে আজিও উপযুক্ত গুৰুত্ব লাভ নকৰিলে । ফলস্বৰূপে বহু ঠাইত নদীৰ স্বাভাৱিক পানী নিষ্কাশন ক্ষমতা আৰু ইয়াৰ স্বাভাৱিক গতিশীলতা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে আৰু তাৰ পৰিণাম স্থানীয় সাধাৰণ ৰাইজে প্ৰতিবছৰে নিজৰ জীৱন, জীৱিকা আৰু সম্পত্তিৰ বিনিময়ত ভুগিবলগীয়া হৈছে ।

প্ৰতিবছৰে সংঘটিত হৈ অহা এই বান আৰু গৰাখহনীয়াই অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মূল ভেটি কৃষিখণ্ডক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে ৷  বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ধেমাজি আৰু লখিমপুৰৰ দৰে জিলাসমূহত পাহাৰীয়া নদী যেনে — জিয়াধল, গাইনদী, সোৱনশিৰি আদিয়ে কঢ়িয়াই অনা মোটা বালিৰ প্ৰলেপে বিস্তীৰ্ণ কৃষিভূমিৰ স্বাভাৱিক উৰ্বৰতা নষ্ট কৰিছে । ইয়াকে Sand casting বোলা হয় ৷ এই বালিৰ সঞ্চয়ে মাটিৰ পুষ্টিসমৃদ্ধ ওপৰিভাগ ঢাকি পেলোৱাৰ ফলত মাটিত থকা জৈৱ পদাৰ্থ, পুষ্টি উপাদান আৰু ইয়াৰ জলধাৰণ ক্ষমতা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে । ফলত বহু হাজাৰ হেক্টৰ সাৰুৱা ভূমি ক্ৰমান্বয়ে খেতিৰ অনুপযোগী হৈ পৰিছে আৰু তাৰ লগে লগেই কৃষিনিৰ্ভৰ গ্ৰাম্য অৰ্থনীতিও গভীৰ সংকটৰ সন্মুখীন হ’বলৈ বাধ্য হৈছে ।

কিন্তু তাতকৈও ভয়ংকৰ আৰু দীৰ্ঘম্যাদী সংকট আহিছে বানৰ সমান্তৰালভাৱে চলা নদীৰ সংহাৰী গৰাখহনীয়াৰ পৰা ৷ এই খহনীয়াই প্ৰতিবছৰে হাজাৰ হাজাৰ খিলঞ্জীয়া পৰিয়ালক নিজৰ পুৰণি মাটি-ভেটি, পথাৰ আৰু সাংস্কৃতিক শিপাৰ পৰা চিৰদিনৰ বাবে উচ্ছেদ কৰি গৃহহীন আৰু ভূমিহীন জীৱন কটাবলৈ বাধ্য কৰিছে । নিজৰ সৰ্বস্ব হেৰুৱাই এই গৃহহীন আৰু সৰ্বহাৰা লোকসকলে যেতিয়া কেৱল প্ৰাণ ৰক্ষা আৰু জীৱিকাৰ সন্ধানত চহৰ বা অন্য সুৰক্ষিত অঞ্চলসমূহলৈ প্ৰব্ৰজন কৰিবলগীয়া হয়, তেতিয়া ৰাজ্যখনৰ আভ্যন্তৰীণ জনগাঁথনিৰ ওপৰতো ইয়াৰ তীব্ৰ হেঁচা পৰে ৷ আৰু ইয়েই ভবিষ্যতৰ সামাজিক স্থিৰতা আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ।

অসমৰ বানপানী এতিয়া কেৱল এক ঋতুকালীন প্ৰাকৃতিক দুৰ্যোগ অথবা জলবায়ুজনিত সমস্যাই হৈ থকা নাই; ই নদী ব্যৱস্থাপনা, ভূমি ব্যৱহাৰ, আন্তঃৰাজ্যিক সমন্বয়, কৃষি, জীৱিকা আৰু নীতি-নিৰ্ধাৰণৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক জটিল সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত সংকটলৈ পৰিণত হৈছে । যেতিয়ালৈকে এই সমস্যাক কেৱল সাহায্য বিতৰণ, ক্ষতিপূৰণ বা মথাউৰি মেৰামতিৰ দৰে তাৎক্ষণিক ব্যৱস্থাৰ মাজতে সীমাবদ্ধ কৰি ৰখা হ’ব, তেতিয়ালৈকে ইয়াৰ সমাধান অমীমাংসিত হৈয়েই ৰ’ব ।

সময়ৰ দাবী — নদীক জয় কৰাৰ পৰিৱৰ্তে নদীৰ স্বাভাৱিক গতিশীলতাক বুজি তাৰ সৈতে সহাৱস্থান কৰাৰ এক বিজ্ঞানসন্মত আৰু পৰিৱেশগত দৃষ্টিভংগীৰহে প্ৰয়োজন এতিয়া । ইয়াৰ বাবে অৱবাহিকাৰ সমন্বিত নদী ব্যৱস্থাপনা, পলস আৰু নদীৰ নিয়মিত বৈজ্ঞানিক নিৰীক্ষণ, প্ৰয়োজনভিত্তিক ড্ৰেজিং, জলাশয় আৰু প্ৰাকৃতিক বন্যভূমিৰ সংৰক্ষণ, আধুনিক বান-পূৰ্বাভাস ব্যৱস্থা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে জবাবদিহিমূলক জল-সমন্বয় নীতিক একেলগে আগুৱাই নিব লাগিব । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহক একেলগে এক জীৱন্ত আৰু গতিশীল নদী প্ৰণালী হিচাপে লৈ ইয়াৰ নীতি প্ৰস্তুত কৰিব পাৰিলেহে অসম বান সংকটৰ পৰা লাহে লাহে এক স্থিতিশীল আৰু বহনক্ষম ভৱিষ্যতৰ দিশে আগবাঢ়িব পাৰিব ।

 

বিঃদ্ৰঃ — বান পীড়িত সকলো দুৰ্ভগীয়া লোকলৈ মোৰ সমবেদনা আৰু সামৰ্থ্য অনুসৰি সামান্য সহায় আগবঢ়াইছো ৷ আহক আমি সকলোৱে যিয়ে যেনেকৈ পাৰো এই বিপদৰ কালত আৰ্তজনৰ কাষত ঠিয় দিওঁ ৷ ধন্যবাদ

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments