অসমীয়া কল্পবিজ্ঞান সাহিত্য (দেৱ প্ৰতীম হাজৰিকা)
কাল্পনিক কাহিনী আৰু বিজ্ঞানৰ সমন্বয়ত গঢ় লোৱা সাহিত্যকেই কিজানি কোৱা হয় কল্পবিজ্ঞান সাহিত্য। অতীত, বৰ্তমান তথা ভৱিষ্যত বিজ্ঞানক সমল হিচাপে লৈয়ে গঢ়ি তোলা হয় এই সাহিত্য। কল্পবিজ্ঞান বুলিলেই আকৌ আমাৰ মনলৈ দুটা কথা মনলৈ আহে: ফেন্টাছী বা অলীক কাহিনী আৰু ভুৱা বিজ্ঞান। ক’বলৈ গ’লে এই দুই কল্পবিজ্ঞানৰ উপৰিপুৰুষ। আমাৰ ৰামায়্ণ, মহাভাৰতক বহুতে কল্পবিজ্ঞানৰ শাৰীত পেলাব খুজিলেও ইয়াত কল্পবিজ্ঞানৰ বৈশিষ্ট্য পোৱা নাযায়, সেয়েহে এই মহাকাব্যসমূহক আমি ঠাই দিও ফেন্টাছীৰ শাখাত। আচলতে এইবিলাকৰ কোনো বৈজ্ঞানীক বাখ্যা পোৱা নাযায়। কল্পবিজ্ঞান বিজ্ঞানৰ তত্ত্ব তথা তথ্যৰ ওপৰত প্ৰতিষ্ঠিত, বাস্তৱত তেনে একো নাথাকিলেও তেনে হোৱাৰ এক পূৰ্ণ সম্ভাৱনা থাকে।
কল্পবিজ্ঞান সাহিত্য হিচাপে এক আধুনিক ধাৰা। আধুনিক কল্পবিজ্ঞানৰ প্ৰথম নিদৰ্শন হ’ল মেৰি শ্বেলিৰ ‘ফ্ৰেংকেনষ্টাইন’। ইয়াত এজন বিজ্ঞানীয়ে গৱেষণা কৰোতে ভুলতঃ এটা হিংস্ৰ আৰু ভয়ানক দানৱৰ সৃষ্টি কৰিছিল। ভাৰতীয় সাহিত্যত কল্পবিজ্ঞানৰ প্ৰথম প্ৰৱেশ ঘটে মধ্যপ্ৰেদেশৰ পৰা প্ৰকাশিত ‘পিউশ প্ৰৱাহ’ নামৰ আলোচনীত ১৮৮৪ৰ পৰা ১৮৮৮ চনৰ ভিতৰত ধাৰাবাহিকভাৱে প্ৰকাশিত অম্বিকা দত্ত ব্যাসৰ-আশ্বৰ্য বৃত্তান্ত নামৰ কাহিনীটোৰ জৰিয়তে। জুলু ভাৰ্ণৰ ‘জাৰ্নি টু চেন্টাৰ অৱ আৰ্থ’ দ্বাৰা কাহিনীটো প্ৰভাৱিত হৈছিল।
অসমীয়া সাহিত্যত কল্পবিজ্ঞানৰ পৰশ পোৱা এখন পুস্তিকা প্ৰকাশ পাইছিল ১৯১৪ চনত। ১৯৩৭ চনত আৱাহনৰ অষ্টম বছৰ সপ্তম সংখ্যাত প্ৰকাশ পোৱা হৰিপ্ৰসাদ বৰুৱাৰ বি.ই.আই.এছ.ই. ডাঙৰীয়াই লিখা ‘বিৰচতীয়াৰ দেশ’ গল্পটোৱেই আছিল প্ৰথম অসমীয়া কল্পবিজ্ঞান ৰচনা। ফাগুনাই শিৱসাগৰৰ পুজাৰীৰ ওচৰত ভাং এচিলিম খাই সপোনত বৃহস্পতি গ্ৰহৰ এজন আৱাসীৰ লগত টেলিফোনত কথা পতাই আছিল গল্পটোৰ বিষয়বস্তু। সৌৰভ কুমাৰ চলিহাৰ ‘মিনি নয়জ’(ৰচনা ১৯৫০, প্ৰকাশ ১৯৬৬) এইক্ষেত্ৰত সকলো দিশৰ পৰা এক কল্পবিজ্ঞান গল্প। শব্দ প্ৰদুষণ ৰোধ কৰিব পৰা এক যন্ত্ৰ উদ্ভাৱন কৰাক লৈ গল্পটো ৰচিত। ভৱেন্দ্ৰ নাথ শইকীয়াৰ ‘গহ্বৰ’(১৯৬৮) পাশ্চাত্যৰ বৰ্ণবৈষম্যৰ পটভূমিত ৰচিত আন এক কল্পবিজ্ঞান গল্প।
ডঃ বিজয়কৃষ্ণ দেৱশৰ্মা অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ এজন জনপ্ৰিয় লেখক। ১৯৬০ চনত আমাৰ প্ৰতিনিধিত প্ৰকাশিত ‘চন ২৪৬৬, এক এপ্ৰিল’ অসমীয়া ভাষাৰ প্ৰথম কল্পবিজ্ঞান উপন্যাস। গ্ৰন্থাকাৰেৰে প্ৰকাশিত প্ৰথম প্ৰথম কল্পবিজ্ঞান উপন্যাসখন হ’ল তেওঁৰ ‘চন্দ্ৰলোকত প্ৰথম মানুহ’(১৯৬৯)।
অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ অদ্বিতীয় লেখকজন হ’ল ডঃ দীনেশ চন্দ্ৰ গোস্বামী। তেখেতৰ নিপুণ হাততেই অসমীয়া কল্পবিজ্ঞান সাহিত্যই পৰিপূৰ্ণতা লাভ কৰে। তেওঁ অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ মুকুটবিহীন সম্ৰাট। ১৯৭০ চনত দৈনিক অসমত ‘কঁকাল’ গল্পেৰে আৰম্ভণি কৰা গোস্বামীদেৱে যোৱা কেবা দশক ধৰি একাধাৰে কল্পবিজ্ঞান উপন্যাস, গল্প, নাটক, শিশু সাহিত্য আদি ৰচনা কৰি এক সুকীয়া আসন লাভ কৰিছে। তেওঁৰ দ্বাৰা ৰচিত ৮৭ খন গ্ৰন্থৰ ভিতৰত আছে ছখন কল্পবিজ্ঞান উপন্যাস, ছখন কল্পবিজ্ঞান গল্প সংকলন, সাতখন কল্পবিজ্ঞান গ্ৰন্থৰ অনুবাদক; লগতে আছে চল্লিছৰো অধিক নাটক, আৰু বহুতো শিশু সাহিত্য।
তেওঁৰ ‘জোনাকৰ জিলিঙণি’ উপন্যাসখনৰ মূল ভিত্তি আছিল জিনীয় অভিযান্ত্ৰিক প্ৰযুক্তি। ইয়াত এবিধ বেক্টেৰীয়াৰ জিনত জোনাকী পৰুৱাৰ এবিধ জিন প্ৰৱেশ কৰাই বেক্টেৰীয়াৰ দ্বাৰ পোহৰ বিলোৱাৰ কাহিনী বৰ্ণিত কৰা হৈছে। ৰেডিঅ’ তৰংগৰ পৰীক্ষা-নিৰিক্ষাৰ ওপৰত নিৰ্মিত তেওঁৰ আন এক কল্পবিজ্ঞান উপন্যাস ‘উষ্ণ প্ৰৱাহ’। ‘আত্মজীৱনীৰ প্ৰয়াস’ তেওঁৰ অনন্য সৃষ্টি। ইয়াত এটা গৱেষণা প্ৰতিষ্ঠানৰ অতীত ইতিহাস উদ্ধাৰৰ লগে লগে উদ্ধাৰ হৈছে নায়কৰ অতীত জীৱনৰ ইতিহাস।
তেখেতে তেখেতৰ গল্পসমূহত বিজ্ঞানৰ তত্ত্বৰ লগতে বৰ্তমানৰ সমাজ দুৰ্নীতি, ব্যভিচাৰ বা আন সামাজিক সমস্যাৰ এক সুন্দৰ চিত্ৰ অংকন কৰা দেখা যায়। যেনে বৈজ্ঞানীক আৱিষ্কাৰে কেনেদৰে বিভীষিকাৰ সৃষ্টি কৰিব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন তেওঁৰ গল্প ‘অভিন্ন হৃদয়’। মানুহৰ মৃত্যুৰ লগে লগে জ্ঞান আৰু অভিজ্ঞাতাসমূহ চিৰদিনলৈ সাঁচী ৰাখিবলৈ চেষ্টা কৰিবলৈ গৈ নায়কে কি কি জটিল পৰিস্থিতিৰ সন্মুখীন হয় তাক বৰ্ণোৱা হৈছে গল্প ‘পৰিব্ৰাজক’ত। এনে বহুকেইটা অতি সুন্দৰ গল্প তেওঁ ৰচনা কৰিছে। তেওঁৰ গল্পসমূহত বিভিন্ন বৈজ্ঞানীক তত্ত্বৰ সমাবেশ ঘটিছে। প্ৰতিটো গল্পই নতুন বাৰ্তা বহন কৰিছে আৰু লগতে তেওঁৰ গল্পক বহুমাত্ৰিকতা প্ৰদান কৰিছে।
কবি তথা ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ‘অপদাৰ্থ’ এক কল্পবিজ্ঞান উপন্যাস। অমূল্য হাজৰিকাৰ ‘আক্ৰমণ’(১৯৮৩) এখন কল্পবিজ্ঞান তথা ৰাজনৈতিক ব্যংগ। জিনীয় অভিযন্ত্ৰণেৰে প্ৰতিবেশী ৰাষ্ট্ৰই এক পৰুৱাৰ সৃষ্টিক লৈ এই কাহিনী। তেওঁৰ আন এক উপন্যাস ‘সন্ধান’(১৯৯২) আন এক কল্পবিজ্ঞান উপন্যাস। মংগলিকা গ্ৰহৰ বাসিন্দাই কিদৰে পৃথিৱীৰ বাসিন্দাৰ ক্ষুদ্ৰতা প্ৰমাণ কৰিব বিচাৰিছিল তাৰেই বৰ্ণনা এই উপন্যাসখনত কৰা হৈছে। তেখেতৰ আন দুখনি কল্পবিজ্ঞান উপন্যাস হ’ল ‘সোণালী সপোন’ আৰু ‘কুপৱাৰাৰ কাহিনী’।
অসমীয়া কল্পবিজ্ঞান সাহিত্যত শান্তনু তামুলী এক চিনাকী নাম। ‘হে চন্দ্ৰ বিদায়’, ‘প্ৰাচীৰ’ আৰু ‘মায়ামৃগ’ তেখেতৰ কল্পবিজ্ঞান গ্ৰন্থ। ৰথীন্দ্ৰ নাথ গোস্বামী আন এক চিনাকী নাম এই সাহিত্যত। কম্পিউটাৰ ভাইৰাছৰ ওপৰত ৰচিত ‘নয়নমনি’(১৯৯৬) আৰু ৰবটৰ ওপৰত ৰচিত ‘কিংকিনীৰ বিদ্ৰোহ’(২০০২) তেখেতৰ দুখন কল্পবিজ্ঞান পুথি।
কল্পবিজ্ঞানক জনপ্ৰিয় কৰি তোলাত বিস্ময় আলোচনী খনৰো যথেষ্ঠ হাত আছে তথা আলোচনীখনে বহুকেইজন কল্পবিজ্ঞান লেখকৰো সৃষ্টি কৰিছিল। তেনে এগৰাকী লেখিকা হ’ল বন্দিতা ফুকন। বিস্ময় পাতত ১৯৮৭ চনত ‘প্ৰিয়তমা’ নামৰ কল্পবিজ্ঞান কাহিনীৰে তেখেতে আত্মপ্ৰকাশ কৰিছিল।
কেইখনমান উল্লেখযোগ্য কল্পবিজ্ঞানৰ ভিত্তিত ৰচিত গ্ৰন্থ হ’ল ছাকিল জামানৰ ‘নীলা বেদনা'(১৯৯৬), মানবেন্দ্ৰ বৰুৱাৰ ‘নিহত অতীত নিৰৱ নহয়'(২০০০), ‘বুদ্ধিভ্ৰ্ষ্ট প্ৰাণী-মানুহ'(২০০১), ৰাজীৱ প্ৰসাদ শইকীয়াৰ ‘পালি চৰাই'(২০০৩), লক্ষ্মীনন্দন বৰাৰ ‘কায়কল্প'(২০০৭), হৰেকৃষ্ণ ডেকাৰ ‘আগন্তক’ ইত্যাদি। ইয়াৰোপৰি ৰঞ্জু হাজৰিকাই পৱন চিৰিজ, জেচন চিৰিজ আদিৰে এই ক্ষেত্ৰত কিছু অৱদান আগবঢ়াইছিল।
ইয়াৰোপৰি বিশ্বসাহিত্যৰ কিছুমান কল্পবিজ্ঞান গ্ৰন্থৰ অসমীয়া অনুবাদেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে। শৰাইঘাট প্ৰকাশনে ‘কালজয়ী সাহিত্য ছিৰিজ’ত এনে ধৰণৰ প্ৰখ্যাত গ্ৰন্থসমূহৰ অনুবাদ প্ৰকাশ কৰিছে। তাৰে ভিতৰত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল সাগৰৰ তলিয়েদি কুৰি হাজাৰ লীগ, চন্দ্ৰৰ কাষেদি, পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান, অদৃশ্য মানুহজন ইত্যাদি। এই ছিৰিজটোৰ সম্পাদনা কৰিছে ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে।
বিশাল অসমীয়া সাহিত্যৰ আকাশত কল্পবিজ্ঞান সাহিত্য এটি ক্ষুদ্ৰ নক্ষত্ৰপুঞ্জৰ দৰে। ই সংখ্যাত তাকৰ হ’ব পাৰে, কিন্তু মানত কেতিয়াও নহয়। ইয়াত সোমাই থাকে লেখকৰ নানা চিন্তাধাৰা, কিছুমান কেতিয়াও ভাবি নোপোৱা কথা, কিন্তু তাৰ সম্ভাৱনা কেতিয়াও নুই কৰিব নোৱাৰা কিছুমান কাহিনী। গতিকে এই ক্ষুদ্ৰ নক্ষত্ৰপুঞ্জই যাতে অতি সোনকালে এক বৃহৎ ৰূপ লৈ সমগ্ৰ আকাশ আলোকিত কৰে তাৰেই আশা কৰিলোঁ।
Lekhato porhi val lagil.
মই খুবেই আগ্ৰহী কল্প বিজ্ঞান কাহিনী পঢ়িবলৈ
প্ৰবন্ধটো মোৰ বাবে মূল্যৱান ।
মূল্যবান প্ৰৱন্ধ
মোৰ বহুত মন গৈছে সাগৰৰ তলিয়েদি কুৰি হাজাৰ লীগ নামৰ উপন্যাস খন পঢ়িবলে