অসমৰ এগৰাকী নীৰৱ সাহিত্যসেৱী উপেন্দ্ৰ বৰকটকীদেৱৰ সৈতে সাক্ষাৎকাৰ
উপেন্দ্ৰ বৰকটকীদেৱ অসমৰ এগৰাকী নীৰৱ সাহিত্যসেৱী৷ ১৯৪২ চনৰ ২৬ অক্টোবৰত নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ হাটবৰত জন্মলাভ কৰা তেওঁৰ পিতৃৰ নাম আছিল প্ৰিয়নাথ বৰকটকী আৰু মাতৃৰ নাম আছিল মহেশ্বৰী দেৱী৷ বৰ্তমান নগাঁও চহৰৰ ৰত্নপুৰত বাস কৰা বৰকটকীদেৱ একেধাৰে অধ্যাপক, সাংবাদিক, সাহিত্য সমালোচক, জীৱনী লিখক হিচাপে সুধী সমাজত জনাজাত৷ অসম সাহিত্য সভাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু অসম চৰকাৰৰ ২০০৫ চনৰ সাহিত্যিক পেন্সনপ্ৰাপ্ত বৰকটকীদেৱে প্ৰায় পঞ্চাশখন বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ সাহিত্য ডট অৰ্গৰ এই সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে আমি এই ঋষিতুল্য সাহিত্যিকগৰাকীক সাক্ষাৎ কৰিছিলোঁ। সাক্ষাৎকাৰটোৰ লিখিত ৰূপ আমাৰ আলোচনীৰ পাঠকলৈ আগবঢ়ালোঁ৷)
সাহিত্য ডট অৰ্গ: নমস্কাৰ চাৰ৷ আমি ই আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ বাবে আপোনাৰ পৰা আপোনাৰ জীৱন আৰু ভাষা সাহিত্য সম্বন্ধে কেইটিমান কথা জানিব খোজো৷ প্ৰথমতে আপোনাৰ শিক্ষা আৰু কৰ্ম জীৱনৰ বিষয়ে আমাক অলপ জনাব নে?
উপেন্দ্ৰ বৰকটকী: প্ৰথমেই মই তোমালোকক ধন্যবাদ জনাইছোঁ মোক বিচাৰি মোৰ ওচৰলৈ আহি মোৰ মতামত জানিব বিচৰাৰ বাবে। শিক্ষা জীৱনৰ বিষয়ে কোৱাৰ আগতে কথা এটা কওঁ যে, যি শিক্ষাই মানৱ জীৱন উদ্বুদ্ধ কৰে তেনে শিক্ষাহে প্ৰকৃত শিক্ষা৷
মোৰ জন্ম হৈছিল ঐতিহ্যমণ্ডিত কলিয়াবৰৰ হাটবৰত। মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল প্ৰথমে কলিয়াবৰত। পিছলৈ জামুগুৰিত থকা মামাৰ ঘৰত থাকি মই পঞ্চমমান শ্ৰেণীলৈকে পঢ়িছিলোঁ। তাৰ পিছত কলিয়াবৰ হাইস্কুলৰ শাখা জখলাবন্ধা হাইস্কুলত কেইবছৰমান পঢ়ি পিছত কলিয়াবৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলোঁ। তাৰ পিছত মই গুৱাহাটীলৈ পঢ়িবলৈ আহিলোঁ। মোৰ দেউতাৰ ভাগিন এজন বৰ ভাল আৰু পৰোপকাৰী মানুহ আছিল। তেওঁ মোক দেউতাক কৈ গুৱাহাটীলৈ পঢ়ুৱাবলৈ লৈ আহিছিল। তেওঁলোকৰ উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। গুৱাহাটীলৈ আহি মই ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ত নাম লগালোঁ। বি বৰুৱা মহাবিদ্যালয়ত মই পঢ়িবলৈ ইচ্ছা কৰাৰ কাৰণ আছিল এই যে সেই সময়ত বি বৰুৱা মহাবিদ্যালয়ত বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অধ্যাপনা কৰিছিল। হেম বৰুৱা অধ্যক্ষ আছিল যদিও মই তেওঁক পোৱা নাছিলোঁ। কিন্তু বিশিষ্ট ভাষাবিদ তথা বড়ো সাহিত্যৰ গৱেষক প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউ, যোগেশ দাস, বীৰেন্দ্ৰনাথ দত্ত, তৰুণ ভড়ালীৰ দৰে ব্যক্তি সকলৰ সান্নিধ্যই মোক আকৰ্ষিত কৰিছিল। সকলোৱেই আমাৰ বিভাগৰ নাছিল যদিও সকলোৰে ঘনিষ্ঠ সান্নিধ্য মই লাভ কৰিছিলোঁ। নিৰ্মলপ্ৰভা বৰদলৈ বাইদেৱে যে কি সুন্দৰ পঢ়াইছিল ! অন্তৰত সাঁচ বহি গৈছিল। বি বৰুৱা মহাবিদ্যালয়ত মই অসমীয়াত ‘অনাৰ্ছ’ লৈ চাৰি বছৰ পঢ়িছিলোঁ। (তেতিয়া মেজৰ বুলি নকৈছিল; অনাৰ্ছ বুলি কৈছিল।) বি এ পৰীক্ষাত মই ভাল ফল লাভ কৰিছিলোঁ। সেই সময়ত প্ৰথম বিভাগ খুব কমেই পায়। মই দ্বিতীয় বিভাগ পাইছিলো। তেতিয়া মই অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ পৰা এখন চিঠি লাভ কৰিছিলোঁ। তেখেতৰ লগত মোৰ চিনাকি হৈছিল তেখেতৰ পুত্ৰ ভগগিৰী ৰায়চৌধুৰীৰ জৰিয়তে। ভগগিৰী ৰায়চৌধুৰী ছাৰ আমাৰ কলেজৰ প্ৰবক্তা আছিল। অম্বিকাগিৰী ৰায়চৌধুৰী বৰ স্পষ্টবাদী আৰু কাঢ়া মানুহ আছিল । বৰ চিধাকৈ কথা কৈছিল। মই প্ৰথমবাৰ তেওঁৰ ঘৰলৈ যাওঁতেই তেওঁ সুধিছিল , “চিগাৰেট খোৱানে? ” (স্মৃতি সুঁৱৰি চাৰৰ হাঁহি) প্ৰথম দৰ্শনতে মই ছাৰৰ প্ৰতি ইমান অভিভূত হৈ পৰিলোঁ যে, মই এটা প্ৰবন্ধই লিখি দিলোঁ -‘অম্বিকাগিৰীৰ লগত মোৰ প্ৰথম সাক্ষাৎ’। সেই প্ৰবন্ধটো ‘অসমবাণী’ কাকতত প্ৰকাশ হৈছিল। অম্বিকাগিৰী ৰায়চৌধুৰী যে কি বিশাল প্ৰতিভাৰ মানুহ, কি ক’ম! তেওঁৰ গুণত মুগ্ধ হৈ কলেজত পঢ়ি থাকোতেই ‘অম্বিকাগিৰীৰ ব্যক্তিত্বৰ আভাস’ শিৰোণামৰ মই এখন কিতাপ সম্পাদনা কৰিলোঁ। এই ক্ষেত্ৰত মোক প্ৰেৰণা দিছিল ভগগিৰী ৰায়চৌধুৰী ছাৰে। তেওঁ মোক যথেষ্ট সহায় কৰিছিল। এইখন প্ৰকাশ পোৱাৰ পিছতেই মোক বুৰঞ্জীবিদ, সাহিত্যিক বেণুধৰ শৰ্মাৰ ওপৰত এখন কিতাপ সম্পাদনা কৰিবলৈ তেওঁৰ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ কৰা হ’ল। সেই কথাত মই প্ৰেৰণা পাই বেণুধৰ শৰ্মাৰ এখন অভিনন্দন গ্ৰন্থ লিখি উলিয়ালোঁ। সেয়া মই কলেজত পঢ়ি থকা অৱস্থাতে কৰিছিলোঁ। বি এ পাছ কৰাৰ পিছত এম এ পঢ়িবলৈ মোৰ ঘৰুৱা অৱস্থা বৰ ভাল নাছিল। বি এ পাছ কৰাৰ পিছতে মই আমাৰ ঘৰৰ ওচৰৰ ভেন্সাৰ স্কুলখনত শিক্ষকতা কৰাৰ সুযোগ পালোঁ। দৰমহা আছিল মাত্ৰ সত্তৰ টকা। কিন্তু সেই টকাৰ তেতিয়া বহুত মূল্য আছিল। শিক্ষকতা কৰাৰ লগতে মই সাংবাদিকতাও কৰিবলৈ ল’লোঁ। তেতিয়া ‘দৈনিক অসম’ বাতৰি কাকতখন নতুনকৈ ওলাইছিল। মই এই কাকতৰ সেই অঞ্চলৰ নিজা বাতৰি দিওঁতা আছিলোঁ। সেই সময়ত ‘দৈনিক অসম’ কাকতৰ সম্পাদক আছিল শ্ৰদ্ধাৰ কীৰ্তি নাথ হাজৰিকাদেৱ। এইদৰে দুবছৰ শিক্ষকতা কৰাৰ পাছত মোৰ এম এ পঢ়িবলৈ মন গ’ল। লগৰবোৰেও কৈ আছিল আৰু মোৰো পইচা অলপ গোট খালে। মই আকৌ গুৱাহাটীলৈ এম এ পঢ়িবলৈ আহিলোঁ। এম এ পঢ়ি থাকোঁতেই এদিন হঠাতে শ্ৰদ্ধাৰ কীৰ্তি নাথ হাজৰিকাদেৱে মোলৈ এখন চিঠি পঠিয়ালে। তেখেতে দিয়া সেই চিঠিখন এতিয়াও মই সযতনে ৰাখিছোঁ। চিঠিখন হোষ্টেলৰ ‘ৱাৰ্ডেন’ৰ ঠিকনাত আহিছিল। কীৰ্তি নাথ হাজৰিকাদেৱে বৰ কম কথা কৈছিল, চিঠিখনত লিখা আছিল ,” আপুনি মোক কাইলৈ সন্ধিয়া লগ কৰিব।” বিষয়টো জৰুৰী বুলি কোৱা মোৰ এতিয়াও মনত আছে। পিছদিনা মই তেওঁক লগ কৰিলোঁ। তেওঁ মোক সুধিলে, ” আপুনি কাগজত সহকাৰী সম্পাদক হিচাবে কাম কৰিব নেকি?” মই একেবাৰে থতমত খাই গ’লোঁ। কাৰণ, তেওঁ এই কথা সুধিব বুলি মই একেবাৰে ভবা নাছিলোঁ। তাতে মই এম এ পঢ়িবলৈহে আহিছিলোঁ। চাকৰি কৰা কথা ভবাই নাছিলোঁ। মই ক’লো, ” মই ভাবি চাব লাগিব। ” তেওঁ মোক দুদিনৰ ভিতৰত জনাবলৈ ক’লে। মই বৰ চিন্তাত পৰিলোঁ। মই এম এ পঢ়ি আছোঁ, ইফালে কাগজৰ চাকৰিও সেই সময়ত বৰ ‘চফিষ্টিকেটেড’ আছিল। সকলোকে সুধি মেলি মই তিনিদিনৰ পিছত চাকৰিটো কৰিম বুলি তেওঁক জনালোঁ। সেইদৰে মই পঢ়া আধাতে এৰি সাংবাদিকতাত ধৰিলোঁ। দুবছৰ কাল সাংবাদিকতা কৰাৰ পিছত মোৰ বিবেক দংশন হ’ল। মোৰ জীৱনৰ উদ্দেশ্য আছিল অধ্যাপনা কৰা। ইফালে মই এম এ সম্পূৰ্ণ কৰাই নাই। কিন্তু উদ্দেশ্য সৎ হ’লে কাৰ্য্য সিদ্ধি হয়েই। মই মোৰ ইচ্ছাৰ কথা শ্ৰদ্ধাৰ কীৰ্তি নাথ হাজৰিকাদেৱক জনালোঁ। তেওঁ এজন বহল অন্তৰৰ লোক আছিল। তেওঁ মোক ক’লে, “কাকতৰ ক্ষতি নোহোৱাকৈ পঢ়া সম্পূৰ্ণ কৰি লোৱা।”
তেনেদৰে দুবছৰ দেৰি হ’ল যদিও মই এম এ পাছ কৰিলোঁ। ইতিমধ্যে বি. বৰুৱা কলেজত অধ্যাপকৰ পদ এটা খালী হৈছিল। কলেজৰ উপাধ্যক্ষ পৰমেশ্বৰ শৰ্মা ছাৰ আৰু উচ্চবৰ্গৰ সহায়ক সকলৰ মোৰ প্ৰতি ভাল ভাব এটা আছিল। তেওঁলোকে মোক খবৰ দি চাকৰিটো কৰিবলৈ ক’লে। কলেজৰ প্ৰবক্তাৰ চাকৰি বাবে মই ভালেই পালোঁ। তাতে পদটো ‘নাইট চিফ্ট’ৰ বাবে আছিল। গতিকে মোৰ সুবিধা হ’ল। দিনত কাগজৰ চাকৰি কৰি ৰাতি কলেজৰ চাকৰি কৰি থাকিলোঁ। এইদৰে কৰি থাকোতেই ‘The Assam Tribune’ কাকতত লামডিং কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা পদৰ বাবে বিজ্ঞাপন এটা পালোঁ। মই আবেদন কৰি ‘ইন্টাৰভিউ’ দি চাকৰিটো পাই গ’লোঁ। তাৰ পিছতেই আকৌ চিন্তাত পৰিলোঁ। গুৱাহাটী এৰি তালৈ যামনে নাই? গুৱাহাটীত থাকিলে বহুত কিবাকিবি কৰাৰ সুযোগ থাকে। মোক মহেন্দ্ৰ মোহন চৌধুৰী চৰকাৰে গুৱাহাটীত মাটিও দিছিল৷ গুৱাহাটীত মই এখন বহল সমাজ পাইছিলোঁ। কিন্তু সেইসময়ত লামডিং পাণ্ডৱবৰ্জিত ঠাই আছিল। গতিকে সিদ্ধান্ত ল’বলৈ অসুবিধা হৈছিল। কিন্তু তেতিয়া মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ড° মহেশ্বৰ নেওগে কোৱা এষাৰ কথাই মোক অনুপ্ৰাণিত কৰিছিল। তেওঁ মোক কৈছিল, “উপেন যোৱাহে। তাত অসমীয়া ভাষা-সাহিত্যৰ বাবে কৰিবলগীয়া ঢেৰ কাম আছে। সেইবিলাক কৰাগৈ। আমাৰ সেইবিলাক ঠাইলৈ যোৱাৰ বহুত প্ৰয়োজন। এয়া জাতীয় দায়িত্ব , জাতীয় কৰ্তব্য। ” তেওঁৰ কথাষাৰে মোক প্ৰেৰণা যোগালে। মই কথাটো প্ৰত্যাহ্বান হিচাপে ল’লোঁ। এইদৰেই লামডিঙত সুদীৰ্ঘ ৩১ বছৰ কাল অধ্যাপনা কৰি এখন সমাজ গঢ়িলোঁ। লামডিংখনো অতি আপোন হৈ পৰিল। ৩১ বছৰ কাল অধ্যাপনা কৰি ২০০৪ চনত অৱসৰ লৈ মই নগাঁওলৈ আহিলোঁ।
সাহিত্য ডট অৰ্গ: আপোনাৰ দ্বাৰা সৃষ্ট কৰ্মৰাজিৰ বিষয়ে অনুগ্ৰহ কৰি অলপমান ক’বনে?
উপেন্দ্ৰ বৰকটকী : মই অম্বিকাগিৰী ৰায়চৌধুৰীৰ গ্ৰন্থখন সম্পাদনা কৰাৰ পিছতেই মোক বেণুধৰ শৰ্মাৰ পৰিয়ালৰ পৰা বেণুধৰ শৰ্মাৰ বিষয়ে এখন গ্ৰন্থ সম্পাদনা কৰিবলৈ অনুৰোধ কৰিলে আৰু তেখেতৰ জীৱিত অৱস্থাতেই এখন অভিনন্দন গ্ৰন্থ সম্পাদনা কৰিলোঁ। তাৰ পিছৰ পৰাই মই প্ৰায় পঁচিশখনমান গ্ৰন্থ সম্পাদনা কৰিলোঁ। মোৰ জীৱনী সাহিত্যৰ প্ৰতি সৰুৰে পৰাই অনুৰাগ আছিল। বহুতে মোক জীৱনী লেখক হিচাপেই জানে। মই ভালেমান জীৱনী লিখিছোঁ। এইক্ষেত্ৰত সম্পাদক সকলেও যথেষ্ট প্ৰেৰণা দিছিল। দৈনিক অসমত নিয়মীয়াকৈ লিখিছিলোঁ। হোমেন বৰগোহাঞিয়েও মোৰ হতুৱাই ‘সাতসৰী’ত জীৱনী লিখাইছিল। তেনেদৰে জীৱনী গ্ৰন্থও পোন্ধৰখন মান হ’ব। তাৰপিছতে মই কোনেও নকৰা কাম এটা কৰিছিলোঁ। এইক্ষেত্ৰত শ্ৰদ্ধাৰ চন্দ্ৰ প্ৰসাদ শইকীয়াৰ নাম ল’ব লাগিব। তেখেতে মোক বিংশ শতাব্দীৰ শিশু সাহিত্যৰ বাবে লিখিবলৈ কৈছিল। মোৰ লেখাটো ‘গৰীয়সী’ত ওলোৱাৰ পাছত মোলৈ ইমান চিঠি আহিল যে মই বৰ অনুপ্ৰাণিত হ’লোঁ। প্ৰখ্যাত শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীয়ে ‘গৰীয়সী’তে এখন চিঠি লিখিলে। তেওঁ লিখিছিল, -” উপেন্দ্ৰ বৰকটকীয়ে কষ্ট কৰি ইমানখিনি কৰিলে। তেওঁ যদি এখন অসমীয়া শিশু সাহিত্যৰ বুৰঞ্জী প্ৰণয়ন কৰে ই আমাৰ অসমীয়া সাহিত্যৰ বাবে মূল্যবান সম্পদ হ’ব।” মই প্ৰেৰণা পাই লিখি পেলালোঁ। মানুহৰ প্ৰেৰণা বৰ ডাঙৰ কথা। মই একেবাৰে আৰম্ভণিৰ পৰা ২০০০ চনলৈ লিখি উলিয়ালোঁ। কিতাপখন নগাঁৱৰ এক বৰ ভাল অনুষ্ঠানত প্ৰয়াত সাহিত্যিক মহিম বৰাদেৱে উন্মোচন কৰিছিল। কিতাপখন যে কত ঠাইৰ পৰা বিচাৰিছিল! সেইখনৰ আদৰ এতিয়াও আছে। মোৰ তাত ক’পি শেষ হৈ গ’ল। সিদিনাও এজন সম্পাদকে নতুন সংস্কৰণ প্ৰকাশ কৰিবলৈ কিতাপখন মোৰ পৰা বিচাৰিছে । এইদৰে শিশু সাহিত্যৰ বিষয়েও লিখিলোঁ। চমুৱাই ইমানকে ক’লো আৰু।
সাহিত্য ডট অৰ্গ: আজিকালিও প্ৰেৰণা দিয়া সম্পাদক আছেনে?
উপেন্দ্ৰ বৰকটকী: সেইটো বৰ ডাঙৰ কথা। সম্পাদকেই কাকত অথবা আলোচনী এখনক মৰ্য্যদাসম্পন্ন কৰিব পাৰে আৰু সম্পাদকে লেখক সৃষ্টি কৰিব পাৰে। সম্পাদকে যদি জানে কাৰ কি প্ৰতিভা আছে, তেনেহ’লে তেওঁ লেখক সৃষ্টি কৰিব পাৰে। বহু সম্পাদকে কৰে, আমাৰ দিনত কৰিছিল। এতিয়াও কৰে, কাৰণ কাকত বা আলোচনীখনতো চলাব লাগিব। লিখকৰ বাবে সম্পাদকৰ প্ৰেৰণা বৰ ডাঙৰ কথা। মই পাইছিলোঁ। শিশু সাহিত্যৰ বিষয়ে লিখাত, জীৱনী লিখাত, সকলোতে। ‘দৈনিক অসম’ত এলানি প্ৰবন্ধই লিখিছিলোঁ ‘সংগ-প্ৰসংগ’ বুলি।
সাহিত্য ডট অৰ্গ: অসমীয়া সাহিত্যৰ উন্নতিৰ বাবে কেনেধৰণৰ কাম কৰা উচিত বুলি আপুনি ভাবে?
উপেন্দ্ৰ বৰকটকী : তুলনা দিয়াটো অনুচিত যদিও কওঁ যে কিছুদিন আগলৈকে বাংলা সাহিত্যতকৈ আমাৰ অসমীয়া সাহিত্য ইমান সমৃদ্ধ নাছিল। কিন্তু এতিয়া অসমীয়া সাহিত্য সকলো দিশতে সমৃদ্ধ বুলি মই ভাবোঁ। আগতে বিজ্ঞানধৰ্মী সাহিত্য অসমীয়া ভাষাত ইমান নাছিল। এতিয়া বিজ্ঞানধৰ্মী সাহিত্য , ৰহস্যধৰ্মী সাহিত্য আদি ওলাল। নাটক আদিৰ ক্ষেত্ৰতো আগবাঢ়িল। কিন্তু অসমীয়া সাহিত্যৰ বৰ ডাঙৰ কথা এটা হৈছে এই যে এতিয়াও সৃষ্টিধৰ্মী সাহিত্যৰ দৰে সমালোচনাধৰ্মী সাহিত্য বহুত উন্নত হৈছে বুলি ক’বলৈ সংকোচবোধ এটা হয়। মই আমাৰ পুৰোধা সাহিত্যিক ড°বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ ছাৰ, সত্যেন শৰ্মা এইসকলৰ বিষয়লৈ যোৱা নাই। এওঁলোক অতি নমস্য । ড° হীৰেন গোহাঁই, ভৱেন বৰুৱা, ৰঞ্জিত দেৱ গোস্বামী, প্ৰভাত বৰা প্ৰদীপ আচাৰ্য আদিও বৰ ভাল সমালোচক। কিন্তু এওঁলোকৰ পিছত আমি বৰ উন্নত মানৰ সমালোচক পোৱা নাই। সমালোচনাৰ যোগেদি যি প্ৰেৰণা দিব পাৰে তেনেকুৱা সমালোচনাৰ মই অভাৱ বুলি ভাবোঁ।
সাহিত্য ডট অৰ্গ: ই – মাধ্যমত প্ৰকাশিত সাহিত্যৰ বিষয়ে আপোনাৰ মতামত কি?
উপেন্দ্ৰ বৰকটকী : বৰ্তমান ই-মাধ্যমত প্ৰকাশিত সাহিত্যৰ জনপ্ৰিয়তা বাঢ়িছে। আজিকালি মানুহ জটিলতালৈ যাব নিবিচাৰে। সহজে যিটো পায় সেইটো বিচাৰে। ই- মাধ্যমে যেনেকৈ সকলো সামৰি লয় ছপা মাধ্যমে তেনেকৈ নোৱাৰে। ই- মাধ্যমত সকলো সহজতেই উপলব্ধ। গতিকে ই- মাধ্যমত কৰা সাহিত্যৰ জনপ্ৰিয়তা বাঢ়িছে।
সাহিত্য ডট অৰ্গ: সমালোচনামূলক সাহিত্যই কিদৰে সাহিত্য ক্ষেত্ৰৰ উন্নতি সাধন কৰিব পাৰে?
উপেন্দ্ৰ বৰকটকী: সমালোচনামূলক সাহিত্যই সাহিত্যৰ যথেষ্ট উন্নতি কৰিব পাৰে। কিন্তু সেই সমালোচনা হ’ব লাগিব প্ৰেৰণাদায়ক। ধ্বংসমুখী হ’ব নেলাগে। অতি প্ৰশংসামূলকো বেয়া, ধ্বংসমূলকো বেয়া। নিৰপেক্ষ হ’ব লাগে। দোষখিনি আঙুলিয়াই দিব লাগে, প্ৰেৰণাও দিব লাগে। অপ্ৰাপ্য বিশেষণ লগাই প্ৰশংসা কৰিব নেলাগে। অপ্ৰয়োজনীয়ভাৱে বিখ্যাত লোকৰ সৈতে তুলনা কৰিবও নালাগে৷ সমালোচনাৰ ভাষা সদায় মাৰ্জিত হ’ব লাগে। এবাৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাই এষাৰ কথা কৈছিল,- “পাৰিব জানিলে গালিও মিঠা।” কথাষাৰ মোৰ বৰ ভাল লাগিছিল। গতিকে সমালোচনাত মাৰ্জিত ভাষাত আলোচনা কৰিব লাগে। সেইটোৱেই মই সমালোচকৰ কৰ্তব্য বুলি ভাবোঁ।
সাহিত্য ডট অৰ্গ: বৰ্তমান গল্প কবিতা , উপন্যাসৰ সম্ভাৱনীয়তা সম্পৰ্কে আপুনি কি ভাবে?
উপেন্দ্ৰ বৰকটকী : বৰ্তমান আমাৰ গল্প, কবিতা , উপন্যাস বহুত উন্নত হৈ গ’ল বুলি একেষাৰে ক’ব পাৰি। বাংলা সাহিত্যৰ বিখ্যাত সাহিত্যিক বুদ্ধদেব বসুৱে তাহানিতে কৈছিল, “হিন্দী সাহিত্যতকৈ অসমীয়া আধুনিক গল্প , কবিতা উপন্যাস বহুত সমৃদ্ধ হৈ গ’ল।” কথাষাৰ মোৰ মনত ৰৈ গ’ল। মামণি ৰয়ছম গোস্বামীকে আদি কৰি প্ৰত্যেকেই অতুলনীয় অৱদান আগবঢ়াই আহিছে। থিতাতে মামণি ৰয়ছম গোস্বামীৰ নামটো অহা কাৰণে তেওঁৰ নামটো কৈছোঁ। আৰু বহুতো আছে। ৰীতা চৌধুৰী, অৰূপা পটঙ্গীয়া কলিতা ইত্যাদিয়েও অসমীয়া সাহিত্য ভালেখিনি সমৃদ্ধ কৰিছে।
সাহিত্য ডট অৰ্গ: সমালোচনাত্মক সাহিত্যকো সমালোচনাৰ আওতালৈ আনিব পৰা যায় নে?
উপেন্দ্ৰ বৰকটকী: নিশ্চয়। সমালোচনাত্মক সাহিত্যকো সমালোচনাৰ আওতালৈ পৰা যায়, আনিব লাগে। এজন সমালোচকে যদি কেৱল বেয়াখিনিকে দেখে, তেনেস্থলত আন এজন সমালোচকে সেইখিনি আঙুলিয়াই দিয়াটো হৈছে গঠনমূলক সমালোচনা। গতিকে সমালোচনাতো সমালোচনাৰ স্থান আছে। সমালোচনাও পক্ষপাতদুষ্ট হ’ব পাৰে৷ পক্ষপাতীত্বমূলক সমালোচনাই ক্ষতি কৰে৷
সাহিত্য ডট অৰ্গ: বৰ্তমান অসমীয়া ভাষাৰ সৰলীকৰণৰ বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছে৷ এই বিষয়ে আপোনাৰ মতামত কি অনুগ্ৰহ কৰি জনাবচোন৷
উপেন্দ্ৰ বৰকটকী: অসমীয়া ভাষাৰ সৰলীকৰণৰ কথাটো সহজে মানিবলৈ টান৷ অসমীয়া ভাষাত সৰলীকৰণ বাবে দ্বিত্ব বৰ্জন কৰা হৈছে৷ ইয়াৰ পিছত আখৰৰ সংখ্যা কমাই সৰলীকৰণ কৰা কথাটো মানি ল’বলৈ টান৷ বৰ্ণৰ উচ্চাৰণ আৰু প্ৰয়োগৰ ওপৰতেই বহু শব্দ গঠিত হৈছে৷ এয়া গোলোক গোস্বামীদেৱ থকা হ’লে হয়তো সহমত প্ৰকাশ নকৰিলেহেঁতেন৷ সৰলীকৰণ লাগে, কিন্তু ঐতিহ্য বিসৰ্জন দি নহয়৷
সাহিত্য ডট অৰ্গ: জীৱনীগ্ৰন্থ প্ৰস্তুত কৰোঁতে কোনো ব্যক্তিৰ জীৱন আৰু আদৰ্শই আপোনাক বিশেষভাৱে আকৰ্ষণ কৰিছিল নেকি?
উপেন্দ্ৰ বৰকটকী:ব্যক্তিৰ জীৱন আৰু কৰ্মই মানুহক আকৰ্ষণ কৰে৷ তেনে বহু মানুহৰ জীৱন আৰু কৰ্মই মোক অনুপ্ৰাণিত কৰিছে৷ এটা ভাষা এটা জাতিৰ পৰিচয়৷ এটা ভাষাৰ অধঃপতনে এটা জাতিৰ পৰিচয় ধ্বংস কৰে৷ ভাষাই জাতিক গৌৰৱান্বিত কৰে৷ অসমীয়া ভাষা সমৃদ্ধিশালী কৰিবলৈ প্ৰাতঃস্মৰণীয় লক্ষ্মীনাথ বেজবৰুৱা আদি বহু গুণীলোকে ভাষাটোৰ হকে কাম কৰি গৈছে৷ পৰৱৰ্তীকালত বহু গুণী ব্যক্তিয়ে সেইপথেৰে কাম কৰি ভাষাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে৷ তাৰ ভিতৰত শ্ৰদ্ধাৰ বেণুধৰ শৰ্মাই মোক বিশেষভাৱে আকৰ্ষণ কৰিছিল৷ তেওঁ নিভাঁজ অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল আৰু আনেও তেনে কৰাত গুৰুত্ব দিছিল৷ শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত বৰ মনোযোগ দিছিল৷ হোমেন বৰগোহাঞি কটন কলেজত পঢ়ি থকা কালত কলেজৰ হোষ্টেললৈ গৈ এদিন হোমেন বৰগোহাঞিক সুধিলে, তোমাৰ ঘৰ ক’ত হে? বৰগোহাঞিয়ে উত্তৰ দিলে ‘ঢকুৱাখানাত’ বুলি৷ শুনি বেণুধৰ শৰ্মাৰ খং উঠিছিল আৰু কৈছিল, “হেৰা ঢকুৱাখানা বুলি যে কৈছা, তোমাৰ গাওঁখন কি মুছাফিৰখানা, চিৰিয়াখানা,ডাক্তৰখানা পাইছা নেকি? ঢকুৱাখনাহে আচল নাম৷” (হাঁহি) মোৰ লগত তেখেতৰ বৰ ভাল সম্পৰ্ক আছিল আৰু মোকো বহুবাৰ টান কথা শুনাইছিল৷ তেওঁৰ কৰ্মজীৱনে মোক আকৰ্ষিত কৰিছিল৷ আন এজন ব্যক্তি হলধৰ শৰ্মা৷ প্ৰচলিত অৰ্থত ডাঙৰ মানুহ নহয়, কিন্তু তেওঁৰ কবিত্বশক্তি আছিল চমৎকাৰ৷ তৎক্ষণাত তেওঁ মুখে মুখে কবিতা ৰচনা বা শব্দৰ লগত ছন্দ মিলাই কথা ক’ব পাৰিছিল৷ যেনে, “চাপ্লাইত এপ্লাই কৰি কোনো ৰিপ্লাই নাপালোঁ” ৷ আৰু বহুত আছে। ক’বলৈ গ’লে দীঘলীয়া হ’ব৷ সৰু সৰু মানুহৰ জীৱন আৰু কৰ্মই মোক বৰ আকৰ্ষণ কৰিছিল বাবে মই তেওঁলোকৰ জীৱনী লিখিবলৈ আগ্ৰহী হৈছিলোঁ৷
ভালেখিনি সময় আমাৰ সৈতে কথা পতাৰ পিছত আমি ঘড়ীলৈ চাইছিলোঁ৷ ছাৰে দিব খোজা সময় কেতিয়াবাই পাৰ হৈছিল৷ বয়স বেছি হোৱাৰ বাবে তেখেতে চিকিৎসকৰ পৰামৰ্শমতে সময়ানুযায়ী খোৱা-শোৱা কৰে৷ আমি জানিব খোজা প্ৰশ্নৰ উত্তৰ পাই তেখেতৰ সুদীৰ্ঘ জীৱন কামনা কৰি সেৱা জনাই মেলানি মাগিলোঁ৷ উপেন বৰকটকী চাৰ দীৰ্ঘায়ু হওক৷
ভাল লাগিল দাদা, আপোনাৰ সাক্ষাৎ 🙏ভালে আছে নিশ্চয়। মই মনোৰমা বৰা (চন্দ্র হাস বৰা) লামডিং। বৰ্তমান গুৱাহাটীত।
তেখেতক একবিংশ শতিকাৰ সাহিত্যিক বুলি ক’ব পাৰিনে ??