অসম, অসমীয়া আৰু কিছু অভিজ্ঞতা (এছ পন্নবী মেধি)

প্ৰায়ে শুনি পাওঁ, অসমীয়া ডেকাহঁত ধোদ, তিনিআলিত বহি আড্ডা জমাই, বিড়ি চিগাৰেট সোপে, ছোৱালী জোকাই, ভন্টি তোমাৰ গালেখন (একপ্ৰকাৰ ককাঁলত মেৰিওৱা স্কাৰ্ট) দেখোন ৰমেন মাছুৱৈৰ লুঙীখনতকৈ ধুনীয়া, দিবা নেকি! এদিন পিন্ধি চাম! “সৰুতে চাইকেলেৰে আহিলে বিকট চিঞৰ এটা খুন্দাখুটলি খাই কাণতে হামখুৰি খাই পৰে, “ঐ জেগাত নাই, জেগাত নাই! “ৰঙা আপেলটো হৈ পকি থুলথুল দি ঘৰ পাওঁ! মতা মানুহবোৰ এফালৰ পৰা মৰিয়াই যাবৰ মন হয়৷ ‌এতিয়া সম্পূৰ্ণ আঢ়ৈবছৰ হ’ল অসম একেবাৰে নেদেখা! কিন্তু যেতিয়াই চাকৰিৰ নামত সাত বছৰ পূৰ্বে অসম এৰিছিলোঁ, ভাৱবোৰ সলনি হৈ আহিল! কোনোবাই ভুলতে যদি সুধি দিয়ে, “ তুম লৌগৌকে উধৰ বহুত টেৰ’ৰিষ্ট হেই না? “ মই জকি উঠো, “হে তুমি কি জানাহে? “পাছত মেট্ৰ’ত যেতিয়া বাইকৰ পিছৰ ছিটত পত্নী আৰু দুটাকৈ সন্তান বহুৱাই নিয়া পঞ্চাশৰ দেওনা পাৰ কৰা আদহীয়াটোৱে চকু মুখৰ আঁক-বাঁকেৰে কিবা এটা অসভ্য ইংগিত দি যায়, ভৰিৰ চেন্দেলযোৰ খুলি সজোৰে মাৰি পঠিয়ালেও শান্তি নহ’ব যেন লাগে! ল’কেল ট্ৰেইনৰ ভিৰত কোনোবা অসভ্য এটাই কিলাকুটি জোঙা কৰি কুমলীয়া স্কুলীয়া ছোৱলীকেইজনীক লক্ষ্যকৰি কিবা এটা চাইক’ চেষ্টা চলোৱা যেন ভাৱ হয়, তেতিয়া ভাবো, আমাৰ অসমখনেই ভাল!

আৰু ধোদবুলি কিয় মানিম, কাৰণ সেই ডেকাহঁতেই যেতিয়া অসমৰ বাহিৰলৈ আহে, ইমান কষ্ট কৰিব পাৰে! আমাৰ এয়াৰলাইন্চৰ প্ৰায় ষাঠি শতাংশ পৰিচাৰক পৰিচাৰিকা উত্তৰ পূৱৰ আছিল! পঞ্চ তাৰকা হোটেলসমূহতো কিমান অসমীয়া ল’ৰা-ছোৱালীয়ে হাড় ভঙা পৰিশ্ৰম কৰি থকা দেখিছিলোঁ! মানুহজনেও এতিয়া যেতিয়া হামিৰা আৰু তানতলৈ ৱেল ভিজিটত যায় সদায় দুখ কৰে৷ ‌“অসমীয়া ল’ৰাই বৰ কষ্ট কৰি আছেহে! দেখিলে বেয়া লাগে৷ ‌“তাতে জুন জুলাইৰ অসহ্য “লু”!

assam_rhinoলান্স বিৰতিৰ সময়ত এদ্‌মিনৰ চিম’নিলৰ প্ৰায় একেই ভাষ্য শুনিছিলোঁ, “তহতঁৰ ঠাইৰ প্ৰাৰ্থী আমি পচন্দ কৰোঁ! চুলি ধুনীয়া, ছাল মসৃণ! আৰু তাতোতকৈ বেছি, , ভে…ৰি চিনচিয়াৰ৷ ‌“হয় বাহিৰত আমাৰ একাগ্ৰতাৰ দাম আছে! মাৰাঠী খুউব কম আছিল, লেখিব পৰা৷’’ ‌

সময় সুবিধা পালে অসমৰ বাহিৰৰ পৃথিৱীখন চাই আহিব পাৰিলে খুউব ভাল হয় বুলি মই ভাবোঁ৷ ‌ ওপজা ঠাইখনৰ প্ৰতি মৰম গভীৰ হয়৷ ‌ মানুহবোৰ আপোন হৈ পৰে৷ ‌ আমি নিজেই অসমীয়া মানুহ কৰবাত লগ পালে কিমান সকাহ পাইছিলোঁ৷ ‌ চি আই এছ এফ বাইদেউ কেইগৰাকীৰ কথা কওঁ৷ ‌চাকৰিকালত নৰ্থ ইষ্টৰ হাইপাৰ চেনচিটিভ এয়াৰপৰ্টত কেইটামান বছৰ কটাই অহাটো নিয়ম! ফ্লাইটৰ পাছত দহ মিনিটমান লগত বহুৱাই ৰং ৰইচ কৰে৷ ‌ পাচবেলাৰ চাহ কম্‌প্লিমেনতেৰি! মোক কয়, “ তুম লৌগৌ কে উধৰ কামপে চব্‌চে চান্তি হেই! খানা ভি বহুত টেষ্টী! ৰাচ্‌তে চে কুচ চাক উঠা লাঅ’; বিনা মচালা ভী বহুত মজা আতা হে! “ হয় সিহঁতে ঢেকীয়া শাকৰ কথা কয়!

ডিব্ৰুগড় এয়াৰপৰ্ট! গগৈদাৰ কথা কওঁ! শকত-আৱত লোদোৰ-পোদোৰ মানুহ এজন৷ ‌মই বৰদেউতা বুলি কওঁ৷ ‌ চৰ্টকাটত বৰ্তা! বৰ্তাই মানুহজনৰ অফিচৰ কোন বিভাগত কৰে, মই নাজানোঁ৷ ‌ ভীষণ ধৈৰ্য্যশীল ব্যক্তি৷ ‌ সকলোৰে জঞ্জাল মাৰে! দাদা আৰু মানুহজনৰ মুখত প্ৰায় শুনি পাওঁ, গগৈদাক ক’লে গাড়ী একদম টাইমত আহি যাব! কথাৰ হেৰফেৰ নহয়! গগৈদা, নাথদা সদায় এয়াৰপৰ্ট নাহে! অইলৰ কোনো গণ্য মান্য ব্যক্তি আহিলেহে আহে৷ ‌ কিন্তু যেতিয়াই আহে, শ্যামলদাৰ দোকানত এক বিশেষ ধৰণৰ পান ৰিজাৰ্ভ থাকে৷ ‌ আহিয়েই খবৰ লয়, “আমাৰ ছোৱালীজনী ক’ত অ’৷ ‌ ট্ৰেভেল কৰা ব্যক্তিজনৰ বয়বস্তু বেছি হ’লে এবাৰ কৈ চাই, “এস্‌ পাৰিবা নেকি চোৱাচোন! “মই সদায়েই নোৱাৰোঁ৷ ‌অলপ অচৰপ চাই দিওঁ৷ ‌ কিন্তু বিচৰাধৰণে কোনোদিনেই নোৱাৰোঁ৷ ‌ কামত ষ্ট্ৰিক্ট, প্ৰয়োজনাধিক! কিন্তু বৰ্তা বহুত ভাল মানুহ! কেতিয়াও বেয়া নাপায়! মোৰ কামৰ মাজতে সুৰুঙালৈ পিৰিককৈ কৈ যায়, তোমাৰ কাম শেষ হ’লে মোলৈ মিচ্‌কল এটা টানি দিবা, মই নাথ লাউঞ্জত ৰৈ আছোঁ! হয় তেওঁ চিন্তা কৰে! ছোৱালীজনীয়ে গাড়ী অনা নাই! এন্ধাৰ নামিছে৷ ‌ দুলীয়াজানলৈ দীঘল বাট৷ ‌মই দোষী দোষী ভাৱ এটাৰে ছীটত বহোঁ! তেওঁ সময়হ’লে চেঁচা ধাবাত চাহ ৰুটি খোৱাই নিয়ে, “তুমি ৰাতিপুৱাৰপৰা কিবা খাবলৈ সময় পালা জানো? “ কম কথা ক’লে মনটো ভাল লগাই কয়, “ বুজিছা নাথ! এই মোক বৰকৈ ঠগিলে, মিচেচে ছোৱালীজনীক আনিবা বুলি কৈ থাকোতেই গ’ল৷ ‌ এই নাহিল৷ ‌ কেমিকেলৰ ল’ৰাটোক বিয়া পাতি ল’লে! আমি আমাৰ ল’ৰাটোলৈ আনিম বুলি পাঙি থাকোঁতেই গ’ল! “এনেহেন মৰমীয়াল আমাৰ অসমীয়া মানুহ! মোৰ তেতিয়া গগৈদাক দেউতাৰদৰেই ভাল লাগে৷ ‌

মোৰ এতিয়াৰ কৰ্মস্থলী যোধপুৰ৷ ‌ মানুহবোৰ ভীষণ বস্তুকেন্দ্ৰীক! মোৰ আপোন লগৰ এজনীয়ে কয়, মৌনুকা টিউচন ফীজ ভৰ্‌না হেই, পেইচে পৰে হে ক্যা., দৌ হাজাৰ দেই দে৷ ‌“মই বিনাদ্বিধাই উলিয়াই দিওঁ৷ ‌ কিন্তু পাচদিনা চুলিৰ স্পা কৰি আহে৷ ‌ কয়, উচ্‌কা ফীজ মেক্‌ অপ্‌ হৌ গয়া থা৷” আকৌ কিবা হয়, মই বন্ধুত্বৰ খাতিৰত, নহ’লে বাপেক নাইকিয়া ছোৱালী বুলি কিবা সৰলতাৰ অজুহাতত বিক্ৰী হৈ যাওঁ! পইচাৰ শ্ৰাদ্ধ হয়, ঘূৰি নাহে কেতিয়াও৷ ‌

কিন্তু আন এক ক্ষেত্ৰত মানুহবোৰ শলাগিবলগীয়া! যেতিয়া আমাৰ ল’ৰা-ছোৱালীয়ে প্ৰেমত হাবুডুবু খাই ধুনপেচ্‌ বাঢ়ে, তেতিয়া সিহঁতৰ মুখত এটাই কথা, ধন্দা বেঠানা হেই, নৌকৰি চে কুচ্‌ নহী হৌতা!” হয় ও, মোৰ সহকৰ্মীৰ সকলোৰে নিজাববীয়া ব্যৱসায়৷ ‌ এজন সোণাৰী, এজন জ্যোতিষ, কুন্দলী বনাই, ঘৰে-ঘৰে গৃহপূজন কৰে, হৱন কৰে, কেচুৱাৰ নামাকৰণ কৰে ইত্যাদি ইত্যাদি৷ ‌ এজনৰ পানী টেংকাৰৰ ব্যৱসায়৷ ‌ এটা সময়ত তেল ডিপ’বিলাকলৈ তেলৰ সৰবৰাহ কৰি কোটিপতি৷ ‌ইমানতে শেষ নে, যোৱাবাৰ কৌন বনেগা কৰৌৰপতিত কেইবা লাখ টকাও ঘটি আহিছে৷ ‌চাকৰিও চলাই আছে৷ ‌ এজন প্ৰৰ্পাটি দীলাৰ, গাঁও অঞ্চলত শিক্ষক ৰাখি স্কুল এখনো চলাই আছে৷ ‌ পুৱা অফিচত ভৰি দিলেই একেই জ্বলন্ত টপিকৰ ওপৰত চৰ্চা, “উপাৰ্জনৰ উপায়”৷ ‌মই আটাহপাৰি কওঁ, “কিত্‌না পেইচা পেইচা কৰ্‌তা ৰেহতা হে!” সিহঁতে কয়, “হা মেডাম আপতৌ দুচ্‌ৰে গ্ৰহ কী হৌ৷” হয়ো, পুৱা সকলোৱে মিলি চাহ একাপ খাওঁ বুলি টকা কেইটামান উলিয়াই দিলে সিহঁতে মোক “এলিয়েন’’ যেনেই দেখি পায়৷ ‌হয়, আমি অসমীয়াবোৰ বেলেগ গ্ৰহৰ৷ ‌ সহজ সৰল৷ ‌

“এক্‌চেজ বেগেজৰ” কথা৷ ‌ ডিব্ৰুগড়ত অতিমাত্ৰা বয় বস্তুৰ সৈতে খুউব কম যাত্ৰী যায়৷ ‌ যি দুই এজন পাওঁ, চিনাকি হওক, অচিনাকি হওক গেদগেদ হাঁহি এটাৰে কয়, ভন্তি লাগেজ বেছি আছে; কেইটকা দিব লাগিব? এইক্ষেত্ৰত যোধপুৰ সম্পূৰ্ণ বিপৰীত৷ ‌ এনেলোকে প্ৰায় এটা হাই প্ৰফাইল চাল দিয়ে! পিছে পিছে এটা পৰ্টাৰে মুখ নেদেখাকৈ এখন ট্ৰলি চোঁচৰাই আনে! চাৰ খালীহাতে আহে, মেডামৰ হাতত এটা হেন্দপাৰ্চ ওলমি থাকে৷ ‌ ৰ’দ বৰষুণ নেওচি মুৰত এখন বিতচকু৷ ‌ আহিয়েই প্ৰথমে পচন্দৰ ছীট লৈ ব্যতিব্যস্ত কৰে৷ ‌ ফাৰ্ষ্ট ৰ’ উইন্‌দৌ আৰু আইল, মাজৰ ছীটতো ব্লক ৰাখিব লাগে হেনো৷ ‌ তাৰপিছত কাউণ্টাৰৰ সন্মুখতে চাৰে বয় বস্তু খুলি এখন নাটৰ সূচনা কৰে৷ ‌ ঘণ্টাজুৰি কাউণ্টাৰ অকুপাই কৰি লয়! কটু শব্দেৰে কোনো নিষ্ঠাৱান কৰ্মচাৰীৰ মন দিনটোৰ বাবে বেয়া লগাই যায়৷ ‌ময়ো কিন্তু আকোৰগোঁজ৷ ‌ এনেলোকক সহজে এৰি নিদিওঁ! লাহেকৈ বেক্‌ আপ অফিচৰ পৰা ওলাই আহোঁ, “আপকী বেটী ভী কহিপে নৌকৰি কৰতী হৌগী, আপ ওচ্কৌ ভী এই্‌চে হী ৰুলাতে?” কোনোবা বিপদত পৰিলে মই বহি থাকিব নোৱাৰোঁ৷ ‌ পিচলৈ কিন্তু এনে পৰিস্থিতিবোৰ খুউব উপভোগ কৰিছিলোঁ৷ ‌ মই কাউণ্টাৰত থাকিলে যাত্ৰীৰপৰা কমিচন খোৱা পৰ্টাৰকেইটা ফৰিং ছিটিকা দিয়ে, মেনেজাৰেও কাৰো চিফাৰিচ্‌ লৈ নাহে৷ ‌ আৰু এনে যাত্ৰীসকল সত্‌তে ট্ৰেভেল কৰা মানুহ৷ ‌ কিটিপবিলাক আয়ত্ত, নতুনকৈ মকৰল ল’ৰা-ছোৱালীকেইটাক তেওঁলোকে টাৰ্গেট কৰি লয়৷ ‌ কিন্তু পাছত তেওঁলোকেও বিনাবাক্যই পকেট খোলা হৈছিল৷ ‌

আমি অসমীয়া বোৰে হেনো নিজৰ মাজতেই অসূয়া কৰি বাহিৰৰ এটাক বুকুত সোমোৱাই লওঁ৷ ‌কিন্তু যোধপুৰৰ মানুহবোৰ খুউব একত্ৰিত যেন ভাৱ হয়৷ ‌ অকণমানিজনীৰ জন্মৰ দুমাহমানৰ আগৰ কথা৷ ‌ছুটীৰ বাবে এপ্লিকেচন দিছোঁ৷ ‌ লগৰ এজনে চিঞৰি উঠিছে, “পাঁচ মহীনা দচ্‌ দিন, ইতনী লম্বী!” “ইহাপে কৌয়ী এম এলপে নহী গয়াহে কিয়া, খুচী মনা মেৰা তৌ ছুট্টী কম পড়ী হে’’ মই কওঁ৷ ‌ “মেডাম ওচ মৌকে তক কিচী কৌ ৰুক্‌নে কহা দিয়াহে, উচ্‌চে পেহলে চব্‌কী ছু…ট্টী, আপ পেহলী হৌ!” নিলাজ হাঁহি এটাৰে সি কয়! ময়ো ভাবোঁ, কথাটো নোহোৱা নহয়৷ ‌ মোৰ ট্ৰান্সফাৰৰ দুমাহমানৰ পাছত এজনী নতুন ছোৱালী আহিছিল, চুপাৰভাইজৰ হৈ৷ ‌ ছমাহতে দিম’চন লৈ দিল্লীলৈ ঘূৰি গ’ল৷ ‌ বেচেৰীৰ দিনত অফিচত এন্দুৰ-নিগনিৰ কোৱ বাঢ়িল৷ ‌ আমাৰ অফিচৰ ভি চেট, ব্ৰদবেণ্‌দ প্ৰায় ডাউন হয়৷ ‌টাটা ফ’টন লগাই কাউণ্টাৰ চলাবলগীয়া হয়, তাকো ভীষণ স্ল’৷ ‌ যাত্ৰীৰ হাই ওৰুমি, দীঘল দীঘল লানি৷ ‌ আই টি বিভাগৰ মানুহ আহি ছিগা তাৰ বিচাৰি উলিয়াই মানে ফ্লাইট ডিলে হয়! চুপাৰভাইজৰৰ ব্ৰীফিং হয়, ঘণ্টাজুৰি৷ ‌ডিলে জাচ্‌টিফাই কৰোতে কৰোতে ৰাতিৰ ভাত সাজৰ সময় হয়৷ ‌ সেইদিনা শুনিলোঁ, পাঞ্জাৱী ল’ৰাজনৰো চাকৰিৰ ইতি পৰিল! মই মাথোন ব্যতিক্ৰম হৈ থাকি গ’লো৷ ‌

প্ৰত্যেক ঠাইৰপৰা আমাৰ কিছু শিকিবলগীয়া আৰু কিছু আমি শিকাবপৰা কথা থাকে৷ ‌ বিমান অৱতৰণৰ আগমুহূৰ্তত খিৰিকীৰে জুমি মই শিয়ৰি উঠিছিলোঁ৷ ‌ যোধপুৰ শুকান মৰু৷ ‌মাজে মাজে মনটোক সান্ত্বনা দি দুই এজোপা গুল্মজাতীয় গছ৷ ‌ মোৰ ভিতৰৰ নৈ, পথাৰ, বৰষুণ, সেউজীয়া ভাল পোৱা খেতিয়কজনীয়ে হাহাঁকাৰ কৰি উঠিছিল৷ ‌ হায়, মোৰ চহৰৰ ফুৰফুৰীয়া চাহপাতৰ গোন্ধ, জিপ্‌ জিপ্‌ বৰষুণৰ সুৰ! কিন্তু যোৱা কেইটামান বছৰতে চহৰখন অভাৱনীয়ভাবে সলনি হৈছে৷ ‌ ইয়াত নলা নাছিল, বৰষুণ নহ’লে নলাৰ কি প্ৰয়োজন! কিন্তু এতিয়া ৰাস্তা কাটি নলা হৈছে৷ ‌ যি সময়ত আমাৰ অসমত গৰমত মানুহবোৰ ছাটি-ফুটি কৰি আছিল, ইয়াত যথেষ্ট বৰষুণ৷ ‌ ইন্দিৰা গান্ধী কেনেলৰ দাতিঁকাষৰীয়া অঞ্চলবোৰ ইতিমধ্যে সেউজীয়া হৈ উঠিছে৷ ‌ মৰুৰ মাজতো কি অদ্ভুত হাৰত খেতি-বাতি হয়৷ ‌ আমাৰ ফ্লেটৰ সন্মূখৰ মাটিডৰাই এদিনৰ বাবেও খালী নেদেখোঁ৷ ‌ কোনে কয় সেউজীয়া মাথোন এবিধ ৰঙৰ নাম; তাৰযে ক’ত ৰূপ! কৰবাত কবি, কৰবাত ঘেহুঁ, অলপ পক ধৰিছে পাতল হালধীয়াৰে; কৰবাত কিবা এবিধ মছলা, গাঢ় সেউজীয়া! পিয়াঁজৰ দিনত এই সৰু মাটিডৰাৰপৰাই ট্ৰাকে ট্ৰাকে পিয়াঁজ চালান হয়৷ ‌ আমাৰ অসমত খুউব কষ্টত বছৰটোত এটা বা দুটা খেতি হয়৷ ‌ বেছিভাগ সময় মাটি চন পৰি থাকে৷ ‌ কোনো খেতি ব্যৱসায়িক ভিত্তিত নহয়৷ ‌পশুপালন, দুগ্ধপালন, মীনপালন, হাঁহ কুকুৰা পালন আদিবোৰ আজিকালি গাওঁ অঞ্চলতো দ্ৰুতগতিত হ্ৰাস পাইছে যেন ভাৱ হয়৷ ‌ আমাৰ মাজত আ-অলংকাৰত কামজনা ব্যক্তি কেইজন ওলাব! আমি চাকৰি, পঢ়া-শুনাৰ লগতে সৰুসুৰা কামবোৰো শিকি ৰাখিব নোৱাৰোঁনে৷ ‌ এইবোৰতকৈ আমাৰ বাবে ভেঞ্চাৰ স্কুলৰ চাকৰিটোহে কিয় প্ৰিয় হৈ পৰে? চাকৰি কৰা মানুহটোৰ মুখলৈ আমি “হা” কৈ মুখমেলি চাই থাকোঁ৷ ‌মাহিলী দৰমহাকেইটাত আমাৰ পেটে-ভাতে খাই থকা অংকটো খুউব সুন্দৰকৈ মিলি থাকে; ইমান টকা আগৰৱালা গেলামালৰ দোকানত, ইমান টকা বিজুলীৰ বিল, ইমান টকা ল’ৰাটোৰ টিউচন ফীজ, ইমান চিলিণ্ডাৰত ……. চব মিলি আছে, বচ্‌ আমি সুখী!

আন এটা কথাত মই যোধপুৰক সদাই সুৱৰিম৷ ‌ এই চহৰৰ সুন্দৰ ৰাস্তা ঘাট৷ ‌ দোকান পোহাৰ বিলাকো ৰাস্তাৰপৰা যথেষ্ট দূৰত্বত৷ ‌ নলা নতুনকৈ খন্দা হৈছে যদিও কাৰো একো ক্ষতি নাই৷ আমাৰ আকৌ আগফালে দোকানসমূহ আগুৱাই আহি আহি পথতেই খহি পৰে যেন৷ ‌ ‌ ঘৰবিলাকো ইয়াত ৰাস্তাৰ পৰা সমান দূৰত্বত, দেখিলে ভাৱ হয়, ককাই ভায়ে মিলি সাজিছে৷ ‌ শুনিছিলোঁ, চৰকাৰে নিয়ম বান্ধি দিছে, নিদিষ্ট দূৰত্ব বজাই ৰাখিবলৈ! হওক তেওঁ, ভাল কথাবোৰ নিয়মহলেই ভাল৷ ‌ আমাৰ আকৌ মনত ভাৱ, চুবুৰীয়াজনৰ ঘৰটো ঢাকি মই দুই ফাৰ্লংমান আগুৱাই সাজো৷ ‌

অসম হেনো প্ৰেমিক চৰাই৷ ‌ বাটে ঘাটে যোৰা যোৰা স্কুলীয়া প্ৰেমৰ জোৱাৰ৷ ‌প্ৰত্যেকৰেই বুকুত প্ৰতাৰণা, প্ৰত্যাখানৰ খহাব নোৱাৰা গধুৰ শিল৷ ‌এনেবোৰ কাৰণতেই যেতিয়া ভাল বুলি শুনি থকা ল’ৰা ছোৱালীকেওটাই দুই এবাৰ ড্ৰপ দি দিয়ে, কোনোবা পেপাৰত ব্ৰেক লাগি যায় শুনি কষ্ট হয়৷ ‌ বেয়া লাগে যেতিয়া নৱম শ্ৰেণীৰ ল’ৰাটিয়ে চচিয়েল আপদেট দিয়ে; “মোৰ মানুহজনীয়ে মোক এৰিলে, ঘূৰি আহ, ঘূৰি আহ৷ ‌ ……দোকানৰ পিছফালে কি কি কৰিছিলোঁ নহ’লে সব কৈ দিম৷” হায়! মোৰ চহৰৰ পৰিবেশৰ লগত আকাশ পাতাল প্ৰভেদ! ইয়াত মানুহবোৰে প্ৰত্যেক সময়তে কিবা এটা কৰিবলৈ উঠি পৰি লাগি থকা যেন পাওঁ৷ ‌ “পইচা”, হয় এতিয়াও মই পইচাই সকলো নহয় বুলিয়েই ভাবোঁ৷ ‌ আমি হাঁহিব জানো৷ ‌ প্ৰাণোচ্ছল, ৰঙীয়াল! কিন্তু ইমান ৰঙীয়াল? ইমান ৰঙীয়াল যে দুৰ্গা আমাৰ, লক্ষ্মী আমাৰ, বিশ্বকৰ্মা আমাৰ, বৌলব’ম আমাৰ, দীপাৱলী আমাৰ; (সকলো দেৱী দেৱতাৰ ৰোষত একেলগে পৰিলোঁহক)ৰ’জ দে আমাৰ, ভেলেণ্টাইন আমাৰ, আৰু কত’ কি! শংকৰদেৱ, মাধৱদেৱৰ তিথিৰ নামত স্কুল বন্ধ, কল মিঠৈকেইটা ভাগত পৰে কি নপৰে! কাতিৰ নামত বন্তিগচ জ্বলে!

কি…ন..তু! হ’লেও৷ ‌
অসম ক’ত, মনত, প্ৰাণত! অসম বুকুৰ এফাল, অসম তেজত, উশাহত আৰু প্ৰাথৰ্নাত! সময়ৰ ভিৰে যিমানেই নাকী লগাই চোঁচোৰাই নুফৰাওঁক কিয়; মোৰ বেকা ডিঙি সদায় বেকা৷ ‌মেপৰ কোণটোতেই চকু আৰু শান্তি! আন ঠাইত পিয়াহ নমৰে৷ ‌হায়! মোৰ চহৰত শীততো নসৰে টোপাটোপ নিয়ৰ৷ ‌ফেৰফেৰিয়া বতাহজাকে আলফুলে তুলি নানে ভিজামাটিৰ গোন্ধ৷ ‌বহাগ কি আৰু তেজৰঙী ফাগুন, জোনাক কেনেকুৱা আৰু জিপজিপ বৰষুণৰ সুৰ, , , উস মোৰ চহৰতচোন কোলাহল বুকুতলৈ সকলোবোৰ এটা এটাকৈ মেৰমেৰাই সৰি পৰে৷ ‌ৰ’দে বৰষুণৰ পিয়াহত দহি মৰে৷ ৰাতি তৰাই ঘৰ নাবান্ধে৷ ‌ উদং নদীৰ গা৷ ‌পথাৰৰ বুকু সদায়ে সেউজীয়া৷ ‌হলেও পখিলা, ফৰিঙে ৰঙ সানি নুফুৰে৷ ‌পোহৰৰ আকাশ৷ ‌ তথাপি বোকোচাত এফুটমান পোহৰলৈ জোনাকী পৰুৱাই আশাদি নাযাই৷ বৰ শুকান শুকান লাগে মনৰ পদূলিমুখ ফুল বাগিছা ধুনীয়া ৰাস্তা ঘৰ, সেউজীয়া, হালধীয়া……..এবুকু ৰঙ লৈও শুকান হৈ প ৰি ৰয় মোৰ গোন্ধহীন সুন্দৰ খৰাং চহৰ৷ ‌

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Ricky
6 years ago

Bhal lagil….nijor bhab bur jen nije likhi goisu..

Copying is Prohibited!