অসম সন্মিলনলৈ গৈছিলো (-ভাস্কৰ মজুমদাৰ)
অসম সন্মিলনলৈ গৈছিলো
ভাস্কৰ মজুমদাৰ
আমেৰিকা আৰু কানাডাত (Canada) থকা অসমীয়াসকলে মিলি প্ৰতি বছৰে অসম সন্মিলন (Assam Convention)পাতে। সাধাৰণতে জুলাই মাহৰ ৪ তাৰিখে থকা আমেৰিকাৰ স্বাধিনতা দিবসৰ বন্ধৰ সময়ত পতা হয়। সকলোৱে মিলি গীত-মাত, খেল-ধেমালি আৰু ৰং-আনন্দৰে অসমীয়া হোৱাৰ অনুভব লয় বিদেশৰ মাটিত। প্ৰথম অসম সমাৰোহ হৈছিল ১৯৮০ চনত, টেক্সাচৰ হিউষ্টনত(Houston, Texas)। মুষ্টিমেয় মানুহেৰে আৰম্ভ হোৱা এই সমাৰোহ এতিয়া যথেষ্ট আগবাঢ়িছে।
এই বছৰো জুলাইৰ ৪-৬ তাৰিখলৈ ৩৪তম অসম সন্মিলন অনুষ্ঠিত হৈছিল মিচিগানৰ ডিট্ৰইট চহৰৰ (Detroit, Michigan) মেৰিয়ট (Marriott) হোটেলত। প্ৰায় পাঁচশ মানুহ গোট খাইছিল। আগতেই অনলাইন পঞ্জীয়ণ (registration) কৰি লৈছিলো। তাত খাব বিছৰাসকলৰ বাবে খাদ্যৰ পঞ্জীয়ণৰো ব্যবস্থা আছিল। থকাৰ বাবে সেই হোটেলতে ৰেহাই মূল্যত কোঠাৰ ব্যবস্থা কৰা হৈছিল। থকা আৰু খোৱা তাৰপৰাই লোৱাটো বাধ্যতামুলক নহয়, নিজৰ সুবিধামতে ললেই হ’ল। আমি খোৱা লৈছিলো। মোৰ দাদা এজন সেই চহৰতে থাকে বাবে হোটেল লবলগীয়া নহ’ল।
৪ তাৰিখ বৃহস্পতিবাৰে আবেলি পাঁচ বজাৰ পৰা অনুষ্ঠানৰ আৰম্ভনি। গতিকে দুপৰীয়া এক মান বজাত যাত্ৰাকৰিলো। মই, মোৰ পৰিবাৰ আৰু এজন বন্ধু। আমাৰ ঠাইৰ পৰা তালৈ প্ৰায় দুশ মাইল (প্ৰায় ৩২২ কিঃ মিঃ), তিনিঘন্টা মান লাগে। ইয়াত সাধাৰণতে নিজৰ ঠাইৰ বাহিৰলৈ যাবলৈ ভাড়া গাড়ী (rental car) লোৱা হয়। ভাল ভাল গাড়ী পোৱা যায়, ভাড়াও বৰ বেছি নহয়। নিজেই চলাব লাগে। গাড়ীৰ তেলো নিজে ভৰাব লাগে, মানুহ নাথাকে।
এইখন দেশত বস্তুতকৈ শ্ৰমৰ (labor) মুল্য বেছি।ৰাস্তা-পদূলি বৰ ভাল বাবে বহুদূৰ বাটো আৰামত চলাব পাৰি। অলপ দূৰৰ পিছে পিছে জিৰণীৰ ঠাই (rest area) থাকে। পানী, খোৱাবোৱা আৰু শৌচালয়ৰ সুন্দৰ ব্যবস্থা। আৰু বাট চিনি নাপালেও কথা নাই, GPS Navigator ব্যবহাৰ কৰিলেই হ’ল। একেবাৰে ঠিক ঠাইত পোৱাই দিবগৈ। এনেও পথবোৰ ইমান প্ৰণালিবদ্ধভাবে নম্বৰ আৰু নামাকৰণ কৰা আছে যে উলিয়াবলৈ বৰ সহজ। যেনে অমুক নম্বৰ ঘাই পথেৰে (free way) ইমান মাইল গৈ তমুক নম্বৰ বাওফালৰ কেকুঁৰীটো (exit) লোৱা। বেছিভাগ ঘাই পথৰ বেগসীমা (speed limit) ৭০ মাইল/ঘন্টা, ঠাই বিশেষে কম-বেচি হয়। বেগসীমাৰ দহ মাইল ওপৰত চলোৱাটো বিধিগত, তাৰ ওপৰত ধৰা পৰিলে জৰিমনা হ’ব। গাড়ীৰ steering বাওঁফালে থাকে আৰু পথৰ সোঁফালে চলাব লাগে, ভাৰতৰ ওলোটা। পথত কেবাটাও শাৰি (lane) থাকে। সকলোতকৈ বেগত যোৱা গাড়ীবোৰ সোঁফালৰ প্ৰথম শাৰীৰে আৰু লাহে যোৱা বা গধুৰ যান বাহন একেবাৰে শেষৰ শাৰীৰে যায়।
আমাৰ বাট বৰ দিঘলীয়া নোহোৱা আৰু তাত গৈ বৰ এটা ঘূৰাপকা কৰা নহব বাবে আমি বন্ধুৰ গাড়ীৰেই গলো। অলপ অলপ বৰষুন পৰি আছিল। বিভিন্ন কথাৰ মহলা মাৰি আৰু অনাগত আনন্দময় সময়ৰ কথা ভাবি ভাবি গৈ থাকোতে কেতিয়া পালোগৈ গমেই নাপালো। গৈ পায়েই ইমানবোৰ অসমীয়া মুখ একেলগে দেখি এনে লাগিল যেন অসমৰ কোনোবা বিহুতলীতহে আছো। ৰং চঙিয়া পাট-মূগা কাপোৰ পিন্ধি মহিলা সকলে হাঁহিমুখে আঁদৰিছে। ইজন আহি মাত লগাইছে, সিজন আহি খা-খবৰ লৈছে। মোৰ পৰিবাৰেও বাকচ ভৰাই মেখেলা চাদৰ নিবলৈ পাহৰা নাছিল। এই কেইদিনেইতো সুজোগ পায় পিন্ধিবলৈ। এনেদৰেই গৈ পালোগৈ অসম সন্মিলন, তিনিদিনৰ বাবে অসমীয়াৰ মাজত কটাবলৈ।