মাগুৰ মাছৰ ল’ভ ষ্ট’ৰী (-দীপজ্যোতি নাথ)

মাগুৰ মাছৰ লভ ষ্টৰী

দীপজ্যোতি নাথ

 

—-বিশ্ববিদ্যালয়ৰ প্রথম দিন, কেম্পাছৰ নায়ক মাগুৰ আৰু নায়িকা ইলিচৰ ধাক্কা লাগিল। ইলিচৰ হাতৰ পৰা কিতাপ-বহী পৰি যায়।

ইলিচ(নায়িকা)→ এই মিষ্টাৰ, দেখি সাঁতোৰিব্ নোৱাৰা নেকি?

মাগুৰ(নায়ক)→ (ইলিচৰ বহী তুলি দি দি) চ’ৰি মেডাম, নদীৰ পানীবোৰ ইমান লেতেৰা যে খালী চকুৰে একো ধৰিবই নোৱাৰি। আচ্ছা, আপোনাৰ নামটো জানিব্ পাৰিমনে?

ইলিচ→ হাউ ডেয়াৰ ইউ, ধাক্কা দি মোৰ নাম জানিব বিছাৰিচ্,  সকলো কম পানীৰ মাছ আহিছে বেছিপানীলৈ (মুখৰ খজুৱতি মাৰি গুচি গ’ল ইলিচ, আৰু অপমানিত মুখেৰে ৰ’ল মাগুৰ)

তাৰ কেইদিনমানৰ পাছত বিপদত পৰিল নায়িকা ইলিচ। বান্ধৱী কেইজনীৰ লগত আড্ডা মাৰি থকাৰ সময়তে জালত পৰিল।

ইলিচ→ এৰি দে, এৰি দে চয়তান। বাঁচাও!

জাল→ চুপ, কথা নকবি..

ইলিচ→ চয়তান, তই মোৰ দেহ পাবি,  কিন্তু মন নাপাবি..

জাল→ তোৰ দেহটোৱে তো মোক দৰকাৰ সুন্দৰী,  কেজি হাজাৰ টকাকৈ.. হুহুহা হা।

ইলিচ→ (সর্বশক্তি প্ৰয়োগ কৰি চিৎকাৰ) বাঁচাও, বাঁচাও কৈ আছে ।বাঁচাও…গুণ্ডায়ে মোক তুলি নিব এতিয়া।

বহুত দূৰত মাগুৰ তেতিয়া ‘‘স্বাভাৱিক মৃত্যুৰ গেৰান্টি চাওঁক’’ নামৰ শীর্ষ এখন চেমিনাৰত অংশগ্রহণ কৰিছিল।

ইলিচৰ চিঞৰ শুনি মাইক্রোচেকেণ্ডৰ ব্যৱধানত ঘটনাস্থলিত উপস্থিত হ’লহি। তৎক্ষণাত দাঁতৰে জালখন কুটি দি ইলিচক তাৰ পৰা মুক্তি কৰিলে।

ইলিচ→ কি বুলি যে আপোনাক ধন্যবাদ জনাম,  আজি আপুনি নথকা হ’লে মোৰ কি হ’ল হয়!(আগৰ ধাক্কা খোৱা কথা মনত পৰি যায়) ইয়ে… মাছ চিনিবলৈ মোৰ ভুল হৈছিল। মোক ভুল নাভাবিবা,  প্লিজ। মই ইলিচ আৰু আপুনি ?

মাগুৰ→ মই মাগুৰ।

ইলিচ→ দেশী নে বিদেশী…?

এনেদৰেই সিহঁতৰ চিনা-পৰিচয়,  বন্ধুত্ব,  গান আৰু প্ৰেমৰ বন্ধনত সোমাই পৰে।

সময়ত মাগুৰৰ কলেজৰ ৰিজাল্ট আহিল।

মাগুৰ→ (দৌৰি ঘৰলৈ সোমাই চিঞৰিলে) মা, মা.. মই ফ্ৰাষ্ট ক্লাছ পাছ কৰিছোঁ।

মা→ আজি যদি তোৰ দেউতাৰ জীয়াই থাকিলহেঁতেন…!

মাগুৰ→ মা, দেউতাৰ কি হৈছিল নো?

মা→ তই যেতিয়া পোনা আছিলি তেতিয়া মানুহ এজনে তোৰ দেউতাক ধৰি নি খাই পেলালে।

মাগুৰ→ (ওলাই অহা চকুপানী খিনি মচি) মাছ হৈ ভাল ৰিজাল্ট কৰিও লাভ নাই মা,  শেষত মানুহৰ পেটতহে যায়..।

ইফালে ইলিচে মাগুক তাইৰ দেউতাকৰ লগত চিনাকী কৰাই দিবলৈ ঘৰলৈ লৈ গ’ল। কিন্তু জীয়েকৰ প্ৰেমিকাৰ প্রজাতি দেখি মনঃ ক্ষুণ্ন হ’ল দেউতাকৰ।

ইলিচৰ দেউতাক→ সামান্য দেশৰ মাগুৰ হৈ কোন সাহসত তুমি মোৰ জীয়াৰীক বিয়া কৰাবলৈ আহিছা?

মাগুৰ→ ভালপোৱাত কেতিয়াও মাছৰ প্রজাতি নেদেখে। ইলিচক মই মোৰ জীৱনতকৈও বহুত বেছি ভালপাওঁ।

দেউতাক→ তুমি জানো আমাৰ দৰে বজাৰত দাম পোৱা?  মোৰ জীয়াৰীৰ যিমান দাম সেই টকাৰে তোৰদৰে বহু ডজন মাগুৰ কিনিব পাৰি।

মাগুৰ→ ইলিচ চাহাব,  টকা দি মাছ কিনা যায় কিন্তু মাছৰ ভালপোৱা কিনা নাযায়। আমি দুখীয়া মাছ হ’ব পাৰো,  কিন্তু আমিও সৰুমাছ নহয়।

দেউতাক→ মোৰ জীয়াৰীক বিয়া কৰাবলৈ হ’লে তই ইলিচৰ দৰে চলাফুৰা কৰিব লাগিব। শৰীৰত ইলিচৰ ঘ্রা,  গোন্ধ থাকিব্ লাগিব। সেয়ে যদি নহয় তেন্তে এই ঘৰ চিৰদিনৰ বাবে তোলৈ বন্ধ। (নায়ক মাগুৰৰ তৎক্ষণাত প্রস্থান।)

 

ইলিচৰ দেউতাকে জীয়েকক ঘৰতে বন্দী কৰি ৰাখিলে।

ইলিচৰ দেউতাক→ আজিৰপৰা তই ঘৰৰ বাহিৰলৈ যোৱা নিষেধ। মোৰ বন্ধু এজনৰ পুতেকৰ লগত তোৰ বিয়াৰ ব্যৱস্থা কৰা হ’ব।

ইলিচ→ না দেউতা না, মাগুৰক মই বহুত ভালপাইছো দেউতা। মাগুৰক এৰি মই জীয়াই থাকিব নোৱাৰো।

দেউতাক→ (নেজ দিয়ে জীয়েকৰ গালত চাটাক কৰি চৰ এপাত সোধালে) মোৰ ওপৰত আৰু এটা কথাও নকবি। তই যদি আৰু এনে অধঃপতন হোৱাৰ ফালে গতি কৰ্তেন্তে গলা টিপি মাৰি পেলাম।

নায়ক মাগুৰো ইমান সহজে হাল সামৰা মাছ নহয়। বহুত পৰিশ্রম কৰি কিছু টকা যোগাৰ কৰিলে। তাৰপাছত সেই

টকায়ে সি বজাৰৰপৰা ইলিচ মাছৰ দৰে গোন্ধ থকা এক্স ব্ৰেণ্ডৰ বডি স্প্রে কিনি আনিলে। শৰীৰত স্প্ৰে কৰা লগে লগেই মাগুৰ শৰীৰৰ পৰা ফুং ফুং ইলিচ মাছৰ গোন্ধ আহি গ’ল। সেইবাবেই বিভিন্ন প্ৰজাতিৰ মাছৰ জীয়াৰীবোৰে মাগুৰ কাৰণে পাগলৰ দৰে হৈ তাৰ আশে-পাশে ফুৰিল।

ইলিচৰ দেউতাক ‘মাগুৰ আৰু ইলিচ’ৰ বিয়াৰ বাবে ৰাজী হৈ গল। মাগুৰৰ বুদ্ধি কামত আহিল। এই ঘটনাত হিংসা লাগি গ’ল গুণ্ডা ৰৌ মাছৰ। সি তাৰ দলবল নি অপহৰণ কৰিলে নায়িকা ইলিচ আৰু তাইৰ দেউতাকক । দাড়িয়ে বান্ধিলে দুইজনৰ শৰীৰ।

ৰৌ→ খালী বৰশীত মাছ নুঠে,  তাত কেঁচু দিব লাগে,  ইলিচ চাহাব। আজিৰ পৰা ইলিচ মোৰ,  ইলিচৰ সকলো সম্পত্তিও মোৰ, হুহুহুহা হা হা…

ইলিচৰ দেউতাক→ তোৰ জিভা মই টানি চিঙি পেলাম, বদমাছ। ইলিচ দেখিছ্, ইলিচৰ কাঁটা দেখা নাই নহয়..

ৰৌ→ হুহুহা হা সেই সুযোগ তই নাপাবি। তোক হত্যা কৰি তোৰ মৰাশ্ দি ইলিচ পোলাও ৰান্ধি খাম.. হুহুহা  হা। তোৰ জীয়াৰী ইলিচ এতিয়া আমাৰ আগত নাচিব্.. ঐ চেঙেলী,  ইলিচৰ বাঁন্ধ খুলি দে… খুলি দিয়া হল ইলিচৰ বাঁন্ধ। ইলিচ একদম আধুনিক মাছ,  মুক্ত হৈয়েই গান গাই গাই তাইৰ ফেচবুক ষ্টে’টাছ দিলে….. ‘gundai mok uthai nise, mon2 bhut bya lagi ase’  লোকেচন লিখি দিলে ‘rou stan’ । তাৰপাচত গান গায় গায় নাচা আৰম্ভ কৰিলে ইফালে ষ্টে’টাছ দেখা লগে লগেই মাগুৰ আহি গ’ল ৰৌস্থানলৈ। বেৰ ভাঙি জাপ দিলে গুণ্ডা ৰৌ ওপৰত পৰিল। মাগুৰ→ হেই বদমাছ ৰৌমাছ,  আজি মই তোক মাৰি পেলাম। গুন্দায়ে গুলি কৰা আৰম্ভ কৰিলে,  ঢ়িচা,  ঢ়িচা,  ঢ়িচা… (৭০ ৰাউণ্ড গুলি, নিহত ০)।

নায়ক মাগুৰেও গুলি কৰা আৰম্ভ কৰিলে,  ঢ়িচা,  ঢ়িচা,  ঢ়িচা… (২ ৰাউণ্ড গুলি, নিহত ৭০)। সকলো গুণ্ডাকে মাৰাৰ পাছত বাকি ৰ’ল ৰৌ। আন গুণ্ডাবোৰৰ গুলি কৰা নজৰ ভাল নহলেও ৰৌৰ নজৰ ভাল। নায়কৰ ফালে গুলিয়ালে  সি। ঢ়িচুয়া… কিন্তু,  ইলিচৰ দেউতাক দৌৰি আহি বুকুপাতি দিলে মাগুৰ সন্মুসত। গুলি আহি লাগিল তাৰ পেটত।

সেই সময়তে পুলিচ পুঠিমাছৰ আগমন। ‘‘আইন নিজৰ নেজত তুলি নল’ব’’ কৈ গ্রেপ্তাৰ কৰিলে গুণ্ডা ৰৌক।

ইফালে,  ইলিচৰ দেউতাক → (তেজ বাহিৰ হৈ থকা পেটতোত ধৰি) বোপা মাগুৰ,  মোৰ জীয়াৰীক ভালেৰে ৰাখিবা বোপা। তাইক তোমাৰ হাতত দিলোঁ,  তাইক সুখেৰে ৰাখিবা। আ.. আ… আ’হ..

তাৰ পিছৰেপৰা মাগুৰ আৰু ইলিচ সুখ-শান্তিত বসবাস কৰাত লাগিল, আৰু কিছুদিন পাছত মাগুৰ+ইলিচ মিলি ‘‘মালিচ’’  নামৰ নতুন মৎস্য প্রজাতি পোৱা গ’ল অসমত।

 

One thought on “মাগুৰ মাছৰ ল’ভ ষ্ট’ৰী (-দীপজ্যোতি নাথ)

  • October 18, 2014 at 12:00 pm
    Permalink

    কবলৈ ভাষা নাই ৷চুপাৰ, মাইণ্ডব্লয়িং

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!