অসাধাৰণ ৰিক্সাচালক (-হিৰণ্য বৰা)

অসাধাৰণ ৰিক্সাচালক

 

হিৰণ্য বৰা

 

 

 

এটা সঁচা কাহিনী : কাহিনীটো বিশ্বনাথ চাৰিআলিৰ ৷ কাহিনীটোৰ নায়ক এজন অসাধাৰণ ৰিক্সাচালক ৷ অসাধাৰণ … ?

হয় এই জনক আজিৰ তাৰিখত অসাধাৰণ বুলি ক’বই লাগিব ৷ এজন ধনী ব্যৱসায়ীয়ে স্থানীয় এখন সোণাৰি শালত এডাল সোণৰ বালা নিৰ্মাণৰ বাবে দিছিল ৷ সময়ত বালা ডালৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাত সোণাৰিজনে বালাডালৰ গৰাকী ব্যৱসায়ী জনক ফোন যোগে বিষয়টো অৱগত কৰিলে ৷ ব্যৱসায়ী জনে তেওঁৰে কৰ্মচাৰী এজনক সোণাৰি শালৰ পৰা উক্ত বালাডাল আনিবৰ বাবে পঠিয়ালে ৷ অঘটন টো ঘটিলে তেতিয়াই … ! কৰ্মচাৰী জনে বালা ডাল মালিকৰ ওচৰ পাই দিবলৈ বুলি পকেটত হাত দি দেখে যে বালা ডাল তেওঁৰ পকেটত নাই ৷ বিশ্বস্ত কৰ্মচাৰী জনৰ অৱস্থা নোহোৱা হ’ল ৷ কি কৰা যায় এতিয়া … ? ইফালে এজন ৰিক্সাচালকৰ কপাল ফুলিল ৷ ৰিক্সা চলাই বাটেৰে আহি থাকোঁতেই তেওঁৰ দৃষ্টিগোচৰ হ’ল কাগজৰ খাম এটা ৷ খামটো খুলি প্ৰত্যক্ষ কৰিলে এডাল শকত গধুৰ সোণ বালা ৷ বালা লাভ কৰি মানুহ জন আনন্দত আত্মহাৰা হোৱাৰ বিপৰীতে কিন্তু তেওঁ ওচৰৰ মানুহক বিষয়তো জনাই দিলে আৰু লগতে ক’লে যে কোনো লোকে যদি বালা ডালৰ গৰাকী বুলি উপযুক্ত প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হয় তেন্তে তেওঁ বালা ডাল ঘুৰাই দিবলৈ ভাল পাব ৷ কথাটো জানি বহুজনে বালা ডালৰ গৰাকী হোৱাৰ বৃথা চেষ্টা নকৰাকৈও নাথাকিল ৷ বালা ডালৰ গৰাকী হ’বলৈ চেষ্টা কৰা সকলৰ মাজৰে এজনে কিবা প্ৰকাৰে আচল গৰাকী জনৰ সম্ভেদ লাভ কৰিলে আৰু দহ হাজাৰ টকাৰ বিনিময়ত বালা ডাল ক’ত পাব জনাব পাৰিম বুলি ক’লেগৈ ৷ অৱশেষত প্ৰকৃত গৰাকীয়ে এই দালাল জনৰ সহযোগত তেওঁৰ বহুমূলীয়া সোণ বালা ডাল লাভ কৰিবলৈ সক্ষম হ’ল ৷ কৃতজ্ঞতা স্বীকাৰ কৰি ব্যৱসায়ী জনে ৰিক্সাচালক জনলৈ নগদ পাঁচ হাজাৰ টকা আগবঢ়ালে ৷ কিন্তু তেওঁ সেই উপহাৰ গ্ৰহণ কৰিবলৈ সন্মত নহ’ল ৷ ব্যৱসায়ী জনে বাৰে বাৰে কৰা অনুৰোধো তেওঁ উপেক্ষা কৰিলে ৷ তাৰ ঠাইত তেওঁ ক’লে যে মোৰ লৰা-ছোৱালীয়ে স্কুলত পঢ়ি আছে , মই আপোনাৰ পৰা টকা ল’লে সিহঁতৰ ওচৰত সৰু হৈ যাম, তেনে কৰিলে মইনো সিহঁতক কি শিক্ষা দিম …. ? দালাল জনে সেমেনা-সেমেনিকৈ সৰু মাতেৰে বালাৰ গৰাকীৰ পৰা বালা ডালৰ মূল্য জানিব বিচাৰিলে ৷ বালা ডালৰ মূল্য আছিল এক লাখ ষাঠি হাজাৰ ৷ কিন্তু বালা ডালৰ দাম শুনিবলৈ তেতিয়ালৈকে ৰিক্সাচালক জন ৰৈ থকা নাছিল ৷ তেওঁ তেতিয়া এটা ৰিক্সাৰ ভাড়াৰ সন্ধানত বহু দূৰ আঁতৰি গৈছিলগৈ ৷ কাৰণ তেওঁৰ লৰা-ছোৱালী কেইটা স্কুলত পঢ়ে , সিহঁতক মানুহ হিচাপে গঢ়িব লাগিব মানুহ … দালাল হিচাপে নহয় …. ! ! !

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!