নিগনি (-মৌচম)

নিগনি


মৌচম

 

 

এটা নিগনি
কুটকুটাই আছে অবিৰত
শৰীৰৰ প্ৰতিটো কোঠালিত তাৰ সঘন আহ-যাহ
নিগনিটোৰ অপ্ৰত্যাশিত কাৰ্যকলাপত
অস্থিৰ হৈ প্ৰলাপ বকোঁ মই
তাৰ গোপন স্থান বিচাৰি
প্ৰতিটো দুখ-সুখ চলাথ কৰোঁ মই
নাপাওঁ তাক…নেদেখোঁ ক’তো

সুগভীৰ নিদ্ৰাতো স্পষ্টকৈ শুনোঁ মই
নিগনিটোৰ কুট্ কুট্ ধ্বনি
সুক্ষ্ম শোণিত কণাতো বীৰৰ দৰে তাৰ দপ্ দপনি
কুটি কুটি খাইছে
জীৱনত প্ৰয়োজনীয় ইটো-সিটো-বহুতো

আজি গোন্ধ এটা নাকত লাগিল
মৃত নিগনিৰ উৎকট গোন্ধ
বিচাৰি-খোচাৰি চালোঁ – নাপালোঁ
পালোঁ মাথো অস্তিত্বহীন নিগনিটোৰ
শূন্যতাত বিয়পি থকা নাভূত-নাশ্ৰুত গোন্ধ ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!