অসীমত যাৰ হেৰাল সীমা –ডাঃ প্ৰণৱ কুমাৰ শৰ্মা
অসীমত যাৰ হেৰাল সীমা অসমীয়া সাহিত্য জগতৰ এখন উত্তাল পতাকা৷
আকাশ জিনাৰ প্ৰয়াস৷
মই পাছে কথা এটা কওঁ৷
অমৰ কৰি থৈ গ’ল কাঞ্চন বৰুৱাক৷
হত্যা কৰি থৈ গ’ল কাঞ্চন বৰুৱাক৷
কিয়?
আৰু কোনে?
কৈ আছো!
……আৰু এটা কথা৷
অসীমত যাৰ হেৰাল সীমা পঢ়ি আমাৰ সুধাকণ্ঠই প্ৰেমত পৰিছিল কাঞ্চন বৰুৱাৰ ভগ্নী বন্দনা বৰুৱাৰ সতে৷
দুয়োজনৰে দ্বৈত কণ্ঠত গীতো আছে
এইবোৰ কথা হয়তো বহুতে নাজানে৷
……..গীতটো “ প্ৰতিধ্বনি “ বোলছবিৰ – হে, হে ঢোলে ডগৰে, হে, হে হিয়াঁৰ উমেৰে, বান্ধো আমি পাহাৰ শিখৰতে মহান চিয়েমক……!
মানুহজনৰ নামতো নো ভুৱন মোহনৰ পৰা কাঞ্চন বৰুৱা কিয় হ’ল?
সেইটো প্ৰশ্নৰো উত্তৰ বহুতৰে হাতত নাই৷
ভুৱন মোহনৰ মাক সাংঘাতিক শিক্ষিতা মহিলা আছিল৷
কিতাপখন লিখি উলিওৱাৰ পাছত ক’ৰবাত কিবা ভুল আছে বুলি সন্দেহ কৰি মাকৰ গালি খোৱাৰ পৰা আঁতৰি থাকিবলৈ নিজৰ নামটোকে সলনি কৰি দিলে৷
মাকে গমেই নাপালে যে “ অসীমত যাৰ হেৰাল সীমা “ৰ কাঞ্চন বৰুৱা নিজৰেই পুত্ৰ ভুৱন মোহন৷
ভুৱন মোহন বৰুৱাই বৰ্তমান কালৰ সঁচা কথা কিছুমানক এখন কাল্পনিক নগৰ, কাল্পনিক নৈ, কাল্পনিক যুদ্ধৰ আলম লৈ আমাক অতি দক্ষতাৰে আভূৱা ভৰি থৈ গ’ল৷
এনেকৈ লিখিছিল, আমাৰ বাবে অকণো অন্য চিন্তাৰ ঠাই ৰখা নাছিল৷
……এয়াও এক সন্মোহিনী শিল্প৷
শব্দৰ যাদুকৰে পাঠকক ভাৱি চাবলৈ সুযোগ নিদিয়ে৷
…..সাধাৰণ উদাহৰণ এটা দিওঁ, চম্পাৰ মৃত্যুৰ সময়ৰ সেই চিঞৰ আৰু চন্দনৰ মৃত্যুৰ চিঞৰ একে সময়তে বতাহত ভাঁহি আহিছিল৷
কাঞ্চন বৰুৱাই সেই পলটোক আমাৰ বুকুৰ মাজত নিগাজী কৈ সুমুৱাই দিবলৈ দুয়োটা মৃত্যুৰ ব্যৱধানৰ কথা ক’বলৈ আমাক ত্ৰিশ পৃষ্ঠা লিখনিৰ মাজত ডুবাই ৰাখিছিল৷
……..এটা পল বা মুহূৰ্তৰ বাবে ত্ৰিশটা পৃষ্ঠা৷
কথাবোৰ হয়তো কোনোৱেই ভাৱি চোৱা নাই আজিলৈকে৷
এনেধৰণৰ ধ্যান ধাৰণা গোটেই জীৱন অনুশীলন কৰিলেও কোনোৱে ওচৰ চাপিব নোৱাৰে৷
তাকো এই কাম কৰিছিল মাথোঁ একত্ৰিশ বছৰ বয়সত৷
ডেড় কুৰি বছৰীয়া ল’ৰা এটাই অসমীয়া জাতিটোৰ প্ৰতিজনৰ হৃদয়ত এনেকুৱা এটা ঘৰ সাঁজি থৈ গ’ল যাৰ ব্লু-প্ৰিণ্ট দ্বিতীয় বাৰ আৰু অঁকা সম্ভৱ নহয়৷
তাজমহলো এনেকুৱাই৷
আজিলৈ দ্বিতীয় এটা নাই৷
মিল এটা নথকা নহয়৷
দুয়োটাতে দুখন নৈ৷
যমুনা আৰু কাঞ্চনমতী৷
দুয়োটাই দুটি স্মাৰক৷ প্ৰেমৰ৷
এটা মাৰ্বলৰ আনটো কাগজৰ৷
দুয়োটিয়েই কালজয়ী৷
………কাঞ্চন বৰুৱাক কি দৰে হত্যা কৰি থৈ গ’ল “ অসীমত যাৰ হেৰাল সীমা “ ই?
উৰ্মিলাৰ চকুলো,
জয়া মহল,
অশান্ত প্ৰহৰ,
গ্ৰহণান্ত৷
…….এই বোৰ কাঞ্চন বৰুৱাৰেই সৃষ্টি৷ উপেক্ষিত হৈ ৰ’ল নিজৰেই দোষতে৷
পাঠক এনেদৰে মোহাচ্ছন্ন হৈ থাকিল অসীমত যাৰ হেৰাল সীমাৰ দেশত, সময় নোপোৱা হ’ল চকু দিবলৈ মানুহ জনৰ অন্য সৃষ্টিলৈ৷
….দোষ মানুহ জনৰেই আছিল৷
তেৰশ বছৰ যদি অপেক্ষা কৰিব পাৰিছিল আৰু দুদিন ৰৈ এই কেইখন ৰচনা প্ৰকাশ হোৱালৈ বাট চাব কিয় নোৱাৰিলে?
শ্বিলঙত জন্ম৷
পঢ়িছিল যোৰহাটত৷
চাকৰি কৰিছিল ডিগবৈত, টোকলাই গৱেষণাগাৰত, শ্বিলঙৰ টাৰ্পিন তেলৰ কাৰখানাত আৰু অৱশেষত অসম চৰকাৰৰ অধীনস্থ বোলছবি বিত্ত নিগমত৷
এইবোৰৰ কাৰণতেই হয়তো কথা আৰু কাম বোৰ চিজিল লগাওতে ক’ৰবাত ভুল হৈ গ’ল৷
…….অসীমত যাৰ হেৰাল সীমাই মানুহ জনক দিলেওঁ, মানুহ জনৰ পৰা নিলেওঁ৷
ভুল হৈ যায় কেতিয়াবা এনেদৰে৷
নজনাকৈয়ে৷
দহ মে 1998 ত মানুহজন শ্বিলঙতে শুই গ’ল৷
……..আকৌ অপেক্ষা কৰিব লাগিব তেৰশটা বছৰ৷
বাট চাব লাগিব কাঞ্চন বৰুৱালৈ৷
……..আকৌ বা কি লৈ আহে হেৰুৱা দিগন্তৰ সীমাৰ পৰা!
……..আমি ৰ’ম৷
কাৰণ মানুহজন যে অসীমত হেৰুৱা মানুহ৷
আমাৰ মানুহ৷
আমাৰ ঘৰৰ মানুহ৷
সীমাৰ সিপাৰে হেৰাওঁ বুলিয়েই হেৰাই যাবলৈ নিদিওঁ৷
………কিয় দিম?
প্ৰয়োজনত অনন্ত কাললৈ অপেক্ষা কৰিম কমল নগৰৰ জুই ধোঁৱা আৰু ছাঁইৰ মাজত৷
……….এটা ফিনিষ্ক পখীৰ ডেউকা ভগা পখীৰ শব্দ শুনিবলৈ৷
……..প্ৰসৰ ৰ’দতো৷
মাজ নিশাৰ জয়াল এন্ধাৰতো৷
পুনৰ কৈছো – মানুহজন যে কাঞ্চন বৰুৱা!
মন চুই গল