অৰুন্ধতী আৰু নৈখনি (অভিলাষ বৰঠাকুৰ)
অৰুন্ধতী আৰু নৈখনি
অৰুন্ধতী,
বছৰৰ পিছত বছৰ
মাহৰ পিছত মাহ
দিনৰ পিছত দিন
পাৰ হৈ যায়
এই মৰাঘাট গচকি গচকি
তথাপিও,
তথাপিওচোন
নৈখনি আপোন হৈয়ো মোৰ নহ’ল আজিও
নৈয়ে মোক প্ৰায়ে সোধে ‘অৰুন্ধতীক ক’ত হেৰুৱালি?’
মই কওঁ তোৰ বুকুতে ক’ৰবাত
নৈয়ে উচুপে, লগতে ময়ো ৷
পুনশ্চঃ
সেইদিনা বেদনাক্লিষ্ট নিশাত এটি সপোন দেখিছিলোঁ
অৰুন্ধতীৰ সৈতে এক হোৱাৰ একেটা সপোনে
সেই নিশা নৈৰ পাৰত শুই পৰা অৰুৱেও দেখিছিল
আৰু
নৈখনিক সাক্ষী কৰি সেইদিনা জোনাকবিঢৌত নিশাত
আমি এক হৈছিলোঁ
নৈখন আজিও আছে
আছে সেই মৰাঘাট ।