অ’ গৰখীয়া, গৰু নাৰাখ কিয় : মাধুৰিমা ঘৰফলীয়া

অ’ গৰখীয়া, গৰু নাৰাখ কিয়?

ණ মাধুৰিমা ঘৰফলীয়া

 

নাই বুলি যি নায়েই । এৰাবাৰীৰ পৰা পিতকণৰ ঘৰৰ গেজেপনি মৰা বেতনিখনলৈকে বিচাৰিলে গৈ । থৰক বৰক খোজৰে দোণৰ মাক নিতাই বুঢ়ীয়েও বড় তলৰ স্কুলৰ ফালে বিচাৰি গ’ল । নাই নাপালে । হাঁহ পোৱালী, কুকুৰা পোৱালী নহয় যে হেপা শিয়ালে খাই পেলাব , নাইবা খালে-গাতে পৰি থাকিব । হ’ল বুলিয়েই ইমান ডাঙৰ গৰু হাল হেৰাব লাগে নে । আউবেলি ৰাজমাই বজাৰৰ পৰা কম গাল টকা ভাঙি আনিছিল নে । মাত্ৰ এটা খেতি কৰিছিলহে । হওঁতে নিতাই বুঢ়ীয়ে পুতেকক বৰকৈ বুজাইছিল বোলে –“গৰু আনিবা ৰিঙটোৰ বাট ,ছোৱালী আনিবা দিনটোৰ বাট । বোৱাৰীজনী আনোঁতেও দেৱলোকে লিখি যোৱা বচনষাৰ নামানিলে । হওঁক তেওঁ বোৱাৰীজনী একেবাৰে বেয়াও নহয় । পিছে গৰু গাই কিনিলে এই বচন ফাঁকি উলাই কৰিব নেলাগে । পিউৰামৰ ঘৰতে উদাঁত দমৰা দুটা আছে । সিহঁতেও বেচিম বুলিয়েই থৈছে । তাকে কিনি আনিলেই হ’ল । হেৰুৱাৰ ভয় নাথাকে ।“
দোণে মাকৰ কথা নুশুনিলে । ৰাজমাই বজাৰৰ পৰা অনা মণিপুৰী গৰুহাল দেখি নিতাইৰ আইতাৰ মনটো বেয়াও লগা নাছিল । কিন্তু হ’লে কি হ’ব ,এবছৰ নৌ হওঁতে, এৰাল দি থওঁতেই এৰালৰ খুঁটি উঘালি গৰু পলাল ।
-তেহানিতে (!) তোক কোৱা নাছিলোঁ নে ? এই বুঢ়ীয়ে কোৱা কথাবোৰ কথা বুলিয়েই নাভাব ।
জুহালত বহি থকা পুতেকৰ কাষতে পিৰা এখন পাৰি বহি লৈ নিতাই বুঢ়ীয়ে খঙ জাৰিলে ।
দিনৰ দিনটো গৰু বিচাৰি দোণ ভাগৰি পৰিছিল । তাতে মাকৰ কথা শুনি খঙে মূৰৰ চুলিৰ আগ পালেগৈ । ঘৈণীয়েকে আগবঢ়াই দিয়া চাহপানী টোপা মুখলৈ নিবলৈ লৈও থেকেচা মাৰি ক’লে
-আই মোৰ মেথা (!) গৰম নকৰিবি হ’লে কৈ দিছোঁ ।
-কি মেথা গৰম হোৱা কথাষাৰ কলো হয়নে ? সৌ সিদিনা ইমান ডাঙৰ পঠাটো হেৰাল । আজি গৰু । তহঁতৰ গুৰু গোঁসাই ভাল নহয় বুজিছ । টোপোলা এটা বান্ধ বুলি কলেও নাবান্ধ । হেৰৌ টকা পইচা কাৰ বাবে সাঁচিচ ? তই মৰিলে লগত লৈ যাবিনে ? ঘৰতে ইমান কল লাগি আছে ,চাউল দুসেৰ মান খুন্দি গৰখীয়া পিঠা কণতো খুৱাই দিব পাৰ ? কিমান দিন হ’ল নুখুৱা মনত আছে নে ? আজি সেই পুতুকণহঁতে গৰখীয়া পিঠা খুৱাবলৈ কওঁতেও গজগজাইহে(!) উঠিলি ।
মাকৰ কথা শুনি দোণ মনে মনে থাকিল । মাকে একেবাৰে মিছাও কোৱা নাছিল । এসপ্তাহৰ আগত ডাঙৰ পঠা এটা হেৰাল । দোণে পঠাটোৰ নোম এডালৰো খবৰ উলিয়াব নোৱাৰিলে । আৰু আজি গৰু হাল হেৰাল । ভায়েকৰ পুতেক পুতকণে আজি বৰমাকৰ আগত গৰখীয়া পিঠা নুখুৱালেও এনেকুৱা হয় বুলি কৈ আছিল । ন’ কৈ হাইস্কুললৈ যোৱা বয়সৰ ল’ৰাৰ মুখত তেনে কথা শুনি দোণে ভেকাহি মাৰি উঠিছিল । এইবোৰ সি বিশ্বাস নকৰে । আচলতে তাৰ ঘৰখন মানুহৰ চকুত পৰিছে । তাৰ উন্নতি গঞাই সহিব পৰা নাই ।

জুইকুৰা খুচৰি খুচৰি নিতাই বুঢ়ীয়ে আঁৰ চকুৰে পুতেকলৈ চালে । পুতেকৰ মুখখন দেখি বেয়াও লাগিল । যিমান হলেও নিজৰে পো দেহি ।
নিতাই বুঢ়ীৰ মাকৰ ঘৰ নিতাপুখুৰীত । গতিকে বিয়াৰ পাছতে বুঢ়ীয়ে নিজৰ পোছাকী নামটো দলিয়াই নতুন নাম এটা আঁকোৱালি ল’ব লগা হয় । নিতাই নছোৱালী, নিতাই বোৱাৰী, নিতাই বৰমা, নিতাই খুড়ী….আৰু শেষত নিতাই বুঢ়ী । বুঢ়ী পুতেক দুটা । ছোৱালী নাছিল । ল’ৰাবোৰ বিয়া পতাৰ পাছতে সলনি হৈ যায় । শৈশৱৰ সকলো মধুৰ স্মৃতি গৰকি দুইটা পুতেকে বিয়াৰ পাছতে ঘৰ বেলেগ কৰিলে । ইতিমধ্যে বুঢ়াও ঢুকাল । নিতাই বুঢ়ীয়ে মাহেকৰ দুটা দিন সৰু পুতেক মহেনৰ ঘৰত আৰু বাকী চোৱা দিন ডাঙৰ পুতেক দোণৰ ঘৰত কটাই । দোণৰ ল’ৰা ছোৱালী নাই । এতিয়া হোৱাৰ সম্ভাৱনাও নাই । সেইবাবেই মহেনৰ ল’ৰা ছোৱালী কেইটাৰ মোহত তাৰ ঘৰতেই থাকিবলৈ মন কৰে । কেতিয়াবা বৰ বোৱাৰীয়েকৰ সৈতে খকা-খুন্দা লাগিও সৰু পুতেকৰ ঘৰত থাকে গৈ । যাওঁতে পুতেক বোৱাৰীয়েকৰ আগত শপত খাই যায় যে সেইখন ঘৰত কোনোদিনে ভৰি নিদিয়ে বুলি; পিছে খেতিৰ ধান কেইটাৰে টানি টুনি চলি থকা ধোদৰ পচলা মহেনৰ ঘৰত এসাঁজ ভাত খাওঁতেই বুঢ়ীৰ তিতা-কেহা লাগি যায় । মহেনে কেতিয়াবা কৈয়ে দিয়ে –আই, তোক পোহপাল দিবলৈ মোৰো মন যায় পিছে নোৱাৰোঁ । তই ককাইদেউৰ ঘৰতে নাথাক কিয় ?
নিতাই বুঢ়ীৰো মন নাযায় মহেনৰ ঘৰৰ পাঁচটা প্ৰাণীলৈ যোগাৰ কৰি ৰখা খাদ্যৰ ভাগ ল’বলৈ । বুঢ়ীয়ে তাত এসাঁজ নাখালে হয়তো নাতিনীয়েক এটাৰেই কিবা এটা প্ৰয়োজন পূৰণ হ’ব । দোণেতো ভায়েকক চকু পাৰি দেখিব নোৱাৰে । কিবা এটা যে সহায় কৰিব হৈছে । সহায় নকৰাও নহয় । প্ৰথমে বেপাৰ কৰিবলৈ ,আন কিবা কিবি কৰিবলৈ টকা সিকাও দিছিল পিছে মহেনে সোপাই মদ ভাং খাই শেষ কৰিলে । আৰু এদিন মাটিৰ সীমা লৈ দুয়োটাৰ মাজত বিৰাট কাজিয়া হ’ল । তেতিয়াৰ পৰা দুয়োটাই ইটোৱে সিটোক দেখিলেও নামাতে । ঘৈণীয়েক হঁতৰ মাজতো মাতবোল নাই । মাথো মহেনৰ ল’ৰাহাল বৰদেউতাকৰ ঘৰলৈ মাজে মাজে যায় । তেনে ককায়েকে তেনে ভায়েকৰ দুখত কেতিয়াও সমভাগী নহয় । গতিকে বুঢ়ীয়েই নিজৰ লাজ মান কাটি কৰি এদিনৰ পাছত নিজৰ টোপোলাবোৰ লৈ পুনৰ বৰপুতেকৰ ঘৰ পাইগৈ । বৰ পুতেক, বোৱাৰীকে একো নকয় । আগৰ দৰেই যেন একো হোৱা নাই তেনে ভাৱত বুঢ়ীৰ সৈতে মাতবোল কৰে ।

-আই মই পথাৰৰ পৰা পাক এটা মাৰি আহোঁ, কি’জান গধূলি হোৱা যেন গম পাই তাতেই ঘুৰি ফুৰিছে !
-অ’ যা । পিছে এৰাবাৰীত ভালকৈ চালি নে ?
-এৰাবাৰীলৈ মই যোৱা নাছিলোঁ ,পুতকণ,বিৰেণহতঁ গৈছিল । ভালকৈ চাই আহিছে বোলে । মইও এপাক যাওঁ নেকি ?
-এস নালাগে থ’ । এই গধূলি বেলিকা খন তালৈ যাব নালাগে । সিহঁতি চাইছিল যেতিয়া ভালকৈয়ে চাব পাই । তই জোৰ এটা লৈ যা ।
বাৰাণ্ডাতে খোঁচ মাৰি থোৱা জোৰ টো জ্বলাই দোণ পথাৰৰ ফালে গুছি গ’ল । নিতাই বুঢ়ীও বোৱাৰীয়েকৰ সৈতে চোতাললৈ ওলাই আহিল । বোৱাৰীয়েকৰ মুখখনো শুকান । গৰুহাল হেৰুৱাৰ ভয়ত নে টকা এসোপা হানি হোৱাৰ ভয়ত সেয়া হ’লে বুঢ়ীয়ে ধৰিব নোৱাৰিলে । গোটেই গাঁৱতে ইহঁত হালৰ চিকটা বুলি নাম এটা আছে । প্ৰয়োজন নহ’লে কাকো ফুটা কড়ি এটাও নিদিয়ে । সৌ সিদিনা পুতুকণে জুইশালৰ চাঙৰ ওপৰত পকিবলৈ থোৱা মালভোগ কল থোকাৰ এ-আষি খোজাত কমতি ধমকী দিলেনে বোলে সেয়া বিকিবলৈ থৈছে ।
এনেবোৰ কথাতে ইহঁতৰ সৈতে বুঢ়ীৰ কাজিয়া হয় । বাকী অন্য ভাগে বুঢ়ীয়ে সিহঁতক অকণো বেয়া নাপায় । সিহঁতিও বুঢীক যিমান পাৰে সুখত ৰাখিবলৈ চেষ্টা কৰে ।
-আই ,গৰখীয়া পিঠাকণ খুৱাবই লাগিব নে ?
বোৱাৰীয়েকৰ মাতত নিতাই বুঢ়ীয়ে তাইলৈ চালে । ভিতৰি বকি উঠিল-নৰ’কি চব,কণালৈও কাণী এজনী থকাৰ দৰে মোৰ সেই চিকটাটোৱে তোৰ দৰে এজনীহে পাব লাগে নে ? হাগিবলৈ লৈও চাগৈ তহঁত দুটাই উভতি চাৱ বেচিকৈ হাগিলোঁ নি বুলি !
পিছে ফুটাই ক’লে-খুৱাব লাগেতো । আগতে আমাৰ ঘৰত এ গোহালি গৰু ছাগলী আছিল । মই প্ৰতি বছৰেই গৰখীয়া পিঠা খুৱাওঁ । নাপায় বুজিছ বোৱাৰী । এইবোৰ আমাৰ বোপা ককাৰ নিয়ম ,এৰি দিব নাপায় । গাঁৱৰ বাকীবোৰ মানুহক এৰা দেখিছ জানো ?
নিতাই বুঢ়ীৰ কথা বোৱাৰীয়েকে কি বুজিলে তাইহে জানে । তাই একো উত্তৰ নিদি লাহে লাহে ভিতৰলৈ সোমাই গ’ল । বুঢ়ী আন্ধাৰতে বাৰাণ্ডাত বহি পৰিল । আৰু দূৰৈৰ পথাৰত জ্বলি থকা জোৰৰ পোহৰটোলৈ চাই থাকিল । কিমান সময় বহি আছিল জানো, হঠাতে বোৱাৰীয়েকৰ টেঁটু-ফলা চিঞৰ এটাত বুঢ়ী চক খাই উঠিল । খক-মক খাই ভিতৰলৈ বুলি যাবলৈ লওঁতেই কাষেদি কোনোবা এটা লৰি যোৱা যেন লাগিল । বুঢ়ী গৈ পাকঘৰ পালেগৈ । ইতিমধ্যে বোৱাৰীয়েকৰ চিঞৰ শুনি কাষৰ ঘৰৰ পৰা নহা মানুহ সৰু বোৱাৰীয়েক,মহেন, পুতকণহঁতো আহি পালেহি । বৰ বোৱাৰীয়েক তেতিয়াও থক থককৈ কঁপি আছিল । তাই আঙুলিয়াই দিয়া ফালে সকলোৱে চালে । পাকঘৰৰ খিৰিকীৰ তলতে থকা বাচন থোৱা চাংখনত কিবা চকু দুটা ট টকৈ জিলিকি আছে । নিতাই বুঢ়ীয়ে বৰ বোৱাৰীয়েক অলপ ভয়াতুৰ বুলি জানে পিছে ইমানো ভয়াতুৰ বুলি ভবা নাছিল । হয়তো দিনটো বুঢ়াগোঁসাইয়ে কি কি দোষ ধৰিছে সেই কথাবোৰ শুনি থকাৰ বাবে মানুহজনীয়ে ভয় খাই আছিল । তাতে আকৌ এনে চকু দেখিলে ! নিতাই বুঢ়ীয়ে চাকিটো দাঙি সেইফালে গ’ল । চাঙখনত ফেঁচা এটা বহি আছিল !
ফেঁচাটো দেখি বৰ বোৱাৰীয়েকে আগতকৈ বেচিহে ভয় খালে । ঘৰত ফেঁচা সোমোৱাটো কিমান যে অমংগলৰ কথা সেই কথা সকলোৱে জানে । মানুহজনী একেবাৰে শেঁতা পৰি আহিল । তেনে সময়তে হতাশ মনেৰে দোণে আহি পালেহি । দুবছৰ দিন ধৰি মাতবোৰ বন্ধ হৈ থকা ভায়েকেই গোটেই ঘটনাটো বিতংকৈ কলে । ককায়েক ভায়েকৰ মাজত থকা ডাৱৰবোৰ সহজেই আঁতৰি গ’ল । ইয়াৰ পাছত কি কৰা হ’ব তাকে লৈ দুই ককায়েক-ভায়েক আৰু বোৱাৰীৰ মাজত আলোচনা আৰম্ভ হ’ল । দোণেও ভয় খাইছিল । মানে ভয় খাবলৈ বাধ্য হ’ল । শেষত দোকমোকালিতে দোণে কলিমন বেজৰ ওচৰলৈ চোৱাবলৈ যোৱাতো থিৰাং হ’ল । বেজে যি বিধান দিয়ে কৰিব । দুই জায়েকে পিঠাগুৰি অলপ খুন্দিব যাতে পাচবেলালৈ গৰখীয়াৰ পিঠাকণ খুৱাব পাৰে । মালভোগ কল দুঠোক পকিয়েই আছে । লগৰ গৰখীয়া লৰাবোৰ পুতুকণেই খবৰ দিবগৈ ।
নিতাই বুঢ়ীয়ে জুহালৰ জুইকুৰাত লাগনী খৰি জাপি জাপি মনে মনে গোটেই কাণ্ড কাৰখানাবোৰ চাই থাকিল ।

পুৱা দোণ গৈ বেজৰ ওচৰ নাপালেগৈ চাগৈ গৰুহাল আহি ঘৰ পালেহি । গৰুহাল দেখি বৰ বোৱাৰীয়েকে আনন্দতে পিঠা খুন্দিবলৈ তিয়াই থোৱা চাউলৰ পৰিমাণটোও বঢ়াই দিলে ! দোণ আহি পায় মানে দুই জায়েকৰ পিঠা খুন্দি শেষ হ’ল। বেজে বোলে দোণক গৰুহাল পাব বুলিয়েই কৈছিল। ঘৰত ফেঁচা সোমোৱা, গৰু হেৰুৱা এই সকলোবোৰ বোলে বুঢ়া গোসাঁইৰ দোষ হৈছে । গৰখীয়া পিঠাকণ যিমান পাৰে সন্তুষ্ট কৰি ল’ৰাবোৰক খুৱাবলৈ কৈছে । লগতে আৰু এটি সকামৰ বিধান দিছে ।
দোণৰ মুখত বেজৰ বিধান সমূহ শুনি আনদিনাৰ দৰে নিতাই বুঢ়ীয়ে বিশেষ একো নকলে । পুৱা ভাত সাঁজ খাই তামোল এখন পকতীয়াই বুঢ়ী লাহে লাহে এৰাবাৰীৰ ফালে ওলাই গ’ল । এৰাবাৰীখন দোণহঁতৰে বৰদেউতাক এজনৰ আছিল । বিয়া বাৰু নকৰোৱা মানুহজন ঢকুৱাৰ পাছত তেওঁ ঘৰটোৰ সৈতে বাৰীখন এৰাবাৰীত পৰিণত হ’ল । গাঁৱৰ এমূৰে থকা এই বাৰীখনলৈ দৰকাৰ নহ’লে কোনো নাযায় । কোনোৱে কোনোৱে তাত ভূত আছে বুলিও কয় । নিতাই বুঢ়ীয়ে আজিলৈকে এই বাৰীখনত ভৰি দি পোৱা নাই । বাৰীখনৰ সীমাত ভৰি দিয়েই বুঢ়ী গা বেজবেজাই উঠিল । তথাপি সাহস কৰি এৰা-পৰলীয়া ঘৰটোৰ ফালে আগবাঢ়িল । ঘৰটোৰ জৰা-জীৰ্ণ দৰজাখন ঠেলি ভিতৰলৈ ভুমুকিয়াই চায়েই বুঢ়ীৰ মুখত হাঁহি এটা বিৰিঙি উঠিল ।

গৰখীয়া পিঠাখোৱালৈ পুতুকণহঁতৰ বয়সৰ পৰা সৰুলৈকে গাঁৱৰ প্ৰায় সকলো ল’ৰা ছোৱালীয়েই আহিল । দোণ আৰু বোৱাৰীয়েকেও যিমান পাৰে হাত খুলি সিহঁতক খুৱালে । ল’ৰা-ছোৱালীবোৰ খাই বৈ গুছি গ’ল । থাকি যোৱা কলৰ আষি কেইটালৈ চাই নিতাই বুঢ়ীয়ে মাত লগালে-সেই কেইআষি দে । পুতুকণহঁতৰ বাবে থৈ আহোঁ ।
বোৱাৰীয়েকে ভাল মনেৰেই বুঢীৰ হাতত কল কেইআষি গতাই দিলে । সৰু বোৱাৰীয়েক আৰু সৰু পুতেক তেতিয়াও তাতেই আছিল । সৰু নাতিটোও আছিল । মাথো পুতুকণ হে পঢাৰ আচিলা দেখুৱাই ঘৰলৈ গৈছিল । নিতাই বুঢী গৈ সৰুপুতেকৰ ঘৰ পালেগৈ । পুতকণে পঢ়াৰ টেবুলৰ কাষত বহি লগৰে বীৰেণৰ সৈতে কিবা কথা খিকিন্দালি কৰি আছিল । আইতাকক দেখি সিহঁত ঠাণ্ডা হৈ গ’ল ।
-আইতা !
-অ’ ,তহঁতে হবলা পঢ়াৰ নামত কথাৰ মহলা মাৰিছ ।
-নহয় অ’ আইতা ,পঢ়িয়েই আছিলোঁ । কথা এটা মনত পৰাত হে..
-হ’ব দে তহঁতৰ কথা । দেচোন তোৰ বহী কাগজ এডোখৰ । মোৰ পেপৰ শেষ হ’ল ।
বুঢ়ীয়ে মাজে মাজে এইদৰে পুতুকণৰ পৰা বহী কাগজ খুজি তাতে ধপাত ভৰাই ধোৱা হোঁপে ।
-পিছে তহঁতৰ কামটো বৰ ঠিক নাছিল দেই । বাৰু যি হওঁক ভালেই হ’ল । আমাৰ এই একেটা ঘাটতে পানী নোখোৱা দুটাৰ মাজত মাতবোল হ’ল । সেই হালেও অলপ মজা পালে ।
বুঢ়ীয়ে ধোৱা এসোপা উৰুৱাই ক’লে ।
-আইতা !!
-হেহ এতিয়া নুবুজাৰ ভাও নুজুৰিবি । আমাৰ পথাৰৰ ফালে থকা আমজোপাৰ ধোন্দত থকা ফেঁচাৰ বাহটো হ’বলা মই নাই দেখা বুলি ভাবিছ । আৰু তই বীৰেণ, সৌণকণৰ নাতি ,তোৰ কাণ্ডটো হ’বলা মই গম নাপালোঁ বুলি ভাবিছ । হেৰৌ খিৰিকীৰে ফেঁচা জনী ভৰাই তই মোৰ কাষদিয়েই দৌৰ মৰা নাই নে ?
নিতাই বুঢীৰ কথা শুনি পুতুকণ আৰু বীৰেণৰ মুখ মেল খাই গ’ল । পুতুকণে কাউ-বাউ কৰি আইতাকক অনুৰোধ কৰিলে-আইতা অ’ , তই বিদ্যা শপত কাকো কথাবোৰ নক’বি না । বৰদেউতা আৰু দেউতাই শুনিলে মোৰ পিঠি ফালিব । বিদ্যা শপত কাকো নক’বি না । সিদিনা বৰমাই ইমানবোৰ কল থাকোঁতেও এটা খাবলৈ নিদিয়াত হে খঙ উঠিল । এই বীৰেণকো এদিন বোলে কঁঠাল এটা খুজোঁতে বৰদেউতাই বিৰাট গালি পাৰিছিল । আইতা…
পুতুকণৰ কথা শুনি নিতাই বুঢীয়ে অলপ সময় কিবা এটা ভাবিলে তাৰ পাছত ক’লে-তহঁত দুটা মূৰূখ । সেই এৰাবাৰী ঘৰটোত গৰু দুটা বান্ধি থোৱা খুঁটিটো এতিয়াও একেদৰেই আছে । দোণে যদি বান্ধি থোৱা দেখিলেহেঁতেন তেতিয়া কি হ’লহেঁতেন জাননে হাইজাত মৰাহঁত ?
-আমি সেইটোৰ ভয়তেই বৰদেউতাক নিজেই এৰাবাৰীত গৰু বিচাৰি যাওঁ বুলি কৈছিলোঁ…
-গৰু কেইটা কেতিয়া ধৰি নিলি ?
-আমি নিয়া নাই নহয়,সেই দুটাই খুঁটি উঘালি নিজেই এৰাবাৰীলৈ গৈছিল । আমি তেতিয়া তাত নেউল বিচাৰি আছিলোঁ ।
-দেখা পাই তহঁতৰ মেথাৰ(!) ঘিউবোৰে কাম কৰি উঠিল ন’ ? এটা দিন বেচেৰা গৰু হাল লঘোনে ৰাখিলি ।
-ঘাঁহ দি থৈছিলোঁ আইতা ।
-যিয়েই নহওঁক এনেকুৱা কাম কৰিব নালাগে ।
পুতুকণ আৰু বীৰেণৰ মুখ শুকাই গ’ল । পুতুকণে আকৌ কাকূতি কৰি উঠিল
-আইতা…বিদ্যা শপত আৰু কোনোদিনে তেনে কাম নকৰোঁ ।
-গৰু মনে মনে বান্ধি থ’লি ,পিছে খুলি দিয়াৰ সময়ত খুঁটিটো এৰি থৈ আহিলি । ফেঁচা মেলি ভয় খুৱাবলৈ গলি পলাওঁতে ঘৰৰ মানুহৰ কাষেদিয়েই পলালি ! তাতোকৈ ডাঙৰ কথা সেই এৰাবাৰীখনলৈ দোকমোকালিতে যাবলৈ ভয় নকৰা হ’লি !
-আইতা,আৰু কোনো দিনে তেনে কাম নকৰোঁ । এৰাবাৰীলৈ দোকমোকালিত কিয় দিনে পোহৰেও নাযাওঁ । নামঘৰৰ শপত ।
দুয়োটাই কান্দোঁ কান্দোঁ সুৰেৰে শপত খাই ক’লে । নিতাই বুঢীয়ে দুইটালৈ গহীন কৈ চালে । তাৰ পাছত সোলা মুখত হাঁহি এটা বিৰিঙাই ক’লে-কটা , তহঁতক তেনে কাম নকৰিবলৈ কৈছোঁ নে ? কিছুমান মানুহক এসেকা দুসেকা দিয়াটো ভাল বুজিছ । মাথো তেনে কাম কৰিবলৈ হ’লে মোৰ দৰে অভিজ্ঞ মানুহৰ উপদেশ আগতীয়াকৈ ল’ব লাগে বুজিছ । এতিয়াৰ পৰা তেনে কিবা কৰিবলৈ হলে মোক সুধি ল’বি । আৰু খবৰদাৰ এৰাবাৰীলৈ যি টি সময়ত নাযাবি । দে দে কাগজ আৰু এটুকুৰা দে । বাপেৰে অহাৰ আগতেই খাই লওঁ । নহ’লে গালিয়েই পাৰিব নহয় । দে ।

পুতুকণে ফৰকাল মুখৰে আইতাকলৈ ডাঙৰকৈ কাগজ এটুকুৰা আগবঢ়াই দিলে । ইমানপৰে বেৰত কাণ পাতি সিহঁতৰ সকলো কথা শুনি থকা এৰাবাৰীৰ যখ টোৱে খঙত বেৰতে গোৰ এটা মাৰি এৰাবাৰীৰ আমজোপালৈ উৰা মাৰিলে । যাওঁতে পিছে ভুনভুনাই গ’ল-ৰহ্ বুঢ়ী, নাতিনীয়েৰকহঁতক এৰাবাৰীলৈ আহিব নিদিয়, মোৰ খেলাৰ লগৰী কমাইছ চাই ল’ম তোক !!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!