আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (৯): প্ৰাঞ্জল কলিতা
সংগীত আৰু মিজো
সংগীত যদি স্বৰ্গীয় হয় তেন্তে মিজোৰাম সংগীতৰ স্বৰ্গ | গীত বা সংগীত ভাল নোপোৱা মানুহ বা জাতি পৃথিৱীত চাগে নোলাব, কিন্তু সংগীতৰ কাৰণে বলিয়া মিজো সকলৰ দৰে এটা জাতি চাগে বিশ্বত বহুত কমেই ওলাব | কিমান গান ভাল পালে এজন মানুহক বা এটা জাতিক সংগীত বলিয়া বুলি কয় মই নাজানো, কিন্তু মিজো সকলৰ সংগীতৰ প্ৰতি থকা নিচা আৰু আগ্ৰহ দেখি মই মিজো সকলক সংগীত বলিয়া এটা জাতি বুলি ক’ব খোজো | সংগীত বুলি কওঁতে মিজো লোকগীতৰ পৰা আৰম্ভ কৰি গীৰ্জাত যীশুৰ উপাসনাৰ বাবে গোৱা ভক্তিমূলক গীত বা যুৱ-প্ৰজন্মৰ শিল্পী ’মামি ভাৰ্তে’ ৰ প্ৰেমৰ গীত আটাইবোৰকে সামৰি লোৱা হৈছে | মই মিজোৰামৰ বা মিজো সকলৰ সংগীতৰ ইতিহাস কেতিয়াও পঢ়া নাই, যোৱা ৫ বছৰ মিজোৰামত থাকি হোৱা অভিজ্ঞতাৰ পৰা অনুভৱ কৰিব পাৰিছোঁ মিজোসকলৰ সংগীতৰ সতে আত্মীয়তা | বাছত বহি গৈ থকা যাত্ৰীবোৰ বা খোজ কাঢ়ি থকা পথিক বোৰক বাদ দিলেওঁ আপুনি দেখা পাব অধিকাংশ মিজোৰ কাণত প্ৰায় খিনি সময়ে ’ইয়েৰ ফোন’ লাগি আছে, সেয়া পাচলি বজাৰত এজন পাচলি বেপাৰী, কলেজত শিক্ষক, বেংকত কৰ্মৰত অৱস্থাত এগৰাকী কৰ্মচাৰী বা এগৰাকী ডিউটিত থকা আৰক্ষী বিষয়া, ক্লাছৰুমৰ ছাত্ৰ-ছাত্ৰী অথবা ’জোডিন স্কোৱেৰত’ গ্ৰাহকৰ বাবে অপেক্ষাৰত ’কল- গাৰ্ল’ যিকোনো হ’ব পাৰে, আৰু গান শুনাৰ সময়তো নাথাকেই |
মিজোৰামৰ আইজলত লোকগীতৰ চৰ্চা বিশেষ দেখিবলৈ পোৱা নাযায়, কিন্তু সময় সাপেক্ষে বিভিন্ন অনুষ্ঠান আদিত ’খুৱাঙ’ (ঢোলৰ দৰে) আৰু ’ডাৰ’ (তালৰ দৰে) ৰ তালে তালে লোকগীত সমূহ পৰিৱেশন কৰা হয় | লোকগীতৰ কথা এহিমানে থওঁ আধুনিক মিজোসকলৰ গীতৰ কথাকে কওঁ | মিজোৰামৰ সংগীতৰ ভঁৰাল বেছি ধনী নহয়, আঙুলিৰ মূৰত লিখিব পৰা কেইজনমান শিল্পীয়েহে মিজো ভাষাত গীত পৰিৱেশন কৰিছে | আধুনিক মিজো সকলে গীতক দুটা ভাগত ভাগ কৰিছে ’গছপেল’ (ভক্তিমূলক) আৰু ’লেঙজেম’ (প্ৰেমৰ গীত)| মিজো সকলে গছপেল গীত সমূহ গীৰ্জাত প্ৰত্যেক শনিবাৰ বা দেওবাৰে গোৱাৰ উপৰিও আজৰি সময়তো ডেকা-বুঢ়া সকলোৱে শুনে | প্ৰেমৰ গীতসমূহ প্ৰায় সকলোৱে শুনে, যোৱা কেইটামান বছৰত মিজোৰামত ভালেখিনি মিজো গীত ওলাইছে আৰু সেয়ে প্ৰায়কেইটা মিজো টি,ভি, চেনেলত আৰু মোবাইলত মিজো গীতসমূহ সহজে উপলব্ধ | গীতৰ লগত তেওঁলোকে সংগত কৰা বাদ্যযন্ত্ৰ সমূহ বা সুৰ সমূহ বেছিভাগেই পাশ্চাত্য সংগীতৰ অনুকৰণ প্ৰতিফলিত হোৱা দেখা যায় | তেওঁলোকৰ গীতত ’হাৰমনিয়াম’ বা ’তবলা’ ৰ ব্যৱহাৰ কৰা দেখা নাযায়, ইয়াৰ আঁৰতো এটা কাহিনী আছে- বহুত মিজোই ক’ব খোজে যে ’হাৰমনিয়াম’ বা ’তবলা’ ভাৰতীয় বা হিন্দু দৰ্শনৰ লগত জড়িত সেয়ে খ্ৰীষ্টধৰ্মী মিজো সকলে হাৰমনিয়াম’ বা ’তবলা’ক আপোন কৰি ল’ব নোৱাৰিলে | কিন্তু যোৱা দুবছৰ মানত তেওঁলোকৰ ভুল ধাৰণা সলনি হ’ল, এতিয়া বহু মিজোই হাৰমনিয়াম’ বা ’তবলা’ শিকিব আৰম্ভ কৰিছে, এয়া মোৰ মিজো বন্ধু ’তিমোথি’ ৰ মতামত |
মিজো গীতৰ ভঁৰাল সৰু হোৱা হেতুকে চাগে মিজোৰামত পাশ্চাত্য সংগীতে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে, ’একন’, ’ব্ৰায়ন আডামছ’ ৰ পৰা আৰম্ভ কৰি মেড’নাৰ প্ৰতিটো গানেই তেওঁলোকৰ ওঁঠত |প্ৰায়বোৰ সংগীতৰ অনুষ্ঠানতেই পাশ্চাত্য সংগীতৰ পয়োভৰ দেখা যায়, বহুতে গানবোৰ বুজি পায় আৰু বেছিভাগেই গানবোৰ নুবুজাকেই গীতবোৰ উপভোগ কৰে | উচ্চ মানদণ্ডৰ পাশ্চাত্য সংগীতৰ তুলনাত মিজো সংগীতৰ অৱস্থা তেনেই চালুকীয়া অৱস্থাত থকা হেতুকে পাশ্চাত্য সংগীতে মিজো ভাষাৰ গীতৰ জগতলৈ এটা শংকা কঢ়িয়াই আনিছে বুলি অনুভৱ হয় |
আৰু শেষত কৈছোঁ, প্ৰত্যেক জন মিজো ডেকা-গাভৰুৱে বা বুঢ়া-বুঢ়ীয়ে একো একোজন সুদক্ষ বৃন্দ গায়ক (choir singer), মই গান গাব নোৱাৰা মিজো আজিলৈকে লগ পোৱা নাই, আৰু বেছিভাগে গীটাৰ বা কী-ব’ৰ্ড বজাব জানে | এয়া নিশ্চয় গীৰ্জা বা আন আন সামাজিক গীতৰ অনুষ্ঠানত বাধ্যতামূলক ভাৱে অংশগ্ৰহণ কৰাৰ এক ফলাফল |