আই — অঞ্জুলা পি শইকীয়া
বিষণ্ণ সময়ৰ বায়ুপ্ৰবাহত
মৃত্যুফুলৰ গোন্ধ
তোৰ পোৰা কলিজাত…
আবিৰবুলীয়া হৃদয়ত
আবতৰীয়া বা-মাৰলিৰ
নিৰ্মম আখৰা…
ঢুলঢুলীয়া চকুৰ পতাত
সাতামপুৰুষীয়া জাতিৰ
গ্লানিময় ইতিহাস…
উদাত্ত কণ্ঠই টলাব নোৱাৰে
তোৰ বিধ্বস্ত হৃদয়
অনিশ্চয়তাত কঁপে উশাহ…
এতিয়া মাথোঁ মোৰ আই
শতিকাৰ নিৰৱ সাক্ষী
প্ৰজ্ঞাৰ পৃথিৱীত…!!