চিকেন মণ্ডি: মানস জ্যোতি মিশ্ৰ

আজি মই এবিধ আৰৱৰ প্ৰধান খাদ্য আপোনালোকৰ আগত দাঙি ধৰিব ক্ষুদ্ৰ প্ৰয়াস কৰিছো৷ “চিকেন মণ্ডি“ মই ইউ টিউব আৰু অন্যান্য সুত্ৰৰ পৰা এই ৰেচিপিটো লৈছো৷ আৰৱৰ এখন দেশ য়েমেন ৰ মুখ্য খাদ্য এইবিধ৷
Mandi, a traditional dish of Yemen made either with chicken or lamb…
Mandi is now popular among other Arab countries as well. Traditionally, the meat is slow cooked in a tandoor which makes the meat extremely tender and delicious, and served over aromatic rice.
আমাৰ ভাৰতীয় বিৰিয়ানী আৰু পোলাও ৰ লগত মিল আছে যদিও পদ্ধতিটো সামান্য বেলেগ
বিৰিয়ানীত চাউলটো চল্লিশ শতাংশ প্ৰি বইল কৰি দম দি কৰা হয় আনহাতে পোলাওত চাউল ঘী বা অন্য তেলত অলপ ভাজি সিজোৱা হয়৷ মণ্ডিৰ ক্ষেত্ৰত চিকেন বইল কৰা বা মছলা দিয়া গৰম পানীত  চাউলখিনি ৰন্ধা হয়৷ সোৱাদৰো অলপ পাৰ্থক্য আছে৷ বেছি আৰু নকৈ আমি উপকৰণ আৰু প্ৰস্তুত প্ৰনালী লৈ আহো৷
উপকৰনঃ-
১) মণ্ডি মছলাৰ বাবে
a. গোটা জিৰা ২ চামুচ
b.গোটা ধনীয়া ২ চামুচ
c.গোটা জালুক, লং, ডালচিনি, ইলাচী, জাৱীত্ৰী, তেজ পাত, শুকান জলকীয়া
আটাইখিনি টাৱা এখনত শুকানকৈ ভাজি মিক্সিত গুড়ি কৰি লৈছোঁ৷ এইটোৱে মুখ্য মণ্ডি মছলা
(২) ৩০০ গ্ৰাম চিকেনৰ মজলীয়া আকাৰৰ ৫ টুকুৰা- চিকেনখিনি মেৰিনেট কৰাৰ বাবে আদা নহৰু পেষ্ট, সাজু কৰি থোৱা মছলাৰ সৰহ অংশ, অলপ কাশ্মিৰী জলকীয়াৰ গুড়ি , নিমখ আৰু হালধি ললোঁ৷
ভালদৰে মছলা খিনিৰে সানিলৈ ২ ঘণ্টা মান মেৰিনেট কৰিলোঁ৷
(৩) ২৫০ গ্ৰাম চাউল- চাউল বাচমতি লৈ পানীত ৪৫ মিনিট মান তিয়াই থলোঁ৷ তাৰ পিচত ননষ্টিক কেৰাহীত এটাত সম পৰিমানৰ ৰিফাইন আৰু বাটাৰ দি গৰম কৰি তাত গোটা লং, ইলাচী, ডালচিনি, জালুক, আৰু কেঁচা জলকীয়া দি অলপ ভাজি তাত মেৰিনেট কৰা মাংসখিনি ১০মিনিটমান ভাজি তাত সৰু কৈ কুটা ২ টা পিয়াজ, আৰু অলপ গাজৰ দিলো৷ ( পিয়াজখিনি বেছি কৈ ভজা নেযাবৰ বাবে পিছত দিছোঁ ) এতিয়া আদা নহৰু পেষ্ট, নিমখ-হালধি, জলকীয়া গুড়ি, আৰু বাকী মণ্ডি মছলাখিনি দি অলপ ভাজি লৈ তাত ৩কাপ মান পানী দি ৩০মিনিট মান উতলিব দিলোঁ
(৪) এইবাৰ আচল পদ্ধতিলৈ আহো৷ চিকেন উতলোৱা পানীৰ পৰা চিকেন খিনি উঠাই ললোঁ৷ তাৰ পাছত সেইখিনি অলপ সময় অভেনত টান হোৱা কৈ গ্ৰীল কৰিলো৷ বাকী কেৰাহীত ৰোৱা চিকেন ষ্টকখিনিত আগত ধুই থোৱা চাউলখিনি দি ঢাকোন মাৰি দিলোঁ৷ জুই কমকৈ দিছোঁ৷ এইটোৱে মণ্ডিৰ পদ্ধতি৷
(৫) এতিয়া চাউলখিনি সিজাৰ পিচত কেৰাহীত চিকেন টুকুৰাকেইটা দি অলপ ঘী চটিয়াই দিলোঁ আৰু ঢাকোন মাৰি ৫মিনিট ৰাখিলোঁ৷ তাৰ পাছত গেছটো নমুৱাই ঢাকোন খুলিলো, এটা অপুৰ্ব গোন্ধ ওলায়৷ ( আপোনাৰ তাত আঙঠা যদি আছে তেতিয়া চাউলখিনিত চিকেন দিয়াৰ সময়ত চিলভাৰ ফইল বা সৰু ষ্টিলৰ বাটি এটাত আঙঠা তো দি তাত ১ চামুচ ঘী দিব আৰু বেছি ধুনীয়া গোন্ধ ওলায়। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!