আই (ৰশ্মিতা কাশ্যপ বৰা)
আয়তীৰ উৰুলীত সুৰ টানি
আইতাই আঁকিছিল
এটা ৰঙা বেলি
আৰু এটা তেজাল বাট৷
ঠিক সেইদিনাই তেওঁ খুলি থৈছিল নিজক
হেৰুৱাইছিল নিজৰ ঠিকনা
আৰু উচুপনিৰ গাত ভেজা দি
থিয় হৈছিলগৈ,
দেউতাৰ মেৰুদণ্ডৰ ছাঁত৷
পৰিচয়ৰ অভাৱ কাহানিও নাছিল তেওঁৰ…..
বোৱাৰী, পত্নীৰ পৰা অমুকৰ মাকলৈ৷ ৷
অথচ অহৰহ নিজক হেৰুৱাইও
খলপা খলপে সাজিছিল তেওঁ
মোৰ মেৰুদণ্ডৰ সাঁচবোৰ…..
তেওঁৰ দুহাতত ধৰিয়েইটো মই শিকিছিলো,
ৰাস্তাৰ শিল গণাৰ সলনি