আখল
লেখক- নয়নমণি দত্ত নেওগ
১)#বুটৰ গুৰিৰে আলুৰ টুইষ্ট
উপকৰণসমূহ:
১। ডাঙৰ আলু – ২ টা
২। ডাঙৰ পিঁয়াজ – ২ টা
৩। বিলাহী – ২। ৩টা
৪। শুকান বুটৰ গুৰি – ৩ চামুচ (ডাঙৰ চামুচেৰে)
৫। জলকীয়া -৩। ৪ টা
৬। মিঠাতেল – জোখমতে
৭। নিমখ – জোখমতে
৮। হালধি – জোখমতে
৯। গোটা জিৰা – প্ৰয়োজন অনুসৰি
প্ৰণালী:
প্ৰথমে আলু দুটা বইল কৰি লৈ তেলত অলপ ভাজি ল’ব। কেৰাহীত পুনৰ তেল গৰম কৰি মিহিকৈ কুটা পিঁয়াজ দি অলপ ৰঙচুৱাকৈ ভাজি মিহি মিহিকৈ বিলাহী কাটি দিব আৰু লগত নিমখ, হালধি দি ভালকৈ ভাজিব। যেতিয়া বিলাহী গলিবলৈ ল’ব তেতিয়া ভাজি থোৱা আলুখিনি দিব। পুনৰ অলপ সময় ভাজি বুটৰ গুৰি দি সামান্য পানী দিব। সকলোখিনি ভালকৈ লাগি গ’লে ৩। ৪টা মান জলকীয়া মিহি মিহিকৈ কাটি দিব।
২)#মছলা_নিমকি
সামগ্ৰী
ময়দা – দুকাপ
নিমখ – আধা চামুচ
ৰিফাইন – চাৰি চামুচ (ডাঙৰ চামুছেৰে)
কালজিৰা – আধা চামুচতকৈ কম
জনি – আধা চামুচতকৈ কম
নৰসিংহ পাত – পাঁচটা ঠাৰি (কুমলীয়া, কুটি লোৱা)
কুহুমীয়া পানী – প্ৰয়োজন অনুসৰি
প্ৰস্তুতি
সকলোখিনি ভালদৰে মিলাই কুহুমীয়া পানীৰে অলপ কোমল হোৱাকৈ আটাৰ দৰে মথি ল’ব।
কেৰাহীত ৰিফাইন তেল গৰম কৰি কম জুইত ভাজিব।
খুবেই সোৱাদ হয় খাবলৈ আৰু মচমচীয়া হয়|
৩)#ব্ৰেডৰ টুইষ্ট
তিনিজনৰ বাবে
উপকৰণসমূহ :
১। ব্ৰেড : চাৰিখন
২। গাখীৰ : একাপ
৩। ৰিফাইন : জোখমতে
৪। ঘিউ : এচামুচ
৫। আমেৰিকান লেইচ : এপেকেট (১০ টকাৰ)
৬। ইলাচি : দুটা
৭। পেৰা : দুটা
৮। চেনি : প্ৰয়োজন হ’লে
প্ৰণালী :
প্ৰথমে ব্ৰেড চাৰিখন সৰু সৰু টুকুৰা কৰি টাৱাত অলপ ৰিফাইন তেল দি হেকি ল’ব। অলপ ৰঙচুৱা হ’বলৈ দিব। এতিয়া কেৰাহীত ঘিউ দি গাখীৰ আৰু সামান্য চেনি দি উতল আহিব দিব। উতল আহিলে লেইচখিনি হাতেৰে মোহাৰি দি দিব আৰু লগত ইলাচিৰ গুৰি আৰু পেৰা দুটাও গুৰি কৰি দিব। মিশ্ৰণখিনি অলপ ঘন হৈ অহা যেন হ’লেই ব্ৰেডৰ টুকুৰাবোৰ লগত দি মিশ্ৰণখিনিৰ লগত ভালকৈ লেটিয়াই দিব।
