সম্পাদকীয়:এটা ভাষাৰ মৃত্যু যন্ত্ৰণা
লেখক- চিত্তৰঞ্জন ওজা
আইৰ মুখৰ ভাষা সুৱদি সুৰীয়া। যি ভাষাৰে আয়ে কথা পাতে, কোলাত লৈ নিচুকায়, যি ভাষা জনম লোৱাৰ পিছত প্ৰথমবাৰ মুখৰ পৰা ওলায় সেয়াই হৈছে মাতৃভাষা, যাৰ স’তে কোনো এটা ভাষাৰ লগত তুলনা নহয়। তেনে এটা ভাষাও এদিন কালৰ সোঁতত হেৰাই যায়। ভাষাটো ক’বলৈ, পঢ়িবলৈ আৰু লিখিবলৈ জনা মানুহৰ সংখ্যা কমি কমি মাত্ৰ এজনহে ৰয় গৈ। সেই মানুহজনো হয়তো আশীৰ সীমা পাৰ কৰে। মানুহজনৰ মৃত্যু হ’লে ভাষাটোৰ ভৱিষ্যত কি? ভাষাটো যেনিবা ডিজিটেল মাধ্যমত সংৰক্ষণ কৰা হ’ল, সেই ভাষাটো বাৰু নতুন প্ৰজন্মই কেতিয়াবা ক’বলৈ, পঢ়িবলৈ বা লিখিবলৈ চেষ্টা কৰিব নে? ভাষাটোৰ পুনৰুদ্ধাৰ সম্ভৱ নে? তেনে বহু কথাই মনলৈ আহিছিল যিদিনাখন সমুজ্জ্বল কাশ্যপে পৰিচালনা কৰা আৰু মৃণাল তালুকদাৰ আৰু কাদম্বৰী কানেক্টিভে প্ৰযোজনা কৰা দা খাময়ং নামৰ তথ্যচিত্ৰখন চাবলৈ পালো। তথ্যচিত্ৰখনৰ সফলতা এইখিনিতে যে নিজৰ মাতৃভাষাটো জীয়াই ৰখাৰ বাবে চিন্তা কৰিবলৈ আমাক বাধ্য কৰালে।
তেৰ শতিকাত চাওলাং চুকাফাই অসমলৈ আহি বৰ অসম গঢ়া আমি সকলোৱে জানো। আহোমসকলে অসমলৈ আহি ৰাজ্য প্ৰতিষ্ঠা কৰাৰ লগতে টাই ভাষাৰ ছটা উপভাষা লগত লৈ আহিছিল – টাই আহোম, টাই আইটন, টাই খাময়ং, টাই ফাকে, টাই খামটে আৰু টাই কুৰুং। সোতৰ শতিকালৈ এই ভাষাসমূহৰ বহুল প্ৰচাৰ দেখা পোৱা গৈছিল। সোতৰ শতিকাত আহোম ৰজাই কথা-বতৰা আৰু শাসনৰ কামকাজৰ বাবে টাই আৰু অসমীয়া দুটা ভাষাই ব্যৱহাৰ কৰিবলৈ লয়। ইয়াৰ লগে লগে টাই ভাষাসমূহৰ ব্যৱহাৰ কমি আহিবলৈ ধৰে। এই ছটা টাই ভাষাৰ লোকৰ মাজত অসমত টাই আহোমৰ সংখ্যা যথেষ্ট বেছি। ইয়াৰ বিপৰীতে টাই খাময়ং ভাষাত কথা কোৱা লোকৰ সংখ্যা তেনেই তাকৰ। খাময়ং জাতিৰ লোক অসমত প্ৰায় ১০০০-১৪০০ ৰ ভিতৰত আছে। তেওঁলোকে বৰ্তমান তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত বসতি কৰি আছে। তেওঁলোক বুদ্ধ ধৰ্মত দিক্ষিত। টাই লিপিত লিখা খাময়ং ভাষাটো ক’ব, পঢ়িব আৰু লিখিব পৰা মানুহ কেৱল এজন হে ৰৈছেগৈ। তেওঁৰ নাম হ’ল ভোগেশ্বৰ থমুং, বয়স চৌৰাশী বছৰ। মাৰ্ঘেৰিটাৰ সমীপৰ পাৱৈমুখত বাস কৰা থমুঙে নিজৰ ভাষাটোত বিষয়ে এনেদৰে কয়, ‘‘ভাষা এটা ডাঙৰ সম্পদ। আমাৰ বিদ্যালয় এখন আছিল৷ দুবছৰমান আমি ভালদৰে চলালো। ল’ৰা-ছোৱালীবোৰ চহৰমুখী হোৱাৰ লগতে ঘৰত খাময়ং ভাষাৰ প্ৰচলন কমি যোৱাত বিদ্যালয়খন বন্ধ হৈ গ’ল। মোৰ হাতত হীৰাৰ টোপোলাটো আছে। কোনোবাই যদি গ্ৰহণ কৰে মই দিবলৈ ইচ্ছুক। কোনো নাহিলে মই কি কৰিম। টোপোলাটো নৈত পেলাই দিব লাগিব। দুই-এজনে শিকি আছে। আগ্ৰহ, চেষ্টা আৰু ওলাই নাহিলে কেনেদৰে ধৰি ৰাখিব ভাষাটোক। এজন বা দুজনে ভাষাটো ধৰি ৰাখিব নোৱাৰে।’’ ইউনেস্ক’(UNESCO)ই অতি বিপদাপন্ন ভাষা হিচাপে তালিকাভূক্ত কৰা অসমৰ তিনিটা থলুৱা ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ সংৰক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সহায়ত আসাম আৰ্কাইভ নামৰ পোৰ্টেলত ভাষাটোৰ লিপি, লেখা, উচ্চাৰণ আদি ডিজিটেল মাধ্যমত সাঁচি থোৱাৰ ব্যৱস্থা কৰা হৈছে। পিছে খাময়ঙৰ নতুন প্ৰজন্মই কেতিয়া সেইবোৰ পঢ়ি, চৰ্চা কৰি ভাষাটোক মৃত্যুৰ মুখৰ পৰা বচাব পাৰিব ক’ব পৰা নাযায়।
টাই জনগোষ্ঠীৰ আন এটা শাখা টাই ফাকে দক্ষিণ পূৱ এচিয়াৰ পৰা অসমলৈ প্ৰব্ৰজন কৰে। বৰ্তমান অসমৰ ডিব্ৰুগড়, তিনচিকীয়া জিলা আৰু অৰুণাচল প্ৰদেশৰ লোহিত আৰু চাংলাং জিলাত বাস কৰা এই লোকসকলৰ সংখ্যা প্ৰায় আঠ হাজাৰ। এই টাই ফাকে ভাষাৰ লিপি হ’ল টাই লিপি। সময়ৰ লগে লগে অসমত বসবাস কৰা টাই ফাকে আৰু টাই খাময়ং লোকসকলে অসমীয়া ভাষা শিকিলে, অসমীয়া ভাষা ঘৰত কথা-বতৰাত ব্যৱহাৰ কৰিবলৈ লয়। তেওঁলোকে বসবাস কৰা গাঁওবোৰতো মানুহৰ মাজত ভাব প্ৰকাশৰ মাধ্যম হিচাপে নিজৰ টাই ফাকে বা খাময়ং ভাষা ব্যৱহাৰ কৰিবলৈ এৰি অসমীয়া ভাষাৰ ব্যৱহাৰ আৰম্ভ কৰে। ফলত আজি দুয়োটা ভাষা বিপদাপন্ন হৈ পৰে। দুয়োটা ভাষা বিপদাপন্ন হোৱাৰ গুৰিতে অসমীয়া ভাষাৰ বহুল প্ৰয়োগ বুলি ভবাৰ থল আছে। মন কৰিবলগীয়া কথা যে অসমীয়া ভাষাটোও পঢ়িব আৰু লিখিব জনা মানুহৰ সংখ্যা নব্বৈ দশকৰ পৰা দ্ৰূত গতিত কমি গৈছে। ইয়াৰ কাৰণ হিচাপে আমি ইংৰাজী আৰু হিন্দী ভাষাকে দোষাৰোপ কৰো। কিন্তু সেই একেটা কাৰণতে অসমীয়া ভাষাৰ প্ৰভাৱত খাময়ং আৰু টাই ফাকে ভাষাৰ ব্যৱহাৰ কমি গৈছে, ভাষাটো বিপদাপন্ন হৈ পৰিছে।
ভাষা এটা লাহে লাহে মৃত্যু ঘটিলেও ভাষাটোৰ কিছুমান প্ৰয়োগ বহু বছৰলৈ থাকি যায়। খাময়ং জনগোষ্ঠীৰ নিজৰ কৃষ্টি-সংস্কৃতিৰ এতিয়াও মৃত্যু ঘটা নাই। তেওঁলোকৰ গীত মাতত খাময়ং ভাষা আজিও ব্যৱহাৰ হৈ আছে। পৰিয়ালৰ লোকসকলৰ মাজৰ সম্বোধন নিজৰ ভাষাতে হয়। অসমীয়া ভাষাৰ লগতে দুই এটা খাময়ং ভাষাৰ শব্দ প্ৰয়োগ কৰি আছে। সেইবোৰৰ প্ৰয়োগ হয়তো এটা সময়ত কমি আহিব। অসমীয়া জাতি সত্তাৰ স’তে নিজৰ কৃষ্টি-সংস্কৃতি বিলীন হৈ যাব। একৈশ শতিকাত ভাষা এটাৰ মৃত্যুত সকলোতকৈ বেছি কি কি কাৰকে কাম কৰা তাক বিশ্লেষণ কৰিলে দেখা যায় যে দুৰদৰ্শন আৰু ইণ্টাৰেনটৰ প্ৰয়োগ ইয়াৰ বাবে দায়ী বুলি ক’ব লাগিব। অৰ্থনৈতিক ক্ষেত্ৰখনো ইয়াৰ বাবে জগৰীয়া বুলি ক’ব পৰা যায়। ইংৰাজী, হিন্দী আদি প্ৰভাৱশালী ভাষাৰ অত্যধিক ব্যৱহাৰ আৰু নিৰ্ভৰশীলতাৰ বাবে সৰু সৰু জাতি-জনগোষ্ঠীৰ নিজৰ ভাষাসমূহ মৃত্যুৰ পিনে গতি কৰা ঘটনা কেৱল খাময়ং ভাষাতে সীমাবদ্ধ নহয়। বিশ্বত ২০০০ চনৰ সমীক্ষা অনুযায়ী প্ৰায় ৭০০০ টা বিভিন্ন ভাষাৰ প্ৰচলন আছিল। এতিয়ালৈ তাৰে ৫০% ভাষা বিপদাপন্ন ভাষা হিচাপে স্বীকৃত হ’বলৈগৈ আছে। অনুমান কৰা হৈছে যে ২০৫০ চনলৈ ইয়াৰ ৯০% ভাষা বিপদাপন্ন ভাষালৈ পৰিৱৰ্তিত হ’ব। সেইবোৰ ভাষাত কথা কোৱা, লিখা মানুহৰ সংখ্যা হাজাৰৰ ঘৰত পোৱা নাযাব। ২০২২ চনত ইউনেস্কোই উলিওৱা প্ৰতিবেদনত ভাৰতৰ ১৯২টা ভাষাক বিপদাপন্ন ভাষা হিচাপে চিনাক্তকৰণ কৰিছে। ইয়াৰ ভিতৰত উত্তৰ পূৱ ভাৰতৰ আঠখন ৰাজ্যত প্ৰচলিত ৪৩টা ভাষা সন্নিবিষ্ট হৈছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰা আদিবাসীসকলৰ ৯ টাকৈ ভাষা আজি বিপদাপন্ন হৈ পৰিছে। ইয়াৰ কেইটামান ভাষাৰ ইতিমধ্যে মৃত্যু ঘটাৰ উপক্ৰম হৈছে। ইউনেস্কোই এই ১৯২ টা ভাষাক চাৰি ভাগত বিভক্ত কৰিছে- অসুৰক্ষিত, নিশ্চিতভাৱে বিপদাপন্ন, ভয়াবহভাৱে বিপদাপন্ন, সংকটজনকভাৱে বিপদাপন্ন। উদাহৰণ স্বৰূপে অৰুণাচলৰ আদি ভাষাটো অসুৰক্ষিত, অসমৰ বৰাক উপত্যকাত প্ৰচলিত ভাষা চিলেটি নিশ্চিতভাৱে বিপদাপন্ন ভাষা, টাই ফাকে ভয়াবহভাৱে বিপদাপন্ন, আন্দামান দ্বীপপুঞ্জৰ চেণ্টিনেলি বা জাৰোৱা ভাষা সংকটজনকভাৱে বিপদাপন্ন হিচাপে চিনাক্ত কৰিছে।
ভাষা এটা সময়ৰ সোতত মৃত্যুমুখত পৰাৰ কাৰক কেইটামান ইয়াতে উল্লেখ কৰা হ’ল। সাধাৰণতে দেখা যায় যে এটা স্বকীয় ভাষাৰ জনগোষ্ঠীয়ে যেতিয়া নিজতকৈ অধিক জনপ্ৰিয় আৰু প্ৰভাৱশালী ভাষা কোৱা লোকৰ সৈতে মত বিনিময় কৰে, সেই জনগোষ্ঠীৰ মানুহ প্ৰথমে দ্বিভাষিক হৈ পৰে, তাৰ পিছত নতুন প্ৰজন্মৰ স্বকীয় ভাষাটোৰ প্ৰতি আগ্ৰহ কমি যায়, কথা ক’বলৈ অনিচ্ছা প্ৰকাশ কৰে, অধিক প্ৰভাৱশালী ভাষাটোকে নিজৰ ভাষা হিচাপে গ্ৰহণ কৰে আৰু শেষত সেই জনগোষ্ঠীৰ মাতৃভাষাটোৰ অস্তিত্ব নাইকিয়া হৈ পৰে। এই প্ৰক্ৰিয়াক কেতিয়াবা ’ভাষাৰ হত্যা’ বুলি অভিহিত কৰা হয়। ভাৰতৰ বিভিন্ন আদিবাসী লোকসকল যেতিয়া হিন্দী বা অন্য ৰাজ্যৰ ভাষা-ভাষীলোকৰ স’তে সমিল-মিলত কাম কৰিবলৈ লয় সেই আদিবাসীসকলৰ ভাষাবোৰ বিপদাপন্ন হৈ পৰে।
সাধাৰণতে এটা ভাষাৰ প্ৰয়োগ যেতিয়া কেৱল ধৰ্মীয় কাৰ্য প্ৰণালী, সাহিত্য কৰ্ম আৰু উৎসৱ পৰ্বনতে সীমিত থাকে, ইজনে-সিজনৰ লগত কথা পাতোতে ভাষাটো ব্যৱহাৰ নকৰে তেতিয়া সেই ভাষাটোৰ মৃত্যু ঘণ্টা বাজিবলৈ বেছি সময় নালাগে। টাই ফাকে ভাষাটোৰ আজি তেনে অৱস্থা পাইছে। ৰাষ্ট্ৰৰ শাসনযন্ত্ৰই যেতিয়া এটা জাতিৰ ওপৰত ভাষা এটা জোৰ-জুলুমকৈ জাপি দিয়ে, চৰকাৰী কাম, স্কুল-কলেজৰ শিক্ষা সেই ভাষাতে চলিবলৈ লয়, তেতিয়া ৰাজ্যখনৰ প্ৰচলিত মাতৃভাষাসমূহ লাহে লাহে অব্যৱহৃত হ’বলৈ ধৰে। অৰুণাচল প্ৰদেশৰ ভূমিপুত্ৰসকলৰ মাতৃভাষাসমূহ আজি হয় অসুৰক্ষিত নহয় নিশ্চিতভাৱে বিপদাপন্ন। ইয়াৰ প্ৰধান কাৰণ হিন্দী ভাষাক ওপৰৰ পৰা জাপি দিয়া কাৰ্য।
ইতিহাসৰ পাতত দেখা যায় যে বিদেশী ৰাষ্ট্ৰৰ ভাবুকি, হেঁচা, নিৰ্যাতন বা উপনিবেশীকৰণৰ বাবে এখন দেশ বা ৰাজ্যৰ লোকসকলে মাতৃভাষাৰে কথা কোৱা, পঢ়া, লিখা বন্ধ কৰি আন এটা বিদেশী ভাষা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰা হয়। তেনে পৰিস্থতিত সেই দেশ বা ৰাজ্যৰ প্ৰচলিত ভাষা অতি কম সময়ৰ ব্যৱধানত মৃত্যু হয়। ইংৰাজে আফ্ৰিকাত সাম্ৰাজ্য বিস্তাৰ কৰাৰ পিছত আফ্ৰিকাৰ বহু কেইটা ভাষাৰ মৃত্যু হয়। অতীত বুৰঞ্জীত দেখা যায় যে এটা ভাষাৰ মানুহে আন এটা ভাষাৰ মানুহৰ ওপৰত আক্ৰমণ কৰি হত্যা কৰা, অত্যাচাৰ, উৎপীড়ণ কৰা। তেনে পৰিস্থিতিতো মানুহৰ হত্যাৰ লগত ভাষাৰ হত্যা সংঘটিত হয়। মুঠতে বহু ক্ষেত্ৰতে দেখা যায় যে ডাঙৰ মাছে সৰু মাছক গিলি থোৱাৰ দৰে অধিক জনপ্ৰিয় বা প্ৰভাৱশালী ভাষাই সীমিত সংখ্যক লোকৰ স্বকীয় ভাষা সমূহক ক্ৰমাগতভাৱে গিলি পেলাবলৈ ধৰে আৰু ভাষাটোৰ ব্যৱহাৰ কমিবলৈ লয়। তাৰ মাজতে ৰাজ্যভাষাসমূহক জীয়াই ৰাখিবলৈ চৰকাৰী বা বেচৰকাৰী চাকৰিত যোগদান কৰাৰ বাবে সেই ৰাজ্যৰ ভাষাটো ক’ব পৰা আৰু লিখিব পৰা হ’ব লাগিব বুলি ঘোষণা কৰিলেই ভাষাটোৰ চৰ্চা সকলো স্তৰৰ লোকৰ মাজত চলি থাকিব বুলি নিশ্চিত হ’ব পাৰি। অসমীয়া ভাষাৰ সুৰক্ষাৰ কথা ভাবিও চৰকাৰী চাকৰিত অসমীয়া ভাষা বাধ্যতামূলক কৰিব লাগে বুলি আমি ভাবো।
এটা ভাষাৰ মৃত্যু হোৱা লগে লগে সেই ভাষা চৰ্চা কৰা জাতিটোৰ বা সমাজৰ লগতে বিশ্ববাসীৰ বাবেও এক বৃহৎ ক্ষতি হোৱা দেখা যায়। ভাষাটোৰ লগতে সেই ভাষাত ৰচিত সাহিত্য, জ্ঞান-বিজ্ঞানৰ কিতাপসমূহ নোহোৱা হৈ যায়। ভাষাটোৰ লগতে জাতি এটাৰ সাতাম পুৰুষীয়া লোককৃষ্টি, লোকসংস্কৃতি, গীত-মাত, কাহিনী, পৰম্পৰা, উপকাহিনী, সাধু আদি সকলোখিনি ভাষাটোৰ লগতে মৃত্যু ঘটে। সেইকাৰণেই ভাষা এটাৰ অপমৃত্যুক সহজভাৱে লোৱা উচিত নহয়। খাময়ং ভাষাটো ভালদৰে জনা মাত্ৰ এজন মানুহ আজি জীয়াই আছে। তেওঁৰ লগত সেই জাতিটোৰ কিমান সম্পদ হেৰাই যাব তাক কল্পনা কৰিব নোৱাৰি। মৃণাল তালুকদাৰ আৰু সমুজ্জ্বল কাশ্যপৰ তথ্যচিত্ৰখনৰ প্ৰচেষ্টাক শলাগিলো। অলপ সংখ্যক মানুহে ব্যৱহাৰ কৰা তেনে মাতৃভাষাবোৰক আমি বিপদাপন্ন অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ এক প্ৰচেষ্টা হাতত ল’ব লাগিব। আমি খাময়ং ভাষাটোৰ মৃত্যু যন্ত্ৰণা দূৰৰ পৰা চাই থাকিলে হয়তো ভৱিষ্যতে এনে এটা দিন আহিব যিদিনা হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰভাৱত অসমীয়া ভাষাটোও এদিন অসুৰক্ষিতৰ পৰা সংকটজনক ভাষালৈ পৰিৱৰ্তিত হ’ব। সেইদিনা আমাৰ মাতৃভাষাক পুনৰুজ্জীৱিত কৰিবলৈ কোনো নোলাব।
