ৰাজনীতি: জনকল্যাণৰ নে ক্ষমতাৰ মাধ্যম?

লেখক- জুপিতৰা ফুকন।

   সাম্প্ৰতিক বিশ্বত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে ৰাজনীতি। এখন দেশৰ প্ৰতিজন লোকেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাজনীতিৰ সৈতে জড়িত। শিক্ষিত-অশিক্ষিত, বুদ্ধিজীৱীৰ পৰা সাধাৰণ জনতালৈকে সকলোৱে নিজ নিজ স্তৰত ৰাজনৈতিক আলোচনা তথা কাৰ্যকলাপত অংশ লয়। ‘ৰাজনীতি’ শব্দটোৰ আক্ষৰিক অৰ্থ হ’ল ‘ৰজাৰ নীতি’, অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োগ কৰা নীতি। সহজ ভাষাত ক’বলৈ গ’লে, ৰাজনীতি হৈছে চৰকাৰ গঠন, আইন প্ৰণয়ন, নীতি নিৰ্ধাৰণ আৰু সামূহিক সিদ্ধান্ত গ্ৰহণৰ এক প্ৰক্ৰিয়া, যাৰ জৰিয়তে এখন দেশ পৰিচালিত হয়।

          ৰাজনীতি কেৱল ক্ষমতা দখল বা প্ৰয়োগৰ আহিলা নহয়; ই হ’ল জনকল্যাণৰ এক অন্যতম পথ। ইয়াৰ দ্বাৰাই জনতাৰ সামূহিক স্বাৰ্থ, মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰসমূহ সুনিশ্চিত হয়। দেশ এখনৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন নিৰ্ভৰ কৰে শাসকীয় পক্ষই গ্ৰহণ কৰা ৰাষ্ট্ৰনীতিৰ ওপৰত। যি ৰাজনীতিত জনতাৰ স্বাৰ্থ সুৰক্ষিত আৰু যি ব্যৱস্থাত জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে প্ৰতিজন নাগৰিকে সংবিধান প্ৰদত্ত অধিকাৰসমূহ উপভোগ কৰিব পাৰে, সেয়াই প্ৰকৃত জনকল্যাণকামী আৰু সুস্থ ৰাজনীতি।

প্ৰখ্যাত দাৰ্শনিক এৰিষ্ট’টলে ৰাজনীতিৰ ধাৰণা ব্যাখ্যা কৰি কৈছিল যে সমাজ এখনত মানুহে কেনেকৈ সমিলমিলেৰে বাস কৰিব লাগে, তাকেই ৰাজনীতিয়ে শিকায়। ৰাজনীতি হৈছে সমাজৰ এক অপৰিহাৰ্য অংগ, যাৰ জৰিয়তে ৰাষ্ট্ৰ এখনৰ সৰ্বাংগীন লক্ষ্য প্ৰাপ্তি সম্ভৱ হয়।

কিন্তু বৰ্তমান গৰিষ্ঠসংখ্যক সাধাৰণ জনতাৰ মনত ৰাজনীতিৰ ধাৰণাটো যোগাত্মক নহয়। বহুতৰে বাবে আজিও ৰাজনীতিৰ অৰ্থ হৈছে ক্ষমতা দখল, ক্ষমতাৰ অপপ্ৰয়োগ, ভ্ৰষ্টাচাৰ আৰু মিছা প্ৰতিশ্ৰুতি। পৰিৱৰ্তিত ৰাজনৈতিক বাতাবৰণে তেওঁলোকৰ মনত এনে এক বিৰূপ ধাৰণাৰ সৃষ্টি কৰিছে যে তেওঁলোকে ৰাজনীতিবিদ বা ৰাজনৈতিক দলসমূহক সদৰ্থক দৃষ্টিভংগীৰে চাব নিবিচাৰে। ৰাজনৈতিক দলসমূহৰ পৰস্পৰৰ প্ৰতি কৰা কটু মন্তব্য আৰু অশোভনীয় আচৰণে ৰাজনীতিৰ উজ্জ্বল দিশসমূহ ঢাকি ৰাখিছে। এয়া সমাজৰ বাবে শুভ লক্ষণ নহয় আৰু ই ৰাজনৈতিক দলসমূহৰ ব্যৰ্থতাকে সূচায়। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলসমূহৰ প্ৰধান কৰ্তব্য হ’ল জনসাধাৰণক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰা, সচেতনতা বৃদ্ধি কৰা আৰু জনমতক সুসংগঠিত ৰূপ দিয়া।

এদিন শ্ৰেণীকোঠাত উত্তৰ-পূৰ্বাঞ্চলৰ ভূ-ৰাজনীতিৰ বিষয়ে আলোচনা কৰি থাকোঁতে প্ৰসংগক্ৰমে সুধিলোঁ— ৰাজনীতিৰ ক্ষেত্ৰখনত কাৰোবাৰ আগ্ৰহ আছে নেকি? উপস্থিত থকা ডেৰশ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা মাত্ৰ এজন ছাত্ৰই উত্তৰ দিলে যে তেওঁ এই বিষয়টোত আগ্ৰহী আৰু স্নাতক ডিগ্ৰী লোৱাৰ পাছত ৰাজনীতিত নামি এজন সফল নেতা হ’ব বিচাৰে। উত্তৰটোত আচৰিত হোৱাৰ লগতে আনন্দিতও হ’লোঁ, কাৰণ বৰ্তমানৰ প্ৰজন্মৰ পৰা এনে উত্তৰ সতকাই পোৱা নাযায়। ৰাজনৈতিক ক্ষেত্ৰখন অতি প্ৰত্যাহ্বানমূলক; ইয়াত তিষ্ঠি থাকিবলৈ হ’লে এজন ব্যক্তি চতুৰ, দূৰদৰ্শী আৰু নেতৃত্বসুলভ গুণৰ অধিকাৰী হ’ব লাগে।

বৰ্তমান ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০ শতাংশই যুৱক-যুৱতী। আগন্তুক দিনত তেওঁলোকেই দেশৰ ৰাজনৈতিক দিশ নিৰ্ণয় কৰিব। আজিৰ ‘জেন জি’ (Gen Z) প্ৰজন্ম ৰাজনৈতিকভাৱে সচেতন হোৱাটো সমাজৰ বাবে আশাব্যঞ্জক। ভাৰতীয় সংস্কৃতিত নিহিত হৈ থকা সততা আৰু মূল্যবোধৰ ৰাজনীতিয়েহে দেশৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু সংবিধান সুৰক্ষিত কৰি ৰাখিব।

ৰাজনীতিয়ে কেৱল ৰাষ্ট্ৰই নহয়, এখন সমাজকো পৰিচালনা কৰে। সামাজিক মূল্যবোধ, লক্ষ্য আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰে আৰ্থ-সামাজিক নীতি গ্ৰহণ কৰে। মানৱ সভ্যতাত সমাজ প্ৰতিষ্ঠা হোৱাৰ পৰাই সমাজখন সুকলমে পৰিচালনা কৰাৰ প্ৰয়োজনতে ৰাজনৈতিক ধাৰণাৰ জন্ম হৈছিল। গণতান্ত্ৰিক ৰাষ্ট্ৰত নিৰ্বাচন হৈছে ৰাজনীতিৰ এক অবিচ্ছেদ্য অংগ, যাৰ জৰিয়তে জনসাধাৰণে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি লয়। সমাজ তথা ৰাষ্ট্ৰৰ উন্নতি সদায় এক সুস্থ ৰাজনৈতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। ৰাজনীতিয়ে ক্ষমতা প্ৰদান কৰে। সেই ক্ষমতা জনকল্যাণৰ বাবে প্ৰয়োগ হ’ব নে ব্যক্তিস্বাৰ্থ সিদ্ধিৰ মাধ্যম হ’ব তাৰ ওপৰতে নিৰ্ভৰ কৰিব দেশ আৰু জনতাৰ ভৱিষ্যত। সুস্থ ৰাজনীতিয়ে সদায় ক্ষমতাৰ সঠিক প্ৰয়োগ কৰি এখন কল্যাণকামী ৰাষ্ট্ৰৰ পোষকতা কৰে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments