আঘোণৰ এবুকু সুখ – অংকুৰ শইকীয়া
১. তামোলৰ ৰাগীতে দুওঁঠ ৰঙা কৃষ্ণচূড়া বাঁহী ৷ সোণগুটি মুঠি কোমল প্ৰাণৰ গুণগুণনি কেচ্ কেচ্ কাঁচিৰ অযুত আলাপ মৌ-সৰা বাট ৷ ২. এবুকু সুখ ৰাংঢালী হেঁপাহৰ শাৰী পতা স্বপ্নৰ ধাননি হাঁহিজাক ৰিব্ ৰিব্ জুৰ জেউতি চৰা বুকু য’ত সহজ-সৰল আত্মপ্ৰকাশ ৷ ৩. আঘোণ ৰুনুক জুনুক থোপোকাকৈ সুমথিৰা আবেলি পথাৰ শুৱনি একান্ত মোহ লগা ন-জোন বাট থলুৱা আনন্দৰ বোকা-মাটিৰ পৰিতৃপ্ত পৃথিৱী ৷ ৪. ক্ৰমশ: মনলৈ আহে কলিজা ৰিঙিয়াই মতা মঙহাল ডাঙৰি দুটিৰ আলাপ পিতাইৰ কান্ধত টনটনাই যোৱা হাজাৰটা..... ছাঁ-দীঘল জীৱন বিয়লিৰ হালধীয়া আকাশ ৷৷ ☆★☆