‘আজ ফিৰ তুম পে…'(-দিগন্ত কুমাৰ ভট্টাচাৰ্য)

বৰুৱাদালৈ বেয়াই লাগে। মানুহজন ভাল, কিন্তু প্ৰায়েই তেওঁৰ ‘কথাতে কটা যায়, কামতো কটা যায়’ হয়গৈ। বৰুৱাদাৰ বৌৰ আকৌ বিৰাট সন্দেহ তেওঁলৈ। মই কওঁ কেতিয়াবা-‘ও বৌ, তেওঁ কিয়নো ‘নাৰী দুৰ্বল’ হ’ব হে? ইমান ভাল মানুহ’।
‘তুমি ওকালতি কৰিবলৈ নাহিবা, সকলো একেই’। মই মনে মনে থাকোঁ।
সিদিনা বিয়া খাবলৈ গৈছিল ওচৰৰে এঘৰত। ৰাতি আহি বৌৱে ক’লে-‘এই শৰ্মানীজনীক দেখিছানে? কেনেকৈ কাজল লগাই চকু দুটা কলা কৰি আহিছিল। মানুহে বয়স চাই মেক-আপ কৰিব লাগে দেই’। বৰুৱাদাই নামাতিলে মুখেৰে একো। ৰাতি বিচনাত পৰি গুণগুণালে গান-‘তুমি দুচকুতে কাজল ল’লে…’। সেইফালে বৌৱে জঁকি উঠিল-‘হুহ, আজি দেখি আহিলেতো, আৰম্ভ হ’লেই গান! তাতকৈ নোগোৱা কিয়-শৰ্মানীয়ে দুচকুত কাজল ল’লে….’।
‘কি যে কোৱা, এনেইহে গানটো ওলাই গ’ল মুখেৰে’। বৰুৱাদাৰ উপাই নোহোৱা হয়।

ঘৰৰ কাম-কাজ মানে ঘৰ সৰা-মঁচা কৰিবলৈ বাই এগৰাকী ৰাখিছিল প্ৰথমতে। পিছে বাইজনী বৌৰ কিবা ঠিক নালাগে। কম বয়সীয়া, ওঁঠত ডাঠকৈ ৰঙা লিপষ্টিক লগাই আহে কামলৈ আহোঁতে। তাই আহিলে বৌৱে সুতীক্ষ্ণ দৃষ্টি ৰাখে। সন্দেহ কৰে। এদিন বৌৱে ঘৰৰ ওচৰৰে জিমটোত জইন কৰাৰ কথা ক’লে বৰুৱাদাক-‘আশীৰ ওচৰ পালে ওজনে। জিমলৈ যাওঁ বুলি ভাবিছোঁ।
‘কিয়নো যাব লাগে হে জিম-ছিম? তাতকৈ সদায় পুৱা-গধুলি ঘৰ সৰা-মঁচা কামটো কৰা। ভাল এক্সাৰচাইজ! এইক দেখা নাই, কেনেকুৱা শ্লিম’। বৌৱে বাইগৰাকীলৈ চালে, গিৰীয়েকে ঠিকেই কৈছে। ঠিক তেনেতে বৰুৱাদাই গুণগুণালে-‘কঁকাল খামুচীয়া, গাল গুলপীয়া…’। মূহুৰ্ততে আৰম্ভ হ’ল কুৰুক্ষেত্ৰ।
‘তুমি তাইৰ কঁকাল কেনেকুৱা সেয়াও চোৱা? ছি: ছি:.’
‘নহয় হে..এনেই ওলাই গৈছে মুখেৰে গানটো’। সিদিনাই সেই বাইগৰাকীক বিদায় দিলে বৌৱে।
তাৰপিছত বিচাৰি বিচাৰি বৌৱে প্ৰায় ষাঠিৰ উচৰা-উচৰি বাই এগৰাকী আনিলে৷ এতিয়া বৌৱে তীক্ষ্ণ দৃষ্টি নাৰাখে। বাই’ৰ আকৌ কঁকালৰ বিষ, বয়স হোৱাৰ বাবে। ঘৰ মঁচিবলৈ বহিলে পুনৰ উঠাবলৈ কাৰোবাৰ সহায় নহ’লে নহয়। বৰুৱাদা তেওঁৰ লগতে ব্যস্ত থাকিবলগীয়া হ’ল। অকণমান ঠাই মঁচিবলৈ বহাৰ পিছত মাতে-‘বাবু, অলপ ধৰি দিব’। বৰুৱাদা দৌৰি গৈ তেওঁক উঠাই দিয়ে। তেওঁ পুনৰ কাষৰ ঠাইটুকুৰা মঁচিবলৈ বহে। পুনৰ মাতে। পুনৰ যায় বৰুৱাদা ধৰি উঠাই দিবলৈ। এই প্ৰক্ৰিয়াটো চলে প্ৰায় পোন্ধৰ-বিশবাৰ। এইবোৰত ব্যতিব্যস্ত হৈ এদিন বৰুৱাদাই ক’লে বৌক- ‘এই বাইৰদ্বাৰা কাম কৰাই কিবা ভাল নালাগে হে। বয়সো হৈছে। কিবা একেবাৰে মা’ৰ দৰে..মানে শাহুমা’ৰ দৰে..মানে তোমাৰ মা’ৰ দৰে লাগে’।

বন কৰা বাই নোহোৱাকৈ কিছুদিন চলিল। দুদিনমান আগত বৰুৱাদা’ৰ শহুৰ-শাহু আহিছে কিছুদিন থকাকৈ। উপাইহীন হৈ বৌৱে পুনৰ সেই ডাঠ লিপষ্টিক লগোৱা বাই গৰাকীকে বন্দোৱস্ত কৰিলে। আজি পুৱাই আহিল তাই। বৰুৱাদা আৰু শহুৰে বহি অসমীয়া নিউজ ছেনেলত বাতৰি চাই আছে।
‘আজিকালি দেখোন অসমীয়া ছেনেলত হিন্দী চিনেমাৰ এডও দিয়ে!’ বৰুৱাৰ হিন্দী গানটো বেয়া নালাগিল।
বায়ে আহি টিভি ৰুমটো সাৰিবলৈ ধৰিলে। এনেতে বৰুৱাদাৰ মুখেৰে গানৰ কলি এটি বাহিৰ হৈ গ’ল-‘আজ ফিৰ তুম পে প্যাৰ আয়া হ্যে…’। বৌৱে এবাৰ বৰুৱাদা আৰু এবাৰ বাইলৈ চালে। বৰুৱাদাই বুজি পালে লগে লগে-সাংঘাটিক ভুল হৈ গ’ল।
‘এই গানটো এইমাত্ৰ দেখুৱাই আছিল ছেনেলটোত..ওলাই গ’ল আৰু মুখেৰে’- ফচুফুচাই ক’লে বৰুৱাদাই বৌক।
‘…আজ ফিৰ নহয়? মই গম পাইছিলোঁৱেই আগৰবাৰ ‘কঁকাল খামুচীয়া’ শুনি, কিবা এটা যে আছে। সেই আমাৰ মা’ৰ দৰে বাই গৰাকীৰ এড্ৰেছটো আনা, আজি যাব লাগিব। কাইলৈৰপৰা আহিবলৈ ক’ম।’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments