কটকটীয়া নিৰাপত্তা ব্যৱস্থা ……(- সুৰজিত নেওগ)

যোৱা কেইদিনমান ধৰি টিভিত কেইটামান বিশেষ খবৰে ৰজন-জনাই আছে। বিশ্বকাপ ফুটবল এতিয়া সকলো টিভি চেনেলৰে সৰ্বাধিক চৰ্চিত বিষয়। দৈনিক ফলাফল, সম্ভাৱ্য বিজয়ীক লৈ জল্পনা-কল্পনা, বিভিন্ন দলৰ ষ্টাৰসকলৰ খেল। তাৰ মাজতে আকৌ কামোৰা-কামুৰি!! আমাৰ স্থানীয় চেনেলকেইটাক যেনিবা যোৱা দুমাহ-তিনিমাহ বিসম্বাদৰ অন্তহীন খেলখনে নিৰন্তৰ আৱৰি আছে। দৰ্শক অতিষ্ঠ হলেও হওক। ‘ভাল নাই লগা, নাচাব’ ধৰণৰ মনোভাৱ। আপুনি নাচালে কি হ’ব; এনে খেল চোৱা ঢেৰ মূৰ্খ আছে। শেহতীয়াভাৱে আমাৰ চেনেল কেইটাৰ ব্যস্ততা আৰম্ভ হৈছে অম্বুবাচী মেলাক লৈ… কোনোৱে কয় ৫ লাখ, কোনোৱে কয় ৭ লাখ দৰ্শনাৰ্থী আহিব। লাখ লাখ ভক্তগণৰ আগমনক লৈ কামাখ্যাধাম উখল-মাখল। লগতে আমাৰ সাংবাদিকসকলৰ সেহাই সেহাই, খোনাই খোনাই উশাহ নোপোৱাকৈ দিয়া চলন্ত ধাৰা-বিৱৰণী। যেন একমুহুৰ্ত ৰৈ গ’লে বহু কিবাকিবি অকথিত হৈ থাকিব। কামাখ্যা ধামৰ বহু স্নেপশ্বট…. লাখ লাখ ভক্ত, চিলিম-ভাং টানি থকা সাধু-সন্যাসী (!!), কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ চাক্ষুষ ছবি…

ধৰ্মীয় স্থানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। নিজে সম্পূৰ্ণৰপে এনে কথাত অবিশ্বাসী যদিও আমাৰ অতি সাধাৰণ বিচাৰ-বুদ্ধিৰে বুজি পাওঁ যে গৰিষ্ঠসংখ্যক মানৱে নিজ নিজ বিশ্বাস অনুসৰি ভাৱে যে ৩৩ কোটি হিন্দু দেৱ-দেৱী, এজন আল্লা, এজন যিশু আৰু তেনে বহুত ঈশ্বৰে প্ৰতিজন মানুহক ‘ওপৰৰ পৰা’ (মানে স্বৰ্গৰ পৰা) চাই আছে, অহৰহ নিৰাপত্তা প্ৰদান কৰি আহিছে। সেয়ে হয়তো লাখ-কোটি ভক্তই এনে ঈ্শ্বৰ-ভগৱানৰ ভক্তিত গদ্ গদ্ হৈ ভিন ভিন সময়ত পূজা-অৰ্চনা কৰি পৰিতৃপ্তি লাভ কৰাৰ লগতে নিজৰ তথা পৰিয়ালৰ বা সমাজৰ মংগলৰ হকে, উন্নতিৰ হকে, পঢ়া-শুনা, টকা-পইচা, ধন-দৌলত, ঐশ্চৰ্য্য-বিভূতি বিস্তাৰৰ হকে আৰু আন বহু কাৰণত এনে ঈশ্বৰ-ভগৱানসকলৰ শৰণাপন্ন হয়। ভক্তৰ এনে পৰিচৰ্য্যাত এই অতিমানৱ বা অলৌকিক বা অশৰীৰী ঈশ্বৰ-ঈশ্বৰী সকল তুষ্ট হয় আৰু আৰ্শীৰ্বাদ দিয়ে। মানে দিয়ে বুলি বেছিভাগ মানৱে ভাৱে।

ধৰি ললোঁ, এই বিশ্বাস সঁচা [সচাঁ বা মিছা বুলি প্ৰমাণ কৰাৰ কোনো সমল মোৰ হাতত নাই বাবে ধৰি ললো]। অন্তহীন শক্তিধৰ এনে অলৌকিক সত্বাবোৰৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতেই হেনো আমাৰ তুচ্ছ জীৱনবোৰ বৰ্তি থাকে। মানে আমাক আপদ-বিপদৰ পৰা উদ্ধাৰ কৰা বা আমাক নিৰাপত্তা প্ৰদান কৰা কামটোও এই দেৱ-দেৱী, আল্লা, যিশুসকলেই কৰে। এয়াও এক বিশ্বাস। ধৰি ললো এইয়াও সঁচা।

বয়সে আধাশতিকা গৰকো গৰকো; কেইটামান বছৰ বাকী আছে মোৰ। বহু কিবা কিবি দেখিলোঁ, শিকিলো, বুজিলো। কিছুকথা নুবুজিলো। নুবুজিলো মানে হয়তো বুজিবৰ চেষ্টা নকৰিলোঁ বা বহু চেষ্টা কৰিও বুজাত অসমৰ্থ হলো। তেনে ধৰণৰ নুবুজা প্ৰধান অংক এটা মোৰ বাবে এইটোৱেই… ভগৱান বা ঈ্শ্বৰৰ সদা বিচৰণথলিত আমাৰ দৰে তুচ্ছ মানৱৰ আকৌ ‘কটকটীয়া নিৰাপত্তা ব্যৱস্থা’ ….. লাঠি, এ’ কে ৪৭, ৱাকি-টকি লৈ যে ‘কটকটীয়া নিৰাপত্তা’ দিয়া হয়, এইয়া আচলতে কাক দিয়া হয়? ঈশ্বৰ বা ভগৱানক ? তেওঁলোক নিজেই ইমান শক্তিধৰ, গতিকে তেওঁলোকৰ নিৰাপত্তাৰ দৰকাৰেই নাই। গতিকে এই ব্যৱস্থা নিশ্চয় তেওঁলোকৰ বাবে নহয়। তেনেহলে ভক্তগণৰ বাবে নেকি? এই লাখ লাখ কোটি কোটি ভক্তগণে দেখোন দিনে নিশাই পূজা-অৰ্চনা কৰি ভগৱানক সন্তুষ্ট কৰি থৈছেই। কেৱল মাথো বৈষয়িক ‘বৰ’টো লভিবলৈ বাকী… নিৰাপত্তা দিবলৈ ভগৱান আছেই দেখোন; ইমান অন্তহীন শক্তিৰ অধিকাৰী এই সত্বাৰ ‘নিৰাপত্তা ব্যৱস্থাৰ’ সন্মুখত আমাৰ ‘কটকটীয়া নিৰাপত্তা ব্যৱস্থা’ কোন কূটা? তাতে ঈশ্বৰ-ভগৱান অন্তৰ্যামীও, মানে আমি মানৱে মনে মনে কি ভাৱো সকলো জানে।

মন্দিৰ, মছজিদ, ছাৰ্ছৰ দুৱাৰমুখত সশস্ত্ৰ প্ৰহৰী ৰৈ থকা দেখিলে আপোনাৰ কি ভাৱ হয় বাৰু? কাৰ নিৰাপত্তাৰ বাবে এই পহৰা? ভিতৰত ভগৱান, বাহিৰত ভক্ত, দুয়োৰে মাজত দোভাষী পূজাৰী, মোল্লা বা ফাদাৰ…!! ভগৱান ঘুৰি-ফুৰা ঠাইত কোনো মানৱে কাৰোবাক গুলিয়াবলৈ, বোমা ফুটাবলৈ বা কিবা চুৰি কৰিবলৈ সাহস কৰিব পাৰেনে? পিছে এতিয়া দেখোন কথাবোৰ কিবা খেলিমেলি… সকলো ধৰ্মীয় স্থানতে চৰকাৰে মানৱৰ দ্বাৰা গঠিত নিৰাপত্তা বেষ্টনীৰ আয়োজন কৰিবলগীয়া হয়। ভগৱান আৰু ভক্ত দুয়োৰে নিৰাপত্তাৰ বাবে…!!! অন্তত মোৰ তেনে ধাৰণাই হয়; হয়তো মহাশক্তিধৰ এই অলৌকিক সত্বাই মোৰ মগজুত এই সামান্য কথাটো বুজিবৰ বাবে বুদ্ধিকণ নিদিলে …..
[প্ৰসংগ – অম্বুবাচী মেলা উপলক্ষে চৰকাৰৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা]
# সুৰজিত নেওগ / ২৬ জুন ২০১৪ / গুৱাহাটী

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!