আটাইবোৰ চৰাই মূল (ইংৰাজী): ডেন জেক অসমীয়া অনুবাদ:দীপাঙ্কৰ কলিতা

আমি আটাইবোৰ চৰাইকে হত্যা কৰিম
আটাইবোৰ, আটাইবোৰ চৰাই
সাঁজ লগাৰ পৰত ঢোঁৰা কাউৰীজাকে কোৰকোৰাই কৈছিল
আৰু ৰাতিৰ নিস্তব্ধতাৰ অন্তৰালত মই শুনিছিলো
কোনোবাই মোৰ ফুলনিৰ চৰাইবোৰক হত্যা কৰাৰ শব্দ ।

মই জানিছিলোঁ
কাইলৈ নিচেই প্ৰত্যুষতে মোৰ বাবে নাথাকিব
প্ৰভাতী পখীৰ সুৱদী সুৰীয়া গীত ;
মোৰ অনুভৱ হৈছিল
পৃথিৱীৰ সমস্ত দুখে চেপি চেপি
মোৰ হৃদয় যেন ভাঙি মুচৰি পেলাইছে ।

আটাইবোৰ, আটাইবোৰ চৰাই, সিহঁতে কৈছিল
মই অনুভৱ কৰিছিলোঁ
মোৰ চৌপাশে এন্ধাৰ ক’লা ডেউকাৰ ধপধপনি
আৰু তাৰ মাজেৰে তীক্ষ্ণ দৃষ্টিৰে চাই থকা
ঢোঁৰা কাউৰীৰ এহাল হালধীয়া চকু ।
তোক কি লাগে? ঢোঁৰা কাউৰীটোক প্ৰশ্ন কৰিলোঁ মই
মোৰ লাওখোলাৰ খোৰোঙত
মইতো গুপুতে লুকুৱাই ৰখা নাই কোনো গান গোৱা চৰাই।

আটাইবোৰ, আটাইবোৰ চৰাই
আমি সিহঁত আটাইবোৰৰে ডিঙি মুচৰিম, সি কৈছিল।
মোৰ ভয় লাগিছিল তেতিয়া
সম্ভৱতঃ কোনোবা গভীৰ ৰাতি
এন্ধাৰৰ আঁৰ লৈ
সি মোৰ লাওখোলাটো ফালি পেলাব
আৰু তাৰ বলিয়া ঠোঁটটিৰে খুটি খুটি চাব
মোৰ চিন্তাৰ খোৰোঙত
আছে নেকি গোপনে লুকাই কোনো গীতাল পখী।

আটাইবোৰ, আটাইবোৰৰে ডিঙি মুচৰিম
এতিয়া মোৰ ডিঙিৰ প্ৰতিটো অংশতে
মই মাথো অনুভৱ কৰিছো
ঢোঁৰা কাউৰীৰ এহাল হালধীয়া চকু,
কিহবাই যেন মোৰ হৃদয় বিদীৰ্ণ কৰি দিলে
মোৰ হৃদয় যেন এটা নিহত চৰাই।

আটাইবোৰ, আমি সিহঁত আটাইবোৰকে হত্যা কৰিম,
উন্মত্ত ক্ৰোধৰ আতিশয্যত ঢোঁৰা কাউৰীজাকে কোৰকোৰাইছিল
গভীৰ আন্ধাৰে আবৃত আকাশ তলত।

( কবিতাটি ‘The Penguin Book of Socialist Verse’ ৰ পৰা লোৱা হৈছে- অনুবাদক।)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!