আত্মকথা – প্ৰণৱ কুমাৰ বৰ্মন
সাময়িক বিচ্ছেদবোৰ
আস্ মোক দহে
চিৰদিনৰ বিচ্ছেদে চিতাত জ্বলায়
তুমি গুছি গ’লে হয়তো মোৰ দুখ নালাগিব
তুমি কাষত নাথাকিলে তোমাৰ অনুপস্থিতিয়ে
সদায় কন্দুৱাব
এই কালত মোৰ কোনো আক্ষেপ নাই
তেনেকৈ ক’বলৈ মই মূৰ্খ সন্ন্যাসী নেকি
মোৰ অনেক আক্ষেপ ৰৈ যাব
কুৎসিৎ হৈ অহা পৃথিৱীৰ মুখত
প্ৰসাধন সানিব নোৱাৰাৰ
মোক অলপ স্থিৰতা দিয়া
সীমাহীন অস্থিৰতাই মোক ভাগৰুৱা কৰিছে।