হুৰ হুৰ বতা চৰাই – ইন্দিৰা দিগন্ত গোস্বামী
চকুত চকু থৈ থৰ হোৱা পল এটি
খৰমৰণি এটা
বুকুৱেদি সৰকি যায়৷
পিতাইৰ টঙি ঘৰত
বেলি ডুবাৰ পৰত
সুঁহুৰি এটা বতাহত উটি আহে৷
ক’ৰ পৰা!?
ঝুমুৰৰ ছন্দত
জোনটিয়েও নাচে৷
চম্পাৱতীৰ তিৰ কঁপে জ্বৰ৷
সুঁহুৰিটোৱে
কাণৰ কাষত জোপোকা মাৰে৷
ধানো খাম চাউলো খাম৷
চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম৷
ইকাণ-সিকাণ টঙি ঘৰত
জীৱনৰ গান৷
আই মোৰ ভৰি কুটেকুটায়৷
আই মোৰ জোঁৱায়ে নেপূৰ পিন্ধায়৷
সতীয়া মাকৰ আনন্দত
চকুলোঁ ওলায়৷
টঙি ঘৰত নিজৰে জী
তামোল পাণ আয়তীৰ উৰুলি৷
চম্পাৱতীৰ দৰে মোৰো জী ৷
আই মোৰ ডিঙি কুটেকুটায়
আই মোৰ জোঁৱায়ে মণি পিন্ধায়৷
টোপনিৰ আমেজ
আইৰ চকুত জীৰ কপাল
ৰাজৰাণী৷
নিয়তিৰ পৰিহাস ৷
দিনৰ পোহৰ…
হুৰ হুৰ বতা চৰাই;
মোৰ ধান নাখাবি তোক দিম গোটা কৰাই৷