আধা সজা মূৰ্তি

লেখক-- কমলেন্দ্ৰ শৰ্মা

 

–“গুণ, এইফালে আহচোন এটা দৰকাৰী কথা আছে তোৰ লগত।”

 

–“কওকচোন কি কথা, কিবা লাগিব নেকি আপোনাক।”

 

–“একো নালাগে ৰহ, বেলেগ কাম এটাৰ কথাহে ভাবিছোঁ।”

 

–“কিনো ইমান ভাবিবলগীয়া আছে। কৈ নিদিয়ে কিয়?”

 

–“এটা মূৰ্তি সাজিব লাগে, বিশেষ ধৰণৰ মূৰ্তি। ক’ৰপৰা কেনেকৈ আৰম্ভ কৰো এতিয়া, তাকেই ভাবিছোঁ।”

 

–“এইটোনো কি ডাঙৰ কথা হ’ল। আপোনাৰ এই যাদুকৰী হাত দুখনেৰে কিমান মূৰ্তি সাজিলে। দেৱ-দেৱীৰপৰা মানুহ, জীৱ-জন্তু একো বাদ পৰি যোৱা নাই। আপোনাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে সকলো মূৰ্তি। সকলো ধৰণৰ মূৰ্তি তৈয়াৰ কৰিছে আপুনি আৰু মই দেখোন আছোঁৱেই। এতিয়া আকৌ চিন্তা কৰিব লগা কি আছে। পিছে মূৰ্তিটো কাৰ। কোনে আপোনাক অৰ্ডাৰ দিলে, মই দেখোন আছিলোঁৱেই গম নাপালোঁ যে।”

 

–“অৰ্ডাৰ নহয় অ, বহুত দিন আগতেই পৰিকল্পনা কৰা আছিল। পিছে এতিয়াহে বৰ জৰুৰী হৈ পৰিছে কামটো।”

 

–“কি আচৰিত, বহুত দিন আগতেই ভবা কথা এতিয়া হঠাতে আৰম্ভ কৰিব খুজিলে মই কিন্তু ভালকৈ ধৰিব পৰা নাই।”

 

–“তই ধৰিব নোৱাৰিবি এইবোৰ কথা। মোক এজনে অনুৰোধ কৰিছিল বহুত বছৰ আগতে আৰু মই কথা দিছিলোঁ তেওঁৰ এটা প্ৰতিমূৰ্তি তৈয়াৰ কৰিম বুলি। সেয়ে এতিয়া ভাবিছো মই মোৰ কথা ৰাখিম, কিন্তু এটা কথা।”

 

–“আকৌ কিন্তু কি ? কিবা ৰহস্য যেন লাগিছে দেখোন কথাবোৰ।”

 

–“এৰা ৰহস্য বুলিয়েই ধৰিব পাৰি। এই মূৰ্তিটো নিৰ্মাণ কৰাৰ পাছত মই আৰু কোনো প্ৰতিমূৰ্তি নিৰ্মাণ নকৰোঁ। এইটোৱেই মোৰ জীৱনৰ শেষ মূৰ্তি হ’ব। ইয়াৰ পিছত সকলো কাম তয়েই চলাব লাগিব। মোৰ বয়সো হৈছে এতিয়া হাত কঁপে।”

 

–“কি এইবোৰ আপুনি কি কৈছে? হঠাতে এনে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আপুনি। কাৰণটো কি ?”

 

–“সেইবোৰ বহুত কথা বুজিছ। মুঠতে এই সকলোবোৰ কাম এতিয়াৰপৰা তোৰ দায়িত্বত চলিব।”

 

   প্ৰভাত খনিকৰ বুলি তেওঁক সকলোৱে চিনি পায়। যোৱা প্ৰায় পঞ্চাছ বছৰ ধৰি প্ৰভাত হাজৰিকাই এই প্ৰতিমূৰ্তি তৈয়াৰ কৰা কাম কৰি আছে। এইটো তেওঁৰ জীৱিকা। তেওঁ গোটেই জীৱন আবিয়ৈ হৈ থাকিল। নিজৰ বুলিবলৈ কেৱল গুণ। মাক-দেউতাকৰ মৰমৰপৰা বঞ্চিত হোৱা গুণক হাজৰিকাই তুলি-তালি ডাঙৰ-দীঘল কৰাইছে। তাক মাক-দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই কেতিয়াও। গুণক ডাঙৰ-দীঘল কৰোঁতেই হাজৰিকাই নিজৰ জীৱনৰ কথা পাহৰি গ’ল।

 

    প্ৰভাত হাজৰিকাৰ জীৱনলৈ প্ৰেম সঠিক সময়তে আহিছিল। মনে-প্ৰাণে ভাল পাইছিল ডালিমীক। তায়ো নিজকে সঁপি দিছিল প্ৰভাত হাজৰিকাৰ ওচৰত। কিন্তু নিয়তিয়ে সেই প্ৰেম সফল হ’ব নিদিলে। ডালিমীৰ মাক-দেউতাকে তাইৰ প্ৰেমক গুৰুত্ব নিদি আন এজনৰ লগত বিয়া দিলে। প্ৰেমত বিফল হৈ হাজৰিকা উন্মাদৰ দৰে হৈ পৰিছিল। ইফালে ডালিমীয়েও সকলো দুখ-কষ্ট মনতে সামৰি সংসাৰ কৰিলে। পিছে তাইৰ জীৱনতো সুখৰ নহ’ল। বিয়া হোৱাৰ দিন ধৰি শহুৰেকৰ ঘৰখনত অত্যাচাৰৰ বলি হ’ল। তাৰ মাজতে এদিন তাই ল’ৰা সন্তান এটা জন্ম দিলে যদিও প্ৰসূতি ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে।

 

 আচৰিত কথা হ’ল ডালিমীৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে কেঁচুৱাটোৰ দায়িত্ব গ্ৰহণ নকৰিলে। আনকি তেওঁলোকে কেঁচুৱাটোক হস্পিতালৰপৰা ঘৰলৈ নিনি কোনোবা অনাথ আশ্ৰমত থ’বলৈ কৈ এৰি গ’ল। কথাটো গম পাই হাজৰিকা লগে লগে হস্পিটেললৈ গ’ল আৰু আইনগতভাৱে সন্তানটোক নিজৰ কৰি ল’লে। তাৰ পিছত সেই সন্তানটোৱেই হাজৰিকাৰ জীৱনৰ সকলো হৈ পৰিল। ল’ৰাটোৰ মাজেৰেই তেওঁ ডালিমীক জীয়াই ৰখাৰ পণ ল’লে।

 

   জীৱনৰ ভাটি বয়সত হাজৰিকাই সিদ্ধান্ত ল’লে যে তেওঁ নিজহাতেৰেই ডালিমীৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব আৰু সেইটোৱেই হ’ব তেওঁৰ জীৱনৰ শেষ কৰ্ম। তাৰ পিছত সকলো কামৰ দায়িত্ব গুণক দিব। সি ইতিমধ্যে সকলোখিনি শিকিছে।

 

 কথামতেই কাম আৰম্ভ কৰিলে হাজৰিকাই। জীৱনৰ সৰ্বোচ্চ উজাৰি দি তেওঁ মনে-প্ৰাণে মূৰ্তিটো নিৰ্মাণ কৰাত লাগিল। আজিকালি বেছিভাগ কাম গুণই কৰে, হাজৰিকাই মাথোঁ দেখুৱাই দি থাকে। কিন্তু এইটো কাম তেওঁ নিজেই কৰিছে। গুণক একো কৰিব দিয়া নাই।

 

  চাওঁতে চাওঁতে প্ৰতিমূৰ্তি বনোৱা কাম প্ৰায় শেষ হ’বই। কিন্তু ডালিমীৰ মুখখন গঢ় দিয়াৰ সময়ত হাজৰিকা বাৰে বাৰে থমকি ৰয়। তেওঁ উচূপি উঠিল। কোনোমতেই দেখোন স্পৰ্শ কৰিব নোৱাৰে ডালিমীৰ সেই মুখখন, সেই চকু সেই ওঁঠ। হাজৰিকাৰ হাতদুখন বাৰে বাৰে কঁপি উঠে, ৰৈ যায় হাত দুখন। ইমান যতনেৰে তৈয়াৰ কৰা মূৰ্তিটোত বহুত চেষ্টা কৰিও শেষ স্পৰ্শ দিব পৰা নাই।

 

 গুণই কথাটো লক্ষ্য কৰি আছে। কি হ’ল আজি। তেখেতে কেতিয়াও এনে আচৰণ কৰা নাই। এইবাৰ কি হ’ল। এই মহিলাগৰাকী কোন ? মূৰ্তিটোৰফালে চাই তেখেতে কিয় উচুপি উচুপি কান্দি আছে। গুণই সুধিলে,  “আপোনাৰ আজি কি হৈছে? বাৰে বাৰে থমকি ৰৈ আছে যে ? এই মহিলাগৰাকী কোন?”

 

–“তই চিনি পোৱা নাই নহয়, ক’ত চিনি পাবি। কেতিয়াও দেখাই নাই নহয়। ক’লে নিশ্চয় চিনি পাবি।”

 

–“মোৰ চিনাকি নেকি, কোন বাৰু?”

 

–“এওঁৰ নাম ডালিমী, তোৰ মা।” কথাখিনি কৈ হাজৰিকা চকীতে অজ্ঞান হৈ পৰিল।

 

–“মা”— গুণই চিঞৰি উঠিল।

***

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments