বন্দী
লেখক- গুণদীপ কলিতা
ভূমি ৰাজহ সঞ্চালকালয়ৰ ৩০২ নম্বৰ কোঠাৰ চিলিং ফেনখন ঘূৰাতকৈ যেন যন্ত্ৰণাতহে ছটফটাই আছিল। এটা নিৰ্দিষ্ট ছন্দত অদ্ভুত শব্দ কৰি ফেনখনে গুৱাহাটীৰ জুলাই মাহৰ আৰ্দ্ৰ গৰম বায়ুক ঠাণ্ডা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। যোৱা বাৰ বছৰে জয়ন্তৰ জীৱনৰ নেপথ্যত এই শব্দটোৱেই বাজি আছে।
কোঠাটোৰ এচুকত এছিষ্টেণ্ট জয়ন্তৰ টেবুল। ষ্টাম্প পেডৰ বেঙুনীয়া চিয়াহীৰে তাৰ আঙুলিবোৰ নীলা হৈ আছিল। চিয়াহীৰ দাগবোৰ তাৰ আঙুলিত প্ৰায় স্থায়ী হৈ গৈছে। সন্মুখত ফাইলৰ ওখ পাহাৰ। পুৰণি নথিৰে ভৰা ফাইলবোৰৰ চুক-কাষবোৰ উৱলি গৈছে, কাগজবোৰে হালধীয়া বৰণ লৈছে। বহু প্ৰাচীন কাগজ-পাতিৰে নোদোকা ফাইলবোৰ বান্ধি থোৱা আছিল শুকান তেজৰ দৰে শেঁতা একো-একোডাল ৰঙা ফিতাৰে। এই ফাইলবোৰ স্থবিৰতাৰ একো একোটা মূৰ্ত প্ৰতীক। এইবোৰ সত্তৰ-আশীৰ দশকৰ বা তাতোকৈ পূৰনি মাটিৰ বিবাদ, মৃত মানুহৰ দাবী, আৰু কেৱল অধিক কাগজ সৃষ্টি কৰিবলৈ ব্যৱহাৰ হোৱা এক বিশাল চৰকাৰী যন্ত্ৰৰ অবিচ্ছেদ্য অংগ।
সেইদিনা ৰাতিপুৱাতে বেলিটোৱে খাওঁ-খাওঁকৈ ওলাইছিল। তাৰ ঘৰৰ ওচৰৰপৰা অহা চৰকাৰী বাছখন জালুকবাৰীৰ ওচৰত বেয়া হৈছিল। বাছখনৰ ইঞ্জিনটোৱে যেন কাহি কাহি ক’লা ধোঁৱা এৰি আহি আছিল ৰাস্তাই-ৰাস্তাই। সেইদিনা তাৰ অফিচ পাওঁতে সাত মিনিট দেৰি হৈছিল।
“জয়ন্ত বাবু, এইটো অফিচ নে পাৰ্ক বুলি ভাবিছে? পুৱা ফুৰিবলৈ অহাৰ ঠাই নেকি?”
শ্লেষ মিহলি কথাষাৰ আহিছিল উপ-পঞ্জীয়ক বৰুৱাৰ মুখৰপৰা। বৰুৱা এনে এজন মানুহ যাৰ আত্মাৰ ঠাইত কেইবা দশকৰ আগতেই অফিচ নিয়মাৱলীয়ে থিতাপি লৈছিল। তেওঁ হাজিৰা বহীখনৰ ওচৰত থিয় হৈ জয়ন্তই অলপ আগতে লিখা ১০:০৭ বজাৰ সময়টোৰ ওপৰত তেওঁ আঙুলিৰে টক টক কৰি আছিল। কোঠাৰ ডেকা এছিষ্টেণ্ট কেইজনে তালমূৰ কৰি পিৰিক-পাৰাককৈ বৰুৱাৰপিনে চাই নিজৰ কামত মনোনিৱেশ কৰাৰ অভিনয় কৰিছিল।
“আহি থকা বাছখনৰ ছাৰ… ইঞ্জিনটো বেয়া হৈছিল ৰাস্তাত,” জয়ন্তই তলমূৰকৈ বিৰবিৰালে।
“অজুহাত অকৰ্মণ্যবোৰৰ বাবেহে,” বৰুৱাই অবিশ্বাসৰ সুৰত ক’লে। বৰুৱাৰ মাতটো কোঠাৰ দেৱালত প্ৰতিধ্ৱনিত হৈ ৰজন-জনাই গ’ল।“আৰু এবাৰ এনেকুৱা হ’লে মই এক্সন ল’ম। আপোনালোকে চৰকাৰী চকীখনক পৈতৃক সম্পত্তি বুলি ভাবি লৈছে।”
জয়ন্ত নিজৰ টেবুলত বহিল। ৰাতিপুৱাই-ৰাতিপুৱাই অপমান জয়ন্তৰ মুখত তিতা লাগিল। সি টেবুলৰ কাষৰ লেতেৰা খিৰিকীখনৰ ফাঁকেৰে সোমাই অহা পোহৰৰ ৰেঙণিত উৰি থকা ধূলিকণাবোৰ চাই ৰ’ল।
বাৰ বছৰ আগতে এই পোহৰৰ ৰেঙণিটোৱেই যেন তাৰ বাবে এক নতুন আশাৰ পোহৰ আছিল।
সি নিযুক্তি পত্ৰখন পোৱা দিনটো মনত পেলালে। মাকে ফূৰ্তিত পায়স ৰান্ধিছিল, ইলাচীৰ গোন্ধত পাকঘৰটো আমোল-মোলাই আছিল। দেউতাকে তেতিয়াও লাখুটি নোলোৱাকৈ খোজ কাঢ়িব পাৰিছিল। দেউতাকে জয়ন্তৰ কৃতিত্বৰ কথা ওচৰ-চুবুৰীয়াক গৰ্বেৰে কৈছিল।
দেউতাকে মাকক কোৱা শুনিছিল, “এতিয়া আৰু ভাতসাঁজৰ বাবে চিন্তা কৰিব নালাগে।” তাক কৈছিল, “তই ডাঙৰ পাহাৰখন বগাই পাৰ হ’লি।”
ছাব্বিছ বছৰ বয়সত জয়ন্তই সেই কথা বিশ্বাস কৰিছিল। তেতিয়া তেওঁৰ কিছুমান সপোন আছিল— ফাইলৰ নহয়, সি নিজৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল। নিজেই নিজৰ বছ হোৱাৰ সপোন দেখিছিল। সঞ্চালকালয়ৰ এই চাকৰিটো তাৰ বাবে আছিল কেৱল এটা আৰম্ভণি, এখন প্লেটফৰ্ম হ’ব বুলি ভাবিছিল, যাৰ জৰিয়তে তেওঁ নিজৰ ব্যৱসায়ৰ বাবে মূলধন জমা কৰিব পাৰিব।
কিন্তু দেউতাকে কোৱা সেই পাহাৰটো সিপাৰত আচলতে এটা দ পিটনিহে আছিল।
প্ৰথমে বিয়া, চাকৰি পোৱাৰ এবছৰৰ ভিতৰত। তাৰ পিছত এটা সন্তান। চাৰিবছৰ পাছত দেউতাকৰ প্ৰথমটো ষ্ট্ৰোক। ভূতৰ ওপৰত দানহৰ দৰে মাকৰো কিডনীৰ অসুখ ধৰা পৰিল। তেওঁ সাঁচিব খোজা মূলধন হস্পিতেল আৰু ফাৰ্মাচীত শেষ হৈ গ’ল। সেই আৰম্ভণিৰ প্লেটফৰ্মখনেই তাৰ ভৰিৰ শিকলি হৈ পৰিল। প্ৰতি মাহে দৰমহা সোমোৱাৰ লগে লগে অৰ্ধেক গুছি যায় ঔষধত আৰু সন্তানৰ স্কুলৰ খৰচত। বাকী ৰৈ যোৱাখিনিৰে ঘৰৰ খৰচ।
জয়ন্তই এটা ফাইল খুলিলে। কেচ নং: ৪৪২/বি কে/২০১৪। তেওঁ কলমটো হাতত ল’লে, কিন্তু কাম কৰিবলৈ মন নগ’ল। তাৰ হাতখন ৰৈ গ’ল।
অফিচৰ দেৱালবোৰ আছিল শেঁতা সেউজীয়া ৰঙৰ, প্লাষ্টাৰবোৰ খহি দুই এঠাইত কোনো অচিন দেশৰ মানচিত্ৰৰ দৰে হৈছিল। চুকবোৰত বহুবছৰৰ তামোলৰ পিকৰ ৰঙীন দাগ। সি সহকৰ্মীসকলৰফালে চালে। বাঁওফালে বহি থকা ফুকনে ত্ৰিশ বছৰ ধৰি কেৰাণী কাম কৰি আছে। ফুকনৰ পিঠিখন স্থায়ীভাৱে কুঁজা হৈ গৈছে।
এয়াই নেকি মোৰ জীৱনৰ শেষ দৃশ্য? জয়ন্তই ভাবিলে। ময়ো এদিন ফুকনলৈ পৰিণত হ’ম নেকি? এক অজান আশংকা জয়ন্তৰ মনত আহিল।
হঠাৎ তাৰ বৰুৱাৰ ওপৰত নহয়, বৰঞ্চ ফাইলবোৰৰ ওপৰত এক প্ৰচণ্ড খং উঠিল। সি স্বগতোক্তি কৰাৰ দৰে কৈ উঠিল, “এইবোৰ কাম নোহোৱা বস্তু। মই নিজৰ একমাত্ৰ জীৱনৰ বহুমূলীয়া সময়খিনি আমোলাতন্ত্ৰৰ এই ৰঙা ফিতাৰ ফাইলবোৰ পহৰা দি কটাই আছো।”
সি পত্নী ৰীণাৰ কথা ভাবিলে। আজিকালি তেওঁলোকৰ কথা-বতৰাবোৰ কেৱল অভিযোগ-প্ৰতি অভিযোগৰ এখন তালিকা হৈ পৰিছে; পিঁয়াজৰ দাম বৃদ্ধি, বাথৰুমৰ চিলিং ফুটা হোৱা, স্কুলৰ মাছুল বৃদ্ধি। যোৱা পাঁচ বছৰত সিহঁতে কোনো এটা সপোনৰ কথা পাতি পোৱা নাই।
সি চকু জপাই চকীখনত পিছলৈ হাউলি দিলে। পুৰণি চকীখনে কেৰকেৰাই উঠিল। সি সঞ্চালকালয়ৰ বাহিৰৰ পৃথিৱীখন কল্পনা কৰিলে। কাষেৰে বৈ যোৱা নদীখন, চৰাইবোৰ, গছবোৰ সকলোবোৰ মুক্ত। সি হে যেন সজাত বন্দী। মুক্তিৰ কল্পনাই তাৰ মনত এক ভাল লগা অনুভূতি আনি দিলে।
কি হ’ব, যদি মই চাকৰিটো আজিয়েই এৰি দিওঁ? সি ভাবিলে।
এটা অজান ভয়ে তাক তৎক্ষণাত চুই গ’ল— এক শীতল, অন্তৰ্নিহিত আশংকা। যদি সি চাকৰিটো এৰি দিয়ে, ঔষধৰ টকা ক’ত পাব? ল’ৰাৰ স্কুলৰ ফীজ কেনেকৈ দিব? দেউতাকে সপোন দেখা সেই নিৰাপত্তাৰ আশা চূৰ্ণ-বিচূৰ্ণ হৈ নপৰিবনে। কোনো ৰাস্তা নাই। সি যে নিজৰ দায়িত্বৰ কাৰাগাৰত নিজেই বন্দী এজন মানুহ।
তাৰ ৰাতিপুৱা বৰুৱাৰ অপমানৰ কথা মনত পৰিল। সি পুনৰবাৰ গোটেই শৰীৰতে এক জোকাৰণি অনুভৱ কৰিলে। সি নিজকে প্ৰশ্ন কৰিলে, “মই কিমান দিন এই গঞ্জনা সহ্য কৰিম? মই কিয় ওলাই যাব নোৱাৰো?” ভাবিলে নিশ্চয় উপায় ওলাব। সি মোবাইলত দেখি থাকে চাকৰি এৰি নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰি সফল হোৱা বাতৰিবোৰ।
সি কিয় নোৱাৰিব? সাহস কৰিলে নিশ্চয় পাৰিব। সি এক নতুন উদ্যম অনুভৱ কৰিলে, যিটো সি যোৱা এটা দশকত বহুত কম অনুভৱ কৰিছিল। যেন কোনো এক বন্দী জন্তুৱে হঠাতে অনুভৱ কৰা এক উপলব্ধি যে তাৰ গড়ালৰ দুৱাৰখন অভেদ্য নহয়।
সি হঠাৎ থিয় হ’ল। চকীখনে মজিয়াত ঘঁহনি খাই এটা শব্দ কৰিলে। ওচৰতে বহি থকা ফুকনে আচৰিত হৈ চালে।
“জয়ন্ত? ক’লৈ যোৱা? দুপৰীয়াৰ ৰিপৰ্টটো দিব লাগিছিল।”
“আহি আছোঁ, “জয়ন্তই ক’লে, নিজৰ মাতটো তাৰ অচিনাকি যেন লাগিল।
সি কোঠাৰপৰা ওলাই আন্ধাৰ কৰিডৰটোৰে খোজ দিলে। কোঠাবোৰত ঠায়ে-ঠায়ে চিলিং চুই থকা ফাইলৰ স্তুপ। সি বৰুৱাৰ কোঠাটো পাৰ হ’ল। দুৱাৰখন মেল খাই আছিল আৰু সি বৰুৱাৰ তপা মূৰটোৰ পিছফালটো দেখা পাইছিল। কেইঘণ্টামান আগতে এই মানুহজনৰ শব্দবোৰ তেওঁৰ বাবে মৃত্যুৰ নিৰ্দেশৰ দৰে আছিল।
জয়ন্ত বাৰাণ্ডালৈ ওলাই আহিল। বাহিৰৰ বতাহ গৰম। এখন লেতেৰা, জনাকীৰ্ণ চহৰৰ পৰিচিত বিচিত্ৰ শব্দৰ কোৰ্হাল। গাড়ীৰ হৰ্ণৰ শব্দ, পাচলি বিক্ৰেতাৰ চিঞৰ, দূৰৈৰ ৰেলৰ শব্দ। সি বাৰাণ্ডাৰ ৰেলিংখনৰ ওচৰলৈ গৈ সম্মুখৰ ধূলিময় ৰাস্তাটোলৈ চাই ৰ’ল।
সি এতিয়াই চাকৰিটো এৰি দিব নোৱাৰে। ঔষধৰ খৰচ, হস্পিতেলৰ খৰচ এইবোৰ কেনেকৈ চম্ভালিব। তাৰ হাতত এটকাও জমা ধন নাই। কিন্তু এৰিব লাগিব, সোনকালে। নহ’লে যে ষাঠি বছৰলৈ এনেকৈ বহতীয়া হৈ গালি-গালাজ, ঠাট্টা-মস্কৰা শুনি থাকিব লাগিব।
কিন্তু কেনেকৈ? তাৰ দূৰ-সম্বন্ধীয় আত্মীয় এজনৰ কথা মনত আহিল, যি বহু-বছৰ ধৰি ব্যৱসায়ত প্ৰতিষ্ঠিত। “তেওঁকে লগ ধৰি অলপ জানি-বুজি ল’ব লাগিব,” সি ভাবিলে।
আকাশত মেঘ জমা হৈছে আৰু মৃদু বতাহ বলিছে। সি চকু দুটা বন্ধ কৰিলে আৰু বাহিৰৰ শীতল বতাহজাক অনুভৱ কৰিলে। তেওঁৰ মনটো অলপ মুকলি লাগিল।
সি বহু বছৰ আগতে চোৱা এখন চিনেমা ‘The Swasank Redemption’ ৰ কথা ভাবিলে। আজিকালি প্ৰায়েই চিনেমাখনৰ কথা তাৰ মনলৈ আহে। “আমেৰিকাৰ এখন জেলত বিনা দোষত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন কাৰাবন্দীয়ে লেতেৰা আৱৰ্জনাৰ পাইপৰ মাজেৰে জেলৰপৰা পলাই মেক্সিকোৰ প্ৰশান্ত মহাসাগৰৰ পাৰৰ কোনো এটা বালিচৰত মুক্তিৰ জীৱন কটোৱাৰ কাহিনী।”
সি এক বিশাল, নীলা জলৰাশি কল্পনা কৰিলে, এখন সাগৰ যিখন তেওঁ কেতিয়াও দেখা নাই। চিনেমাখনৰ নায়ক এণ্ডিৰ দৰেই সি নিজকে দেখিলে— এজন মুক্ত মানুহ, চৰকাৰী বগা চোলা আৰু চিয়াহীৰ দাগবোৰ নোহোৱা এজন মানুহ। তেওঁ নিজকে এখন সাগৰৰ পাৰত থিয় হৈ থকা দেখিলে, য’ৰ বতাহত ধূলিৰ পৰিৱৰ্তে মুক্তিৰ সোৱাদ আছে।
জয়ন্তই চকু মেলিলে। অফিচটো এতিয়াও তেওঁৰ পিছফালে আছিল। কিন্তু তেওঁৰ ভিতৰৰ বোজাটো যেন কিছু পাতলিছে। সেই নিৰাশা আঁতৰি গৈছে, তাৰ ঠাইত এক পৰিকল্পনাই ঠাই লৈছে।
সি পুনৰ সেই অন্ধকাৰ কৰিডৰটোৰফালে ঘূৰি গ’ল। দুপৰীয়াৰ ৰিপৰ্টটো শেষ কৰিব। সি আৰু কিছুদিন বৰুৱাৰ সেই গালি-গালাজবোৰ সহিব। কিন্তু এতিয়া সি এটা গোপন উদ্দেশ্য লৈ আগবাঢ়িব।
এতিয়াৰপৰা যিবোৰ ফাইল সি ৰঙা ফিতাৰে বান্ধিব, সেইবোৰ হ’ব তাৰ মুক্তিৰ বাবে তৈয়াৰ কৰা জখলাৰ একো একোটা খোজ। সি এতিয়া কেৱল এজন কেৰাণী নহয়; সি এতিয়া পৰিৱৰ্তনৰ পথত খোজ দিয়া এজন মানুহ।
নিজৰ মেজত বহাৰ লগে লগে ফুকনে তালৈ চালে।“ক’ত গৈছিল? দেৰি কৰিলে দেখোন।”
জয়ন্তই কলমটো হাতত লৈ খিৰিকীৰে আকাশৰফালে চালে। ডাঠ মেঘবোৰে বেলিটো ঢাকি ধৰিছে।
“অলপ বাহিৰলৈ, “জয়ন্তই লাহেকৈ ক’লে।“বাহিৰত ধুনীয়া বতাহ মেলি আছে।”
সি ফাইল এটা উলিয়াই লৈ কাম আৰম্ভ কৰিলে। কিন্তু বাৰ বছৰত প্ৰথমবাৰৰ বাবে তাৰ আখৰবোৰ এক পৰাজয়ৰ স্বীকাৰোক্তিৰ দৰে নালাগিল। বৰঞ্চ মুক্তিৰ পথৰ প্ৰথমটো খোজ যেন লাগিল।
