আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে – কলচুম বিবি
কেতিয়াবা কেতিয়াবা কৰিব নোৱাৰা বহুতো কাম কৰিবলৈ মন যায়৷ কিন্তু কৰিম বুলি ভাবিও সেই কামবোৰ কৰিব নোৱাৰো৷ কৰিবলৈ হাবিয়াস কৰোঁ৷ নাৰী হোৱা বাবেই হয়তো সেইসকল নাৰীৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰো যিসকল নাৰী স্বাধীন দেশত জন্ম লাভ কৰিও স্বাধীন নহয়৷ জন্মৰ পিছতে পিতৃ-মাতৃৰ, বিবাহৰ পিছত স্বামীৰ পৰিয়ালৰ, বৃদ্ধ বয়সত সন্তানৰ দ্বাৰা ব্যক্তি স্বাধীনতা খৰ্ব হোৱাটো দৈনন্দিন পৰিঘটনা৷ এচামে নাৰী স্বাধীনতাৰ সংজ্ঞা বিকৃত কৰিছে আৰু এচামে স্বাধীনতা মানে কি এতিয়াও অনুভব কৰিব পৰা নাই৷ যেতিয়া নাবালক ছোৱালী এজনী বিয়াৰ দৰে বান্ধোনত সোমাই পৰা বুলি শুনিবলৈ পাওঁ তেতিয়া ভাবো কেনেকৈ সেই ছোৱালীজনীয়ে ঘৰ-সংসাৰৰ আউল মাৰিব, শহুৰৰ ঘৰৰ মানুহক শুশ্ৰূষা কৰিব অথবা জুই জ্বলাই ভাত ৰান্ধিব৷ মনৰ খেলিমেলি বোৰ মনতে থাকে৷ তাই ঠেকি ঠেকি শিকে আৰু এবছৰ নৌহওঁতেই কোলালৈ কেচুৱা আহে৷
আমাৰ ঘৰৰ ছোৱালীয়ে ১৫/১৬ বছৰলৈ চাহকে বনাব নাজানে অথচ সিহঁতৰ ছোৱালীবোৰে কেচুৱা কেনেকৈ ডাঙৰ কৰিব লাগে সেয়া জনা হৈ যায়৷ কুৰিতে বুঢ়ী হয়, দেহটোত নানা বেমাৰে বাহ লয়৷ এদিন স্কুলৰ পৰা উভতিবৰ সময়ত ৰিস্কা এখনত অসমীয়া বোৱাৰী এজনী লগ পালোঁ৷ কম বয়সীয়া ছোৱালী৷ প্ৰেমত পৰি পলাই বিয়া হৈছিল৷ এবছৰ নহওঁতেই গুছি আহিল৷ এতিয়া কেছ চলি আছে৷ আমাৰ কৰ্মৰত বিদ্যালয়ৰ আশে-পাশে থকা অসমীয়া মুছলিম বোৱাৰী সকলৰ অৱস্থাও তথৈবচ৷
বিশ্বনাথত দহমাহ থাকিলো৷ তাতেও দেখিলো নেপালি সম্প্ৰদায়ৰ বেছিভাগ ছোৱালীৰ বিয়া কম বয়সতে হয়৷ ধুনীয়া ধুনীয়া শিৰত সেন্দূৰ লোৱা ছোৱালীবোৰ দেখিলেই সেই কথা বুজা যায়৷
আদিবাসীসকলৰ ক্ষেত্ৰতো সেই একেই কথা৷ কম বয়সতে বিয়া হৈ সংসাৰৰ মেতমৰা বোজা টানিব নোৱাৰা বয়সত টানি লৈ ফুৰে৷ বাংলাভাষী মুছলিমসকলৰ কথা এওঁলোকতকৈ সাংঘাতিক৷ কম বয়সীয়া ল’ৰা আৰু ছোৱালীবোৰ বিয়াৰ শিকলিত বান্ধ খাই তিনি-চাৰিবছৰৰ ভিতৰতে তিনি-চাৰিটা সন্তানৰ পিতৃ-মাতৃ হয়৷
আমাৰ দেশত নাৰী সবলীকৰণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি লোৱা হয়৷ পিছে কাৰ্যকৰীহে নহয়৷ ইমানবোৰ আইন থকাৰ পিছতো নাৰীসকল সজাগ নোহোৱাৰ কাৰণ কি হ’ব পাৰে? আমাৰ সমাজ ব্যবস্থা নে নাৰীক দুৰ্বল আৰু অবলা বুলি ভাবি অহা প্ৰাচীন পৰম্পৰা?
শংকৰদেবৰ যুগতে চন্দৰি আই, ৰাধিকা শান্তি, সুমালিনী বুঢ়ী আইৰ দৰে মহীয়সী নাৰীসকলে তেতিয়াই স্ত্ৰী শিক্ষাৰ প্ৰতিসসজাগতাৰ আদৰ্শনীয় উদাহৰণ ৰাখি থৈ গৈছে৷ তেওঁলোকৰ পিছৰ যুগত সংগ্ৰাম আৰু দুখেৰে ভৰা জীৱনৰ তিতা-কেঁহা সাৱতি বিষ্ণুপ্ৰিয়া, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, যমুনেশ্বৰী খাটনিয়াৰ, পদ্মাৱতী দেৱী, নলিনীবালা দেৱী, চন্দ্ৰপ্ৰভা শইকীয়ানী আদি বহু নাৰীয়ে জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল আৰু নিজৰ শিক্ষাৰে স্ত্ৰী শিক্ষাৰ পথ মোকলাই থৈ গৈছে৷ সাম্প্ৰতিক সময়তো একাংশ নাৰীয়ে সমতাৰ অধিকাৰ ভোগ কৰি থকাৰ সময়তে একাংশ নাৰীয়ে দাসত্ত্বৰ জীৱন নিৰ্বাহ কৰি আছে৷ তেওঁলোকে গুণগত শিক্ষাৰ অভাবত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কবলত ককবকাই আছে৷ সমাজব্যবস্থাৰ যি প্ৰাচীন পৰম্পৰাৰ কলুষতা সেয়া এতিয়াও বৰ্তমান৷ নহ’লে ডাইনী হত্যা, যৌতুক প্ৰথা, বাল্য বিবাহ আদি ঘটনাসমূহ সঘনে ঘটি নাথাকিলেহেঁতেন৷
যৌতুক প্ৰথাক দিনক দিনে কমক চাৰি বৃদ্ধিহে পাইছে৷ ইয়াৰ বিৰোধিতাৰ বাবে আজিৰ নাৰী আগবাঢ়ি নাহিলে এইবিধ কুপ্ৰথাৰ কোনোদিনে বিলুপ্ত নহয়৷
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নিউ ইয়ৰ্ক টাইমছ মেগাজিনত Lauren Katzenbarg এ ৪০ গৰাকী মিলিটাৰীত কৰ্মৰত মহিলাৰ বিষয়ে লিখিছে৷ পূৰ্বতকৈ বৰ্তমান সময়ত প্ৰশাসনিক সেৱাত কৰ্মৰত মহিলাৰ দায়িত্ব পালনত সক্ৰিয়তা বৃদ্ধি পাইছে৷ নৌ সেনা, বায়ু সেনা আদিত মহিলা বিষয়া সকলৰ ব্যক্তিগত সমস্যা থকাৰ পিছতো তেওঁলোকে কৰ্তব্যক অবহেলা কৰা নাই, পিছুৱায়ো অহা নাই৷ তেওঁলোকৰ পাৰদৰ্শিতাৰ কাহিনীয়ে আমাৰ উন্নয়নশীল দেশবোৰৰ নাৰীসকলক নিশ্চয় উৎসাহিত কৰিব৷ আমি সকলোৱে কল্পনা চাউলাৰ কথা জানো৷ মেৰী কম, হিমা দাস, ৰিমা দাস আদি নবপ্ৰজন্মৰ নাৰীসকলৰ কথা জানো৷
বিভিন্ন বিভাগত কৰ্মৰত তথা নিজৰ ঘৰখনক সুচাৰুৰূপে পৰিচালনা কৰা সেই সকলো নাৰীক নাৰী দিবস উপলক্ষে চেল্যুট জনালোঁ৷ আমাৰ পিছপৰা অঞ্চলৰ নাৰীসকলো এওঁলোকৰ পথকে অনুসৰণ কৰক আৰু জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনক৷ নাৰী দিৱসৰ এই ক্ষণত নাৰীসকলক শিক্ষাৰ প্ৰতি আগ্ৰহী হ’বলৈ, সজাগ হ’বলৈ আহ্বান জনালোঁ৷