দিহিঙে-দিপাঙে (গ্ৰন্থ সমালোচনা ) — নৱজিৎ মেধি

লেখকৰ পৰিচিতি :- তেজপুৰৰ ওচৰৰ শালনিবাৰী বিমানকোঠৰ ওচৰত জন্মগ্ৰহণ কৰা শ্ৰী ৰাণা গগৈয়ে অসমীয়া মাধ্যমতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল । ১৯৯৭ চনত কৰ্মময় জীৱন আৰম্ভ কৰি ভাৰতৰ বিভিন্ন মেট্ৰ’ চিটিত চাকৰি কৰি বৰ্তমান পুডুচেৰীৰ অফিচত বহুজাতিক কোম্পানী এটাৰ বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে । মেনেজমেণ্ট সম্বন্ধীয় দক্ষতাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত বক্তৃতা প্ৰদান কৰিবলৈও তেখেত আমন্ত্ৰিত হৈ থাকে । চাকৰিসূত্ৰে পৃথিৱীৰ বিভিন্ন দেশত বিচৰণ কৰিব লগা হোৱাত তেখেতে সেই অভিজ্ঞতা সমূহক সামৰি এই পুথিৰ জড়িয়তে অসমীয়া সাহিত্যত প্ৰথম সৃষ্টি হিচাবে আগবঢ়াইছে ভ্ৰমণ মূলক এই কিতাপ খন ।

প্ৰকাশক : আঁ‌ক-বাক । গুৱাহাটী ।
প্ৰাপ্তি স্থান : সৰস্বতী মাৰ্কেট – যশোৱন্ত ৰোড- পাণবজাৰ- গুৱাহাটী -৭৮১০০১
বেটুপাত : এমষ্টাৰ্ডাম চহৰৰ ওচৰৰ বন্দৰ ।
মূল্য : ১৭০ টকা । পৃষ্ঠা সংখ্যা : ১২৬

এই কিতাপ খনক একেৰাহে ভ্ৰমণ কাহিনীৰ পৰা বিদেশৰ কথা-কাণ্ড বা অতি সুখপাঠ্য বুলিও অভিহিত কৰিব পাৰি । আমেৰিকা আৰু ইউৰোপ ভ্ৰমণৰ বৰ্ণিল কাহিনী অতি সাৱলীল ভাবে তেৰটা খণ্ডৰ মাজেৰে দাঙি ধৰা হৈছে । প্ৰায় আটাইকেইটা খণ্ডতে একোটা সকলোকে পুলকিত কৰিব পৰা সঁ‌চা কাহিনী থকা কাৰণে এই কিতাপ খনে অইন ভ্ৰমণ বিষয়ক কিতাপৰ মাজত এক অনন্য স্থান পাব বুলি ক’ব পাৰি । কেনে সুশৃংখল আৰু নিয়মানুৱৰ্তীতাৰ মাজেৰে ইউৰোপ আৰু আমেৰিকাৰ মানুহে জীৱন নিৰ্বাহ কৰে তাৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰি তেওঁলোকৰ সামাজিক সচেতনতা – পৰ্যটকৰ প্ৰতি দেখুওৱা সহৃদয়তা আদিৰ বিষয়েও এই কিতাপৰ মাজেৰে দাঙি ধৰা হৈছে । আমাৰ দেশত গাড়ীবোৰে যেনেকৈ হৰ্নৰ শব্দ কৰি শব্দ প্ৰদূষণ সৃষ্টি কৰে – ইউৰোপ বা আমেৰিকাত তাক পোৱা নাযায় – গাড়ীৰ হৰ্ন বজোৱা মানে অইনক ভেকাহি মৰা বা গালি পৰা বুলিহে ইয়াক গণ্য কৰা হয় । ইউৰোপ – আমেৰিকা ভ্ৰমণ কালত যে পানীৰ বটল এটা হাতত থাকিব লাগে তাকো বেচ সৰস ভাবে লিখিছে । বৰ্ণনাবোৰ পঢ়িলে এনে ভাব আহে যেন নিজেই এই ঠাইবোৰ ভ্ৰমণ কৰি আছোঁ । যি দুই চাৰিটা তথ্য এই কিতাপ খনত আছে তাক পৰীক্ষা কৰি সম্পূৰ্ণ শুদ্ধ পালোঁ যিয়ে লেখকৰ গভীৰ অধ্যয়ন পিপাসু মনৰ পৰিচয় দাঙি ধৰিছে ।

নিখুট লেখা ; শব্দ-বাক্যৰ অকণো অপব্যৱহাৰ দেখিবলৈ নাপালোঁ । সুকোমল লেখা আৰু ইয়াৰ মসৃণতাই পঢ়ুৱৈৰ মনত দাগ দি যাব বুলি ক’ব পাৰোঁ ।

আমেৰিকা আৰু ইউৰোপ ভ্ৰমণৰ এই কিতাপে চুই গৈছে নিউয়ৰ্ক-ফ্ল’ৰিডা-মেনহাটেন-নিউজাৰ্ছী-ছুইডেন-হাইডেলবাৰ্গ-ষ্টকহম-হলেণ্ড-ইটালী-ৰোম-বোষ্টন-লণ্ডন-এমষ্টাৰ্ডাম-বেলজিয়াম-ব্ৰাছেলছ-নেদাৰলেণ্ড-জাৰ্মানী আদি দেশ সমূহ আৰু বিখ্যাত ঠাই বিলাক । কিতাপখন পঢ়ি আনন্দ পোৱাৰ উপৰিও বিদেশী মানুহৰ সজ গুণবোৰৰ বিষয়ে জানিব পাৰিব । বিদেশ ভ্ৰমণত সহায়ক পুথি হ’ব এই কিতাপ খন ।

** দুশাৰী মান লেখা তলত উল্লেখ কৰিলোঁ :-

° আপুনি জাৰ্মানীৰ বাবে ভিছা আৱেদন কৰিলেই হ’ল । ভিছাৰ যাৱতীয় কামবোৰ সমাপন হোৱাৰ পাছত আপুনি যি ভিছা পাব – সেইখনেই ছেংগেন ভিছা । অৰ্থাৎ সেইখন কেৱল জাৰ্মানীৰ ভিছা নহয়- বৰং সমস্ত ছাবিছখন দেশ ভ্ৰমণৰ উপযোগী এখন ভিছা ।

°° যি সময়ত মৃত্যুৰ বিভীষিকা হঠাৎ সন্মুখত আহি স্বয়ং হাজিৰ হ’ল – সেই সময়কণত জীৱনৰ প্ৰতি থকা নিৰ্লজ্জ মোহ আৰু জীয়াই থকাৰ অৱদমিত দুৰ্বাৰ হেঁ‌পাহ প্ৰচণ্ডভাৱে অনুভৱ কৰিছিলোঁ ।

°°° এই কথা অৱশ্যে সঠিক যে নিজ দেশ বা ৰাজ্য এৰি পৰৰ দেশত ভৰি দিয়াৰ লগেলগেই এজন মানুহ জীয়াই থাকিবৰ বাবে অত্যাৱশ্যকীয় দুটা মৌলিক কথাৰ ওপৰত জোৰদাৰ প্ৰভাৱ পৰে । সেই দুটা হ’ল – ভাষা আৰু খাদ্য ।

অক্ষৰ বিন্যাস-বানান – বৰ্ণাশুদ্ধি সকলো শুদ্ধ পালোঁ এই কিতাপ খনত । সকলো বয়সৰ পঢ়ুৱৈৰ কাৰণে উপযোগী আৰু পঢ়ুৱৈ সকলে এই মনোৰম কিতাপ খন পঢ়ি বিমল আনন্দ লভিবলৈ সক্ষম হ’ব বুলি ভাবোঁ । কিতাপ খনৰ লগত বিদেশৰ ভালে কেইখন ৰঙীন ছবি লেখকৰ নিজৰ কেমেৰাৰে উঠাই ইয়াত সংযোজনো কৰা হৈছে ।

শ্ৰী ৰাণা গগৈদেৱৰ অসমীয়া সাহিত্যৰ জগতত উন্নতি কামনা কৰিলোঁ । অসমৰ বাহিৰতে ১৯৯৭ চনৰ পৰা বাস কৰি থাকিও তেখেতেৰ এনে সুন্দৰ অৱদানৰ দ্বাৰা মাতৃভাষাক সমৃদ্ধ কৰাত নথৈ আনন্দিত হৈছোঁ ।

(এই গ্ৰন্থসমালোচনাত নিতান্ত সাধাৰণ পঢ়ুৱৈ হিচাবে মই বিছাৰি পোৱা খিনি লেখিলোঁ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!