আন্ধাৰ-পোহৰ –সন্দিপন তালুকদাৰ
জকমক জকমক পোহৰবোৰ
উফ! ইমান যে ঘন ঘিটমিট আন্ধাৰ,
নিজৰ ছাঁটোকে মনিব নোৱাৰি৷
ক’ত যে বিচাৰি পাম পোহৰৰ নিজৰাটি!
আন্ধাৰ পাহাৰৰ বুকুৰে লাহি লাহি বৈ থকা,
নিজক আকৌ দেখা পাম
দেখা পাম ছাঁটোক৷
সি কৈ যাব তোমাৰ হেৰুওৱা কাহিনী
কাণ ঘোলা কৰা নিৰ্জনতাতো
শুনিবলৈ পাম দুটি শব্দ!
দুখৰ হ’লেইনো কি হ’ল,
সি যে মোৰেই আপোন৷ ৷