তিৱা জনজাতীয় খাদ্যঃ পাহাৰীয়া আলুকচু আৰু কেঁচা হালধিৰে কুকুৰাৰ মাংস -পূৰৱী বৰদলৈ

তিৱা সকলৰ অতি মৰমৰ উৎসৱ জোনবিল মেলা মাঘৰ বিহুৰ উৰুকাৰ ঠিক এসপ্তাহ পাছতে অনুষ্ঠিত হ’ব৷ বিনিময় প্ৰথাৰ বাবে জনপ্ৰিয় এই মেলাতে পাহাৰৰ তিৱা, জয়ন্তীয়া সকলে তেওঁলোকৰ উৎপাদিত আলুকচু, হালধি, আদা আদি ভৈয়ামৰ লোকসকলে প্ৰস্তুত কৰা পিঠাপনা, সান্দহ, শুকান মাছ আদিৰ সৈতে সলায়৷ কেঁচা হালধি ভৈয়ামৰ লোকসকলে সিজাই ৰ’দত শুকুৱাই গুৰি কৰি বছৰটোলৈ ব্যৱহাৰৰ উপযোগী কৰি ৰাখে৷ তাৰ লগতে কেঁচাকৈও তৰকাৰী ৰান্ধে মাছ, মাংস, কুচিয়া মাছ, শুকান মাছ আদিৰ সৈতে৷ আগতে যিহেতু তিৱা সকলে সিজাই আৰু খাৰ ব্যৱহাৰ কৰিয়ে বেছিভাগ ব্যঞ্জন প্ৰস্তুত কৰিছিল শুকান হালধিৰ গুড়ি বৰ বেছি ব্যৱহাৰ নহৈছিল৷ তাতোকৈ কেঁচা হালধিৰ তৰকাৰী খনত বেছি গুৰুত্ব দিছিল৷ এতিয়া অৱশ্যে খাদ্যাভাষত পৰিবৰ্তন পৰিলক্ষিত হোৱা দেখা গৈছে৷ তথাপি কিছুমান সোৱাদ তিৱা পাকঘৰত এতিয়াও পোৱা যায়৷ কেঁচাহালধি আৰু আলুকচুৰে কুকুৰাৰ মাংসৰ তৰকাৰীখনো তেনে এক জুতি৷ ইয়াক ৰান্ধিবৰ বাবে উপকৰণসমূহ হ’ল,

১) ছালেৰে সৈতে জুইত সেকি লোৱা কুকুৰা এটা (৫০০ গ্ৰাম)
২) আলুকচু: ডাঙৰ এটা টুকুৰা কৰা, সৰু হ’লে ২ টা ল’ব
৩) কেঁচা হালধি: ১০০ গ্ৰাম মিহিকৈ পিচি লোৱা৷
৪) আদা নহৰু বটা: ১ টেবুল চামুচ
৫) কেঁচা জলকীয়া: ৪-৮ টা৷ যিমান জ্বলা বিচাৰে সেইমতে৷
৬) জিৰা: ১ টেবুল চামুচ (ঐচ্ছিক)
৭) তেজপাত: ২ খিলা
৮) নিমখ আন্দাজমতে
৯) মিঠাতেল: ২ টেবুল চামুচ
১০) পানী: ২ কাপ

প্ৰণালী:

কুকুৰাটো সৰুকৈ টুকুৰা কৰি আদা নহৰুৰ পেষ্ট সানি ল’ব৷ জিৰা শুকানে গৰম কৰি গুৰি কৰি ল’ব৷ জলকীয়া কেইটা থেতালি লব৷ আলুকচু কেইটুকুৰা অলপ সিজাই ল’ব৷

এতিয়া কেৰাহীত তেল গৰম কৰি তেজপাত দি মাংস ভাজিব৷ নিমখ মিলাই কম জুইত সিজিব দিয়ক৷ পানী ওলাই শুকাব লওঁতেই জলকীয়াৰ পেষ্ট, জিৰা গুৰি আৰু হালধিৰ পেষ্ট মিলাই আৰু অলপ সময় ৰাখিব৷ লাগি ধৰিব নিদিয়াকৈ লৰাই ভাজিব৷ হালধি ভজা গলে পানী মিলাই উতলিব দিব৷ জুই বঢ়াই দিব৷ মাংস সিজো সিজো হলে আলুকচু দিব৷ লাহে লাহে সিজি মাংস কোমল আৰু তৰকাৰী ঘন হলে নমাই গৰম ভাতেৰে পৰিবেশন কৰক৷ ( আলুকচুৰ ঠাইত কাঠআলু, পঞ্চমুখীকচু আদিও দিব পাৰে৷ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!