আপোনাৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা… ( ড৹ সমাদৃতা গোস্বামী )

Aponar Babe Ek MInute Mouna Prarthana_Dr. Samadrita Goswami

জোনাক নেদেখা
কিমান দিন হ’ল
মনত আছেনে আপোনাৰ?
আকাশলৈ মূৰ তুলি নোচোৱা
কত যুগ হ’ল
গমি চাইছেনে আপুনি?

সেই যে ঘোপ মৰা এন্ধাৰ ৰাতিৰ,
চোৰে চৰ মাৰি গ’লেও গম নোপোৱা এন্ধাৰ ৰাতিৰ
এপথাৰ জোনাকী পৰুৱা নেদেখা বা
কিমান দিন হ’ল?

কিমান দিন,
কিমান মাহ,
কিমান বছৰ…???

কম্পিউটাৰৰ পোহৰে ক’লা কৰা চকুৰ পতা
স্মাৰ্টফোনৰ স্ক্ৰিনৰ সতে আপোনাৰ নিৰলস মৌন কথাবাৰ্তা
সুধি চাইছেনে নিজক কেতিয়াবা
কিমান বছৰ হ’ল
প্ৰিয়জনৰ চকুলৈ চাই কথা নপতা?

গৰুগাড়ীৰ পিচত দৌৰি ফুৰা দুপৰীয়া এটা
জিঁয়া খেদি ফুৰা আবেলি এটা
ভাদমহীয়া নামঘৰৰ প্ৰসাদৰ বাবে ৰৈ থকা কানিমুনি বেলা এটা
সস্নেহে আইয়ে যাঁচি দিয়া গাখীৰ পানী গিলি কলমতিয়াই থকা সন্ধ্যা এটা
অনাই বনাই আনৰ বাৰী চেলেকি ঘূৰি ফুৰা
গৰম বন্ধৰ দিনকেইটা
পথাৰত হালোৱাৰ মাত শুনিলেই উচপিচ কৰি মাছ ধৰিবলৈ দৌৰি যোৱা ৰাতিপুৱা এটা…
আহিনৰ কোমল বননিত শেৱালি ফুল বোটলা দোকমোকালি পুৱা এটা…

ৰ’ব ৰ’ব, ভাবিছে? আপুনি এতিয়া কি ভাবত ইমান বিভোৰ হৈছে???

সেইবোৰ দিনৰ নায়কজন আপুনি??
আপুনিয়েইনে?

আপোনাৰ বিশ্বাস হোৱা নাই?
আপুনি আইনাত মুখ চাইছে?
চুই চাইছে গাল, চুলি, কপাল, চেলাউৰি?
আপোনাৰ বগা হ’ব ধৰা চুলিত, মুখত এয়া কোন সময়ৰ আঁকবাঁক?
আপুনি চুলিত হাত ফুৰাই চাইছে
আৰু তেলেৰে তেপতেপিয়া কৰা ল’ৰালিৰ সেই চুলিৰ স্পৰ্শই
ক্ৰমশঃ ক্ৰমশঃ…
চকু মুদ খুৱাই আনিছে আপোনাৰ

আপোনাৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা…
স্মাৰ্ট ফোনৰ স্ক্ৰিনৰ চিকমিকনিত সমাধিষ্ট হোৱা ভাগৰুৱা মনত
খন্তেকৰ বাবে হ’লেও জিৰনি লওক এজাক ঘৰমূখী চৰাই৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!