আপোন
লেখক- পংকজ খাটনিয়াৰ
ৰাতিপুৱা শুই উঠি খোজকাঢ়িবলৈ যাওঁতে সদায় শইকীয়াক লগ পাওঁ। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উচ্চ পদস্থ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা মানুহজন এতিয়াও যেন দুৰন্ত তৰুণ। সৎ আৰু নিকা ভাবমূৰ্তিৰ শইকীয়াই কোনো দিনে কাৰো সৈতে আপোচ কৰা নাই। সেই কথা অন্ততঃ মই ভালদৰেই জানো। নহ’লেনো তেওঁৰ দৰে এজন বিষয়াই ৰিটায়াৰমেণ্টৰ পইচাকেইটাৰে ঘৰ সাজিবলৈ ৰৈ থাকিব লাগেনে!
তথাপি কিন্তু মানুহজনৰ অকণমানো আক্ষেপ নাই। চহৰৰ মাজ-মজিয়াত সৰুকৈ ঘৰটো সজাইছে। সন্মুখত ডাঙৰ ৰুম এটা ৰাখিছে-কিবা ব্যৱসায় আৰম্ভ কৰিব বোলে।
অৱশ্যে আপোনাৰ একো জঞ্জালো নাই দিয়কচোন। ল’ৰাটো দুদিনমানৰ পিছতে ডাক্টৰ হৈ ওলাই আহিব। ছোৱালী বিয়া দি আজৰি হ’ল। গতিকে এতিয়া কিবা ব্যৱসায় নকৰিলেও চলিলেহেঁতেন। মই কথাষাৰ তেওঁক পোনপটীয়াকৈ ক’লোঁ।
মোৰ কথা শুনি শইকীয়াই হাঁহি এটা মাৰি মনে মনে থাকিল। একো উত্তৰ নিদিলে।
আজি খোজকাঢ়িবলৈ যাওঁতে শইকীয়াক লগ নাপালোঁ। উভতি আহি থাকোঁতেই ফোনটো বাজি উঠিল। আমাৰ লগৰে শইকীয়াৰ ঘৰৰ ওচৰৰ ৰহমানৰ ফোন। তেৱেঁই খবৰটো দিলে।
মই লৰালৰিকৈ শইকীয়াৰ ঘৰলৈ ৰাওনা হলোঁ।
ভাবিছিলো দূৰৈৰপৰাই মানুহৰ জুম বান্ধি থকা দেখিবলৈ পাম। তদুপৰি পুলিচো ইতিমধ্যে আহি পাব পায়। কিন্তু নাই কোনো নাই দেখোন। ৰহমানে ফোন কৰি হাতে-লোটে ধৰা বুলি কৈছিল।
গেটখন খুলি ভিতৰলৈ সোমাই গলোঁ। দেখিলোঁ শইকীয়া আৰু মানুহগৰাকীয়ে বাহিৰৰ ৰুমটোতে বহি আছে আৰু সন্মুখত সৰু ল’ৰা এটাক কিবাকিবি খাবলৈ কৈ আছে। ল’ৰাটো হয়তো চৈধ্য-পোন্ধৰ বছৰ মানৰ হ’ব।
অ’ মই আকৌ চোৰ ধৰা বুলি শুনিহে চাবলৈ আহিছিলোঁ। পিছে ইয়াত দেখোন একোৱেই নাই।
মোৰ কথা শুনি শইকীয়াই হাঁহি এটা মাৰি উত্তৰ দিলে-কি হে আপুনিও চোৰ এটা ধৰি গছত বান্ধি থোৱা চাই দুচাটমান দিবলৈ আহিছিল তাৰমানে। আজিকালি সকলোৱেই মৰেল পুলিচগিৰি খটুৱাবলৈ সুবিধা বিচাৰি থাকে নহয়। মই চবকে খেদিলো বুজিছে। আৰু আপুনি চাবলৈ অহা চোৰ এইটোৱেই। এইবুলি সন্মুখত বহি থকা ল’ৰাটোলৈ আঙুলিয়াই শইকীয়াই উত্তৰ দিলে।
মই এইবাৰ সঁচাকৈয়ে আচৰিত হোৱাৰ পাল। জীৱনত প্ৰথম দেখিলোঁ চোৰ এটাক সন্মুখত বহুৱাই এনেদৰে আপ্যায়ন কৰা।
শইকীয়াই কৈ গ’ল— ইয়াৰ নাম ৰাহুল। সৌ আমাৰ ওচৰৰ হাইস্কুলখনত ক্লাছ নাইনত পঢ়ে। তাৰ মাক-দেউতাক সৰুতেই ঢুকোৱাত আইতাকৰ লগত থাকে। আজি কেইদিনমানৰপৰা আইতাকৰ গা বেয়া হোৱা বাবে কামলৈ যাব পৰা নাই। ইফালে ডাক্তৰক দেখুৱাবলৈকো হাতত ফুটা-কড়ি এটা নাই। সেয়েহে ই ৰাতিপুৱাই আমি খোজকাঢ়িবলৈ যোৱা বুলি ভাবি বাৰীত সোমাই কোমোৰা কেইটা ছিঙিছিল।
মই আকৌ ওলাই আহিয়েই সন্মুখতে পালোঁ নহয়। কথাতে কয় নহয় বোলে-হাতে-লোটে চোৰ আৰু সিন্ধিৰ মুখৰ চোৰ, এই দুয়োৰে ৰক্ষা নাই।
ছাৰ মোক ক্ষমা কৰিব, মই চোৰ নহয়। একো উপায় নোহোৱাতহে লগৰ এটাৰ কথা শুনি এই কাম কৰিলোঁ। সিহঁতৰ মাকে এটা কোমোৰা পঞ্চাছ টকাকৈ দিম বুলি কৈছিল।
ইয়াৰ কথা শুনাৰ পাছত তাক আৰু মই মাৰ-পিট কৰিব পাৰো নে বাৰু? কওকচোন বৰুৱা-সহায় বিচাৰি যোৱা মানুহক কোনোবাই বাৰু চুৰ কৰিবলৈ পৰামৰ্শ দিয়ে নে! সেয়েহে ইয়াক খুৱাই-বুৱাই পইছা কেইটামান দি পঠিয়াই দিম। আনে কি ভাবে মই পৰোৱা নকৰোঁ।
পিছদিনা ৰাতিপুৱাও শইকীয়া খোজ কাঢ়িবলৈ নাহিল। উভতি আহোঁতে দেখিলোঁ বেগ এটা লৈ শইকীয়াই কচুঠুৰি আৰু ঢেঁকীয়া শাক বুটলি আছে। লগত সেই কালিৰ ল’ৰাটো— ৰাহুল।
আবেলি হোৱাৰ আগে আগে শইকীয়াই মোলৈ ফোন কৰিলে— বৰুৱা, আজি সন্ধিয়া মোৰ ঘৰলৈ এপাক মাৰিবচোন। মোৰ দোকানখনৰ আজি অপেনিং আছে। আপুনি ফিতা কাটিব লাগিব।
সন্ধিয়া ঠিক ছয় বজাতে মই নিদিষ্ট কৰা সময়তে শইকীয়াৰ ঘৰত উপস্থিত হলোগৈ। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। খুব আটকধুনীয়াকৈ দোকানখন সজাই-পৰাই লৈছে শইকীয়াই। দৈনন্দিন প্ৰয়োজনীয় সকলো সামগ্ৰী ৰখাৰ ব্যৱস্থা কৰিছে। আনকি শাক-পাচলি, কচু, ঢেঁকীয়া লৈকে। তাৰমানে ৰাতিপুৱা শইকীয়াই তাকেহে বুটলি আছিল। এওঁৰ দেখোন বুঢ়া বয়সত পৰকিতি লৰিছে। ইমান টকাৰ খক ভাল নহয় এই বুঢ়াকালত। আৰু কি দৰকাৰ পৰিছে দোকান এখন খুলি এই বয়সত হাৰমাল চপাই ল’বলৈ। মই মনতে ভাবিলোঁ।
হেৰি বৰুৱা কি ভাবি আছে। আহক, আহক, চাকিগছ জ্বলাই ফিতাডাল কাটি দিয়ক।
মই উপস্থিত সকলোকে আদৰণি জনাই ফিতাডাল কাটি শইকীয়াক শুভেচ্ছা জনালোঁ। ‘আপোন ষ্ট’ৰ’ সকলোৰে আপোন হৈ পৰক। দোকানখনৰ নামটো সঁচাকৈয়ে বৰ সুন্দৰ হৈছে।
তেনেতে শইকীয়ানী আৰু ৰাহুলে সকলোকে চাহ, মিঠাই আৰু লুচি ভাজি যোগান দি গ’ল।
খাই থাকোঁতেই শইকীয়াই কৈ গ’ল ‘আপোন ষ্ট’ৰ’ৰ জন্মৰ কাহিনী। বুজিছে বৰুৱা, আপোনালোকে হয়তো এই বয়সত মই দোকান খুলি ব্যৱসায় কৰাটো সহজভাৱে ল’ব পৰা নাই। আচলতে মই ব্যৱসায় কৰিবলৈ দোকানখন খোলা নাই। আচলতে ‘আপোন ষ্ট’ৰ’ মোৰ এটা সপোন।
আগতে আমাৰ ঘৰবোৰ কেঁচা আছিল, কিন্তু সম্পৰ্কবোৰ পকা আছিল। আজিকালি সকলোৰে ঘৰবোৰ পকা হৈ গ’ল, কিন্তু সম্পৰ্কবোৰ কেঁচা হৈ পৰিল। আধুনিকতাৰ ধামখুমীয়াত পৰি কাৰো আনৰ কথা ভাবিবলৈকে সময় নোহোৱা হ’ল।
অৱসৰ গ্ৰহণৰ পিছত আমাৰ দৰে মানুহৰ বাবে বহি কথা এষাৰ পাতিবলৈ ঠাই অকণ নোহোৱা হ’ল। বাহিৰত চাকৰি কৰা পো-বোৱাৰীৰ বাবে ঘৰৰ বুঢ়া-বুঢ়ীহালৰ বাবে বজাৰ এটা কৰিবলৈকো সময় নোহোৱা হ’ল। এই সকলোৰে বাবেই মোৰ এই ‘আপোন ষ্ট’ৰ’।
আজিৰেপৰা আমাৰ অৱসৰ গ্ৰহণ কৰাসকলৰ আড্ডা হ’ব এই আপোন ষ্ট’ৰ।
মন গ’লে চাহ নাইবা কফি আৰু কিতাপ পঢ়াৰ সু-ব্যৱস্থা কৰি দিছোঁ। তদুপৰি অকলশৰীয়া মানুহৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ঘৰতে যোগান ধৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে তেনে লোকৰ বাবে সহায় হ’ব আমাৰ এই আপোন ষ্ট’ৰ।
আৰু এই যে ৰাহুল নামৰ ল’ৰাটো, স্কুল ছুটীৰ পিছত সি এই হ’ম ডেলিভাৰী কামবোৰ কৰিব। লগতে ইয়াতে কচু, ঢেঁকীয়া বিক্ৰী কৰিব। স্বাৱলম্বিতাৰ পাঠ শিকিব আৰু এনেকৈয়ে সি এটা সংস্থাপন লাভ কৰিব আৰু পঢ়া-শুনা কৰি যাব পাৰিব। গতিকে তাৰ বাবে সহায়ৰ হাত এই ‘আপোন ষ্ট’ৰ’।
শইকীয়াৰ কথা শুনি আমি আৰু ৰৈ থাকিব নোৱাৰিলোঁ। উপস্থিত সকলোৱে হাত-চাপৰিৰে পৰিবেশটো জীপাল কৰি পেলালোঁ। মই একমুখে স্বীকাৰ কৰিলোঁ— শইকীয়া, দোকানেই নহয়, আপুনিও আমাৰ সঁচাকৈয়ে ‘আপোন’।
