আমাক বাংলাদেশীৰ কিয় প্ৰয়োজন? –অংশুমানহাজৰিকা
আচৰিত হৈছে? হয়তো মোক দেশদ্ৰোহী বুলি ভাবিছে৷ কিন্তু আমাক যে বাংলাদেশীৰ সঁচাই প্ৰয়োজন আছে, এই কথাটো অলপ পাছতেই আমি সকলোৱে ভালদৰে বুজি উঠিম৷ জন্মসূত্ৰে ঘৰ গহপূৰত যদিও এতিয়ালৈকে ৯বছৰৰ ওচৰা-ওচৰিয়েই হ’ল বিশ্বানাথ চাৰিআলিত থকা৷ আমি বেলেগ ঠাইলৈ নগৈ ইয়াতেনো মই আৰু মোৰ দৰে বিশ্বনাথ চাৰিআলিৰ সকলোৱে কি দেখিছে তাকে ক’ব খোজোঁ৷ বিশ্বনাথ ঘাটলৈ যোৱা ৰাষ্টাটো যোৱা নবছৰে সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেখি আহিছোঁ৷ ভিৰগাঁও, দৰগাঁৱলৈয়ো মাহেকে-পষেকে গৈ থকা হয়৷ প্ৰতিবাৰে গ’লে নতুনকৈ দেখা ঘৰখিনিৰ কথা নক’লোঁৱেই যেনিবা! কিন্তু সদায় ৰাতিপুৱা চাৰে ছয়মান বজাৰ পৰা নমান বজালৈকে শ শ চাইকেল ঘাটৰ ৰাষ্টাটোৱেৰে কামৰ বাবে ওলাই যোৱা কথাটো কিদৰে আওকাণ কৰিব পাৰি বাৰু? প্ৰতিবছৰে এই চাইকেলৰ সংখ্যা বাঢ়িহে আহিছে৷ আনহাতে NRC-ৰ কথা একো ন’কলোঁৱেইবা! কিন্তু আমাৰ আজিৰ বিষয়টো এইটো নাছিল, বিষয় আছিল – আমাক কিয়নো এইসকল লোক অৰ্থাৎ বাংলাদেশীসকলৰ প্ৰয়োজন? আমাক অসমবাসীক আজি সঁচাই এওঁলোকৰ প্ৰয়োজন৷ এওঁলোক অবিহনে আজি সঁচাকৈয়ে আমি অসমবাসী পংগু৷ কিয় জানেনে?
এবাৰ আহকচোন আমাৰ আশে-পাশে চকু ফুৰাওঁ৷ আপোনাৰ চিনাকি বা ওচৰ-চুবুৰীয়া কোনোবাই নতুনকৈ ঘৰ সজাই আছে নেকি? নিশ্চয়কৈ আজিৰ দিনত আপোনাৰ চিনাকি দুই বা তিনিজনে নতুনকৈ ঘৰ সজাই আছে৷ তেওঁলোকক সোধকচোন তেওঁলোকৰ নতুন ঘৰত কাম কৰি থকা মানুহকেইজন মিয়া মানুহ হয়নে নহয়? দহজনৰ ভিতৰত ৮জনেই হয় বুলিয়ে ক’ব৷ মনকৰিব আমি এই কথাৰে কোনো আন ধৰ্মৰ ব্যক্তিক অশ্ৰদ্ধা কৰিব বিচৰা নাই, নিজে যি দেখি আহিছোঁ, সেইটোহে ক’বলৈ বিচাৰিছোঁ৷ হয় ৰাতিপুৱাই সেই শ শ চাইকেল মাৰি ওলাই অহা মানুহখিনিযে, যিসকলৰ সংখ্যা আমাৰ নিজৰ চকুৰ সন্মুখতে বাঢ়ি আহিছে, যিটো বিশ্বাস কৰিবলৈ কোনো NRC অথবা আন কোনো দলিলৰ প্ৰয়োজন নাই, সেইসকল লোকৰ বেছি সংখ্যকেই দৈনিক হাজিৰা অথবা ঘৰ সজোৱাত মিস্ত্ৰী-যোগালি কৰা মানুহ৷ এতিয়া আপুনি হয়তো ভাবিছে- আগতেওতো অসমত ঘৰ সজোৱা হৈছিল, সেই ঘৰবোৰ কোনে সাজিছিল? অথবা তেতিয়া অসমবাসীয়ে দৈনিক মিস্ত্ৰী-যোগালিৰ কাম কৰা নাছিল নেকি? – কোৱা বাহুল্য মাথোন আজি যি হাৰত নতুন ঘৰ সজোৱা অথবা দিন হাজিৰা কৰা কাম ওলায়, তাৰ আধাৰ আধাও হয়তো আজিৰ পৰা বিছ বছৰ আগত নাছিল৷
আমি ক’ব বিচৰা নাই, এই কাম কৰি থকা সকলোৱেই বাংলাদেশী, অথবা সেই মিয়াসকল বাংলাদেশীয়েই হয় (তেওঁলোকৰ নাম NRC! থকাৰ পাছতো)৷ আমি ৮০-৯০ৰ দশকৰ কথাও ক’বলৈ বিচৰা নাই, দেখা নাই যেতিয়া সেই বিষয়ে কিবা কোৱাৰ অধিকাৰ আছে বুলিও নাভাবোঁ৷ আমাক কেৱল এটা প্ৰশ্নৰ উত্তৰ লাগে, যোৱাটো দশকৰ পৰা আজিৰ দিনলৈকে লাহে লাহে সেই ৰাতিপুৱাই ওলাই অহা চাইকেলৰ সংখ্যা কিদৰে বাঢ়িল? কিয় ঘৰ–বিল্ডিং সজা, দিন হাজিৰা কৰা কামত মিয়া মানুহ বেছি দেখা যায় (আকৌ কওঁ, এই কথাৰ দুটা অৰ্থ নুলিয়ায় যেন, আৰু মুছলিম শব্দটো ব্যৱহাৰ নকৰি মিয়া শব্দটো ব্যৱহাৰ কৰাৰ কাৰণো তাতে লুকাই আছে)? কিয় দৰগাঁও, ভিৰগাঁৱত চাপৰিত সজা ঘৰৰ সংখ্যা বছৰে বছৰে বাঢ়ি গৈছে?
এইবোৰৰ বাবে আমি তথাকথিত বিখ্যাত(! ) অসমবাসীসকলেই জগৰীয়া নহয়নে? আমি অসমীয়াসকল সিমান কৰ্মথ হোৱা হ’লে বাহিৰৰ মানুহে আহি এনেদৰে থিতাপি ল’ব পাৰিলেহেঁতেননে? আমিয়েই আমাৰ বাপতি-সাহোন মাটিখিনি পইচাৰ বাবে বেচি দিয়া নাইনে? তেনেস্থলত ধৰ্ণা দি বাংলাদেশী খেদিব লাগে বুলি শ্লোগান উলিয়াই, বাতৰি কাকতত ডাঙৰ ডাঙৰ কথা লিখি, নিজৰ চেনেলত ডাঙৰ কথা কৈ সময় নষ্ট কৰি আমি অসমীয়াই কি ভাল পাওঁ, বুজি নাপাওঁঁ৷ কথা কোৱাৰ সলনি যদি আমি অসমীয়াই কামৰ মাজেৰে আমাৰ পৰিচয় দিলোঁহেঁতেন, কেৱল অতীতক লৈ গৰ্ব কৰাৰ সলনি যদি এক সুভৱিষ্যতৰ বাবে কষ্ট কৰিলোঁহেঁতেন, তেন্তে আজি আমি অসমীয়া জাতি হয়তো খণ্ড-বিখণ্ড হৈ ন’গলোঁহেঁতেন! আৰু যেতিয়ালৈকে এয়া নহ’ব, তেতিয়ালৈকে আমাক নিতৌ বাংলাদেশীৰ প্ৰয়োজন হৈয়ে থাকিব৷