আমি জানো সঁচাই মানুহ হৈ আছোঁ ? ( – ৰাকেশ কুমাৰ যাদৱ )
জয়গানৰ পোহৰৰ ছাঁত
অমানুহৰ জন্ম ।
আশা, আকাংক্ষা আৰু সপোনাভিলাষী
সংগ্ৰামী মানুহ আমি ।
দুবাহুত প্ৰাণসৰ্বস্ব শক্তি ।
এন্ধাৰৰ বুকু ফালি পান কৰোঁ
পোহৰৰ তেজ ।
অথচ হাহাকাৰ অৰ্থহীন পৰিতৃপ্তিৰ বাবে
জোন-বেলিক টুকুৰা টুকুৰ কৰি,
আন্ধাৰক ৰখীয়া পাতিব খোজোঁ !
অন্ধকাৰ আকাশেৰে ঢাকি ৰাখিব খোজোঁ
তিল্ তিলকৈ জ্বলি থকা আশাৰ বন্তি
অগণন হৃদয়ৰ ।
পাহৰি যাওঁ আমি
অমাৱস্যাৰ বুকুতো জিলিকি উঠে অলেখ তৰা ।
প্ৰভাতৰ পোহৰত প্ৰাণহীন এন্ধাৰৰ দুৰ্দিন ৰাতি-ৰাতি ।
আজিৰ দানৱবোৰ মানুহৰেই সন্তান,
যিসকলে মানুহ হৈ জীয়াই থাকিব নিবিচাৰিছিল ।
অথবা আজি আমি যিসকল সাজু
বেচিবলৈ নিজৰ সত্ত্বা,আত্মা
হিটলাৰ,লাডেন অথবা গাদ্দাফিৰ হাতত,
সভ্যতাৰ উচ্চতম শৃঙ্গত থিয় হৈও,
আমি জানো সঁচাই মানুহ হৈ আছোঁ ?????