আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি (দশম খণ্ড) – পৰী পাৰবীন
সান্ধ্যপ্ৰহৰৰ বৈশালী। ৰাজপথত ব্যস্ত পথাচাৰীৰ খোজৰ শব্দ। পথৰ দুয়োকাষে থকা কদলীগছবোৰত জ্বলাই থোৱা শাৰী শাৰী নৈশ দীপমালাই বৈশালীৰ সান্ধ্যনগৰীখন উজলাই তুলিছে।
পদপথত বন্তি জ্বলাই থকা দাসীবোৰৰ হাঁহিৰ খিলখিলনি। সুউচ্চ ৰাজপ্ৰাসাদৰ ওপৰমহলাৰ দোলযানখনত অৰ্ধশায়িত অৱস্থাত পৰি আছে ৰজা মনুদেৱ। আহিনী সন্ধ্যাৰ শুভ্ৰ নীহাৰে লাহে লাহে ধৰিত্ৰী আৱৰি ধৰিছে, কিন্তু মনুদেৱৰ দেহত শীতৰ উমঘাম নাই। চকু ৰক্তবৰ্ণী, ললাটত ঘাম্ৰৰ টোপাল। দুজনী দাসীয়ে বিচনীৰ বা দি আছে। সন্মুখৰ আসন্দীত আসন লোৱা তাম্ৰভদ্ৰ গম্ভীৰ। সাম্যদত্তৰ ঘৰৰ পৰা তাম্ৰভদ্ৰই অনা খবৰটোৱে ৰজা মনুদেৱক চিন্তামুক্ত কৰিব পৰা নাই। বৰঞ্চ তাম্ৰভদ্ৰই তেওঁক বুজাবলৈ চেষ্টা কৰিছিল,
“মহাৰাজ, মই আম্ৰপালীক আজি ঘৰুৱা অৱস্থাত পাই আহিছোঁ। যদিও ছোৱালীজনীৰ আচৰণ সন্তোষজনক আৰু তাই ৰূপৱতীও, কিন্তু তাইক মই আপোনাৰ পত্নী হ’ব পৰাকৈ বিশেষ গুণৰ অধিকাৰী বুলি নাভাবো। এতিয়াই যদি আপোনাৰ বিবাহৰ বাবে কন্যাৰ আৱশ্যক বুলি ঘোষণা কৰি দিয়া হয়, দেশ-বিদেশৰ পৰা আম্ৰপালীতকৈ হাজাৰগুণে ৰূপৱতী হাজাৰজনী কন্যা আহি বৈশালীৰ ৰাজপ্ৰাসাদ শুৱনি কৰিবহি। আপুনি আদেশ কৰক মহাৰাজ।“
মহাৰাজ তেতিয়াও চিন্তামগ্ন। চকু অৰ্ধনিমীলিত।
ৰাজমহিষীৰ প্ৰৱেশ ঘটিল, “এই মূৰ্খ কৃষক সাম্যদত্তই গমেই পোৱা নাই, কি সুযোগ হেৰুৱাইছে তেওঁ”, কোনোদিনে কোনো নাৰীৰ চকুলৈ চকু তুলি নোচোৱা পুত্ৰৰ এই ব্যথাত তেওঁৰ মাতৃহৃদয় শোকদগ্ধ।
আমনি লাগিছে ৰজাৰ। হাৰি যোৱাৰ অভ্যাস তেওঁৰ কোনোদিনেই নাছিল। অতি কৌশলী হাতেৰে সকলোকে বশ কৰিছিল তেওঁ। এই এজনী ছোৱালী বশ কৰিব পৰা নাই তেওঁ। চক্ষু মেলি বন্তিৰ ঢিমিকঢামাক পোহৰবোৰলৈ চাই পঠিয়ালে। পোহৰবোৰে তেওঁৰ মনটো কাৰো আগত স্পষ্ট কৰি দেখুৱাব পৰা নাই। ৰাজমহিষীয়ে বুজি পোৱা নাই পুত্ৰক। বুজি পোৱা নাই মহামাত্য তাম্ৰভদ্ৰই। তেওঁলোকে দক্ষ ৰজাক দেখিছে, প্ৰেমাতুৰ ৰজাক দেখা নাই। আমনি লাগিল তেওঁৰ । হাৰি যোৱা কথাটো বাৰে বাৰে দোহাৰি থাকিবলৈ তেওঁৰ মন নাই। তেওঁ হাতেৰে ইংগিত দিলে ৰাজমাতাক, ইংগিত দিলে মহামাত্যক, ইংগিত দিলে দাসীসকলক, তেওঁক এতিয়া নিসংগতাৰ প্ৰয়োজন। হয়, কিছু সময় অকলে থাকিব বিচাৰে তেওঁ। মনৰ মাজত সেই কুচকাৱাজ আৰম্ভ কৰিব বিচাৰে, যি পন্থাৰে আম্ৰপালীক পোৱাৰ পথ সুগম হয়। এই যুদ্ধ তেওঁৰ, কেৱল তেওঁৰ নিজৰ।
যুদ্ধত হৰাৰ অভ্যাস তেওঁৰ কোনোদিনেই নাছিল।
এতিয়া এটাই উপায় আছে, সেইটো হৈছে নগৰগণিকাৰ পদত আম্ৰপালীক একমাত্ৰ প্ৰতিযোগীৰূপে নিৰ্বাচন কৰা। ৰজাই জানে যে, বৈশালীত বেছ কিছুদিনৰ পৰা এই পদটো খালী হৈ আছে। নগৰগণিকা পদৰ বাবে ওঠৰ বছৰ উৰ্ধৰ মহিলাইহে আবেদন কৰিব পাৰে। আবেদনৰ ভিত্তিত বৈশালীৰ নিৰ্বাচিত জনগণে ভোটদান প্ৰক্ৰিয়াৰ জৰিয়তে নগৰগণিকা নিৰ্বাচন কৰে।
কিন্তু আম্ৰপালীয়ে নগৰগণিকাৰ বাবে আবেদন কৰিব কিয়? নিশ্চয় নকৰিব, কিন্তু তাৰ বাবে কৌশল ৰচিব লাগিব। ৰাজনীতিত সকলো সম্ভৱ। জনগণক ঢাল হিচাপে লৈ আভুৱা ভৰাটো ৰজা মনুদেৱৰ বাওঁহাতৰ খেল।
ওঁঠেৰে বক্ৰ হাঁহি এটা বিৰিঙি উঠিল, “বুৰ্বক ছোৱালী, তোক মই ৰাণী পাতিবলৈ প্ৰস্তাৱ দিছিলোঁ। ৰূপৰ অহংকাৰে তোৰ মূৰত ধৰিলে। এতিয়াৰ খেলখন তই চাই থাক।”
শেষনিশালৈ তেওঁ সেনাপতি চিহনাদক তলব দিলে। চিহনাদৰ বাদে তেওঁক পথ দেখুৱাওতা কোনো নাই এতিয়া। সেনাপতি চিহনাদৰ বাহুত হাজাৰ যুৱকৰ বল, চকুত অগ্নি, কণ্ঠত বজ্ৰহুংকাৰ। লগতে আদেশ পালনত ৰজা মনুদেৱৰ আজ্ঞাবাসী ভৃত্যস্বৰূপ আৰু পৰামৰ্শত ৰজাৰ বিশ্বস্ত সংগী।
“আজ্ঞা কৰক মহাৰাজ।“, চিহনাদে পিছফালে হাত দুখন দি ভৰি মেলি থিয় হৈ থাকিল। মনুদেৱে মূৰ তুলি চালে তেওঁলৈ। ৰুক্ষ চেহেৰা, শুষ্ক কেশ, অসংযত সাজপাৰ। ৰজাৰ এই ৰূপ দেখি বিচলিত হৈ উঠিল সেনাপতি চিহনাদ।
“মহাৰাজ, আপুনি যেন গভীৰ চিন্তাত আছে। এয়া আপুনি কি বেশ ধৰিছে মহাৰাজ। মোক কওক, মই আপোনাৰ সকলো সমস্যাৰ সমাধান কৰি দিম। কিহে আপোনাক এনে ৰূপ লবলৈ বাধ্য কৰিছে, সেয়া মোৰ ওচৰত জ্ঞাত কৰক।”
“পাৰিবনে চিহনাদ? মোক আম্ৰপালীক লাগে, আনি দিব পাৰিবনে?” আসন্দীৰ পৰা উঠি আহি ৰজাই চিহনাদৰ দুবাহু খামুচি ধৰিলে।
“আম্ৰপালী! মহাদেৱ মন্দিৰৰ সেই নৰ্তকীজনী! এয়াতো সাধাৰণ কথা মহাৰাজ। মোৰ ওপৰত বিশ্বাস ৰাখক আপুনি।“
“নাই, সেনাপতি, আপুনি ভবাৰ দৰে কথাটো ইমান সহজো হৈ থকা নাই।“
ভাঙিপাতি কোৱা হ’ল সেনাপতিক। ৰাণী নহয়, উপেক্ষিত ৰজাই সেই কন্যাক এতিয়া ৰাণীৰ আসন নিদিয়ে, তাইক দিয়া হওক গণিকাৰ আসন। ৰজাক বঞ্চনা কৰাৰ পৰিণাম ভোগ কৰক অহংকাৰী কন্যাই। একে সময়তে ৰজাই সেই কন্যাৰ সৌন্দৰ্যখিনিও পাহৰিব পৰা নাই। সেয়ে ৰাজগণিকাৰ পদত
অধিষ্ঠিত কৰাৰ স্বপ্ন দেখিছে তেওঁ।
প্ৰণাম বিনিময় কৰি সেনাপতিয়ে প্ৰস্থান লয়। মনুদেৱে সুখ-আসন্দীত আওজি চকু মুদি দিয়ে। কিমানটা ৰজনী বিনা নিদ্ৰাৰে পাৰ হৈছে, সেয়া হিচাপ নাই। কোনোবাটো সময়ত চিলমিল টোপনিয়ে ভুমুকি মাৰে মাত্ৰ, উদ্যানত নূপুৰৰ ৰুণুক জুনুক শব্দ শুনি দৌৰি যায়, অবয়বটোৱে হাঁহি হাঁহি দূৰলৈ গুচি যায়। ৰজাই ঢুকি নাপায়।
সাৰ পাই উঠে তেওঁ। টোপনিয়ে শেঁতেলী এৰে। এখন ৰাজ্যৰ নৃপতি হৈ তেওঁ অপহৰণৰ দৰে কাৰ্যত লিপ্ত হ’ব নোৱাৰে। শেষ আশা এতিয়া চিহনাদৰ ওপৰত। যুৱ সেনাপতিয়ে নিশ্চয় কিবা কৰিব।
আকাশ পাতাল ভাবি থাঁকোতেই কাক এজনী কা কা কৈ উৰি গ’ল। বাহিৰত পাদুকাৰ শব্দ, খৰ, অস্থিৰ দীঘল খোজৰ। ৰজা সন্ত্ৰস্ত হৈ উঠিল।
চিহনাদ!
“কি হৈছে সেনাপতি, আপোনাক বেচ চিন্তিত দেখাইছে।”
“চিন্তাৰ কথাই মহাৰাজ। সেই ধূৰ্ত খেতিয়কজনে জীয়েকৰ বিয়া ঠিক কৰিছে।“
“বিয়া ঠিক কৰিছে? কাৰ লগত?”
“মালীৰ পুতেক, পুষ্পক নামৰ লৰাটোৰ লগত।“
“নাই। এই বিয়া হ’ব নোৱাৰে”, তৰোৱাল উলিয়াই লয় খাজৰ পৰা মনুদেৱে।
উলিয়াই লোৱা তৰোৱাল ভৰাই থৈ সোধে পুনৰ, “ওঠৰ বছৰত ভৰি দিলেনে আম্ৰপালীয়ে? ওঠৰ বছৰত ভৰি দিলে তাইক আমি আজিয়েই নগৰগণিকাৰূপে নিয়োগ কৰিব পাৰোঁ। তাৰ বাবে ভোটসংগ্ৰহৰে পৰা আৰম্ভ কৰি জনসমৰ্থনলৈকে সকলোবোৰ যাৱতীয় ব্যৱস্থা আপুনি কৰিব”।
“কিন্তু মহাৰাজ, আম্ৰপালী ওঠৰ বছৰত ভৰি দিয়া নাই। কাইলৈ জন্মবাৰ্ষিকীৰ দিনাই বিবাহৰ দিন ধাৰ্য কৰা হৈছে।”
“এই বিবাহ অসম্ভৱ। অসম্ভৱ।“
“মহাৰাজ মোৰ মনলৈ এটা পৰিকল্পনা আহিছে।“, ৰজাই সেনাপতিৰ মুখলৈ চাইছে।
এইফালে পুষ্পকৰ যেন দেহাত তৰণি নাই। অতদিনে সুকোমল হৃদয়ত ওপঙি ফুৰা সপোনটো হঠাতে আহি কোলাত বহি লৈছে। প্ৰাণৰ আম্ৰপালী এতিয়া তাৰ মৰমৰ পত্নী হ’বলৈ গৈ আছে। দেউতাকে লৈ অনা খবৰটোত সি তত হেৰুৱাই পেলাইছিল। আম্ৰপালীক লগ কৰিবলৈ লজ্জা অনুভৱ হ’ল। দেউতাকৰ মুখলৈ চাব নোৱাৰে সি। অকলে অকলে আনন্দত বিভোৰ হৈ থাকে সি। নীলা প্ৰজাপতিবোৰে তাক সংগ দিয়ে।
এনে আনন্দ-বিভোৰ সময়ৰ মাজতো দায়িত্বই লগ এৰা নাছিল। ঘপকৈ নৱ-বধূ আহি ঘৰ উঠাৰ কথা। ঘৰৰ ভেঁটিটো ওখ কৰিবলৈকে থাকিল। প্ৰতিবেশী ঘৰৰ গাভৰুহঁত আহি ঘৰৰ বেৰ লেপিছে, পিৰালি মচিছে, প্ৰাংগনত আল্পনা আঁকিছে। নৱবধূৰ বাবে বস্ত্ৰ-আভৰণ, অতিথিৰ বাবে জা-জলপান কিমান যে চিন্তা তাৰ, কিমান যে কৰ্ম!
এনে ব্যস্ত সময়তে ৰজাৰ মানুহ আহি পুষ্পকক বিচাৰিলে।
“ময়েই পুষ্পক”, আগবাঢ়ি পৰিচয় দিলে সি।
“ৰজাৰ চমন আছে। হাজিৰ হ’ব লাগে অনতিপলমে।”
“এতিয়া? এতিয়াতো বিবাহৰ প্ৰস্তুতি পূৰ্ণোদ্যমে।”
নাই, ৰজাৰ টেকেলাৰ সময় নাছিল। একপ্ৰকাৰ বন্দী কৰি লৈ গ’ল ৰজাৰ ঘৰলৈ। হাত-ভৰি বান্ধি পেলাই থ’লে আন্ধাৰ পোতাশালত। কি দোষ তাৰ? একো নুবুজিলে সি, মাথোঁ হাতে-ভৰিয়ে ধৰি তাক মোকলাই দিবলৈ খাটনি ধৰিলে।
কিছু দেৰিকৈ হ’লেও খবৰ পালে অতিথি নিমন্ত্ৰণৰ বাবে বাজলৈ যোৱা পুষ্পকৰ পিতৃদেৱে। য’ৰে কাম ত’তে এৰি থৈ তেওঁ ৰজাৰ ওচৰ পালেহি। কি দোষ কৰিলে তেওঁৰ পুত্ৰই? কি অপৰাধ?
অপৰাধ গভীৰ। ৰজাৰ চোৰাংচোৱাই খবৰ দিছে, পুষ্পকৰ লগত শত্ৰুৰজাৰ সঘন যোগাযোগ আছে। আনকি বৈশালীনগৰীৰ মানচিত্ৰও পোৱা গৈছে পুষ্পকৰ হাতত।
“মিছা! মিছা! এয়া মিছা অপবাদ! ষড়যন্ত্ৰ কৰিছে মোৰ পুত্ৰৰ লগত।”, বিচাৰপতিৰ ওচৰত গৈ হাতযোৰ কৰিলে তেওঁ। পুষ্পকক হাজিৰ কৰোৱা হ’ল বিচাৰকক্ষত। ৰজাৰ পত্ৰবাহক আহি কিছু পত্ৰ থৈ গ’ল বিচাৰৰ মেজত। পত্ৰসমূহত বৈশালীৰ আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে সবিশেষ বিৱৰণ আছিল। পত্ৰসমূহ আছিল সেই সময়ৰ মগধৰ ৰজা বিম্বিসাৰলৈ।
এয়া কিদৰে সম্ভৱ! ৰাজমালীয়ে পু্ত্ৰ পুষ্পকলৈ চালে, মুখ-কপালত অ’ত-ত’ত দাগেৰে পুষ্পক প্ৰায় অচেতন। বিচাৰ আধাতে সামৰা হ’ল। পুষ্পকক আকৌ পোতাশাললৈ নিক্ষেপ কৰা হ’ল।
যি সময়ত পুষ্পকে মাহ-হালধীৰে স্নান কৰিব লাগিছিল, সেই সময়ত অন্ধকাৰ কোঠাত তাৰ দেহত গৰম পানী ঢলা হৈছে। সি নাজানে তাৰ ভুলৰ কাৰণ। সি নাজানে বিম্বিসাৰ কোন। নাজানে সি মগধলৈ কিয় বৈশালীৰ মানচিত্ৰ প্ৰেৰণ কৰিব? বৈশালী তাৰ প্ৰাণৰো আপোন, বৈশালীত তাৰ প্ৰিয়তমা আম্ৰপালী বিৰাজমান। কিদৰে বৈশালীৰ বিৰুদ্ধে সি ষড়যন্ত্ৰ কৰিব পাৰে?
অস্থিৰ হৈ মজিয়াতে বাগৰি থাকিল সি। কান্দিলেও শুনিবলৈ কোনো নাই। আম্ৰপালীলৈ মনত পৰিছে ঘনে ঘনে। তাই চাগৈ বাউলীজনী হৈছে। চকুৰে গৰম অশ্ৰু দুসোঁতা নিগৰি আহিল।
তেনে সময়তে বন্তিৰ শিখা দেখিলে সি। অলপ পাছত দ্বাৰ খোলাৰ শব্দ। কোন হয় এই ৰাতি, ধহমহকৈ উঠি বহিল সি।
ৰজা মনুদেৱ, সেয়া ৰজা মনুদেৱ। পুষ্পকে এদিন দেখিছিল তেওঁক। শাক্যমুনিৰ সভাত বহি বাধ্য শিষ্যৰ দৰে বৌদ্ধধৰ্মৰ সাৰমৰ্ম শুনি আছিল তেওঁ। আজি এই ৰাতি পুষ্পকৰ লগত তেওঁৰ কি সকাম!
“পুষ্পককুমাৰ! তেন্তে তয়েই পুষ্পককুমাৰ। তোৰ অপৰাধ কি জাননে?”
পুষ্পকে একো নামাতি মনুদেৱলৈ চাই থাকিল।
“বাওনা হৈ হাত মেলিছিলি চন্দ্ৰলৈ তই। মোৰ আম্ৰপালীক চকু দিছিলি তই। ইমানখিনিলৈকে সহ্য কৰিছিলোঁ, তই আম্ৰপালীক অৰ্ধাংগিনী কৰাৰো সপোন দেখিলি। যথেষ্ট! আৰু সহ্য কৰিব নোৱাৰি ডাঙৰীয়া পুষ্পক।“
“আম্ৰপালী!”, চকু মেল খাই গ’ল তাৰ, কি শুনিছে সি, আম্ৰপালীক বিয়া কৰিব বিচৰাটোৱেই তাৰ অপৰাধ আছিল! তেতিয়াহ’লে এই শত্ৰুৰজা বিম্বিসাৰলৈ লিখা পত্ৰবোৰ, বৈশালীৰ মানচিত্ৰ-এইবোৰ কি?
ক্ষুদ্ৰ মগজুৱে কাম নকৰিলে। এটা কথাই বুজি পালে যে আম্ৰপালী এতিয়া ঘোৰ সংকটত। তাৰ প্ৰাণপখী বিনাই উঠিল। তাৰ হাত-ভৰি বন্ধা। কি কৰিব পাৰে সি!
“তোৰ যদি প্ৰাণলৈ মমতা আছে, মই এটা পৰামৰ্শ দিব পাৰোঁ। তই আম্ৰপালীৰ চকুৰ আগৰপৰা আঁতৰি যাব লাগিব। আঁতৰি যাব লাগিব বৈশালীৰ পৰা।“
সি মূৰ দুঁপিয়ালে। আম্ৰপালীৰ জীৱনৰ সুৰক্ষাৰ খাতিৰত অন্তত এতিয়া ইয়াৰ পৰা সি ওলাই যোৱাটো অত্যন্ত দৰকাৰ। সি ৰজাক কথা দিলে, আঁতৰি যাব বৈশালীৰ পৰা। মুক্ত কৰি দিয়া হ’ল তাক। ৰজাৰ লিগিৰাই পিছফালৰ দুৱাৰ খুলি দিলে। নগৰৰ বিপৰীত দিশত থকা এটা লুংলুঙীয়া পথ। সেইফালে লেকেচিয়াই লেকেচিয়াই দৌৰি ওলাই গ’ল সি।
ৰজাই সেনাপতিক নিৰ্দেশ দিলে, “কাৰাগাৰৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অপৰাধত দেশদ্ৰোহী পুষ্পকক হত্যা কৰা হ’ল, এই বিবৃতি প্ৰস্তুত কৰা হওক।”
সেনাপতিৰ ইংগিত পাই অশ্বাৰোহীবাহিনী ততালিকে ঘোঁৰাৰ পিঠিত উঠি ল’লে।
খটখট খটখট শব্দৰে নিশাৰ অন্ধকাৰ ফালি যুৱকজন দৌৰি যোৱাৰ ফালে পিছ ল’লে তীব্ৰবেগী ঘোঁৰাই। অলপ পাছত এটা মৰণকাতৰ আৰ্তনাদ শুনা গ’ল। তাৰ পিছত মৃত্যুসম শীতল পৃথিৱী, যেন সকলো স্বাভাৱিক।
ৰাতিৰ সমস্ত পাপ ঢাকি গংগাৰ পানীত ৰ’দে জিলমিলাই উঠিল। কুহেলিকাৰ শুভ্ৰ আচ্ছাদন ফালি বৈশালী নাঙঠ হ’ল।
লুংলুঙীয়া পথটোৰ দাঁতিত বৈ থকা কেঁচা তেজবোৰ চাই গুণগুণনি এটা বাঢ়িল। গুণগুণনিটো বাঢ়ি গৈ পুষ্পকৰ বাপেকৰ কাণত পৰিল। দৌৰি আহিল ৰাজমালী।
অত’দিনে ফুলৰ উদ্যানত কাম কৰি অহা ৰাজমালীয়েওতো নাজানিছিল, কোনখিনি ফুল মন্দিৰলৈ যাব আৰু কোনখিনি শ্মশানলৈ। আদৰত লহপহকৈ বাঢ়ি অহা পুত্ৰধনক যে কান্ধত তুলি শ্মশানলৈ কঢ়িয়াব লাগিব, সেই কথা জানো দুৰ্ভগীয়া পিতাকে ভাবিব পাৰিছিল?
(আগলৈ)